• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

ASSAMESE SECTION/ CLIMATE CHANGE

by Kakali Das
December 23, 2024
in Climate Change, ASSAMESE SECTION, COP16, COP29, World
Reading Time: 5 mins read
0
ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?
Share on FacebookShare on TwitterShare on LinkedIn

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

কাকলি দাস

Kakali Pic book
কাকলি দাস

ছৌদি আৰৱৰ কথা ভাবিলে মনলৈ কি আহে? 

অন্তহীন বালিৰ টিলা, জ্বলন্ত তাপ আৰু অৱশ্যেই প্ৰচুৰ পৰিমাণৰ তেলৰ বিশাল ভাণ্ডাৰ।

 কিন্তু যদি মই আপোনালোকক কওঁ যে এই মৰুভূমি প্ৰধান দেশখনে নিজকে এখন সাৰুৱা, সেউজীয়া স্বৰ্গলৈ ৰূপান্তৰিত কৰিবলৈ এক বিৰাট অভিলাষী অভিযানত নামি পৰিছে, তেন্তে কি ভাবিব? বিশ্বাস কৰিব নোৱাৰা সপোন যেন লাগিছে, নহয়নে?

ছৌদি আৰৱে কেনেকৈ ইতিহাসৰ অন্যতম অভিলাষী পৰিৱেশ পৰিৱৰ্তনত নামি পৰিছে, সেই বিষয়ে ডুব যাওঁ আহক। বিশ্বৰ অন্যতম উষ্ণ এক মৰুভূমিক ‘চেণ্ট্ৰেল পাৰ্ক’ৰ সৈতে মিল থকা এখন মনোৰম উদ্যানলৈ ৰূপান্তৰিত কৰাৰ ছবিখন। অসম্ভৱ যেন লাগিছে নহয়নে?

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

 তথাপিও ছৌদি আৰৱ নিৰুৎসাহিত নহয়, এক অলৌকিক পৰিৱেশৰ সৈতে সমতা লাভ কৰাৰ লক্ষ্য চৌদিয়ে নিৰ্দ্ধাৰিত কৰি লৈছে— তেওঁলোকৰ শুকান মৰুভূমিক এক সমৃদ্ধিশালী সেউজীয়া মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ দ্বাৰা।

ভূগোলৰ শ্ৰেণীত অংশগ্ৰহণ নকৰা যিকোনো ব্যক্তিৰ বাবে চমুকৈ কৈ থৈছো : ছৌদি আৰব মূলতঃ তেলৰ বিশাল ভাণ্ডাৰৰ ওপৰত বহি থকা এক বিশালতম বালিৰ বাকচ৷ ই গৰম, শুকান, আৰু আপোনাৰ গাড়ীৰ ‘পাৰ্কিং’ স্থানৰ দৰেই গছ-গছনিৰ ছাঁ চৌদিত অভাৱনীয় ধৰণে আদৰণীয়৷

ইয়াৰ আকাৰৰ বিষয়ে ক’বলৈ হ’লে ই প্ৰায় পশ্চিম ইউৰোপৰ সমান ডাঙৰ, ইয়াৰ বিশাল বিস্তাৰৰ যি পৰিমাণ – তাৰে প্ৰায় ৯৫% মৰুভূমিৰে আবৃত। ইয়াত গ্ৰীষ্মকালত প্ৰায়ে ৫০ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ উষ্ণতা বৃদ্ধি পায়—যিটো সাৰুৱা অৰণ্য বা সতেজ ঘাঁহনিৰ বাবে কোনোপধ্যেই আদৰ্শ পৰিৱেশ নহয়।

কিন্তু ছৌদি আৰবে অসহ্যকৰ জলবায়ুৰ সন্মুখত আত্মসমৰ্পণ কৰিব বিচৰা নাই ৷ তেওঁলোকে এক অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে, আৰু এই সাহসী দৃষ্টিভংগীয়ে দেশখনৰ অৰ্থনীতিক কেৱল তেলনিৰ্ভৰতাৰ পৰা আঁতৰাই, প্ৰায় সকলো ভাল বিষয়ৰ দিশলৈ স্থানান্তৰিত কৰিবলৈ আঁচনি গ্ৰহণ কৰা হৈছে— তেওঁলোকৰ মৰুভূমিক সেউজ স্বৰ্গলৈ ৰূপান্তৰিত কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ক লৈ।

