• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, April 21, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

ছি-পা-হ-ছা-লা-ৰ

অঞ্জন শৰ্মা

by Anjan Sarma
December 29, 2022
in Cultural, Poetry
Reading Time: 7 mins read
0
ছি-পা-হ-ছা-লা-ৰ
Share on FacebookShare on TwitterShare on LinkedIn

ছি-পা-হ-ছা-লা-ৰ

অঞ্জন শৰ্মা

ছিপাহছালাৰ, তোমাৰ মুখমণ্ডলত ইমান আনন্দ?

কুৰ্নিশ, উজীৰ-এ-আজম, আনন্দৰ আনন্দ…..

 

যেনে?

RelatedPosts

photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026

প্ৰজাসকল মহানন্দিত,

চৌদিশে মাথো আপোনাৰেই জয়ধ্বনি।

কাৰণ?

কাৰণ অলেখ হুজুৰ, কাৰণেই কাৰণ; বছৰি

দুইকোটি যুৱকক চাকৰি দিয়া

ক’লাধন নিৰ্মূল কৰা

প্ৰতিজন প্ৰজাক পোন্ধৰ লক্ষ মুদ্ৰা উপহাৰ দিয়া

প্লেটিনামৰ নতুন মুদ্ৰা প্ৰচলন কৰা

আদানী-আম্বানী খুটিতালৰ তালে তালে

                                       থিয়নাম গোৱা

ধৰ্মৰ জয়ধ্বজা উৰুৱাই দিয়া

কাফেৰবোৰক শাস্তি দিয়া

               অলেখ কাৰণ, উজীৰ-এ-আজম

অলেখ কাৰণৰ কাৰণেই এতিয়া প্ৰজাই আপোনাক

কৰে অইন সম্বোধন।

অইন সম্বোধন?

অইন সম্বোধন!! ইমান স্পৰ্দ্ধা!!?

ক্ষান্ত হওক হুজুৰ, নোৱাৰো সহিব মই

                      আপোনাৰ তপোদ্দীপ্ত তেজ

কাৰো সাহস নাই হুজুৰক উপহাস কৰিবলৈ।

তেনেহ’লে?

গুস্তাখি মাফ উজীৰ-এ-আজম, আপোনাৰ

দেৱসুলভ প্ৰতিমূৰ্তি, আপোনাৰ মনমোহা ছৱি

আপোনাৰ নাম

দেখা-শুনা মাত্ৰেই প্ৰজাৰ মুখেৰে শ্নোক নিগৰে।

শ্লোক! কি শ্লোক?

“ত্বদ্দৰ্শনাৎ সদা দেৱ দুৰ্লভো নাপৰো বৰ:”

অৰ্থাৎ?

অৰ্থাৎ, হে নৰশ্ৰেষ্ঠ, আপোনাৰ দৰ্শনতকৈ ডাঙৰ

                 অইন একোৱেই হ’ব নোৱাৰে।

ছিপাহছিলাৰ, অলপ বঢ়াইছা নে কি? মোৰ

বিশ্বাস হোৱা নাই! ‘সম্বোধন‘টো তল পেলালা যে?

উজীৰ-এ-আজম,

                        প্ৰজাই এতিয়া আপোনাক

‘উজীৰ-এ-আজম’ বুলি নকয়, কয় ‘জাহাপনা’

কয় ‘শ্বাহেনশ্বাহ’।

ছিপাহছালাৰ…, কি যে কবলৈ ধৰিছা! নহবনে গণতন্ত্ৰৰ

চূড়ান্ত অপমান?

নহয় উজীৰ-এ-আজম, অপমান নহয়

                                  সেয়া মহাসন্মান

আনন্দত এতিয়া সকলো মগন

               কিমানৰ মুখত আমি সোপা দিম

হুজুৰ, মোৰো মুখত ওলায় ‘জাহাপনা’!

গুস্তাখি মাফ

               আনন্দত মাতাল সাম্ৰাজ্যৰ তাল

তামোল-আমলখি-বকুল-বেল-নাৰিকল

                পলাশ-বট-অশোক-কদম

শিৰীষ-মালতী-তুলসী-নিম….।

ছিপাহছালাৰ, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা। অতি সুখী

মই

যদিহে তুমি কৰা নাই অসত‍্য আলাপ!

সত‍্য নে? ‘জাহাপনা’! মই ‘জাহাপনা’! মই

‘শ্বাহেনশ্বাহ’!?

সত্য, জাহাপনা, সত্য, সত্য, সত্য, তিনি সত্য

             চাওক, মোৰ মুখেৰেও ওলাল ‘জাহাপনা’!

হ’ব, হ’ব, ছিপাহছালাৰ, তুমি আৰু নালাগে ক’ব

              মাতাচোন, পূৱদেশৰ বাৰ্তাবাহী কাছিদক মাতা।

কাছিদ…ক্কাছিদ…কা-ছি-দ..; ভিতৰলৈ সোমাই আহা।

আদাব শ্বাহেনশ্বাহ, আদাব, মই কাছিদ হাজিৰ..হুকুম।

কাছিদ, অষ্টলক্ষ্মীৰ বতৰা কোৱা।

জাহাপনা, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আনন্দই আনন্দ

                                          মহানন্দ

উৎসৱেই উৎসৱ হুজুৰ, মহোৎসৱ।

কাৰণ কি কাছিদ?

আচমানী তৰা গন্তি কৰিব পাৰি হুজুৰ, লৌহিত‍্যপাৰানন্দৰ আনন্দৰ কাৰণ

                       গন্তি কৰিব নোৱাৰি হুজুৰ!

