• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়

কল্যাণ কলিতা

by Anjan Sarma
October 3, 2023
in Opinion, Entertainment, Special Report
Reading Time: 4 mins read
0
জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
Share on FacebookShare on TwitterShare on LinkedIn

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়

কল্যাণ কলিতা

Screenshot 20230927 171201 Gallery
কল্যাণ কলিতা

জনক ৰজাৰ শাসনকালৰ কথা, এবাৰ ৰাজ্যৰ এটি প্ৰজাৰ গৃহত জুই লাগিল। জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰটো আগুৰি ধৰিলে। লগে লগে হুৱা দুৱা লাগিল৷ যিয়ে যেনেকৈ পাৰে দৌৰি আহিল অগ্নি নির্বাপন কৰিবলৈ।

খবৰ লাভ কৰি ৰজাও আহিল। সকলোৱে ব্যস্ত হৈ পৰিল জুই নুমোৱাত। এনেতে এগৰাকী প্ৰজাই লক্ষ্য কৰিলে যে ৰজা জনকে জুই নুমুৱাবলৈ কোনোধৰণৰ তৎপৰতা নেদেখুৱাই কেবল মাত্র প্রত্যক্ষ কৰি আছে সমগ্ৰ ঘটনা।

নৃপতিৰ কাৰ্যত প্রজাজনে আচর্য প্রকাশ কৰি তেওঁৰ এই নিৰ্লিপ্ততাক প্ৰকাৰন্তে সমালোচনা কৰিলে৷

তেতিয়া ৰজাই প্ৰজাগৰাকীক কলে যে যদি ৰজাই নিজে অগ্নি নির্বাপন কার্যত নিমজ্জিত হ’লহেতেন তেন্তে সকলো প্ৰজাই ৰজাই জুইত পানী ঢলা কার্য প্রত্যক্ষ কৰাৰ অজুহাতত অগ্নিনির্বাপন কৰিবলৈ পাহৰি গ’লহেতেন আৰু তেতিয়া হয়তো সমগ্ৰ ঘৰটো জুইত জাহ গ’লহেতেন।

কিন্তু ৰজাই তেনে নকৰি সমগ্ৰ ঘটনা পর্যবেক্ষণ কৰি থকাৰ ফলত প্রজাগণ ৰজাৰ উপস্থিতিত অনুপ্ৰাণিত হৈ দুগুণ উৎসাহেৰে অগ্নি নিৰ্বাপনত হাতে কামে লাগি ঘৰখনক ছাই হোৱাৰ পৰা ৰক্ষা কৰিলে ।

শিৰোনামৰ লগত কোনোধৰণে খাপ নোখোৱা এনেকুৱা সাধুকথা এটি কিয় উপস্থাপন কৰিব লগা হ’ল তাৰ ৰসাচ্ছাদন লিখনিৰ শেষলৈ ৰাখি থলো।

সুস্থ মগজুত সুস্থ চিন্তাই বাস কৰে। আৰু মগজু সুস্থ ৰাখিবলৈ হ’লে লাগিব সুস্থ পৰিবেশ, সুস্থ পাৰিপার্শ্বিকতা, সুস্থ বাতাবৰণ; যাৰ আদিপাঠ হ’ল পৰিবেশৰ স্বচ্ছতা৷ এই স্বচছতাৰ কথা ৰামায়ণ, কোৰাণ আদি ধৰ্মগ্ৰন্থতো উল্লেখ আছে।

সকলো ধর্মই কয় যে আমি আহাৰ গ্ৰহণ কৰাৰ আগতে হাত-মুখ ধুই লব লাগে, ধর্মীয় অনুষ্ঠানলৈ যাওতে স্নান কৰি পৰিষ্কাৰ পোচাক পৰিধান কৰি যাব লাগে৷ এইবোৰেইতো স্বচ্ছতাৰ আদি পাঠ। ইছলামসকলৰ পবিত্ৰ ধৰ্মগ্রন্থ কোৰাণত আত্মাৰ স্বচ্ছতাৰ লগতে শৰীৰ তথা পাৰিপাৰ্শ্বিকতাৰ স্বচছতাৰ কথাও স্পষ্টভাবে উল্লেখ আছে (কোৰাণ- ২:২২২)।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
জনক ৰজা