এই মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লোৱা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰো আহক৷ তালিকাৰ প্ৰথমটো হৈছে “দ্য গ্ৰীণ ৰিয়াধ প্ৰজেক্ট” ( ৰিয়াধৰ সেউজ কৰা আঁচনি)। ৰাজধানী ৰিয়াধ বৰ্তমান মৰুভূমিৰ মাজমজিয়াৰ এখন পকী অৰণ্য, কিন্তু সেয়া সলনি হ’বলৈ ওলাইছে।

২০১৯ চনত ছৌদি আৰৱৰ সাহসী পৰিকল্পনাৰ (২০৩০ চনৰ ভিতৰত ৰূপায়িত কৰা) অংশ হিচাপে আৰম্ভ হোৱা সেউজ ৰিয়াধ প্ৰকল্পই চহৰখনক আপুনি আশা নকৰা ধৰণে ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে। এই পৰিকল্পনা অনুসৰি ২০৩০ চনৰ ভিতৰত সমগ্ৰ ৰিয়াধ ৭৫ লাখ গছ ৰোপণ কৰিবলৈ ধৰা হৈছে।

কিন্তু এয়া কেৱল লাখ লাখ গছ ৰোপণৰ কথাই নহয়৷

প্ৰকল্পটোৰ লক্ষ্য হৈছে জনমূৰি সেউজ স্থান ১.৭ বৰ্গমিটাৰৰ পৰা ২৮ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা— যিটো ১৬গুণ বৃদ্ধি কৰিবলৈ লোৱা এক আশ্বৰ্যকৰ কৰ্মকাণ্ড। কল্পনা কৰকচোন, থিয় হ’বলৈকে কষ্ট হোৱা সীমিত এক ৰুক্ষ স্থানৰ পৰা এখন আহল-বহল মনোৰম সেউজ চৌহদলৈ আপোনাক লৈ গৈ আছে! এই পদক্ষেপে চহৰখনত CO2ৰ মাত্ৰা ৩%ৰ পৰা ৬% হ্ৰাস কৰাৰ লগতে সামগ্ৰিকভাৱে ১.৫ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

ভৱিষ্যতৰ ছৌদিৰ এনে ঘন বনাঞ্চলত তাপমাত্ৰা ৮ৰ পৰা ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ্ৰাস পাব পাৰে। সেউজ ৰিয়াধ প্ৰকল্পৰ আৰু কেতবোৰ অভিলাষী তথা বিশদ পৰিকল্পনা আছে। ইয়াৰ ভিতৰত আছে ১৬,৪০০ কিলোমিটাৰ পথ আৰু ৰাস্তাত গছ-গছনিৰে আৱৰণ সৃষ্টি কৰা—সেয়া নিউয়ৰ্কৰ পৰা লছ এঞ্জেলছলৈ আৰু পুনৰ লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কলৈ উভতি অহা দূৰত্বৰ সমান দৈৰ্ঘৰ পথৰ কাষত গছ ৰোপণৰ দৰেই এক বিৰাট আঁচনি ৷

ইয়াৰ উপৰিও এই প্ৰকল্পটোৱে ৪৩খন ৰাজহুৱা উদ্যান গঢ়ি তুলিব, ৩,৩৩০খন চুবুৰীত বাগিচা সৃষ্টি কৰিব, আৰু ১১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘গ্ৰীণ বেল্ট’ স্থাপন কৰিব। এই পৰিৱৰ্তনশীল পদক্ষেপৰ বাবে মুঠ বিনিয়োগ ১০ বছৰৰ ভিতৰত প্ৰায় ২৩ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে।

