-মৰিয়োম জাকিয়া ইম্মু |
স্কুলৰ এজন বন্ধুৱে কৈছিল “ছোৱালীৰ শৰীৰটো বহুত ইন্টাৰেষ্টিং”। সচাকৈয়ে কিন্তু হয়।
ছোৱালীৰ শৰীৰত উত্থান, পতন, গভীৰতা সকলোবোৰেই আছে। প্ৰকৃতিৰ নিচিনা পাহাৰ আছে, গুহা আছে, নদ, নলা-নৰ্দমা আছে। সেই কাৰণে আদিযুগৰ পৰা প্ৰকৃতিকো নাৰীৰূপে কল্পনা কৰা হৈ আছে।
বিখ্যাত কবি সকলৰ কোনেও প্ৰকৃতিক দুচকু মেলি চোৱা নাই, তাৰ পৰিবৰ্তে প্ৰকৃতিৰ ৰূপ-ৰস-গোন্ধ উপভোগ কৰিছে….
আদিকালৰ কথা কওঁতেই পুৰণিকালৰ কথা মনত পৰিল। ঋষি-মুনিসকলৰ ধ্যান ভংগ কৰাৰ কাৰণে ইন্দ্ৰই উৰ্বশী, মেনকাহতক পঠিয়াইছিলে। সিহতঁৰ নাচ দেখি ঋষি সকলৰ চকু কপালত উঠিছিল; ভাবিছিলে গুচি যাওক অমৰত্ব, আগতে এবাৰ প্ৰাণখুলি অপ্সৰাৰ নৃত্য উপভোগ কৰো…. আকৌ অসুৰবোৰেও স্বৰ্গ জয় কৰিলে বটাঁ সম্পত্তি হিচাপে অপ্সৰা সকলৰ শৰীৰবোৰ পাইছিল।
যিকি নহওঁক, কথা হৈ আছিল শৰীৰৰ বিষয়ে ।
শৰীৰ হল দেখিবলগীয়া বস্তুহে। ছোৱালীৰ হওক বা ল’ৰাৰ হওক।
ছালমান খানে চোলাটো খুলিলে তেওঁৰ ‘চিক্স পেক’ চাবলৈ ফেমিলি পেকত টিকট লৈ চিনেমা হলত উপস্থিত হয়। আকৌ বাটত চুটিপেন্ট বা মিনিস্কাৰ্ট পিন্ধা ছোৱালীক দেখিলে আমাৰ মানে ল’ৰাবোৰৰ ইচাট-বিচাট লাগিবলৈ ধৰে। সচা কবলৈ গলে ছালমানৰ ‘চিক্স পেক’ তৈয়াৰ কৰা বা ছোৱালীৰ হটপেন্ট পৰিধান কৰা, দুয়োটাই মানুহক দেখুৱাবলৈ। সেয়ে খালি চকুৰে দেখিলে, আনকি টেলিস্কোপৰে দেখিলেও সমস্যা নাই।
সমস্যা হল ছোৱালী আৰু লৰাৰ শৰীৰ আছল পাৰ্থক্যক লৈ। ছোৱালীৰ শৰীৰটো একমাত্র ভোগ্য, সেই আদিযুগৰে পৰা, বোধহয় আদিযুগৰ আগৰে পৰা।
সেই কাৰণে গালিখিনিও কিন্তু নাৰীকেন্দ্ৰীক হয়, যেনে ‘তোৰ মাকৰ হেৰি’, ‘তোৰ ভনীয়েকৰ হেৰি ‘ ইত্যাদি ইত্যাদি…..।
শৰীৰৰ চাহিদা আকৌ বহুধৰণৰ আছে, প্ৰত্যেকৰ বেলেগ বেলেগ চাহিদা। কোনোবাই যুৱতী ছোৱালীৰ শৰীৰত সুখ বিচাৰে, কোনোবাই তিনি-চাৰি বছৰৰ শিশুৰ, আকৌ কোনোবাই সত্তৰ বছৰীয়া আইতাৰ শৰীৰত। কিন্তু চকুৰে চালেই তৃপ্তি হব জানো ? গতিকে, কৰি দিয়া ধৰ্ষণ! পিছত যি হব দেখা যাব… কিন্তু সকলোৰে জানো ধৰ্ষণ কৰিব পৰা সাহস থাকে? সেয়ে ভিৰ হৈ থকা বাছত অথবা ৰেলত খুন্দা মাৰি বহুতে বুকুৰ গভীৰতা জোখাৰ চেষ্টা কৰে। অনেকেই ফেচবুকত ছোৱালীৰ ফটো দেখিয়েই তৃপ্তি নাপায়, তাইক ‘চেক্স চাট্’ (sex chat) কৰিবলৈ অনুৰোধ কৰে আৰু অলপ শৰীৰৰ সান্নিধ্য বিচাৰে… এইবোৰ কি ধৰ্ষণ নহয়নে? কেৱল জোৰ কৰি চেক্স কৰাটোৱেই কি ধৰ্ষণ?
