• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, May 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech

জগততেই অইন এখন নতুন জগত

অঞ্জন শৰ্মা

by Anjan Sarma
May 17, 2023
in Tech, Science, Social Media, World
Reading Time: 14 mins read
0
জগততেই অইন এখন নতুন জগত
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

May 6, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

May 2, 2026
The Indian Media is becoming a menace for Indian Sub-Continent – Here know why?

The Screen That Swallowed Our Children

May 2, 2026

জগততেই অইন এখন নতুন জগত: ডিজিটেল বিক্ষিপ্ততাৰ যুগত আমাৰ প্ৰাচীন মগজুৱে কেনেকৈ মোকাবিলা কৰিব ?

অঞ্জন শৰ্মা

জগততেই অইন এখন নতুন জগত

(১)

ইন্টাৰনেটৰ প্ৰসাৰ

সমগ্ৰ বিশ্বৰ মহানগৰ-নগৰসমূহত বসবাস কৰা জনসংখ্যাই ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে মহানগৰ-নগৰসমূহত বসবাস নকৰা জনসংখ্যাক ২০০৭ চনত অতিক্ৰম কৰিছে আৰু এই বিৱৰ্তনৰ বাবে ৫০০০ বছৰ সময়ৰ প্ৰয়োজন হৈছে।

কিন্তু বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশতকৈও বেছি জনসংখ্যাক তেনেই কম সময়ৰ ভিতৰতেই ইন্টাৰনেটে আলিংগন কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশই এতিয়া ‘অনলাইন‘ত থাকে।

‘ৱেব'(web)ৰ জগতে পশ্চিমীয়া দেশবোৰত প্ৰযুক্তিৰ সৈতে জড়িতসকলক মাত্ৰ ২৫ বছৰ পূৰ্বে স্পৰ্শ কৰাৰ পিছতে ই এক বিৰল ঘটনাত পৰিগণিত হৈছে। এতিয়া সৰ্বদিশত ইন্টাৰনেটৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছে। সমাজৰ বিভিন্ন স্তৰৰ বান্ধোন ইন্টাৰনেটে স্পৰ্শ কৰিছে, সলনি কৰিছে, নতুন নতুন দৃশ্যপটৰ অৱতাৰণা কৰিছে, মুঠতে এক নতুন বিপ্লৱ তীব্ৰগতিৰে চৌদিশে আৰম্ভ হৈছে।

নতুনকৈ ইন্টাৰনেটৰ বাসিন্দা তথা আসক্ত হোৱাসকলৰ সৰহভাগেই এখন নতুনকৈ সৃষ্টি হোৱা জগতৰ বাসিন্দা হৈছে আৰু বিগত ৩ বছৰৰ ভিতৰতেই তেনে এখন জগতত ৭২৬ নিযুত মানুহে ‘নাগৰিকত্ব’ গ্ৰহণ কৰিছে। দুৰন্ত গতিৰে আগবাঢ়িছে চীন। দুখীয়া অঞ্চল হিচাপে স্বীকৃত ভাৰত আৰু আফ্ৰিকাও আগবাঢ়ি গৈছে।

আফ্ৰিকাৰ যিবোৰ অঞ্চলত সৌ সিদিনা পৰ্যন্ত দাস কিনা-বেচা হৈছিল, সেইবোৰ অঞ্চলত কৃষ্ণাঙ্গ কিশোৰৰ হাতত এতিয়া স্মাৰ্টফোন দেখা গৈছে আৰু নিত্য নতুন ক্ষেত্ৰ তেওঁলোকৰ চকুৰ সন্মুখত উন্মোচিত হবলৈ ধৰিছে। ইন্টাৰনেটৰ এনে প্ৰসাৰৰ সমান্তৰালকৈ উৰাবাতৰি, চৰিত্ৰহনন, ধৰ্মীয় মেৰুকৰণ, ট্ৰ’ল, ধৰ্মীয় বা ৰাজনৈতিক কাৰণত নিৰ্যাতন আদিও বৃদ্ধি পাইছে ভাৰত, ম্যানমাৰ আদি অঞ্চলত – যিবোৰে উদ্বিগ্ন কৰি তুলিছে শুভবুদ্ধিসম্পন্ন মানুহক।

ইয়াৰ বিপৰীতে পৰোপকাৰ, বদান্যতা, সাহায্য, কৃষকে স্মাৰ্ট ফোনৰ দ্বাৰা শইচৰ মূল্য সম্পৰ্কে অৱগত হোৱা, অনলাইন শিক্ষাগ্ৰহণ, তথ্য-প্ৰাপ্তি, চিকিৎসক-চিকিৎসাৰ সুবিধা, টীকাকৰণৰ প্ৰয়োজনীয়তা, যাত্ৰা, ইত্যাদি বিষয়বোৰো যোগাত্মক দিশত বৃদ্ধি পাইছে।

(২)

জগততেই অইন এখন নতুন জগত

দ্বিতীয় অধ্যায়টোৰ ইন্টাৰনেট- প্ৰযুক্তি

প্ৰথম অধ্যায়টোৰ আশ্বৰ্যকৰ তন্ময়পূৰ্ণ, কিন্তু আপেক্ষিকভাৱে মন্হৰ সময়ছোৱাৰ তৰপ ভেদ কৰি ওপৰলৈ (উতলা গাখীৰে সৰৰ তৰপ আতৰাই দিয়াৰ দৰে) দুৰন্ত গতিৰে দ্বিতীয় অধ্যায়টোৰ উতলা ইন্টাৰনেট সংযুক্ত প্ৰযুক্তিৰ প্ৰবাহে সৰ্বদিশে প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে অযুতবাহু।

আজি ব্যৱসায়ৰ ক্ষেত্ৰতেই নহয়, সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত, ভিডিঅ’ গেমৰ ক্ষেত্ৰত, মনোৰঞ্জনৰ ক্ষেত্ৰত, বহুত ক্ষেত্ৰতেই প্ৰৱেশ কৰিছে লক্ষ লক্ষ বিশ্ব-নাগৰিকে ; আৰু ইয়াৰ লগে লগে হ্ৰাস পাইছে বহুতৰে কৰ্মস্পৃহা তথা নিজস্ব গুণগত উৎকৰ্ষসাধনৰো স্পৃহা। দিশে দিশে সম্প্ৰসাৰণ হৈছে যৌনগন্ধী ক্ষেত্ৰখনৰো।

 বাৰ্তাবাহক ‘এপচ্'(Apps = an application, especially as downloaded by a user to a mobile device)ৰ দ্বাৰা বন্ধুত্ব কৰাৰ, সম্পৰ্ক ৰখাৰ সুযোগ হৈছে, স্ব-গৃহৰ পৰা দূৰ-দূৰণিত কৰ্মৰত পিতৃয়ে সন্তানক নিশা ‘শুভৰাত্ৰি’ বুলি কৈ শান্তিলাভ কৰিব পৰা হৈছে। মানুহে মনোৰঞ্জন কৰিব পৰা হৈছে বন্ধু-বান্ধৱৰ সৈতে, অপৰিচিত ব্যক্তিৰ সৈতে — YouTube বা Tik-Tokৰ দ্বাৰা, বহু অইন Appsৰ দ্বাৰা।

সস্তীয়া আৰু ‘মুক্ত’ ইন্টাৰনেটৰ সুযোগ লৈ চোৰাংকৈ বোলছৱি ‘ডাউনলোড’ কৰি লক্ষ লক্ষজনলৈ প্ৰেৰণ কৰি বোলছৱিৰ প্ৰযোজকৰ টিকনি থিয় কৰি দিব পৰা হৈছে।

 ইউৰোপৰ কিছুমান দেশৰ যিমান জনসংখ্যা, তাতোকৈ অধিক জনসংখ্যাৰ দ্বাৰা ভাৰতৰ ৰে’ল ষ্টেচনত ‘মুক্ত ইন্টাৰনেট’ৰ দ্বাৰা মোবাইলত বিভিন্ন বিষয় ‘ডাউনলোড’ হৈ থাকে। ভাৰতত কৃষিকাৰ্যৰ বাবে সু-পৰামৰ্শ দিব পৰা Appsতকৈ Dating Appsৰ চাহিদা বহুত বেছি। ভিডিঅ’গেমৰ ক্ষেত্ৰৰ কথা ক’বই নালাগে! কিন্তু এনেবোৰ বিষয় UN Development Report-অত স্থান নাপায়, কাৰণ এনেবোৰ ঘটনাই ‘মানৱসমাজৰ শান্তি’ বৃদ্ধি কৰাত পৰোক্ষভাৱে সহায় কৰিছে।

ব্যৱসায়ৰ জগতখনত দ্বিতীয় অধ্যায়টোৰ ইন্টাৰনেট- প্ৰযুক্তিয়ে এনেদৰে ‘ফেবিকল’সদৃশ আঠাৰ দৰে লাগি ধৰিছে যে তাৰফলত অকল্পনীয়ভাৱে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। সৰু সৰু নগৰ-চহৰৰ, গাওঁৰ বাসিন্দাইও হাতৰ মুঠিত বৃহৎ বৃহৎ বজাৰবোৰ লৈ নিজৰ পছন্দমতে সামগ্ৰী অৰ্ডাৰ দিব পৰা হৈছে – যি কথা আগতে সপোনৰো অগোচৰ আছিল। এতিয়া মাজুলীতো যিদৰে আমাজন(Amazon)ৰ প্ৰৱেশ সম্ভৱ হৈছে, লেংটিছিঙাতো ফ্লিপকাৰ্ট (Flipkart)ৰ প্ৰৱেশ সম্ভৱ হৈছে!

জগততেই অইন এখন নতুন জগত

এক অকল্পনীয় সম্ভাৱনাৰ দ্বাৰ উন্মুক্ত হৈছে ব্যৱসায়ৰ জগতখনৰ। কিন্তু ই বহুক্ষেত্ৰত মূৰৰ কামোৰণিও হৈছে — যিহেতু নতুনকৈ অন্তৰ্ভুক্ত হোৱা সৰহসংখ্যক গ্ৰাহকৰেই নাই অধিক পৰিমাণৰ ব্যয়ক্ষমতা।

চীনক বাদ দি, ‘ষ্টাৰ্ট আপ’ৰ ভেন্সাৰ-কেপিটেলত এতিয়া ১০ বিলিয়নতকৈও অধিক ডলাৰ বিনিয়োগ হৈছে। আমেৰিকাৰ চিলিকন ভেলিৰ মহীৰুহসকলে বিশাল বিশাল ক্ষেত্ৰৰ সৃষ্টি কৰিছে।

 উদাহৰণস্বৰূপে ক’ব পাৰি যে উন্নয়নশীল দেশসমূহত ১৫০ কোটি মানুহে ফেচবুক (Facebook) ব্যৱহাৰ কৰে; গুগল (Google)ৰ ইউ-টিউব(YouTube) প্ৰাচ্যৰ ব্যৱহাৰকাৰীয়ে অধিক পৰিমাণে ব্যৱহাৰ কৰে। ২০১৮ চনত আমেৰিকাৰ বিশ্বখ্যাত ৱালমাৰ্ট(Walmart)এ ১৬ বিলিয়ন ডলাৰ ব্যয় কৰি ভাৰতৰ ফ্লিপকাৰ্ট (Flipkart) ক্ৰয় কৰিছে।