আমাৰ মন, আত্মা তেতিয়াহে পৰিষ্কাৰ হব যেতিয়া আমাৰ চৌপাশৰ পৰিবেশ পৰিষ্কাৰ হব। সেয়েহে অকল নিজৰ শৰীটো চফা কৰি ৰাখিলেই আমি পৰিষ্কাৰ হৈ নাযাও। কৰবাত পঢ়িছিলো যে এজন মানুহ প্ৰকৃততে কিমান পৰিষ্কাৰ তাক জুখিবলৈ তেওঁৰ মুখখন নহয় ভৰিৰ তলুৱাখন চোৱা আৰু এখন ঘৰ কিমান পৰিষ্কাৰ তাক জুখিবলৈ ঘৰখন ড্রইংৰূম নহয় শৌচাগাৰটো পৰীক্ষা কৰা।

Screenshot 20231002 221711

সচাকৈয়ে স্বচ্ছতাৰ বিষয়ত অতি সোণসেৰীয়া কথা। আৰু আমি বহুতেই ইয়াক আখৰে আখৰে পালনো কৰো। কিন্তু নিজৰ ঘৰত আখৰে আখৰে পালন কৰা এই অভ্যাসটো বাৰু আমাৰ বেছিভাগৰে ক্ষেত্ৰত অইনৰ ঘৰত, বিশেষকৈ ৰাজহুৱা স্থানবোৰত, চৰকাৰী হস্পিতাল, অনুষ্ঠান প্রতিষ্ঠানবোৰত কিয় নাইকিয়া হৈ যায়। আমি প্রত্যেকেই মনত ৰখা উচিত যে সামুহিক পৰিচ্ছন্নতা অবিহনে এটা জাতি আগুৱাব নোৱাৰে, এখন দেশ উন্নত হব নোৱাৰে।

স্বচ্ছতা হৈছে সভ্যতাৰ মাপ কাঠি। আমাৰ দেশত স্বচ্ছতাৰ কথা আহিলেই স্বতঃস্ফুট ভাৱে উচ্চাৰিত হোৱা নামটো হৈছে আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী। গান্ধীজীৰ নেতৃত্বত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল, কিন্তু তেওঁৰ স্বচ্ছ ভাৰতৰ সপোন স্বাধীনতা সাতটা দশক পাৰ হোৱাৰ পিছতো দিথকত পৰিণত নহ’ল।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়

তেওঁ কৈছিল যে অনাময় স্বাধীনতাতকৈও বেছি গুৰুত্বপূৰ্ণ। গান্ধীজীয়ে অনাময় আৰু পৰিচ্ছন্নতাক জীৱনৰ অভিন্ন কৰ্ম হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ সপোন আছিল সকলোৰে বাবে সম্পূর্ণ অনাময় ব্যবস্থা।

তেওঁ কৈছিল যে দেশৰ প্ৰতিগৰাকী নাগৰিকেই চাফাইকর্মী হোৱা উচিত। যিয়ে আবর্জনা সাৰি-মচি পৰিষ্কাৰ কৰে তেৱেই ভগৱানৰ প্রকৃত সন্তান। আৰু সেয়েহে আমাৰ তথাকথিত সভ্য সমাজত আজিও হেয় জ্ঞান কৰা জামাদাৰ, দলিতসকলক তেওঁ হৰিজন অর্থাৎ ইশ্বৰৰ এজন বুলি সম্বোধন কৰিছিল।

গান্ধীজীৰ এই আদৰ্শক স্বৰাজোত্তৰ কালত দেশৰ মুৰব্বী, নেতাসকলে কেবল ভাষণতে সীমাবদ্ধ ৰাখি আহিছিল যদিও ভাৰতৰ চতুৰ্দশ প্রধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি নৰেন্দ্ৰ মোডীয়ে এই ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও তুলনাত্মকভাবে সক্রিয়তা দেখুৱাইছে যি সমগ্ৰ দেশৰ বাবেই শুভ লক্ষণ। স্বচ্ছতা এনে এক আহিলা যিয়ে ব্যক্তিৰ মন-মগজুত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
নৰেন্দ্ৰ মোডীৰ তৎপৰতা

এখন ৰাষ্ট্ৰৰ উন্নতি হ’বলৈ হ’লে ব্যক্তিবিশেষৰ উন্নতি হোৱাটো অতি প্ৰয়োজনীয়। এখন নিকা আৰু স্বাস্থ্যসন্মত পৰিৱেশত মানুহৰ মানসিক আৰু শাৰিৰীক উভয় দিশতে এক ইতিবাচক প্ৰভায় পেলায়; যিয়ে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত সবল অৰিহণা যোগাব পাৰে৷