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

কিন্তু উল্লেখযোগ্য যে —মৰুভূমিত গছ ৰোপণ কৰাটো উদ্যানত খোজ কঢ়াৰ দৰেই সহজ নহয়। ই অধিক উত্তপ্ত বালিৰ মাজেৰে মাৰাথন দৌৰাৰ দৰেই কঠিন কাম আৰু অকল্পনীয় ভাবেই ব্যয়বহুল। বিজ্ঞানসন্মত তথা অভিযান্ত্ৰিক প্ৰত্যাহ্বানবোৰো আচৰিত ধৰণৰ, আৰু বছৰি ৪ ইঞ্চিতকৈ কম বৰষুণ হোৱা অঞ্চলত এই গছবোৰ জীয়াই ৰখাটো এটা কালজয়ী কাম।

কিন্তু তাৰ বাবেও ছৌদিয়ে পৰিকল্পনা কৰিছে৷ তেওঁলোকে ৰিয়াধৰ পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ বিশেষভাৱে নিৰ্বাচিত ৭২বিধ গছৰ প্ৰজাতি ব্যৱহাৰ কৰিছে। পানীৰ অভাৱ আতৰ কৰিবলৈ তেওঁলোকে এটা উন্নত জলসিঞ্চন নেটৱৰ্ক গঢ়ি তুলিছে যিয়ে পুনঃব্যৱহৃত বর্জ্য পানীৰ দৈনিক ব্যৱহাৰ ৯০,০০০ ঘনমিটাৰৰ পৰা ১৭ লাখতকৈওল অধিকলৈ বৃদ্ধি কৰিব পাৰিব ৷ সেইটো হ’ল ঘৰৰ পিছফালৰ চুইমিং পুল এটা পানীৰে ভৰোৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিনত এটা সম্পূৰ্ণ সৰু হ্ৰদ এটালৈও পানী যোগান ধৰালৈকে৷

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

গ্ৰীণ ৰিয়াধ প্ৰজেক্ট মাত্ৰ নৃত্য-নাটিকা হে—মূল নাটকখন বা মূল পৰিকল্পনা হ’ল ‘ছৌদি গ্ৰীণ ইনিচিয়েটিভ’। এইখিনি ভাবিলেও উচ্চাকাংক্ষাই সঁচাকৈয়ে মহাকাশলৈ উৰি যায়।

 লক্ষ্য? ২০৬০ চনৰ ভিতৰত ১০ বিলিয়ন গছ ৰোপণ আৰু ৪ কোটি হেক্টৰ অৱক্ষয়ী মাটি পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা। কিন্তু এই পদক্ষেপ কেৱল সেউজীয়া অঞ্চল বহল কৰা প্ৰচেষ্টাই মাত্ৰ নহয়; ই মৰুভূমিৰ বিৰুদ্ধে যুঁজ দিয়া, জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰা, আৰু চৌদি আৰৱৰ জলবায়ুৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বিষয়েও ডাঙি ধৰে।

২০২১ চনত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে আৰম্ভ কৰা ‘ছৌদি গ্ৰীণ ইনিচিয়েটিভ’ (এছজিআই) হৈছে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা আৰু ছৌদি আৰৱত বহনক্ষমতাক প্ৰসাৰিত কৰাৰ এক সাহসী প্ৰচেষ্টা। এছ জি আইয়ে কেইবাটাও অভিলাষী লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰিছে।

 প্ৰথমতে, ইয়াৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত বছৰি ২৭৮ মিলিয়ন টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰা— যিটো পৰম্পৰাগতভাৱে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ বাবে এক উল্লেখযোগ্য লক্ষ্য। 

দ্বিতীয়তে, আগন্তুক দশকবোৰত ১০ বিলিয়ন গছ ৰোপণৰ পৰিকল্পনা কৰিছে, এই বিস্তৃত পুনৰ বনানীকৰণ প্ৰচেষ্টাৰ জৰিয়তে প্ৰায় ৪ কোটি হেক্টৰ মাটি পুনৰুদ্ধাৰ কৰা হ’ব— যি সমগ্ৰ জাপান দেশতকৈও ডাঙৰ এক অঞ্চল।

 শেষত, এই পদক্ষেপে পৰিৱেশ তন্ত্ৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত চৌদি আৰৱৰ ৩০% ভূমি আৰু সামুদ্ৰিক অঞ্চল সংৰক্ষণ কৰা।