নাইজেৰিয়াকে ধৰি আফ্ৰিকাৰ অইন ১৩ খন দেশৰ ৪০ লক্ষ গ্ৰাহক অন্তৰ্ভুক্ত হৈ থকা Jumia (ঝুমিয়া) ক ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰাই নিউয়ৰ্কৰ পৰা আৰম্ভ কৰা হৈছে। মুকেশ আম্বানীৰ নিয়ন্ত্ৰণাধীন ৰিলায়েন্স জিঅ’ই (Reliance Gio) সকলোৰে বাবে সহজলভ্য হোৱাকৈ High Speed Mobile Network ৰ নামত ৩৭ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে।

China 2

কিন্তু মন কৰিবলগীয়া কথা এয়েই যে এছিয়াৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে বছৰি মাত্ৰ ১১ ডলাৰ ব্যয় কৰাৰ বিপৰীতে উত্তৰ আমেৰিকাৰ বাসিন্দাসকলে বছৰি ১১২ ডলাৰ ব্যয় কৰে। চীনক বাদ দি, ইন্টাৰনেট’ৰ ব্যৱহাৰ কৰাসকলে বছৰি ইন্টাৰনেট ফাৰ্মৰ বাবে ৰাজহ সৃষ্টি কৰে প্ৰায় ১০০ বিলিয়ন ডলাৰ।

আজি ইন্দোনেছিয়াৰ Go- Jek, চীনৰ আলিবাবা(Alibaba), টেন্টচেন্ট (Tencent) যিদৰে মূৰ ডাঙি উঠিছে, আমাজন-ফ্লিপকাৰ্ট আদিয়েও সদৰ্পে শিৰোন্নত কৰিছে।

ঘৰতে বহি বহি ইন্টাৰনেটৰ তথা প্ৰযুক্তি তথা স্মাৰ্টফোনৰ জৰিয়তে নতুনকৈ দ্বিতীয় অধ্যায়টোত সৃষ্ট ব্যৱসায়ৰ জগতখনৰ অৰ্থনীতি (চীনক ধৰা নাই) হৈছে ৮ ত্ৰিলিয়ন ডলাৰ [ ১ ত্ৰিলিয়ন = ১,০০০,০০০,০০০,০০০ আমেৰিকান ডলাৰ = ৭০,৯১৮,৫০০,০০০,০০০ ভাৰতীয় টকা] !!

(৩)

ভৱেশ শৰ্মাৰ মুখত তেওঁৰ শৈশৱৰ দূৰ্গা পূজাৰ বিষয়ে সামান্য

আমি যেতিয়া শিশু আছিলো, কিশোৰ আছিলো — ভাত খোৱা, পঢ়া-শোৱা সময়খিনিৰ বাহিৰে দিনটোৰ সৰহভাগ সময় আমি ঘৰৰ বাহিৰতেই আছিলো।

আমি টাংগুটি, ৰবাব টেঙাৰ বল, ফুটবল, ক্ৰিকেট, কেৰম, লুডু, ‘কেপষ্টান’/’লেক্স’/’পানামা’ আদি চিগাৰেটৰ খালী পেকেট যোগাৰ কৰি সেইবোৰ ‘সাতৰজাৰ ধন’ৰ দৰে বিনিময় কৰা এবিধ খেল, লাটুম, চিলা উৰুওৱা, ৰেললাইনৰ দুয়োটা চিৰিৰে হাতে হাতে হাত ধৰি খোজ কঢ়া(মিটাৰ গজ), ৰেলৰ চান্টিং চোৱা, চিনেমাহলৰ নতুন চিনেমাৰ ৰীলভৰ্তি বাকচবোৰ বুধবাৰে আহি পাইছে নে নাই চাবলৈ যোৱা, গছ বগোৱা, সুধীৰহতৰ পুখুৰীত সাতোৰা, ফুৰা, বাহঁৰ বাৰীত লুকা-চুৰি খেলা, তাচ খেলা, মাছ ধৰা, মেটেকা টনা, খেৰৰ পুজিত উঠি জপিওৱা, গৰু গাড়ী নিজে চলাই নি ভেলাঘৰৰ বাবে নিশা পেট্ৰোমাক্স লাইটৰ পোহৰত দলে বলে কেইবাদিনো পথাৰত নৰা কটা, জাউৰৰ মাছ ধৰিবলৈ যোৱা, জোৰাকটা, মৰণা মাৰোতে অংশ লোৱা, মৈত উঠা, ঘৰৰ গৰু দৰখ দিয়া, বজাৰ কৰা, কবি-আলু ৰোৱা, ইত্যাদি বিভিন্ন কামত লিপ্ত আছিলো।

childhood

প্ৰায় প্ৰতিটো পৰিয়ালৰ চোতাল-ঘৰ আমাৰ সকলোৰে বাবে উন্মুক্ত আছিল। আমি ফেন্টমৰ-মেনড্ৰেকৰ কমিক, পা-ফু চিৰিজ/ দস্যু ভাস্কৰৰ চিৰিজ, বিভিন্ন সাধুকথাৰ কিতাপ, হেম বৰুৱাৰ ভ্ৰমণ কাহিনী, ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি, আব্দুল মালিকৰ উপন্যাস, বিভিন্ন প্ৰৱন্ধ-পাতি গো-গ্ৰাসে গিলিছিলো।

 আমাৰ গাঁওৰ ভৱেশ শৰ্মা আৰু মই বিদ্যালয়ৰ পাঠ্যপুথিৰ বাহিৰৰো কিতাপ অজস্ৰ পঢ়িছিলো। কিতাপবোৰ প্ৰগতি সংঘৰ পুথিভঁৰাল, বন্ধু-বান্ধৱৰ ঘৰৰ পৰাই বেছিকৈ যোগাৰ কৰিছিলো।

দেউতাৰো সংগ্ৰহত যথেষ্ট কিতাপ আছিল (তেখেতে কলিকতাত মহাবিদ্যালয়ত পঢ়াকালত বহু কিতাপ যোগাৰ কৰিছিল আৰু আমাৰ ঘৰত দেউতাৰ বাবে নিয়মীয়াকৈ The Readers Digest, The Illustrated Weekly of India, দেশ, সাপ্তাহিক নীলাচল, অসম বাণী, দৈনিক অসম, The Assam Tribune, প্ৰতিধ্বনি আদি হকাৰে যোগান ধৰিছিল।

আমি ৰেডিঅ’ শুনিছিলো (‘সুৰংগৰ শেষত’, কল্পতৰু, বিবিধ ভাৰতী,..), আম-জাম-কৰ্দৈ-কঠালেৰে পেটপূজা কৰিছিলো, বিশাল বিশাল পথাৰ আছিল আমাৰ বিচৰণভূমি,… এইদৰেই আমাৰ দিনবোৰ অতিবাহিত হৈছিল, আমি সঁচাই সুখী আছিলো, আনন্দময় আছিল আমাৰ জীৱন। ভাত খোৱা আৰু শোৱা সময়খিনিত হে আমাক আমাৰ মা-দেউতাই দেখা পাইছিল।

reading

আমাক লৈ, আমাৰ পঢ়া-শুনা আদিক লৈ তেওঁলোকে কাহানিও উদ্বিগ্ন নাছিল। টিফিন নামৰ শব্দৰ সৈতে, নানা ধৰণৰ চোলা-পটলুঙৰ সৈতে আমাৰ সম্পৰ্ক নাছিল(এযোৰ বা দুযোৰ কাপোৰেৰেই আমি সন্তুষ্ট আছিলো), চামৰাৰ জোতাও আছিল একপ্ৰকাৰৰ বিলাসিতা!

 আমাৰ দিনবোৰ আছিল ৰোমাঞ্চকৰ, প্ৰত্যাহ্বানমূলক (যেনে হাঁহ চুৰ কৰি খানা খোৱা/ পথাৰত মনে মনে কুকুৰা ৰান্ধি খোৱা,..)! দেউতা এবাৰ অসুস্থ হওতে দুজন বন্ধুৰ সৈতে ৰেলত উঠি বৰপেটা-ৰোডলৈ গৈ ঔষধ ক্ৰয় কৰি নিশাৰ ৰেলত ১১ বজামানত ঘৰ পাওতে আমি অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিলো,…! 

পাঠশালাত আৰু গুৱাহাটীত আমাৰ শৈশৱ-কৈশোৰ কিদৰে অতিবাহিত হৈছিল- সেইবোৰ এতিয়াও অধিবক্তা সত্যেন শৰ্মাহতে তথা অইনে চৰ্চা কৰে। মোৰ দৰে বন্য নাছিল যদিও একেখন গাঁওৰ মোৰ সহপাঠী ভৱেশ শৰ্মাইও সম্পূৰ্ণ ‘অৰ্গেনিক’ভাৱে শৈশৱ-কৈশোৰ অতিক্ৰম কৰি বোকা-পানী খচি কেৰাচিনৰ লেম্পৰ পোহৰত পঢ়ি (আমিও পঢ়িছিলো) মেট্ৰিক পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।

সেই ভৱেশ শৰ্মাৰ মুখত তেওঁৰ শৈশৱৰ দূৰ্গা পূজাৰ বিষয়ে সামান্য শুনকঃ

” আমাৰ গাওঁৰ কাষৰ প্ৰকান্ড আহত গছ জোপা সাবটি ধৰি ৰৈ থকা ডাঙৰ বিল খনৰ বাৰিষাৰ ঘোলা পানী বোৰ যেতিয়া ফটফটীয়া পৰিস্কাৰ হৈ পৰে, তৰাং হৈ পৰা বিলৰ পানীত উমলি ফুৰা সৰু সৰু দৰিকণা আৰু পুঠী মাছ বোৰ যেতিয়া গন্তি কৰিব পৰা হৈ পৰে, বাৰিষাৰ কলীয়া মেঘৰ আবৰণ গুচাই শুকুলা মেঘৰ অলংকাৰেৰে সুশোভিত হৈ নীলা আকাশ খনে যেতিয়া মিচিকিয়াই হাহিব ধৰে, বিলৰ পাৰে পাৰে ফুলা কহুৱা ফুল বোৰে যেতিয়া হালি জালি নাচিব ধৰে, ৰমলাহতৰ ঘৰৰ পদূলি মুখৰ শেৱালি জোপা যেতিয়া ফুলেৰে উপচি পৰে, তলসৰা শেৱালি বোৰে যেতিয়া তলৰ দুবৰি বনৰ দলিছা খন ছাটি ধৰে, দূবৰি বনৰ পাতৰ আগত মুকুতাৰ মনি বোৰ ৰাতিপুৱা যেতিয়া জিলিকিব ধৰে, আমাৰ দুখীয়া গাওঁ খনলৈ শৰৎ তেতিয়াই আহে ।

Durga

“আৰু শৰৎ আহিল মানেইতো শাৰদীয় দূৰ্গা পূজাও আহিল । বা: বা:, কি যে মজা ! উলাহতে জপিয়াব ধৰে নগ্ন, অৰ্ধনগ্ন অবস্থাৰে বিলৰ পাৰত উমলি ফুৰা এই গাওঁৰ নতুন প্ৰজন্ম ।

“শাৰদীয় উছবৰ আগলি বতৰাই আমাৰ দৈনন্দিন জীৱন যাত্রাতো বেচ প্ৰভাব পেলায় । স্কুলৰ পানী খোৱা ছুটীত ঘৰলৈ অহাৰ পৰিবৰ্তে আমি সমনীয়া সকলো বোৰ লৰ মাৰো অনতিদূৰৰ হৰি মন্দিৰলৈ । গৰুগাড়ী এখনেৰে ধান খেৰ কঢ়িয়াই আনি হৰি মন্দিৰৰ চৌহদত থিয় হোৱা দুৰ্বলদেহী খনিকৰ জনক আমাৰ দেবী দূৰ্গাই আগতীয়াকৈ পঠাই দিয়া এজন দেবদূত যেনেই লাগে ।