ভাৰতবৰ্ষত চৰকাৰী পৃষ্ঠপোষকতাত স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ আছিল ১৯৮৬ চনত মুকলি হোৱা ‘কেন্দ্ৰীয় গ্ৰাম অনাময় ব্যৱস্থা’।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
নৰেন্দ্ৰ মোডী

এই আঁচনিখনৰ অনাময়ৰ সজাগতা প্ৰভাৱশালী কৰিবলৈ ১৯৯৯ চনত ‘সম্পূৰ্ণ অনাময় প্ৰচাৰ’ আঁচনি মুকলি কৰা হয়। ইয়াৰ পিছত ২০০৩ চনৰ জুন মাহত ভাৰত চৰকাৰে অনাময়ৰ গুৰুত্ব সুস্থিৰভাৱে বৰ্তাই ৰাখিবলৈ “নিৰ্মল গ্ৰাম পুৰষ্কাৰ” দিয়াৰ এক উদগণিমূলক পদক্ষেপ গ্ৰহণ কৰে। পৰবৰ্তী সময়ত ২০১২ চনৰ পহিলা এপ্ৰিলত ‘সম্পূৰ্ণ অনাময় প্ৰচাৰ’ আঁচনিখনক ‘নিৰ্মল ভাৰত অভিযান‘ নামে পুনঃনামাকৰণ কৰা হয়।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত অৱশেষত ই “স্বচ্ছ ভাৰত অভিযান” নামে বহুল প্ৰসাৰতা লাভ কৰে। এই স্বচ্ছ ভাৰত অভিযান ৰাজনীতিৰ বাদ-বিষম্বাদৰ পৰা সদায়ে যেন উৰ্ধত থাকে৷ এই অভিযান ৰাজনীতিৰ উৰ্দ্ধত থাকি দেশপ্ৰেমৰ ভাৱধাৰাৰে ধাৱমান হৈ থাকক। কালৰ সোতত আগে পিছে হৈ অহা আচনিসমূহৰ দৰে ভেকোভাওনাত পৰিণত নহওক এই অভিযান। আৰু ইয়াৰ বাবে সক্রিয় হব লাগিব প্ৰতিগৰাকী ভাৰতীয়।

পিছে আমি বাৰু কিয় ইমান সংকীৰ্ণ, কিয় সকলোতে ৰজাৰ আদেশলৈ অপেক্ষা কৰি থাকো? স্বচ্ছতাৰ শ্ৰেষ্ঠতম উদাহৰণ আমাৰ অতিকে ওচৰত থাকিও আমি কিয় তাৰ বিষয়ে চর্চা নকৰো কিম্বা অনুকৰণ নকৰো! কব খুজিছো মৌলিনঙৰ কথা। আমাৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এখন গাওঁ মৌলিনও। এচিয়াৰ ভিতৰতে সবাতোকৈ পৰিষ্কাৰ গাওঁ মৌলিনও।

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
মৌলিনঙ

অতি সাধাৰণ গাওঁখনৰ আৰম্ভনিতে আছে টয়লেটৰ সুব্যৱস্থা। কিয়নো তেওঁলোকে ভালদৰেই জানে যে সম্পূর্ণ অনাময় ব্যৱস্থাৰ প্ৰথমটো ঢাপেই হ’ল টয়লেটৰ ব্যৱহাৰ। আৰু এই কথাই অনুধাৱন কৰি হয়তো এদিন প্রাক্তন কেন্দ্রীয় মন্ত্রী জয়ৰাম ৰমেশে কৈছিল যে আমি মন্দিৰ-মছজিদ নিৰ্মাণত গুৰুত্ব দিয়াতকৈ টয়লেট বনোৱাতহে অধিক গুৰুত্ব দিয়া উচিত।

পিছে তাতো আমি বিতৰ্কৰ গোন্ধ পালো আমাৰ ধৰ্মীয় অনুভুতিত আঘাত হনা বুলি। কি যে সস্তীয়া আমাৰ ধর্মীয় চিন্তা, অনুভূতি!