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

আমি যি ৬ লাখ বৰ্গ কিলোমিটাৰতকৈও অধিক ঠাই সংৰক্ষণৰ কথা কৈছো—মোটামুটি সেই পৰিমাণ ফ্ৰান্সৰ আকাৰৰ সমান৷ আৰু ইতিমধ্যে তেওঁলোকে স্পষ্ট অগ্ৰগতি লাভ কৰিছে৷

 কেৱল ২০২২ চনত তেওঁলোকে যি ১.৮ কোটি গছ ৰোপণ কৰিছিল আৰু ৬০,০০০ হেক্টৰ মাটি পুনৰুদ্ধাৰ কৰিছিল—সেয়া হৈছে প্ৰায় চিকাগোৰ সমান ডাঙৰ এক অঞ্চল। শক্তিৰ ক্ষেত্ৰত তেওঁলোকে ৭০০ মেগাৱাট সৌৰ আৰু বতাহৰ শক্তি গ্ৰীডত একত্ৰিত কৰিছে, যিটো এক লাখতকৈ অধিক ঘৰত শক্তি প্ৰদান কৰিবলৈ যথেষ্ট। কিন্তু ছৌদি কেৱল ইয়াতেই ৰৈ যোৱা নাই ৷ আৰু সোতৰটা নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম চলি আছে, যাৰ মুঠ ক্ষমতা প্ৰায় ১৪ গিগাৱাট।

এই পদক্ষেপে বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰতো প্ৰবল গুৰুত্ব আৰোপ কৰিছে। ২০২২ চনত তেওঁলোকে দেশৰ ১৫টা ভিন্ন স্থানত ১২০০ৰো অধিক বিপন্ন প্ৰাণীক পুনৰ উদ্ধাৰ কৰি সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে। ছৌদি আৰবে স্বচ্ছ হাইড্ৰজেনৰ ওপৰতো ডাঙৰ পৰিকল্পনা গ্ৰহণ কৰিছে, আৰু ২০২৬ চনৰ ভিতৰত প্ৰতিদিনে ছৌদিয়ে ৬০০ টন উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে, যিটো বিশ্বৰ সৰ্ববৃহৎ স্বচ্ছ হাইড্ৰজেন প্ৰকল্প হ’ব। 

এই সকলোবোৰ উল্লেখযোগ্য পুঁজি যোগানৰ দ্বাৰা সমৰ্থিত— কাৰণ এই সেউজ পদক্ষেপসমূহৰ বাবে ১৮৬ বিলিয়ন ডলাৰতকৈ অধিক ডলাৰ বিনিয়োগৰ বাবে বিভিন্ন দেশে আৰু প্ৰতিষ্ঠানে ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এইটো এটা স্পষ্ট সংকেত যে চৌদি আৰবে ২০৬০ চনৰ ভিতৰত দেশখনক সেউজ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰা আৰু কাৰ্বন শূন্য নিৰ্গমন লাভৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ঐতিহাসিক কাম কৰি যোৱা বুলি ইতিহাসে সদায় সুঁৱৰিব।

ছৌদি আৰৱৰ সেউজ বিপ্লৱ: মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা নে কেৱল এক মৰিচীকা?

ইয়াৰ পিছত ছৌদিৰ হাতত আছে ‘কিং ছলমান পাৰ্ক’, যিখন বিশ্বৰ সৰ্ববৃহৎ নগৰীয়া উদ্যান হ’ব। এই উদ্যানখন চেণ্ট্ৰেল পাৰ্কৰ চাৰিগুণ আকাৰৰ বিশাল এলেকালৈ বিস্তৃত হ’ব। আমি এইখিনি কথাৰে ১৬.৬ বৰ্গ কিলোমিটাৰ (৬.৪ বৰ্গমাইল) জুৰি থকা এক বিশাল সেউজীয়া স্থানৰ কথা কৈছো—লণ্ডনৰ হাইড পাৰ্কৰ আকাৰৰ সাতগুণ আৰু নিউয়ৰ্কৰ চেণ্ট্ৰেল পাৰ্কৰ তুলনাত চাৰিগুণতকৈও অধিক।