“খনিকৰ জন কামৰ মানুহ । কথা বতৰা বেছি নকয়, নীৰবে কামত লাগে । ধান খেৰ বোৰে লাহে লাহে খেৰৰ জুমুঠিৰ আকাৰ লয় । কাষতে ৰৈ নিবিষ্ট মনে চাই থকা আমাৰ বোৰৰ জল্পনা কল্পনাৰ শেষ নোহোৱা হয় ।

” এই বাৰ প্ৰতিমা অলপ বেলেগ ধৰণৰ হব । যোৱা বছৰৰ লগত মুঠেই নিমিলিব ।”— বৰ বিজ্ঞ জনৰ দৰে মন্তব্য কৰে বটু পেটলাই । 

“তই কেনেকৈ গম পালি ? তোক কৈ পঠাইছে নেকি মা দূৰ্গাই ?”— উভতি ধৰে খটাসুৰ নীলকান্তই ।

“মনে মনে থাকিবলৈ বাধ্য হয় বটু পেটলা । জীৰ্ণ শীৰ্ণ দেহৰ বটুৰ শৰীৰত পেটৰ অস্তিত্ব নাই বুলিবই পাৰি । তথাপিও তাৰ নামৰ লগত এই সন্মান জনক ‘পেটলা’ খিতাপ কিদৰে সংযোজিত হৈ ৰ’ল সেয়া গবেষণাৰ বিষয় ।

“খেৰৰ জুমুঠিৰ ওপৰত এটা সময়ত আঠালতীয়া মাটিৰ প্ৰলেপ লাগে । আঠালতীয়া মাটি আহে উপেন হতৰ ঘৰৰ পুখুৰীটোৰ পাৰৰ পৰা । আগৰে পৰাই চলি আহিছে এই ব্যবস্থা । তাকে লৈ উতনুৱা উপেনৰ গৰ্বৰ শেষ নাই । আঠালতীয়া মাটি যোগান ধৰাৰ বাবেই যেন দেবীৰ বিশেষ আশীষধন্য — তেনে এক ভাবেই ফুটি উঠে উপেনৰ চাল চলনত ।

Pathsala1

“খনিকৰৰ নিপুণ হাতৰ পৰশত মাটিৰ প্ৰতিমাই এটা সময়ত প্ৰাণ পাই উঠে । উপেনহতৰ ঘৰৰ আঠালতীয়া মাটিৰ গুৰুত্ব এই খিনিতে শেষ হৈ পৰে। নিশ্চুপ উপেনক প্ৰত্যাহ্বান জনাবলৈকে এই বাৰ সগৌৰবে আগবাঢ়ি আহে সুশীল — মানে সুশীল আগৰৱালা।

গাওঁৰ বজাৰ খনৰ মাজত থিতাপি লোৱা তিনিটা মাৰোৱাৰী পৰিয়ালৰ ভিতৰত সুশীল হতৰ পৰিয়ালটোৱেই বেচ অবস্থাপন্ন ।

“সুশীলৰ দেউতাকৰ গোলাৰ পৰাই প্ৰতিমাৰ ওপৰত ৰঙ লগাবলৈ যোগান ধৰা হয় হেঙুল, হাইতাল আদি । তাকে লৈ সুশীলৰ বৰ বৰ কথাৰ ফুলজাৰি শেষেই হব নোখোজে। দেবীৰ প্ৰতিমাৰ বাবে সিহঁতৰ দোকানৰ পৰা যোগান ধৰা সকলো বস্তু যে পৃথিবীৰ ভিতৰতে সৰ্বোৎকৃষ্ট সেই কথা বাৰেপতি সি সমনীয়া সকলক বুজাবলৈ চেষ্টা কৰে …….”

ওপৰত উল্লেখিত ভৱেশ শৰ্মাৰ বিৱৰণী আছিল আমাৰ দিনৰ শৰৎকালৰ বৰ্ণনাৰ কিয়দংশ। 

ওপৰত দিয়া বৰ্ণনা আমাৰ বয়সৰ প্ৰায় সকলোৱেই দিব পাৰিব আৰু একে সময়ৰ বিশ্বৰ দেশে দেশে শৈশৱ-কৈশোৰৰ দিনবোৰ তেনেদৰেই পাৰ হৈছিল। আমি হয়তো যেতিয়া পথাৰত ফুটবল খেলিছিলো, পশ্চিমীয়া দেশবোৰত হয়তো কোনোবাই বাস্কেটবল খেলিছিল; আমি হয়তো টাংগুটি খেলিছিলো, কোনোবাই ক’ৰবাত ৰাগবি খেলিছিল।

কিন্তু আশ্বৰ্যকৰভাৱে দ্ৰুততম গতিৰে এতিয়া সময় সলনি হৈছে। আজি শৈশৱ-কৈশোৰ অতিবাহিত হয় নিউক্লিয়াছ পৰিয়ালৰ ঘৰৰ কোঠাত, পিতৃ-মাতৃৰ লগত, আৰু অনবৰতে তীক্ষ্ণ পৰ্যবেক্ষণৰ মাজত। আজিৰ শিশুৱে খোজকঢ়া, দৌৰা, চাইকেল চলোৱা, ইত্যাদিৰ পৰিৱৰ্তে ‘সু-শৃংখলিত’ প্ৰশিক্ষণ লয়। অৰ্থাৎ মুক্ত জীৱনৰ পৰিৱৰ্তে এক শিকলিৰ বান্ধোনৰ মাজত অতিবাহিত কৰে নিজৰ শৈশৱ-কৈশোৰ।

অভিভাৱকৰ উপায় নাই, ভাল হওক বুলিয়েই সকলো কৰে; কাৰণ বাহিৰৰ জগতখনে অভিভাৱক সকলক বিভিন্ন কাৰণত উদ্বিগ্ন কৰি ৰাখে, যিহেতু পৰিৱেশ দিনে দিনে হৈ পৰিছে ভয়ংকৰ, কলুষিত!

swimming

ইয়াৰ পটভূমিত পিছে আজি অতিকৈ উদ্বিগ্ন হ’বলগীয়া বিষয় এইটোৱেই হৈ পৰিছে যে আমাৰ দিনৰ বিশাল পথাৰবোৰ, চোতালবোৰ, পুখুৰীবোৰ, গছবোৰ, বাঁহনিবোৰ এতিয়া একেবাৰে সংকুচিত হৈ হৈ এখন সৰু পৰ্দালৈ ৰূপান্তৰিত হৈ পৰিছে আৰু বৰ্তমানৰ শিশু ঘৰৰ কোঠাত বন্দী হৈও পুনৰ বন্দী হৈ পৰিছে স্মাৰ্টফোনৰ তেনেই ক্ষুদ্ৰ এখন পৰ্দাৰ এৰাব নোৱৰা আসক্তিত…!!

দক্ষিণ কোৰিয়াৰ ‘Nori Media Education Center for Prevention of Internet Addiction’ৰ এক প্ৰমোচনেল ভিডিঅ’ত কোৱা হৈছে – “Turn off Media, Turn on Life”! এই কেন্দ্ৰটো পৰিচালনা কৰা Kwon Jang – hee য়ে পাৰ্যমানে চেষ্টা চলাই আছে শিশুসকলক ইন্টাৰনেটৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, স্মাৰ্ট ফোনৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, আৰু তেওঁ দৃঢ় মত পোষণ কৰিছে যে শিশুৰ বাবে সবাতোকৈ ভয়ংকৰ বস্তুটোৱেই হ’ল ইন্টাৰনেট আৰু স্মাৰ্টফোন।

এইসম্পৰ্কে তেওঁ আঙুলিয়াই দি কৈছে যে Seoul National Universityৰ মতে কোকেইন সেৱন কৰা সকলৰ মগজুৰ প্ৰতিক্ৰিয়াৰ সৈতে কম্পিউটাৰ-গেমত আসক্তসকলৰো মগজুৰ প্ৰতিক্ৰিয়া একেধৰণৰ! তেওঁৰ মতে গ্ৰেজূৱেশ্যন সম্পূৰ্ণ কৰাৰ পিছত হে স্মাৰ্টফোন হাতত ল’ব লাগে। কাৰণ তেওঁৰ মতে সমগ্ৰ বিশ্বতে এতিয়া ‘overdosing of on-screen’ হৈছে, যাৰ ফলত ‘offline’ জীৱনৰ প্ৰতি স্পৃহাহীন হৈ দিনে গড়ে ৮ ঘন্টাকৈ শিশুসকল ‘online’-অত ব্যস্ত হৈ পৰিছে!

childhood1

‘Boot – Camp programme for the Regional Government of Gyeonggi’ৰ পৰিচালক Hong Hyun-joo-ই ইন্টাৰনেটৰ আসক্তসকলৰ শিৱিৰৰ বৰ্ণনা দিছে এনেদৰেঃ

“They had in their smartphones when they arrive at the bootcamp and spend 12 days living in dormitories, eating regular meals and engaged in lots of sport and group activities. The aim is to increase their self-esteem and get them to make friends. The claimed “cure” rate (meaning a return to more normal usage) is 70-75%”!

অৰ্থাৎ, পকেটৰ ধন ভাঙি উদ্বিগ্ন অভিভাৱকে নিজৰ সন্তানক আমাৰ শৈশৱৰ-কৈশোৰৰ দিনবোৰলৈ ওভোটাই আনিবলগীয়া হৈছে….!!

(৪)

ফেচবুক এবিধ নতুন চিগাৰেট: শিশুৰ বাবে অতি ক্ষতিকাৰক

The Economic Timesঅৰ ১৮/১০/১৯ তাৰিখৰ সংখ্যাত “ফেচবুক এবিধ নতুন চিগাৰেট: শিশুৰ বাবে অতি ক্ষতিকাৰক” নামেৰে এটা বাতৰি প্ৰকাশ হৈছে।

সেই বাতৰিটোত Salesforceঅৰ মুখ্য কাৰ্যবাহী বিষয়া Mark Benioff-এ কৈছে যে চোছি‌য়েল নেটৱৰ্কৰ প্লেটফৰ্ম, বিশেষভাৱে ফেচবুক হ’ল একধৰণৰ ‘নতুন চিগাৰেট’- যি শিশুসকলৰ বাবে অতিশয় ক্ষতিকাৰক, যিহেতু এইবোৰে সৃষ্টি কৰে তীব্ৰ আসক্তি। ইয়াৰ বাবে ফেচবুকৰ মাৰ্ক ঝুকেৰবাৰ্গক দায়ী কৰিবলৈ তেওঁ আহ্বান জনাইছে।

Facebook

তেওঁ কৈছে ‌- ” Facebook is a publisher. They need to be held accountable for propaganda on their platform. We must have standards & practices decided by Law. FB is new cigarette — it’s addictive, bad for us, & our kids are being drawn in….”!!

দক্ষিণ কোৰিয়াক যদিও পৃথিৱীৰ অন্যতম ‘Problamatic Internet Users’-অৰ দেশ বুলি বহুতেই ধাৰণা কৰে, প্ৰকৃততে পশ্চিমীয়া দেশবোৰৰ শিশুসকলো এই আসক্তিৰ কৱলত বাৰুকৈয়ে পৰিছে। আন্তৰ্জাতিক এক সমীক্ষামতে ২০১৫ চনতেই আমেৰিকাৰ ১৫ বছৰ বয়সৰ ছাত্ৰৰ ১০ জনৰ ভিতৰত ৮ জনৰেই হাতত স্মাৰ্টফোন আছিল!