তথাপিও দুটামান ‘কাৰণ’ কোৱা কাছিদ, মোৰ আজ্ঞা।

হুজুৰ, ব্ৰহ্মপুত্ৰৰ তলি খন্দা হৈ গ’ল, আনন্দ

ইংলিছ চেনেলত চলাদি জাহাজ চলে, আনন্দ

ক’তো অন্ধকাৰ নাই, লোডশ্বেডিং নাই, আনন্দ

পেট্ৰলৰ দাম বঢ়াৰ দৰে বিকাশ বাঢ়িছে, আনন্দ

    জাপানৰ জাহাজেৰে আহে ভিয়েটনামৰ মালভোগ

    ম‍্যানমাৰ-লাওচৰ পৰা আহে মাটিকঠাল

    চীনৰ পৰা চাহপাত-চাউল-আটা-তেল

    অষ্ট্ৰেলিয়াৰ গাখীৰ-কণী-মাংস..আনন্দ

সৰ্বেন্দ্ৰিয়সুখানন্দ!

    গুৱাহাটী ‘স্মাৰ্ট চিটি’ নৌ-হওতেই হুজুৰ, ঘৰে ঘৰে

অপৰ্যাপ্ত খোৱাপানী, নাই কৃত্ৰিম বানপানী

ঘৰে ঘৰে অপৰ্যাপ্ত ৰন্ধন গেছ, ‘আম্বানী’ ডাটা

ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিশাল পকীপথ, আনন্দ!

হ’ব কাছিদ, হ’ব। ক্ষান্ত হোৱা। ছিপাহছালাৰ?

জাহাপনা?

মই সকলোবোৰ বুজিলো ছিপাহছালাৰ, মই

সকলোবোৰ শুনিলো

     কিন্তু, পূৱদেশৰ পৰা যিবোৰ কোলাহল

ভাঁহি ভাঁহি আহি থাকে, সেইবোৰ কিহৰ?

অভ‍্যাস, জাহাপনা, বছৰ বছৰ ধৰি কোলাহল কৰা

অভ‍্যাসৰ অভ‍্যাস

              অভ‍্যাসৰ বংশানুক্ৰমিক অভ‍্যাস।

বুজিলো, ছিপাহছালাৰ, বুজিলো সেয়া অভ‍্যাসৰ

অভ‍্যাস, অভ‍্যাসৰ বংশানুক্ৰমিক অভ‍্যাস! কিন্তু,

বিষয়বস্তু নো কি? ‘কাৰণ’ অবিহনে কোলাহল?

গুস্তাখি মাফ জাহাপনা, কিছুমানে চকুৰ চশমা খুলি পেলাইছে

ইচ্ছাকৃতভাৱে যাতে ‘বিকাশ’ নেদেখে

সেইবোৰেই কৰি আছে কোলাহল, অন্তহীন! জাহাপনা,

              সেই শয়তানবোৰ নৰকগামী হ’ব

এখন-দুখন নহয়, আঠখন নৰকত ভূঞ্জিব।

ছিপাহছালাৰ, কি বলকি আছা এইবোৰ? আঠখন নৰক!

হয় জাহাপনা, আঠখন নৰক

      আপোনাৰ হিন্দুস্তানৰ পদ্মপুৰাণত আছে

আঠখন নৰকৰ বৰ্ণনা, যেনে-

তামিস্ৰ নৰক, অন্ধতামিস্ৰ নৰক, মহাৰৌৰৱ নৰক,

কালসূত্ৰ নৰক, সঞ্জীৱন নৰক, মহাবীচি নৰক,

তাপন নৰক আৰু সম্প্ৰতাপন নৰক।

জাহাপনা, নিৰ্দয়, ক্ৰুৰ, সৎক্ৰিয়াৰহিত সেই পাষন্ডগণ…!

ছিপাহছালাৰ, ক্ষান্ত হোৱা, আৱেগিক হৈ লাভ নাই;

এতিয়া কাৰণ কোৱা।

‘কাৰণ’ ইতিহাস, জাহাপনা, ‘কাৰণ’ ইতিহাস

‘কাৰণ’ তাম্ৰলিপি, ‘কাৰণ’ শিলালিপি‌; জাহাপনা

জাহাপনাই হেনো শিলালিপি‌ পঢ়ি

জাহাপনাই হেনো তাম্ৰলিপি পঢ়ি

            এৰি দিব লাগে ব্ৰহ্মপুত্ৰ উপত্যকা

জাহাপনাই হেনো পঢ়িব লাগে অসম ইতিহাস!

জাহাপনা, সিহতে নাজানে জাহাপনা নিজেই ইতিহাস।

ছি-পা-হ-ছা-লা-ৰ!!

গুস্তাখি মাফ জাহাপনা, কোলাহলৰ আৰু দুটা ‘কাৰণ’..

কৈ যোৱা।

পাষন্ডগণে কোলাহল কৰি কৈ আছে অনৰ্গল

কোলাহলৰ অইন দুটা কাৰণ

                          অসমলৈ প্ৰব্ৰজন

                           আৰু

 অসমৰ সম্পদ লুন্ঠন।

 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ছি-পা-হ-ছা-লা-ৰ
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

April 21, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Iran : Asymmetric War with the US and Israel

April 21, 2026
Earth Day 2026: Assam Flood Crisis, Guwahati Urban Flooding & Renewable Energy Solutions

Earth Day 2026: Assam Flood Crisis, Guwahati Urban Flooding & Renewable Energy Solutions

April 21, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 20, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d