পূৰ্বৰ ৰিয়াধ এয়াৰবেছ খেলপথাৰত অৱস্থিত এই উদ্যানখন কেৱল স্কেলৰ পৰিমাণ হিচাপে নহয়; ইয়াক বছৰজুৰি আকৰ্ষণীয় হ’ব পৰাকৈ এক আকৰ্ষণীয় গন্তব্যস্থান হিচাপে ডিজাইন কৰা হৈছে যিয়ে প্ৰকৃতিৰ সৈতে আধুনিক সুবিধাসমূহৰ মিশ্ৰণ ঘটাব৷

উদ্যানখনত শান্তিপূৰ্ণ পৰিৱেশত পৰিয়াল সমূহ গোট খাব পৰা ঠাই, ইছলামিক শৈলীৰ বাগিচা, চৰাই আৰু পখিলাৰ বাবে অভয়াৰণ্য আদি বিভিন্ন ধৰণৰ আকৰ্ষণৰ ব্যৱস্থা থাকিব। ইয়াত ৩ লাখ বৰ্গমিটাৰ জল উপাদান, ৮ লাখ বৰ্গমিটাৰ বিস্তৃত উপত্যকা আৰু আকৰ্ষণীয় ১০ লাখ গছ থাকিব যিয়ে সেউজীয়া পৰিৱেশেৰে সকলোকে মোহিত কৰিব আৰু মহাআকাঙ্খিত ছাঁ – দুয়োটাকে প্ৰদান কৰিব।

উদ্যানখনত সাংস্কৃতিক তথ্য কেন্দ্ৰ, প্ৰদৰ্শনী স্থান, ৰেষ্টুৰেণ্টৰ সৈতে দৰ্শনাৰ্থীৰ মণ্ডপো থাকিব। ইয়াৰ উপৰিও ৫ লাখ বৰ্গমিটাৰ বিস্তৃত এই ‘ৰয়েল আৰ্টছ কমপ্লেক্স’ত থিয়েটাৰ, চিনেমা হল, সংগ্ৰহালয় আদি থাকিব। বিনোদন পাৰ্ক, একুৱা পাৰ্ক, আনকি স্কাইডাইভিং চেণ্টাৰকে ধৰি ক্ৰীড়া আৰু মনোৰঞ্জনৰ সুবিধাও থাকিব।

Riyadh 6

শাৰীৰিক কাৰ্যকলাপৰ প্ৰসাৰ আৰু আয়ুস বৃদ্ধিৰ জৰিয়তে জনস্বাস্থ্য বৃদ্ধিৰ লক্ষ্যৰে চৌদি আৰৱৰ ‘ভিজন ২০৩০’ৰ এটা মূল অংশ হ’ল এই প্ৰকল্প। ইয়াৰ উপৰিও ইয়াৰ বহনক্ষমতাক লক্ষ্য কৰি অন্যান্য ডিজাইন কৰা হৈছে, লগতে বৰষুণৰ পানী সংগ্ৰহ আৰু শক্তি-দক্ষ ব্যৱস্থাৰ দৰে উপাদানসমূহ সন্নিবিষ্ট কৰা হৈছে। নিৰ্মাণৰ কাম ক্ৰমাগতভাৱে আগবাঢ়িছে, ইতিমধ্যে ১ বিলিয়ন ডলাৰতকৈও অধিক ধনৰ ঠিকা প্ৰদান কৰা হৈছে। ২০২৪ চনৰ মূল লক্ষ্যৰ কিছু পিছ পৰিছে যদিও ২০২৫ চনত মুকলি হ’ব এই উদ্যানখন।

আপুনি হয়তো ভাবিছে যে চৌদি আৰবে এই সকলোবোৰ কিয় হাতত লৈছে! শুনক, কেৱলমাত্ৰ হঠাৎ তেওঁলোকৰ মনবোৰ সেউজীয়াৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবেই হাতত লোৱা নাই ৷ কিছুমান উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক কাৰকেও ইয়াত মূল কাৰক হৈ পৰিছে।