অতি কম বয়সৰ পৰাই ডিজিটেল সামগ্ৰী হাতত তুলি লয় আজিৰ শিশুৱে।

আমাৰ ঘৰৰ লগালগিকৈ থকা ঘৰটোৰ শিশু দুজনীয়েও অনুক্ৰমে প্ৰায় দুই বছৰমান বয়সৰ পৰাই হাতত স্মাৰ্টফোন তুলি লৈছিল – যিখিনি সময়ত ভালদৰে মাতেই ফুটা নাছিল। ইউ-টিউবত কাৰ্টুন চাবলৈ সেই ফুকলীয়া কালতেই শিকিছিল।

বায়েক-ভনীয়েক দুয়োজনীৰ বয়স যথাক্ৰমে ৬ আৰু ৪ ; যোৱাকালি সৰুজনীয়ে মাকক সাধুকথা ক’বলৈ অনুৰোধ কৰোতে মাকে অইন কামত ব্যস্ত হৈ থকা বাবে সহাঁৰি নজনোৱাত শিশুজনীয়ে ক্ষন্তেক পিছতেই দাবী উত্থাপন কৰি কৈছিল যে সাধুকথা নুশুনোৱা যদি Alexa আনি দিয়া, মই Alexaৰ পৰাই শুনিম!!

Bitkom-ৰ সমীক্ষামতে জাৰ্মানীত ১০-১১ বছৰ বয়সৰ শিশুৰ ৬৭% ৰ হাততেই আজি স্মাৰ্টফোন আছে, আৰু ১২-১৩ বছৰৰ কিশোৰৰ ৮৮% ৰ হাতত স্মাৰ্টফোন আছে। বৃটেইনৰ ১১-১২ বছৰীয়া শিশুৰ ৮৩% ৰ হাতত তথা ১৩-১৪ বছৰৰ কিশোৰৰ ৯৬% ৰ হাতত স্মাৰ্টফোন আছে। এওঁলোকৰ বাবে স্মাৰ্টফোনটো হ’ল – ‘Stuff’! স্নেপচ্যাট, ইন্ষ্টাগ্ৰাম, ফেচবুক, ইউ-টিউব, পাব্জি, ভিডিঅ’, মেচেজ, কথা পতা,… কিমান যে সুবিধাযুক্ত Stuff !

Internet Safety for Children Post

 কথা ক’ব পৰাৰ আগতেই শিশুৱে হাতত তুলি লয় ‘টেবলেট’ বা আই-পেড্ বা স্মাৰ্টফোন! গাখীৰ বা ৰসগোল্লা বা সন্দেশ বিচাৰি আজিৰ বেছিভাগ শিশুৱে নাকান্দে, ইউ-টিউবৰ বাবে বা স্মাৰ্টফোনৰ বাবে বা ইন্টাৰনেটৰ বাবেহে কান্দে!

The American Academy of Paediatricsৰ পৰামৰ্শ হ’ল শিশুসকলক যিমান পাৰি মোবাইলৰ স্ক্ৰীণৰ পৰা আতৰত ৰাখিব লাগে। কিন্তু বৰ্তমানে তেওঁলোকও কিছু শিথিলতা প্ৰদৰ্শন কৰা দেখা গৈছে।

 তেওঁলোকে কৈছে যে ২ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত এঘন্টা ভিডিঅ’ চ্যাট্ কৰিব পাৰে – যদিহে high quality video হয়! San Diego State Universityৰ মনস্তত্ব বিভাগৰ অধ্যাপক Jean Tarenge-এ তেওঁৰ এখন গ্ৰন্হৰ নামাকৰণ কৰিছে এনেদৰে -“ iGen : Why Today’s Super – Connected Kids are Growing Up Less Rebellious, More Tolerant, Less Happy — and Completely Unprepared for Adulthood – and What That Means for the Rest of Us”!

তেওঁৰ মতে স্মাৰ্টফোনৰ প্ৰভাৱত আমেৰিকাৰ ১৯৯৫ – ২০১২ চনৰ ভিতৰত জন্মা প্ৰজন্ম গুণগতভাৱে সলনি হৈ পৰিছে — অত্যধিক ইন্টাৰনেট/মেডিয়া/স্মাৰ্টফোনৰ প্ৰভাৱত। ইয়াৰ লগে লগে বাঢ়িছে একাকিত্ব, তেওঁলোক হৈ পৰিছে বিষণ্ণ, দৈহিকভাৱে নিশকতীয়া, মানসিকভাবে দুৰ্বল, আৰু তাৰে কিছুমানৰ জীৱনৰ প্ৰতি বিতৃষ্ণা হোৱাত আত্মহননেই শ্ৰেয় বুলি কৰা ধাৰণাই এক নতুন ধৰণৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এটা সময়ত দূৰদৰ্শনৰ প্ৰভাৱত ছাত্ৰ-ছাত্ৰী ধ্বংস হ’ব বুলি যিসকল অভিভাৱকৰ শংকা হৈছিল, সেইসকলেই স্মাৰ্টফোন-ইন্টাৰনেটৰ ভয়ংকৰ আগ্ৰাসনৰ পটভূমিত এতিয়া ঘৰৰ সকলোৱে একেলগে বহি দূৰদৰ্শন উপভোগ কৰাটো মূল্যবান পাৰিবাৰিক কৰ্ম বুলি কবলৈ বাধ্য হৈছে! 

কিন্তু স্মাৰ্টফোন যাৰ হাতত আছে – তেওঁ দূৰদৰ্শনৰ সন্মুখত বহি থাকিবই বা কিয়?

children lying on sofa and using gadgets
Photo by Jessica Lewis Creative on Pexels.com

 মাতৃগৰ্ভত থাকোতেই প্ৰথমবাৰৰ বাবে ‘স্কেন’ৰ অভিজ্ঞতাৰে পুষ্ট নতুন প্ৰজন্মৰ হাতত স্মাৰ্টফোন আৰু ইন্টাৰনেটৰ মণিকাঞ্চণ সংযোগ হিচাপেও গণ্য কৰিব পাৰি।

Innocenti Research Office of Unicef ( United Nations’ Children Agencyৰ শাখা)ৰ Daniel Kardefelt – Winther-এ বহুদিনৰ অনুসন্ধানৰ অন্তত ব্যক্ত কৰিছে যে ডিজিটেল টেকনোলজীয়ে শিশুসকলক মানসিকভাবে নি:স্ব কৰি তুলিছে, তেওঁলোকৰ দৈহিক ক্ষমতা হ্ৰাস কৰি পেলাইছে, স্বাভাৱিক বিকাশৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি কৰিছে।

তেওঁ কৈছে যে ১৯৯০ – ২০০০ চনৰ ভিতৰত ইন্টাৰনেটৰ সৈতে ব্যস্ত হোৱাসকল নি:সংগ হৈ পৰিছিল; কিন্তু এতিয়া ‘নি:সংগ’ শব্দটো খাপ নাখায়, কাৰণ এতিয়া সকলোৱে ব্যস্ত ইন্টাৰনেটৰ সৈতে, আনকি ইন্টাৰনেটৰ পৰা সন্তানক আতৰি থাকিবলৈ কোৱা পিতৃ – মাতৃও ব্যস্ত ইন্টাৰনেট আৰু স্মাৰ্টফোনত!!

(৫)

চাইবাৰস্পেচ্

নব্বৈৰ দশকতেই আমি শুনিছিলো যে এক নতুন অধ্যায়ৰ সূচনা হ’ল, প্ৰযুক্তিবিদ্যাৰ এক নতুন অধ্যায় আৰম্ভ হ’ল। তেতিয়া ভাবিবই পৰা নাছিলো যে ইমান ব্যাপক আৰু গভীৰ আৰু সৰ্বজনপ্ৰিয় হ’ব সেই অধ্যায়।

আমি পঢ়িবলৈ পাইছিলো যে কানাডা নিবাসী আমেৰিকান উইলিয়াম গিবছন আচৰিত হৈছিল ভিডিঅ’ গেমৰ খেলুৱৈসকলক দেখি আৰু সেইবোৰক লৈ শিশু-চেমনীয়াৰ সম্পূৰ্ণ দৈহিক জড়িতকৰণ-মানসিক আসক্তি দেখি — যেন তেওঁলোক বাস্তৱৰ এখন খেলপথাৰত হে আছে!

internet3

গিবছনে কৈছিল – “It was like a feedback loop, with photons coming off the screens into the kid’s eyes, neurons moving through their bodies and electrons moving through the video game. These kids clearly believed in the space the game projected.”

সেই চিন্তাই গিবছনক ঘেৰি ৰাখিছিল। তেওঁৰ ভিডিঅ’গেম বা কম্পিউটাৰৰ জ্ঞান আছিল তেনেই সীমিত – আৰু তেওঁৰ বিখ্যাত উপন্যাস Neuromancer (১৯৮৪)খন তেওঁ তেওঁৰ পূৰণি টাইপৰাইটাৰটোত লিখি উলিয়াইছিল। গিবছনে কৈছিল -” They develop a belief that there’s some kind of actual space behind the screen, some place that you can’t see but you know is there.” সেই স্থানৰেই তেওঁ নামাকৰণ কৰিছিল “Cyberspace” — আৰু সেই শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল তেওঁৰ উপন্যাস-গল্প আদিত।

ইয়াৰ পিছত নতুন নতুন শব্দ, সংজ্ঞা বহুত শুনা গ’ল – The Net, The Web, The Cloud, The Matrix, The Metaverse, The Datasphere, The Electronic Frontier, The Information Superhighway, The IT, ICT, ইত্যাদি; কিন্তু গিবছনৰ Cyberspace হৈ থাকিল অতুলনীয়।

সেই শব্দটোক লৈ সৃষ্টি হ’ল চাইঞ্চ-ফিক্সন নিৰ্ভৰ ফেন্টাছি, ইত্যাদি – পৰৱৰ্তীকালত যি সমগ্ৰ বিশ্বৰ সমস্ত কম্পিউটাৰবোৰক ইন্টাৰনেটৰ এখন ঘন জালেৰে গুঠি পেলোৱা প্ৰযুক্তিৰ জৰিয়তে সৃষ্টি হোৱা বাস্তৱসদৃশ কাল্পনিক জগতখনৰ কোটি কোটি বাসিন্দাৰ বাবে এক বীজমন্ত্ৰত পৰিণত হ’ল।

(৬)

আৱিষ্কাৰবোৰৰ পৰিণাম আমি চম্ভালিব পাৰিমনে?