ছোৱালীবোৰৰ আচল সমস্যা হল এই উপভোগ্য শৰীৰ… কোনোবা এজন কবিয়ে কৈছিল, “নগ্নতাতকৈ কল্পনা কৰা নগ্নতা অনেক বেছি আনন্দৰ”।
কথাটো কিন্তু সচা। মানুহে চানি লিওনীৰ ‘বলিউদ আইটেম ডান্স’ কিয় চায়? য’ত চানিৰ গোপন অংগবোৰ ঢকাই থাকে। ইন্টাৰনেটত চানিৰ নগ্ন ভিডিঅ নাই নেকি? কাৰণ হল, কল্পনা কৰি লোৱা নগ্নতাই বহুত বেছি আনন্দ দিয়ে!
সেয়ে ধৰ্ষণৰ কোনো ড্ৰেছ কোড নাই। হটপেন্ট বা বিকিনি পৰিধান কৰিলেও হব পাৰে, আকৌ বোৰ্খা পৰিধান কৰিলেও হব পাৰে। নগ্নতাই যদি ধৰ্ষণৰ কাৰণ, তেনেহলে পৃথিৱীত ইমান ‘ন্যুড বিচ’ আছে, যত ছোৱালীবোৰে সকলো খুলি শুই থাকে… সিহঁতৰ গাত কোনোবাই হাত নিদিয়ে কিয়?
একমাত্র মা কালীয়েহে শৰীৰ আৰু যৌনতাৰ মাজৰ পাৰ্থক্য দেখুৱাব পাৰিছিল। সুন্দৰী মা দুৰ্গাক দেখি মহিষাসুৰে বত্ৰিশ পাৰি দাঁত উলিয়াই হাঁহি কৈছিল ‘এই সুন্দৰী নাৰীজনী মোক লাগে’… কিন্তু মা কালীৰ অৰ্ধ নগ্ন শৰীৰ দেখা পোৱাৰ পিছতো অসুৰ যৌনতাৰ ক্ষেত্ৰত উৎসাহী হোৱা নাছিল, ওলোটাই আম শুকাই আমসত্ত্ব হৈ গৈছিল! এনেকুৱা ভয়ঙ্কৰী কালীৰূপ কেইগৰাকী নাৰীয়ে ধাৰণ কৰিব পাৰে?
শেষ কৰাৰ আগত কও, এতিয়া নাৰীবাদী, পুৰুষবাদী, এইবাদী, সেইবাদী এনেকুৱা বহুত বিভাগত বুদ্ধিজীৱি সকল বিভক্ত হৈ গৈছে। সচা কবলৈ গলে এই কথাবোৰ তেওঁলোকেই বুজি পাব, যিসকলে বাইদেউ, ভন্টী, গাৰ্লফ্ৰণ্ড, বান্ধবী অথবা পত্নীক মনৰ পৰা ভালপায়।
অন্তত জীৱনত এবাৰ হলেও, সিহঁতৰ প্ৰত্যেকেই ধৰ্ষণৰ বলি হৈছে প্ৰতিনিয়ত, ভাৰ্চুৱেলি অথবা বাটে-পথে। কোনোবাই নহলে কোনোবাই এবাৰ নহলেও এবাৰ সিহঁতৰ শৰীৰক লৈ মন্তব্য কৰিছে অথবা চুই চাইছে ঠিক।
সকলো ধৰ্ষণৰ গোচৰ ৰুজু নহয়। মানসিক ধৰ্ষণবোৰ বেছি ভয়ানক। সিহতঁৰ হাতত হাত থৈ ভৰষা দিয়াটো সমাজৰ কৰ্তব্য। কাৰণ সকলো দেৱী সকলো সময়তেই মা- কালী হব নোৱাৰে। সমাজ আছে নহয়, বাকী ছোৱালীবোৰক সিহঁতে হব নিদিব!