প্ৰথম আৰু প্ৰধান কথাটো হ’ল অৰ্থনৈতিক বৈচিত্ৰ্যৰ বিষয়টো । ছৌদি আৰৱে দশক দশক ধৰি তেলৰ ওপৰতেই নিৰ্ভৰ কৰি আহিছে যদিও তেওঁলোকে জানে যে তেলৰ উত্থান চিৰদিনৰ বাবে নাথাকিব। এই সেউজ পদক্ষেপসমূহত বিনিয়োগ কৰি তেওঁলোকে নতুন উদ্যোগ আৰু চাকৰিৰ সুযোগ সৃষ্টিৰ কাম কৰিবলৈ আৰম্ভ কৰিছে – যিবোৰ পদক্ষেপ মাটিৰ গৰ্ভৰ পৰা ক’লা জুলীয়া সোণ উলিয়াই থকাৰ ওপৰত নিৰ্ভৰশীল নহয়।

Riyadh 5

আমি গৱেষণা, সংৰক্ষণ, আনকি পৰিৱেশ পৰ্যটনৰ দৰে ক্ষেত্ৰত চাকৰি সৃষ্টিৰ কথা কৈছো৷ কল্পনা কৰকচোন এনে এটা ভৱিষ্যত য’ত মানুহে চৌদি আৰৱৰ তৈলক্ষেত্ৰৰ বাবে নহয়, ইয়াৰ ৰসাল অৰণ্য আৰু অত্যাধুনিক সেউজ চহৰৰ বাবে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিব। ই এক সাহসী ৰূপান্তৰ, আৰু তেওঁলোকে সেই সাহসী চেষ্টাকেই ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে৷

এতিয়া, পৰিৱেশৰ উপকাৰিতাৰ কথাখিনি এনেদৰে ক’ব পাৰি: প্ৰথমতে, বৰ্ধিত পৰিৱেশ তন্ত্ৰৰ সেৱা। কিন্তু, তাৰ আচল অৰ্থ কি? এই সকলোবোৰ গছ-গছনি কেৱল বিতোপন সজ্জাৰ বাবেই নহয়—মাটিৰ উৰ্বৰতা আৰু পানীৰ অনুপ্ৰৱেশ উন্নত কৰাৰ বাবেও এৰা এক অনন্য প্ৰচেষ্টা। চৌদি আৰৱৰ দৰে ঠাইত, য’ত স্থলভাগ কেৱল বালি আৰু বালি, আৰু সৰ্বত্ৰ পানীৰ অভাৱ, তাত এয়া হ’ল এক অকল্পনীয় মৌলিক ৰূপান্তৰ।

তাৰোপৰি, জলবায়ু পৰিৱৰ্তনৰ দিশটোও ইয়াৰ লগতে জড়িত হৈ আছে। অধিক গছ-গছনি মানে অধিক কাৰ্বন নিষ্কাশন, যি কাৰ্বন এই উদ্ভিদবোৰে বায়ুৰ পৰা শোষণ কৰি জমা কৰি ৰাখিছে বুলি ক’বলৈ পৰাকৈ ছৌদিৰ বাবে হ’ব এক আড়ম্বৰপূৰ্ণ উপায়।

ছৌদি আৰব যে বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদনকাৰী দেশ, সেই কথা মনত ৰাখিলে তেওঁলোকৰ হাতত ভাৰসাম্য ৰক্ষা কৰিবলৈ যথেষ্ট কাৰ্বন হ্ৰাস কৰিব পৰা কৰ্ম কৰিবলগীয়া আছে। আৰু জৈৱ বৈচিত্ৰ্যক উপেক্ষা কৰাৰো প্ৰশ্ন নাই ৷ বিশাল সেউজীয়া স্থান সৃষ্টি আৰু অৱক্ষয়ী ভূমি পুনৰুদ্ধাৰ কৰি ছৌদি আৰৱে বহুতো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ বাবে বাসস্থান সৃষ্টি কৰাত সহায় কৰিবলৈ আগবাঢ়িছে।

কোনে জানে, আনকি আমি হয়তো এই অঞ্চলত যুগ যুগ ধৰি দেখা নোপোৱা প্ৰজাতি সমূহক পুনৰ উভতি অহা দেখিবলৈ পাম।