আমাৰ প্ৰজন্মটোৱে ইণ্টাৰনেটৰ আৱিষ্কাৰ কৰিছিল। আমাৰ প্ৰজন্মটোৱে স্মাৰ্টফোন আৱিষ্কাৰ কৰিছিল। আমাৰ প্ৰজন্মটোৱে এপচ্ আৱিষ্কাৰ কৰিছিল। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে, সেই আৱিষ্কাৰবোৰৰ পৰিণাম আমি চম্ভালিব পাৰিমনে?

internet 1 1

জ্ঞানান্বেষী স্নায়ুবিজ্ঞানী এডাম গাজালেই কৈছে যে মূল কথা হ’ল – “মানুহ হৈছে তথ্য বিচৰা জীৱ।”

হয়, মানুহ হ’ল তথ্য বিচৰা জীৱ, আৰু সেইটোৱেই হৈছে সমস্যা আৰু হ’ব পাৰে কল্পনাতীত জটিলতম সমস্যা।

ইণ্টাৰনেট আৰু স্মাৰ্ট ডিভাইচে আমাক আমি লাভ কৰা তথ্যসমূহৰ অভূতপূৰ্ব সুবিধা প্ৰদান কৰিলেও এই প্ৰযুক্তিসমূহে প্ৰৱাহিত কৰা বানপানীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি যেন সূত্ৰহীন।

শেহতীয়াকৈ নীলছনৰ বজাৰ-গৱেষণা গোটৰ এক সমীক্ষা অনুসৰি গড় আমেৰিকান লোকে দিনটোত প্ৰায় চাৰি ঘণ্টা কম্পিউটাৰ আৰু মোবাইল ( স্মাৰ্টফোন)ত কটায় — আৰু সেই সময়ৰ প্ৰায় এক চতুৰ্থাংশ ছ’চিয়েল মিডিয়াত কটায়। এই সকলোবোৰ পিক্সেল-গেজিঙৰ উত্থান প্ৰচুৰ পৰিমাণে থাকিলেও নেতিবাচক দিশবোৰ ভয়ংকৰ হ’ব পাৰে।

ৰাজহুৱা ক্ষেত্ৰখনত অনলাইন ফিল্টাৰে এনে পৰিস্থিতি সৃষ্টি কৰে যিয়ে আমাৰ নিৰ্দ্ধাৰিত ধাৰণাক শক্তিশালী কৰে আৰু আমাৰ খং বৃদ্ধি কৰে। ‘টুইট ব্ৰেণ্ডিং’ কৰি, আমি এতিয়া ‘ভাৰ্চুৱেল মব’ৰ মাজত সোমাই পৰিছো; আমাৰ মাজৰ কিছুমানে হিংসাক IRL(In Real Life) হিচাপে ধৰি লৈ আগবাঢ়ি যায়। আমাৰ ডিজিটেল অনুভৱে বৰ্ধিত একপক্ষীয় ৰাজনৈতিক নীতি-নিয়মক উলংঘা কৰি নিৰ্বাচনক দোলনাত উঠাই দুলিবলৈ দিয়ে।

আজিকালি মানুহৰ বাসগৃহতো মোবাইলৰ স্ক্ৰীণত বুঢ়া আঙুলিৰে স্পৰ্শ কৰাৰ শব্দই ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত হোৱা কথা-বতৰাৰ ঠাই লৈছে। অধ্যাপকসকলেও এতিয়া ‘স্নেপচেটিং জম্বি’ৰে ভৰা শ্ৰেণীকোঠাৰ সন্মুখীন হয়। ২০১৭ চনৰ এক অধ্যয়নত দেখা গৈছে যে চাকৰিৰ সময়ছোৱাত স্মাৰ্টফোনৰ ব্যৱহাৰৰ বাবে কোম্পানীসমূহে সপ্তাহত ১৫ বিলিয়ন ডলাৰ উৎপাদনশীলতা হেৰুৱাবলগীয়া হয়।

internet 2

গাড়ী চলোৱাৰ সময়ত মেচেজ পঠোৱাৰ ফলত প্ৰতি বছৰে ৩ লাখতকৈ অধিক দুৰ্ঘটনা সংঘটিত হয়। মেছেজ পঠোৱাৰ সময়তো খোজ কাঢ়ি আগবাঢ়ি গৈ থকাৰ বাবে বছৰি শ শ লোকক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

আমাৰ ‘ডিভাইচ’সমূহ স্মাৰ্ট, অধিক কাৰ্যক্ষম আৰু অধিক সংযুক্ত হোৱাৰ লগে লগে, ইহঁতে প্ৰায়ে আমাক বোবা, অধিক বিচলিত আৰু অধিক বিভক্ত কৰি তোলা যেন লাগে। 

গৱেষণাৰ এটা ক্ৰমবৰ্ধমান পৰ্যায়ে প্ৰকাশ কৰিছে যে এই ৰহস্য আমাৰ ডি এন এত খোদিত কৰা এটা বৈশিষ্ট্যৰ পৰা উদ্ভৱ হৈছে; সেয়া হ’ল আমাৰ সকলোৰে বিভিন্ন বিষয় জানিবলৈ অতুলনীয় ভোক আছে।

ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানী তথা ‘দ্য ডিষ্ট্ৰেক্টেড মাইণ্ড: এন্সিয়েণ্ট ব্ৰেইনছ’ৰ সহ-লেখক এডাম গাজালেই কয় যে, “এইটো এটা প্ৰাচীন ড্ৰাইভ – যিয়ে আমাৰ চৌপাশৰ জগতখনৰ সৈতে আমি কেনেকৈ যোগাযোগ ৰাখোঁ তাৰ ক্ষেত্ৰত সকলো ধৰণৰ জটিলতাৰ সৃষ্টি কৰে ‘হাই-টেক ৱৰ্ল্ড’ত।

আমাৰ বৰ্তমানৰ দুৰ্দশা সম্পৰ্কে, গাজালে আৰু অন্যান্য বিশেষজ্ঞসকলে কৈছে যে তথ্যৰ প্ৰতি থকা আমাৰ বিশাল ক্ষুধা আৰু মনোযোগৰ বাবে আমাৰ সীমিত ক্ষমতাৰ মাজৰ ব্যৱধান জড়িত হৈ আছে। আমি ইয়াত কেনেকৈ শেষ কৰিলোঁ সেয়া ধৰিবলৈ — আৰু, হয়তো, বাহিৰলৈ ওলাই অহাৰ পথ বিচাৰিবলৈ — আমি আমাৰ মগজু কেনেকৈ লাভ কৰিলো সেয়া বুজাটো অতি গুৰুত্বপূৰ্ণ৷

(৭)

আমাৰ মূৰত থকা কম্পিউটাৰটো

ছিয়াটলৰ ‘এলেন ইনষ্টিটিউট ফৰ ব্ৰেইন চাইন্স‘ৰ স্নায়ুবিজ্ঞানী ক্ৰীষ্টফ ক’চে মানুহৰ মগজুক “জ্ঞাত বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ জটিল বস্তু” বুলি অভিহিত কৰিছে। আমাৰ মূৰত থকা কম্পিউটাৰটোত নিউৰন নামেৰে জনাজাত প্ৰায় ৮৬ বিলিয়ন প্ৰচেছিং ইউনিট থাকে, যিবোৰ শ শ ট্ৰিলিয়ন সংযোগ বা ‘চিনেপ্চ’ৰ সৈতে বিতৰণ কৰা নেটৱৰ্কত বোৱা হৈছে।

জীৱনকালত ই প্ৰায় এক বিলিয়ন বিট তথ্য সংৰক্ষণ কৰিব পাৰে- আমেৰিকাৰ লাইব্ৰেৰী অৱ কংগ্ৰেছত থকা তথ্যৰ ৫০,০০০ গুণ। ই উপন্যাস আৰু চিম্ফনী ৰচনা কৰিব পাৰে, সৌৰজগতৰ বাহিৰলৈ কেনেকৈ মহাকাশযান পঠিয়াব লাগে সেইটো বুজিব পাৰে আৰু এনে ইলেক্ট্ৰনিক মগজু উদ্ভাৱন কৰিব পাৰে যাৰ শক্তিয়ে কিছুমান দিশত নিজৰ শক্তিক অতিক্ৰম কৰে।

Braine1

তথাপিও এই অকল্পনীয় আশ্চৰ্য্যৰ উৎপত্তি আছিল আকৰ্ষণীয়ভাৱে নম্ৰ। প্ৰায় ৭০ লাখ বছৰৰ আগতে হ’মিনিনবোৰে — প্ৰাইমেট বংশবৃক্ষৰ আমাৰ শাখাটোৱে — উলম্বভাৱে খোজ কঢ়াৰ দীঘলীয়া পৰিৱৰ্তন আৰম্ভ কৰিছিল। পিছলৈ ‘বাইপেডলিজম’ বা দুভৰিৰে খোজ কাঢ়িবলৈ সক্ষম হৈ সঁজুলি বনোৱা আৰু হেতালি খেলাৰ বাবে আমাৰ হাত দুখন মুক্ত কৰি দিলে।

ইয়াৰ উপৰিও ই আমাক দীঘলীয়া দূৰত্বলৈ খোজ কাঢ়িবলৈ অনুমতি দিলে, যিটো আফ্ৰিকাৰ অৰণ্য আৰু ছাভানাৰ বাহিৰলৈ আমাৰ বিস্তাৰৰ মূল চাবিকাঠি।

মগজুৰ বিৱৰ্তনৰ বিশেষজ্ঞ ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ নৃতত্ত্ব বিজ্ঞানৰ অধ্যাপক তথা চান্টা ফে’ৰ ‘স্কুল ফৰ এডভান্সড ৰিচাৰ্চ’ৰ জ্যেষ্ঠ পণ্ডিত ডিন ফ’কে লক্ষ্য কৰিছে যে, “যদি আপুনি প্ৰাইমেটবোৰক চায়, তেন্তে এনে লাগে যেন তেওঁলোকৰ হাতবোৰ যেতিয়া মুক্ত হৈ পৰিল তেতিয়া আমাৰ ভৰি দুখন ওজন বহনকাৰী আহিলা হৈ পৰিল, আৰু তেতিয়া সেইদৰেই সকলো কাম আৰম্ভ হ’ল ।”

ইয়াৰ প্ৰভাৱ তাৎক্ষণিক আছিল বুলি নহয়। ৩০ লাখ বছৰতকৈও অধিক সময়ৰ আগতে ‘অষ্ট্ৰেল’পিথেকাছ এফাৰেন্সিছ’ৰ মগজুৰ আৱৰণ, সম্ভৱতঃ প্ৰথমটো সম্পূৰ্ণ দ্বিপদযুক্ত হ’মিনিন, চিম্পাঞ্জীৰ তুলনাত মাত্ৰ অলপ ডাঙৰ আছিল। কিন্তু কমেও ৩ লাখ বছৰ আগতে হোমো চেপিয়েন্সৰ উত্থান হোৱাৰ সময়লৈকে মগজুৰ আয়তন তিনিগুণ বৃদ্ধি পাইছিল।

আমাৰ মগজু আৰু শৰীৰৰ অনুপাত আন স্তন্যপায়ী প্ৰাণীৰ তুলনাত ছয়গুণ বেছি আৰু আমাৰ মস্তিষ্কৰ কৰ্টেক্সৰ নিউৰনবোৰ (মগজুৰ বাহিৰৰ স্তৰ, জ্ঞানৰ বাবে দায়বদ্ধ) পৃথিৱীৰ আন যিকোনো জীৱৰ তুলনাত অধিক ঘনভাৱে ‘পেকেজিং’ কৰা হয়।

technology computer head health
Photo by MART PRODUCTION on Pexels.com

শেহতীয়া বছৰবোৰত বিজ্ঞানীসকলে প্ৰায় দুডজনমান জিনীয় পৰিৱৰ্তন চিনাক্ত কৰিছে যিয়ে হয়তো আমাৰ মগজুক ডাঙৰ হোৱাই নহয়, অতুলনীয়ভাৱে সক্ষম কৰি তোলাত সহায় কৰিলেহেঁতেন।

ইউনিভাৰ্চিটি অৱ উইচকনচিন-মেডিচনৰ পুৰানৃতত্ত্ববিদ জন হকছে কয় যে, “এয়া কেৱল এটা ‘কোৱাণ্টাম জাম্প’ নহয়। বিপাকীয় নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি নিউৰন গঠনলৈকে বিকাশৰ সময়লৈকে বহুতো অভিযোজন খেলি আছে।” 