জনক ৰজাৰ কাহিনী, স্বচ্ছতা, গান্ধীজী, আমি আৰু আমাৰ কৰণীয়
মৌলিনঙ

মৌলিনঙৰ গাওঁৰ পথৰ দুয়োকাষে থকা গছবোৰত বান্ধিথোৱা আছে কিছুমান হাতে সজা বাস্কেট যিবোৰ ব্যৱহাৰ কৰা হয় ডাষ্টবিন হিচাপে। তাত পৰিষ্কাৰ হৈ থাকিবলৈ, পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ নালাগে কোনো ৰজাৰ আদেশ, নালাগে কোনো আঁচনি অথবা নালাগে কোনো ৰাজ সাহায্য। নিজৰ চৌপাশ নিয়াৰিকৈ ৰখাটো তেওঁলোকৰ অভ্যাস, তেওঁলোকৰ কৰ্তব্য, তেওলোকৰ দায়িত্ব।

আমি আধুনিকতাৰ নামত পশ্চিমীয়া সংস্কৃতিক অন্ধ অনুকৰণ কৰা সকলে বাৰু সাধাৰণভাৱে অসাধাৰণ কাম কৰি দেখুওৱা এই গাওঁখনক কিছুপৰিমানে হলেও অনুসৰণ কৰিব নোৱাৰোনে !

এতিয়া আহো জনক ৰজাৰ সাধুটোৰ প্ৰাসঙ্গিকতালৈ। আজিৰ তাৰিখত এই সাধুটো সচাকৈয়ে অতি প্রাসঙ্গিক যেন অনুভৱ হয়। প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনাই জাতিৰ পিতাৰ সপোনৰ ভাৰতক বাস্তবায়িত কৰাৰ মানসেৰে দেশবাসীক আহ্বান জনাই যেতিয়া আৰম্ভ কৰিলে স্বচ্ছ ভাৰত অভিযান তাৰ পিছতে ৰজা ঘৰৰ পৰা প্ৰজা ঘৰলৈ সকলোৱে লাগি গ’ল পৰিবেশ পৰিস্কাৰত৷

FB IMG 1696065047932
সক্ৰিয় হৈ পৰে আমাৰ মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়াসকল

যেন এক মহা উৎসৱ আৰম্ভ হ’ল।

হাতত ঝাড়ু লৈ মিডিয়াৰ বাবে প’জ দিয়াত ব্যস্ত হৈ পৰিল নেতা- পালিনেতা, বিষয়া-আমোলা কিম্বা প্রশাসক। পৰিবেশ নিকাকৰণতকৈ বেছিভাগৰেই গুৰুত্ব যেন আত্মপ্রকাশতহে। আমি স্বচক্ষে প্রত্যক্ষ কৰিলো কেতিয়াও নিজৰ টেবুলখনত ফু এটা মাৰি নোপোৱা মন্ত্রী, বিধায়ক, উপায়ুক্ত, মহকুমাধিপতি অথবা আৰক্ষী বিষয়াৰ ৰাস্তা চফা কৰাৰ প্ৰৱণতা, একেটা পথকে বিভিন্ন দিনত কিমানে যে পৰিস্কাৰ নকৰিলে।

অধিকাংশৰে উদ্দেশ্য যেন পৰিবেশ নিকাকৰণ নহয়, সন্ধিয়া টিভিত নাইবা পিছদিনাৰ বাতৰি কাকতত নিজৰ কামৰ নিদৰ্শন আনক দেখুৱাই চাব্বাচী লোৱাৰহে। তাৰ পিছত কিন্তু সকলো আগৰ দৰেই চলিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত লাহে লাহে ভাগৰ লাগিবলৈ আৰম্ভ হ’ল৷

কোনোবা বিশেষ দিনত কোনোবা বিশেষ ব্যক্তিৰ আহ্বানত বছৰত এটা বা দুটা দিনত পুনৰ সক্ৰিয় হৈ পৰে আমাৰ মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়াসকল যে আজি স্বচ্ছ ভাৰত অভিযান চলাব লাগে আৰু ফটো শ্বেচন কৰিব লাগে৷ তাৰ পিছদিনা কিন্তু নিজৰ টেবুলখন পৰিস্কাৰ কৰিবলৈকো লাগে একো একোজন জামাদাৰক ৷

images 6
সক্ৰিয় হৈ পৰে আমাৰ মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়াসকল

সেয়েহে ৰজা জনকে কোৱা কথাখিনি আমিও কব বিছাৰো যে স্বচ্ছ ভাৰত অভিযানত আমাৰ প্ৰভুসৱে হাতত ঝাড়ু তুলি লব নালাগে, তেৰাসৱে আমাক পৰ্যবেক্ষণ কৰি তদাৰক কৰি গ’লেই যথেষ্ট।

নহলে হয়তো আমিও নিজৰ কৰ্তব্য সমাপন কৰা বাদ দি ৰজাই হাতত ঝাড়ু লোৱা চাবলৈহে আগ্ৰহেৰে বাট চাই থাকিম।

FB IMG 1696144993946

কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Cockroaches, Comedians, and Criminals

Cockroaches, Comedians, and Criminals

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d