কিন্তু এই সকলোবোৰ সঁচাকৈ ৰূপায়িত হ’লে বৰ আনন্দদায়ক ঘটনা হৈ নপৰিবনে? সন্দেহবাদী সকলে সন্দেহ কৰি থকাটো আশ্বৰ্যকৰ নহয় , কিন্তু ছৌদি আৰৱে প্ৰয়াস কৰাটোও সত্য ৷ এনে সকলোবোৰ সম্ভাৱ্য লাভৰ মাজতো গুৰুতৰ প্ৰত্যাহ্বান আৰু সমালোচনা আছে যিবোৰৰ সৈতে ছৌদিয়ে মোকাবিলা কৰিব লাগিব।

Climate 3 1

প্ৰথম আৰু প্ৰধান কথাটো হ’ল বহনক্ষমতাৰ বিষয়টো৷ মনত ৰাখিব লাগিব, আমি পৃথিৱীৰ আটাইতকৈ উষ্ণ, শুকান ঠাইত সেউজীয়া স্থান সৃষ্টি কৰাৰ বিষয়ে কৈ আছো ৷ এই গছবোৰ জীয়াই ৰাখিবলৈ বিপুল পৰিমাণৰ পানীৰ প্ৰয়োজন হ’ব, আৰু ছৌদি আৰৱত পানী প্ৰচুৰ পৰিমাণে পোৱা নাযায়। গতিকে প্ৰত্যাহ্বান অতিশয় কঠিন।

ছৌদি আৰবে এই সেউজ পদক্ষেপসমূহৰ সৈতে আগবাঢ়িছে যদিও ছৌদি আৰৱ বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদনকাৰী দেশ হৈয়ে আছে। এয়া যেন গেছলিন ঢালি জুই নুমুৱাবলৈ চেষ্টা কৰাৰ দৰেই কাৰ্য ৷ এই বৈপৰীত্যই এনে অভিযোগৰো সৃষ্টি কৰিছে যে সচৰাচৰৰ দৰে ব্যৱসায় ছৌদিয়ে অব্যাহত ৰাখি পৰিৱেশৰ পদক্ষেপক জনসংযোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে যাতে জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাক আওকাণ কৰিব পাৰে!

এইবোৰৰ উপৰিও আছে, প্ৰযুক্তিগত আৰু লজিষ্টিক প্ৰত্যাহ্বান। উদাহৰণস্বৰূপে নেওম (NEOM)ক লৈ আৰম্ভ কৰা যাওক। তেওঁলোকে প্ৰস্তাৱ কৰা বহু প্ৰযুক্তি, যেনে উৰণীয়া টেক্সি আৰু ৰবট মেইড, এতিয়াও কল্পবিজ্ঞানৰ ক্ষেত্ৰখনতেই সোমাই আছে। আনকি অধিক সম্ভৱপৰ প্ৰযুক্তি, যেনে বৃহৎ পৰিসৰৰ পানী ব্যৱস্থাপনা ব্যৱস্থা আৰু নৱীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনিও কঠোৰ মৰুভূমিৰ পৰিৱেশত বহুলাংশে পৰীক্ষা নকৰাকৈয়ে আছে।

আৰু খৰচৰ বিষয়টোও উপেক্ষা কৰিব নোৱাৰি ৷ এই প্ৰকল্পবোৰ কেৱল অভিলাষীয়েই নহয়; সেইবোৰ অবিশ্বাস্যভাৱে ব্যয়বহুল৷ আমি ইয়াৰ দ্বাৰা কোটি কোটি ডলাৰৰ খৰছ কৰাৰ কথা কৈছো৷ ছৌদি আৰৱত নগদ ধনৰ অভাৱ নাই যদিও তেলৰ সম্পদৰ বাবেই সম্পদ আবণ্টনৰ এইটোৱেই উত্তম উপায় নেকি, সেই বিষয়েও উদ্বেগ প্ৰকাশ পাবলৈ ধৰিছে। 