উদাহৰণস্বৰূপে, HARE5 নামৰ জিন নিয়ন্ত্ৰণকাৰী ডি এন এৰ এটা অংশ চিম্পাঞ্জী আৰু মানুহৰ মাজত সামান্য পৃথক; যেতিয়া ড্যুক বিশ্ববিদ্যালয়ৰ এটা দলে এন্দুৰৰ ভ্ৰূণত দুয়োটা সংস্কৰণকে প্ৰৱৰ্তন কৰিছিল, তেতিয়া যিবোৰে মানুহৰ প্ৰকাৰৰ ভ্ৰূণ দিছিল, সেইবোৰে ১২ শতাংশ ডাঙৰ মগজু গঢ়ি তুলিছিল।

ইফালে NOTCH2 নামৰ এটা জিনৰ মিউটেচনে আমাৰ স্নায়ু ষ্টেম চেলৰ উৎপাদন বৃদ্ধি কৰে আৰু ইহঁতৰ কৰ্টিকেল নিউৰনলৈ পৰিপক্কতাত বিলম্ব কৰে, যিটো হয়তো আমাৰ মগজু আন প্ৰাইমেটৰ তুলনাত বহু বেছি সময় বৃদ্ধি হৈ থকাৰ কাৰণৰ অংশ হ’ব পাৰে। বহু প্ৰজাতিৰ মৌখিক যোগাযোগৰ বাবে গুৰুত্বপূৰ্ণ FOXP2 জিনটো মানুহ আৰু আমাৰ ওচৰৰ জীৱিত বান্দৰৰ আত্মীয়ৰ দুটা ভিত্তি যোৰৰ দ্বাৰা বিচ্ছিন্ন হয়।

আমাৰ মিউটেচনে হয়তো বুজাই দিব যে আমি কিয় কথা পাতিব পাৰো আৰু চিম্পাঞ্জীয়ে নোৱাৰে।

আমাৰ মগজুটোও বাহ্যিক শক্তিৰ দ্বাৰা গঢ় লৈ উঠিছিল, যাৰ ফলত স্মাৰ্ট হ’মিনিনবোৰে নিজৰ জিনবোৰ প্ৰেৰণ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছিল। বিশেষজ্ঞসকলে বিতৰ্ক কৰে কোনবোৰ কাৰক আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। এটাৰ বাবে ফ’কে অনুমান কৰিছে যে ধৰিব পৰা হাত মুক্ত কৰি পেলোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল!

যেতিয়া কেঁচুৱাই আৰু ‘অমানুহ’ বা ‘অমানৱীয়’ প্ৰাইমেটৰ দৰে মাকক আঁকোৱালি ল’ব নোৱাৰিলে, তেতিয়া দূৰৰ পৰা তেওঁলোকক শান্ত কৰাৰ প্ৰয়োজনীয়তাই ভাষাৰ বিকাশৰ সূচনা কৰিলে, যিয়ে আমাৰ স্নায়ু সংগঠনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে । 

আন গৱেষকসকলৰ মতে খাদ্যৰ পৰিৱৰ্তন, যেনে মাংস খোৱা বা সাধাৰণতে খাদ্য ৰন্ধা আদিয়ে আমাক চুটি পাচনতন্ত্ৰ [পাচন তন্ত্ৰ (ইংৰাজী: Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত।

খাদ্যনলী হ’ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-মুখ, মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, পাকস্থলী, অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত – ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক’লন (colon) আৰু মলভাণ্ডাৰে গঠিত।

মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে – লালটি গ্ৰন্থি, যকৃৎ, অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে। এইবোৰেই আমাক জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম কৰি তুলিছিল, যিয়ে কেলৰি-ক্ষয় কৰা মগজুৰ বাবে অধিক শক্তি মুক্ত কৰিছিল। আন কিছুমানে আমাৰ মস্তিষ্কৰ বিৱৰ্তনৰ কৃতিত্ব ক্ৰমাৎ বৃদ্ধি পোৱা সামাজিক জটিলতা বা তীব্ৰতৰ পৰিৱেশগত প্ৰত্যাহ্বানৰ বাবেই।

braine 1

স্পষ্ট কথাটো হ’ল যে আমাৰ স্নায়ু হাৰ্ডৱেৰে আজিৰ দিনত ইয়াৰ সৈতে যুঁজিবলগীয়া পৰিস্থিতিৰ পৰা আমূলভাৱে পৃথক পৰিস্থিতিত আকৃতি লৈছিল। সহস্ৰাব্দৰ পৰা আমি বিপজ্জনক শিকাৰু, শত্ৰুতাপূৰ্ণ বংশ, খাদ্য আৰু আশ্ৰয়ৰ সম্ভাৱ্য উৎসৰ বাবে সজাগ হৈ থাকিব লাগিছিল — আৰু সেইটোৱেই আছিল।

মেকগিল বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানী ডেনিয়েল জে লেভিটিনে তেওঁৰ গ্ৰন্থ ‘দ্য অৰ্গেনাইজড মাইণ্ড’ত কোৱাৰ দৰে: “আমাৰ মগজুৰ বিকাশ ঘটিছিল যাতে এটা এটা কথাত মনোনিৱেশ কৰিব পাৰে।”

কিন্তু সাম্প্ৰতিক কালৰ আমাৰ ডিজিটেল ডিভাইচসমূহে, ডিজাইন অনুসৰি, প্ৰাচীন মগজুটোৱে ইমান দিনে সময়ৰ বোকোচাত উঠি উঠি বিৱৰ্তনৰ মাজেৰে যিবোৰ কাম কৰি আহিছিল এক নিৰ্দিষ্ট গতিৰে, তেনে কাম এতিয়া যেন প্ৰায় অসম্ভৱ কৰি তুলিছে! আমাৰ মগজুটোত, প্ৰাচীন মগজুটোত এতিয়া অত্যাধিক হেচাঁ পৰিছে আৰু এক জটিল পাকচক্ৰত সোমাই পৰিছে !

(৮)

প্ৰযুক্তি বনাম মগজু

মগজুৰ যিটো অংশই আমাক বিশদ পৰিকল্পনা কৰিবলৈ আৰু সেইবোৰ আগবঢ়াই নিবলৈ সক্ষম কৰে — যিটো অংশই, তৰ্কসাপেক্ষভাৱে, আমাক আটাইতকৈ বেছি ‘মানুহ’ হিচাপে প্ৰতিপন্ন কৰি তোলে — সেয়া হ’ল ‘প্ৰিফ্ৰন্টেল কৰ্টেক্স‘। এই অঞ্চলটো চিম্পাঞ্জী বা গৰিলাতকৈ অলপ ডাঙৰ, কিন্তু মগজুৰ অন্যান্য অঞ্চলৰ সৈতে ইয়াৰ সংযোগ অধিক বিস্তৃত আৰু জটিল।

এই উন্নত নেটৱৰ্কৰ উপৰিও মানুহৰ পৰিকল্পনা ক্ষমতা এটা নিৰ্দিষ্ট কামত মনোনিৱেশ কৰি থকাৰ ক্ষমতাতকৈ বহু শক্তিশালী।

এটা কাৰণ হ’ল, সকলো প্ৰাণীৰ দৰেই মানুহেও বিপদ অনুভৱ কৰিলে তৎক্ষণাত মনোযোগ সলনি কৰিবলৈ বিৱৰ্তন কৰিলে। ওচৰ চাপি অহা বিপদৰ ইংগিত দিব পৰা তথা সচেতনভাৱে পিছুৱাই যাব পৰা ভঙ্গী , গছৰ পিছফালে থকা শত্ৰুক ইংগিত দিব পৰা ছাঁটো সম্পৰ্কে সচেতনতা – এইবোৰো জানিবলৈ সক্ষম হ’ল। 

গাজালেই কয়, “বহু প্ৰযুক্তিগত যন্ত্ৰই আমাৰ লক্ষ্যৰ পৰা আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তলৰ পৰা ওপৰলৈ উদ্দীপক ব্যৱহাৰ কৰে, যেনে হুলস্থুল আৰু কম্পন আৰু পোহৰৰ জিলিকনি।” আনকি যেতিয়া সিহঁত নীৰৱ অৱস্থাত থাকে, তেতিয়াও আমাৰ অঙ্গ-প্ৰত্যঙ্গসমূহে আমাক সীমাহীন, তৎক্ষণাত উপলব্ধ তথ্যৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰে৷ 

sapiens

এই আগ্ৰহ আমাৰ বাবে সম্পূৰ্ণ একক নহয়। উচ্চ প্ৰাইমেটৰ ক্ষেত্ৰত মগজুৰ স্কেনত দেখা যায় যে প্ৰথমে খাদ্য বিচাৰি উলিওৱাৰ বাবে বিকশিত কৰা স্নায়ু বৰ্তনীইও উচ্চ ক্ৰমৰ জ্ঞানমূলক আচৰণ নিয়ন্ত্ৰণ কৰে। আনকি মাকাক বান্দৰেও নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱাৰ দৰেই ফল বা পানীৰ দৰে আদিম পুৰস্কাৰৰ প্ৰতিও সঁহাৰি জনায়।

যেতিয়া জন্তুৱে জংঘলত পকা আম বিচাৰি পায় — বা গৱেষণাগাৰত কোনো সমস্যা সমাধান কৰে — তেতিয়া “ড’পামিনাৰ্জিক” ব্যৱস্থা নামৰ মগজুৰ কোষবোৰ পোহৰ হৈ উঠে, যাৰ ফলত আনন্দৰ অনুভূতিৰ সৃষ্টি হয়। এই কোষবোৰে মগজুৰ বৰ্তনীৰ সৈতেও স্থায়ী সংযোগ গঢ়ি তোলে যিয়ে আদিম পুৰস্কাৰ লাভ কৰাত সহায় কৰিছিল। এই বৰ্তনীসমূহ সক্ৰিয় হ’লেই ইতিবাচক অনুভৱৰ সূচনা কৰি ব্যৱস্থাটোৱে শিক্ষণক প্ৰসাৰিত কৰে।

মানুহে অৱশ্যে আন যিকোনো প্ৰাণীতকৈ অধিক ভোকাতুৰৰ দৰে কৰা আচৰণৰ দ্বাৰা তথ্য বিচাৰি পায়। আৰু, বেছিভাগ খাদ্য বিচাৰি ফুৰাৰ দৰেই আমিও আমাৰ সন্ধানক উন্নত কৰাৰ বাবে প্ৰবৃত্তিগত কৌশল অনুসৰণ কৰোঁ।

পুষ্টি বিচৰা জীৱ-জন্তুৰ ওপৰত অধ্যয়ন কৰা আচৰণৰ পৰিৱেশবিদসকলে ইয়াৰ সম্ভাৱ্য কাৰ্য্যপন্থা ভৱিষ্যদ্বাণী কৰিবলৈ বিভিন্ন আৰ্হি প্ৰস্তুত কৰিছে। ইয়াৰে এটা প্ৰান্তীয় মূল্য উপপাদ্য (MVT বা marginal value theorem) খাদ্য বিচাৰি পোৱা অঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য য’ত খাদ্য পোৱা অঞ্চলবোৰ সম্পদৰ অভাৱত থাকে।

গেজালেই ডিজিটেল লেণ্ডস্কেপক একেধৰণৰ পৰিৱেশ হিচাপে ধৰি লৈছে, য’ত তেওঁ তথ্যৰ উৎস প্ৰত্যক্ষ কৰিছে— এটা ৱেবছাইট, এটা স্মাৰ্টফোন, এটা ইমেইল প্ৰগ্ৰেম। তেওঁ বিশ্বাস কৰে যে এটা এমভিটিৰ দৰে সূত্ৰই আমাৰ অনলাইন খাদ্য বিচাৰি ফুৰাক নিয়ন্ত্ৰণ কৰিব পাৰে- প্ৰতিটো ‘ডাটা পেচ’-এ সময়ৰ লগে লগে হ্ৰাস পোৱা ৰিটাৰ্ণ প্ৰদান কৰে যেতিয়া আমি তাত উপলব্ধ তথ্য ব্যৱহাৰ কৰো, বা আমি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ যে অন্য ঠাইত উন্নত ডাটা উপলব্ধ হ’ব পাৰে।

digital media

পৰৱৰ্তী ‘ডাটা পেচ’ৰ আহ্বানে হয়তো আমাক ফেচবুকৰ পৰা টুইটাৰলৈ, গুগলৰ পৰা ইউটিউবলৈ জপিয়াই থাকিবলৈ বাধ্য কৰি ৰাখিব; ই লক্ষ্য পূৰণতো বাধা দিব পাৰে — কামৰ সময়সীমা পূৰণ কৰা, শ্ৰেণীত মনোযোগ দিয়া, আপোনজনৰ সৈতে মুখামুখিকৈ সংযোগ স্থাপন কৰা। 

ই এই কামটো কৰে, গাজালেই কয়, দুটা মৌলিক উপায়েৰে। এটা হ’ল বিক্ষিপ্ততা, যাক তেওঁ সংজ্ঞায়িত কৰিছে যে “লক্ষ্য-অপ্ৰাসংগিক তথ্যৰ টুকুৰা, যিবোৰ আমি হয় আমাৰ বাহ্যিক পৰিৱেশত সন্মুখীন হওঁ – নহয় নিজৰ মনটোৰ ভিতৰত আভ্যন্তৰীণভাৱে সৃষ্টি কৰো।”

আমি আমাৰ ফোনটোৰ ‘পিং’ আৰু শব্দবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰোঁ (বা ইয়াৰ দ্বাৰা বুজাই দিয়া ডাটাবোৰ হেৰুৱাবলগীয়া হোৱাৰ আমাৰ ভয়), মাথোঁ প্ৰচেষ্টাৰ দ্বাৰা আমাৰ মনোযোগ ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পাওঁ৷

আনটো লক্ষ্য-বিচ্যুত কাৰক হ’ল বাধা! আমি আমাৰ তথ্য খুচৰা বা ওপৰৰ পৰা তললৈ কৰা কাৰ্যকলাপৰ পৰা বিৰতি লওঁ। ইয়াৰ বাবে সাধাৰণ শব্দটো হ’ল ‘মাল্টিটাস্কিং’, যিটো শুনিবলৈ এনেকুৱা লাগে যেন আমি একেলগে কেইবাটাও কাম সম্পন্ন কৰিছো — ত্ৰিমাসিক প্ৰতিবেদনৰ ওপৰত কাম কৰা, ক্লায়েণ্টৰ ইমেইলৰ উত্তৰ দিয়া, ৰাজনীতিবিদজনৰ জনপ্ৰিয়তাৰ মাপকাঠিলৈ লক্ষ্য ৰখা, ইত্যাদি; কিন্তু সঁচা কথা ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল আমি একোৱেই ভালকৈ কৰা নাই৷

এইবোৰে আমাৰ ‘ৱৰ্কিং মেম’ৰী’তো বিধ্বংসী ৰূপ ধাৰণ কৰে, যিটো ‘ফাংচনে’ আমাক মূৰত কেইটামান ‘কী বিট ডাটা’ এটা কামত প্ৰয়োগ কৰিব পৰাকৈ মাত্ৰ যথেষ্ট সময় ধৰি ৰাখিবলৈ অনুমতি দিয়ে। একাধিক অধ্যয়নে দেখুৱাইছে যে “মিডিয়া মাল্টিটাস্কিং” (ডিজিটেল তথ্যৰ উৎসৰ মাজত ‘টগলিং’ কৰাৰ বৈজ্ঞানিক শব্দ)-এ এই মানসিক বিভাগটোক অভাৰলোড কৰি পেলায়, যাৰ ফলত আমি কম মনোনিৱেশ কৰোঁ আৰু ভুলৰ সন্মুখীন হওঁ।

 উদাহৰণস্বৰূপে ২০১২ চনত কানাডাৰ গৱেষকসকলে দেখিলে যে লেপটপত মাল্টিটাস্কিঙে কেৱল ব্যৱহাৰকাৰীৰ বাবেই নহয়, ওচৰতে বহি থকা ছাত্ৰ-ছাত্ৰীৰ বাবেও শ্ৰেণীকোঠাৰ শিক্ষণত বাধাৰ সৃষ্টি কৰে। গধুৰ মাধ্যম মাল্টিটাস্কিঙৰ সৈতে জ্ঞানমূলক নিয়ন্ত্ৰণ হ্ৰাস, উচ্চ মাত্ৰাৰ ‘ইমপালচিভিটি’ আৰু ভুল ধৰা পেলোৱা আৰু আৱেগিক নিয়ন্ত্ৰণৰ সৈতে জড়িত মগজুৰ অঞ্চল আগফালৰ ‘চিংগুলেট কৰ্টেক্স’ত আয়তন হ্ৰাস পোৱাৰ সম্পৰ্ক আছে।

(৯)

আমি বনাম তেওঁলোক

আৱেগিক নিয়ন্ত্ৰণ আমাৰ প্ৰাচীন মগজুত প্ৰযুক্তিৰ আন এটা বিঘ্নিতকাৰী প্ৰভাৱৰ কেন্দ্ৰীয় বিষয় হ’ল প্ৰাচীনত্ব প্ৰৱণতাৰ তীব্ৰতা বৃদ্ধি। আমাৰ সুদূৰ অতীতৰ পূৰ্বপুৰুষসকলে সৰু সৰু যাযাবৰী জীৱনৰ পৰিৱেশৰ মাজত বাস কৰিছিল, মানৱ ইতিহাসৰ বেছিভাগ সময়ৰ বাবে মৌলিক সামাজিক একক।

‘প্যালিঅ’এনথ্ৰ’প’লজিষ্ট’ হকছে কয়, “সম্পদ আৰু স্থানৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা গোটবোৰে সদায় শান্তিপূৰ্ণভাৱে তেনে কৰা নাছিল। আমি সেই প্ৰক্ৰিয়াৰ উৎপাদন।”

আজিকালি বহু বিশ্লেষকে বিশ্বজুৰি জাতীয়তাবাদী আন্দোলনৰ পুনৰুত্থান আৰু আমেৰিকাত ৰাজনৈতিক মেৰুকৰণৰ তীব্ৰ উত্থানত খিলঞ্জীয়াবাদে তথা জনজাতীয়বাদে নিজকে দৃঢ়তা প্ৰদান কৰা দেখিছে, দুয়োটা ধাৰা অনলাইনত বিশিষ্টভাৱে মুকলি হৈছে।

২০১৫ চনত ‘আমেৰিকান জাৰ্নেল অৱ পলিটিকেল চাইন্স’ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে দলীয় সংযোগ ৰিপাব্লিকান আৰু ডেম’ক্ৰেটসকলৰ বাবে পৰিচয়ৰ এক মৌলিক উপাদান হৈ পৰিছে। আমাৰ আবেগ আৰু বিশ্বাসক ৰাজহুৱাভাৱে ঘোষণা কৰিবলৈ আমাক প্ৰেৰণা দিয়া ছ’চিয়েল মিডিয়াই লেখকসকলে “অৰাজনৈতিক আৰু এতিয়ালৈকে ব্যক্তিগত ডমেইনত দলীয় পছন্দৰ ক্ৰমান্বয়ে বেদখল” বুলি কোৱা কথাটোক ইন্ধন যোগোৱাত সহায় কৰে।

internet2 1

আমাৰ প্ৰাচীনত্ব ‘মোড’লৈ পিছুৱাই যোৱাটোও ৱেবে(web) উজলাই দিয়া ডাটা বিস্ফোৰণৰ প্ৰতিক্ৰিয়াও হ’ব পাৰে। ২০১৮ চনত ‘পাৰ্চপেক্টিভছ অন চাইক’লজিকেল চাইন্স’ নামৰ আলোচনীত মনোবিজ্ঞানী থমাছ টি হিলছে তথ্যৰ প্ৰসাৰৰ ওপৰত পূৰ্বৰ এক শৃংখল পৰ্যালোচনা কৰিছিল।

তেওঁ দেখিলে যে ডিজিটেল মধ্যস্থতাকাৰী উগ্ৰবাদ আৰু মেৰুকৰণৰ উত্থান জ্ঞানমূলক অতিৰিক্ত বোজাৰ প্ৰতি সঁহাৰি হ’ব পাৰে। আক্ৰমণৰ মাজতে তেওঁ পৰামৰ্শ দিছিল যে আমি কোনবোৰ তথ্য আমাৰ মনোযোগৰ যোগ্য সেইটো নিৰ্ণয় কৰিবলৈ শিপাই যোৱা পক্ষপাতিত্বৰ ওপৰত নিৰ্ভৰ কৰোঁ । 

(১০)

বৰ্তমান বনাম ভৱিষ্যত

ইংলেণ্ডৰ ৱাৰউইক বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক থমাছ টি হিলছে কয় যে ‘টেক’ৰ বা প্ৰযুক্তিৰ জ্ঞানমূলক অতিৰিক্ত বোজাৰ সন্মুখীন হৈ মানুহে বিৱৰ্তনৰ দ্বাৰা গঢ় দিয়া পক্ষপাতিত্বৰ ওপৰত নিৰ্ভৰ কৰি কি মনোযোগৰ যোগ্য সেইটো নিৰ্ণয় কৰে। সেই প্ৰৱণতাবোৰে হয়তো আমাৰ পূৰ্বপুৰুষসকলক জীয়াই থকাত সহায় কৰিছিল, কিন্তু আজিৰ দিনত সেইবোৰ সদায় আমাৰ স্বাৰ্থত নহয়, হিলছে কয়।

তেওঁ চাৰি প্ৰকাৰৰ “জ্ঞানমূলক নিৰ্বাচন” চিনাক্ত কৰিছে যিয়ে ডিজিটেল খিলঞ্জীয়াবাদ বা জনজাতীয়বাদক ইন্ধন যোগায়।

বিশ্বাস-সামঞ্জস্যপূৰ্ণ তথ্যৰ বাবে নিৰ্বাচন। ইয়াক নিশ্চিতকৰণ পক্ষপাতিত্ব বুলিও কোৱা হয়, ই আমাক আমি ইতিমধ্যে ভবাৰ সৈতে মিল থকা তথ্য পছন্দ কৰিবলৈ প্ৰৱল কৰে। প্ৰাগৈতিহাসিক যুগত ইয়াৰ ফলত মানুহে হয়তো বৰষুণৰ ধুমুহাক বতৰৰ ওপৰত এজন ভৱিষ্যদ্বক্তাৰ ক্ষমতাৰ প্ৰমাণ হিচাপে চাব পাৰিলেহেঁতেন — যিটো ব্যাখ্যাই এসময়ত ভুল হ’লেও সামাজিক সংহতি শক্তিশালী কৰি তুলিছিল। আজি নিশ্চিতকৰণ পক্ষপাতিত্বই অধিক ফলস্বৰূপ ভুলৰ সৃষ্টি কৰিব পাৰে।

নেতিবাচক তথ্যৰ বাবে নিৰ্বাচন

internet4

নেতিবাচকতা পক্ষপাতিত্ব বুলিও জনাজাত এই প্ৰৱণতাই আমাৰ পূৰ্বপুৰুষৰ মগজুক অন্য, কম ভাবুকিপূৰ্ণ ধৰণৰ মনোযোগতকৈ শিকাৰুৰ বাবে সজাগতাক অগ্ৰাধিকাৰ দিবলৈ উপস্থাপন কৰিছিল।