শেষত পৰিৱেশ সম্পৰ্কীয় প্ৰধান বিষয়টোৰ ইয়াৰ সৈতে জড়িত হৈ আছে৷ সেউজীয়া ঠাই সৃষ্টি কৰাটো তত্ত্বগতভাৱে ভাল যেন লাগিলেও আমি সম্ভাৱ্য পৰিৱেশগত বিঘিনিৰ কথাও বিবেচনা কৰিব লাগিব। অথলুৱা বা আৰৱৰ পৰিৱেশত খাপ নোখোৱা বিদেশী প্ৰজাতিৰ প্ৰৱৰ্তন আৰু ভূ-প্ৰকৃতিৰ নাটকীয় পৰিৱৰ্তনে বৰ্তমানৰ মৰুভূমিৰ পৰিৱেশ তন্ত্ৰৰ বাবে অভাৱনীয় পৰিণতিৰো সৃষ্টি কৰিব পাৰে!

গতিকে, এই সকলোবোৰ কথাই আমাক ক’ত উপনীত কৰায়?

Saudi Arabia\'s Green Revolution: Turning Deserts into Oasis or Just a Mirage?

 প্ৰত্যাহ্বানৰ মাজতো ছৌদি আৰৱৰ সেউজ উচ্চাকাংক্ষা অনস্বীকাৰ্যভাৱে প্ৰেৰণাদায়ক। যদি তেওঁলোকে এই প্ৰচেষ্টাত সফল হ’ব পাৰে, তেন্তে ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সকলোতে পৰিব পাৰে। কেৱল চৌদি আৰৱৰ বাবেই নহয়, বিশ্বৰ শুকান অঞ্চলসমূহৰ বাবেও ই দৃষ্টান্ত হৈ পৰিব পাৰে।

কল্পনা কৰকচোন যদি মানুহে পৃথিৱীৰ আন আন মৰুভূমিবোৰকো সেউজীয়া কৰি তুলিব পাৰে—চাহাৰা, গ’বি, অষ্ট্ৰেলিয়ান আউটবেক—তেন্তে সম্ভাৱনাবোৰ সভ্যতাৰ চকা আগবঢ়াই নিয়াৰ বাবে হৈ পৰিব অকল্পনীয় ঘটনা। তাৰোপৰি , ছৌদি আৰৱে মৰুভূমি সেউজীকৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত নিজকে আগশাৰীৰ নেতৃত্ব প্ৰদান কৰা দেশ হিচাপে স্থান দিব পাৰিব আৰু একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আন দেশসমূহলৈ নিজৰ প্ৰযুক্তি তথা বিশেষজ্ঞ ৰপ্তানি কৰিব পাৰিব।

আৰু প্ৰতীকী মূল্যকো উপেক্ষা কৰিব নোৱাৰি— তেল নিৰ্ভৰশীল মৰুভূমিৰ দেশৰ পৰা বহনক্ষমতা আৰু সেউজ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত হোৱা এখন সেউজ চৌদি আৰৱ! এনে ধৰণৰ কাহিনীয়ে বিশ্বব্যাপী মৌলিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে আৰু জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতাক ৰোধ কৰি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন নতুন পৃথিৱী সৃষ্টি কৰিব পাৰে।

গতিকে, আপোনাৰ মতামত কি? চৌদি আৰৱে নিজৰ বিশাল মৰুভূমিক সফলতাৰে সেউজ স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰিবনে, নে এয়া হ’ব পাৰে কেৱল এক মৰিচীকা? এয়া বহনক্ষমতাৰ দিশত কৰা প্ৰকৃত প্ৰচেষ্টা নে কেৱল এক অতি ব্যয়বহুল জনসংযোগ অভিযান?

Climate 2 1

( ‘মহাবাহু‘ত প্ৰকাশিত কাকলি দাসৰ মূল লেখা ”Saudi Arabia’s Green Revolution: Turning Deserts into Oasis or Just a Mirage?“ৰ অসমীয়া ভাঙনি অৰবিন্দ ৰাভাৰ) 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kakali Das

Kakali Das

Related Posts

Bhattadev University and the Mahabahu Climate Forum in Manas National Park
Climate Change

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

by Debashis Giswami
July 15, 2026
0

Bhattadev University: A Comprehensive Journey through the Climate Justice 101 Debashis Goswami From June 18th to 24th 2026, the Bhattadev...

Read moreDetails
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d