আজি ই আমাক ভালৰ সলনি বেয়া খবৰক বিশেষাধিকাৰ দিবলৈ বাধ্য কৰিব পাৰে — উদাহৰণস্বৰূপে, সামগ্ৰিকভাৱে গোটটো আইন-শৃংখলা পালন কৰা বুলি দেখুওৱা তথ্যতকৈ আউট-গ্ৰুপৰ সদস্যৰ এটা ভয়ংকৰ অপৰাধক অধিক গুৰুত্বসহকাৰে লৈ।

ভৱিষ্যদ্বাণীমূলক তথ্যৰ বাবে নিৰ্বাচন

আৰ্হি-চিনাক্ত পক্ষপাতিত্ব, যিটোক প্ৰায়ে কোৱা হয়, ই আমাক বিশৃংখলতাত শৃংখলা বিবেচনা কৰাত সহায় কৰে। প্ৰথম গ্ৰীষ্মকালীন বৰষুণৰ পিছত ডাঙৰ ডাঙৰ চিকাৰী জীৱ-জন্তুবোৰ ছাভানাত উপস্থিত হোৱাৰ প্ৰৱণতা থকাটো লক্ষ্য কৰিলে আদিম মানুহবোৰৰ বিৱৰ্তনৰ সুবিধা হ’লহেঁতেন। আজি কিন্তু আৰ্হিৰ প্ৰতি থকা প্ৰৱণতাই আমাক এনে ষড়যন্ত্ৰ ধৰা পেলাবলৈ বাধ্য কৰিব পাৰে য’ত কোনো ষড়যন্ত্ৰৰ অস্তিত্ব নাই।

(১১)

আজিৰ প্ৰযুক্তিৰ নিয়ন্ত্ৰণ প্ৰয়োজন 

স্নায়ুবিজ্ঞানী এডাম গাজালেই আমাৰ মগজুক প্ৰযুক্তিৰ নেতিবাচক দিশৰ পৰা ৰক্ষা কৰিবলৈ দুটা মৌলিক পদ্ধতিৰ পৰামৰ্শ দিছে। আমাৰ স্নায়ু বৰ্তনীয়ে কেনেকৈ কাম কৰে তাক বৃদ্ধি কৰা, আৰু আমাৰ দৈনন্দিন আচৰণ সলনি কৰা। কিছুমান কৌশল যিকোনো ব্যক্তিয়ে আয়ত্ত কৰিব পাৰে যদিও আন কিছুমান পৰীক্ষামূলক হৈয়েই থাকে।

internet5

এই পদ্ধতিসমূহৰ লক্ষ্য হৈছে আমাৰ মগজুৰ বিক্ষিপ্ততাক আওকাণ কৰি বাধাৰ পৰা আৰোগ্য লাভ কৰাৰ ক্ষমতা বৃদ্ধি কৰা।

শিক্ষা. গৱেষকসকলে জ্ঞানমূলক নিয়ন্ত্ৰণ শক্তিশালী কৰিবলৈ ডিজাইন কৰা বিভিন্ন শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি আছে — প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো কামত থকাৰ ক্ষমতা।

নিউৰ’ফিডবেক: 

১৯৬০ চনত প্ৰৱৰ্তিত এই কৌশলে অনুশীলনকাৰীসকলক মগজু-কম্পিউটাৰৰ আন্তঃপৃষ্ঠৰ সহায়ত নিজৰ মগজুৰ তৰংগ নিয়ন্ত্ৰণ কৰিবলৈ শিকায়। ADHD আৰু উদ্বেগৰ দৰে বিকাৰৰ চিকিৎসাৰ বাবে কিছু সফলতাৰে ব্যৱহাৰ কৰা কেইটামান সৰু সৰু অধ্যয়নে এই পদ্ধতিটোক মনোযোগ আৰু কৰ্ম স্মৃতিশক্তিৰ উন্নতিৰ সৈতে জড়িত কৰিছে।

প্ৰকৃতি. ক্ৰমবৰ্ধমান গৱেষণাৰ পৰা দেখা গৈছে যে বাহিৰলৈ ওলাই অহাটোৱে ক্লান্ত মগজুক পুনৰ স্থাপন কৰাত সহায় কৰিব পাৰে।

জ্ঞানমূলক ব্যায়াম। ক্লিনিকেল ট্ৰায়েলে ইংগিত দিয়ে যে বিশেষভাৱে ডিজাইন কৰা ভিডিঅ’ গেমকে ধৰি কিছুমান মানসিক ব্যায়ামে মনোযোগ আৰু বিক্ষিপ্ততাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। বাণিজ্যিকভাৱে উপলব্ধ “মগজুৰ খেল”ৰ ফলপ্ৰসূতাৰ প্ৰমাণ অৱশ্যে আঁকোৱালিত হৈয়েই আছে।

man meditating on a tree log
Photo by Maik Kleinert on Pexels.com

ধ্যান!

 একাধিক অধ্যয়নে প্ৰকাশ কৰিছে যে ধ্যানে মনোযোগ, স্মৃতিশক্তি আৰু প্ৰক্ৰিয়াকৰণৰ গতি বৃদ্ধি কৰিব পাৰে।

শাৰীৰিক ব্যায়াম। এটা বৃহৎ গৱেষণাই দেখুৱাইছে যে ‘এৰোবিক’ কাৰ্য্যকলাপে মগজুৰ চঞ্চলতা আৰু স্থিতিস্থাপকতাক শক্তিশালী কৰে।

(১২)

দৈনন্দিন বিৱৰ্তন

internet 1 2

এই প্ৰমাণভিত্তিক আচৰণ পৰিৱৰ্তনসমূহে ‘টেক'(প্ৰযুক্তি)ৰ সহজ আবেদন আৰু সুলভতা সীমিত কৰি ‘টেক’ৰ প্ৰলোভনসমূহ হ্ৰাস কৰে।

গাড়ী চলোৱাৰ সময়ত যাত্ৰীৰ সৈতে কথা পাতক, অডিঅ’বুক শুনা বা সংগীত উপভোগ কৰক (ফোনত কথা পতা বা মেছেজ কৰাতকৈ এই সকলোবোৰে কম পৰিমাণে বিচলিত কৰে)। বন্ধু-বান্ধৱ, পৰিয়াল আৰু সহকৰ্মীৰ সৈতে এয়া নিৰ্ধাৰণ কৰক যে আপুনি বাটত থকাৰ সময়ত আপোনাৰ ফোন ব্যৱহাৰ নকৰিব, প্ৰকৃত জৰুৰীকালীন অৱস্থাৰ বাহিৰে।

কাম কৰাৰ সময়ত, নিজকে এখন পৰ্দাত সীমাবদ্ধ কৰক, আৰু আপোনাৰ ডেস্কত সকলো অপ্ৰয়োজনীয় কামৰ সামগ্ৰী আঁতৰাই ৰাখক। এটা কাম সম্পূৰ্ণ কৰিবলৈ আপুনি কোনবোৰ প্ৰগ্ৰেম বা এপ্ সমূহৰ প্ৰয়োজন সেইটো সিদ্ধান্ত লওক, আৰু বাকী সকলো বন্ধ কৰক। ‘টেব’ ব্যৱহাৰ কৰাটো এৰক; যেতিয়া আপুনি এটা ৱেবছাইটৰ সৈতে শেষ কৰে, ইয়াক বন্ধ কৰক৷ ইমেইলো বন্ধ কৰক, আৰু কেৱল নিৰ্দিষ্ট সময়তহে ইলেক্ট্ৰনিক চিঠিপত্ৰ আৰু ছ’চিয়েল মিডিয়া পৰীক্ষা কৰক।

বিভিন্ন এপে আপোনাক প্ৰতাৰণা কৰাৰ পৰা ৰক্ষা কৰিবলৈ চাইটসমূহৰ প্ৰৱেশ ব্লক কৰিব পাৰে। আপোনাৰ স্মাৰ্টফোনক নিস্তব্ধ কৰক; যদি আপুনি এতিয়াও টান অনুভৱ কৰে, তেন্তে ইয়াক আন এটা কোঠালৈ লৈ যাওক। মগজুক পুনৰ ‘বুট’ কৰিবলৈ সঘনাই বিৰতি লওক; খোজ কাঢ়িবলৈ যাওক বা কেৱল মহাকাশলৈ চাই সপোন দেখিবলৈ যত্ন কৰক ।

বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে আড্ডা মাৰি থকাৰ সময়ত উপস্থিত সকলোকে ফোন বন্ধ কৰিবলৈ কওক। যদি সেয়া বেছি হয়, তেন্তে “টেক ব্ৰেক” ব্যৱহাৰ কৰি চাওক, প্ৰতিজন ব্যক্তিয়ে প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে নিজৰ ফোনটো চমুকৈ পৰীক্ষা কৰিবলৈ অনুমতি দিয়ক৷ কিছুমান বিশেষ অঞ্চলক ‘ডিভাইচ-ফ্ৰী জ’ন’ কৰক — বিশেষকৈ খোৱা টেবুল আৰু শোৱনি কোঠা।

মোবাইল নিস্ক্ৰিয় কৰি বা শব্দহীন কৰি দূৰৈত থৈ গ্ৰন্থ অধ্যয়নত মনোনিবেশ কৰক তথা অইনসকলকো বুজাওক যে গ্ৰন্থ অধ্যয়নৰ অনুশীলন তথা পাঠ্যস্পৃহা আহাৰ – নিদ্ৰা- মৈথুনৰ দৰে জৈৱিক প্ৰয়োজনৰ দৰেই এক বিশেষ প্ৰয়োজন আৰু ভাৱনাৰ স্ৰোতৰ পুষ্টিসাধনৰ বাবে মগজুৰ কোষসমূহকো গ্ৰন্থ অধ্যয়নৰ দ্বাৰা কৰ্ষণ কৰা প্ৰয়োজন।

হয়, পৰিৱৰ্তন চক্ৰৱৎ ; কিন্তু তাৰ সৈতে সাযুজ্য ৰাখি আত্ম- অভিযোজনৰ প্ৰয়োজনো এৰাব নোৱাৰা এক যুগধৰ্ম!

digital

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan
World

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

by Olha Konsevych
May 6, 2026
0

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan Olha Konsevych Armenia is scaling up cooperation with the...

Read moreDetails
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

May 2, 2026
The Indian Media is becoming a menace for Indian Sub-Continent – Here know why?

The Screen That Swallowed Our Children

May 2, 2026
Why the Middle East Remains a Battlefield: From Ottoman Collapse to Endless Wars

The Middle East Paradox: Why Nations Remain Trapped in a Cycle of Helplessness?

April 26, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

April 23, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Iran : Asymmetric War with the US and Israel

April 21, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 13, 2026
Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

May 13, 2026
The Gokyo Mandate 2026: How Indigenous Himalayan Knowledge Is Reshaping Global Climate Policy

CLIMATE CHANGE: What Africa and Global South Should Canvass at COP31 in Türkiye

May 13, 2026
The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

May 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32205 shares
    Share 12882 Tweet 8051
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13908 shares
    Share 5563 Tweet 3477
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    253 shares
    Share 101 Tweet 63
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3708 shares
    Share 1483 Tweet 927
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6518 shares
    Share 2607 Tweet 1630
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    925 shares
    Share 370 Tweet 231
  • Love in the Age of Ghosting and Situationships

    82 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    77 shares
    Share 31 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    65 shares
    Share 26 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d