জয়ন্ত হাজৰিকা: মই নাথাকিলে সাঁজৰ তৰাই মোৰে কথাকে ক’ব !
জয়ন্ত হাজৰিকা অসমৰ এগৰাকী দৰদী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গীতৰ সৃষ্টি কৰি অসমৰ সংগীত জগত মহিমামণ্ডিত কৰি গৈছে। যিবোৰ গীত এতিয়াও সৰ্ব দিশতে জনপ্ৰিয় হৈ আছে।
জয়ন্ত হাজৰিকাই পোন প্ৰথমবাৰৰ বাবে অসমৰ যুৱ প্ৰজন্মৰ বাবে কিছু নিৰ্দিষ্ট গীতৰ সৃষ্টি কৰিছিল।
১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থাকে। সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে। তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয়।
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ (ঘৰুৱা নাম ৰাণা) জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে
৯ বছৰ বয়সতে জয়ন্ত হাজৰিকাই প্ৰথমবাৰৰ বাবে গীতত সুৰ সংযোজন কৰিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকায়। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগতৰ যোগেদি আৰম্ভ হৈছিল। ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰ পৰা পঁচিছ টকা লৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল।
এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল। ১৯৬২ চনত কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘আগলি বতাহে কপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গীত দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠিত কৰে।
পৰৱৰ্তীকালত জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা “মণিৰাম দেৱান” বোলছবিৰ গানত কণ্ঠদান কৰে। এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল। ইয়াৰ পাছতে জয়ন্ত হাজৰিকাই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। জয়ন্ত হাজৰিকাই ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত।
১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা ‘আগলি বতাহে কপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হয়, আৰু জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীত জগতত ভৰি দিয়ে। অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ ‘জেতুকা পাতেৰে দুহাত বোলালি, তামোলৰ পিকেৰে ওঁঠ ৰঙালী, ৰাঙলী কৰিলি হিয়া ‘। ইয়াৰ আগতেই ন বছৰ বয়সতে ককায়েক নৃপেন হাজৰিকাৰ এটা গীতত সুৰ দিছিল বুলি শুনা যায়।
একে সময়তে হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত ‘ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া, এই ৰাতি মোহনীয়া ‘ শীৰ্ষক এটি গীততো ৰাণাই সুৰ দিছিল ।প্ৰথম ৰেকৰ্ডখনৰ জনপ্ৰিয়তাৰ পাছতেই জয়ন্ত হাজৰিকাই ভূপেন হাজৰিকাৰ লগত বিভিন্ন সাংস্কৃতিক মঞ্চত গীত গাবলৈ আৰম্ভ কৰে। ১৯৭১ চনত ‘বনৰীয়া ফুল’ ছবিত প্ৰথম বাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে।
ইয়াৰ পাছতে নিয়তি, বৃষ্টি, ধৰ্মকাই, নতুন আশা (অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে) বোলছবিত সংগীত পৰিচালনা কৰে। কাহিনী-চিত্ৰৰ লগত কেবাখনো তথ্য-চিত্ৰৰো সংগীত পৰিচালনা কৰে।
মঞ্চনাটৰ সংগীত পৰিচালনাৰ লগতো জয়ন্ত হাজৰিকা জড়িত হৈ পৰিছিল। ফণী শৰ্মাৰ ‘ছিৰাজ’, প্ৰফুল্ল বৰাৰ “বান” আদিৰ দৰে নাটকত সংগীত দিয়াৰ লগতে গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘৰ দ্বাৰা নিবেদিত কেবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। গোৱালপাৰাৰ ‘লখিমী থিয়েটাৰ’ নামৰ এটি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ বাবেও তেওঁ সংগীত পৰিচালনা কৰিছিল।
১৯৭৭ চনত গোৱালপাৰা জিলাত প্ৰমথেশ বৰুৱাৰ সোঁৱৰণত আৰম্ভ হোৱা ‘লখিমী থিয়েটাৰ’ৰ বাবে জয়ন্ত হাজৰিকাই নিৰ্মলপ্ৰভা বৰদলৈৰ লগত লগ লাগি পাঁচখন নাটকৰ বাবে মুঠ সোতৰটি গীতৰ সৃষ্টি কৰে। গোটেই গীতখিনি লিখা আৰু সুৰ দিয়াৰ কাম সম্পন্ন হৈছিল ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰৰ ভিতৰত। আকাশবাণী গুৱাহাটী-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে “মঞ্চ-নাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ..”।
১৯৬০ চনত তেতিয়াৰমেট্ৰিক পৰীক্ষা দিয়া জয়ন্ত হাজৰিকাই গুৱাহাটী প্ৰগতি শিল্পী সংঘই তিনি নিশা ধৰি নিবেদন কৰা অৰুণ শৰ্মাৰ নাটক “জিন্টি”ৰ জৰিয়তে মাত্ৰ ১৬ বছৰ বয়সতে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি অসমৰ সংগীত জগত লৈ কঢ়িয়াই আনিছিল ভাৰতীয় সংগীত আৰু পাশ্চাত্য সংগীতৰ মাজেৰে অসমীয়া আধুনিক গীতৰ এক নৱ অধ্যায়ৰ।
মাত্ৰ ১৬ বছৰ বয়সতে পূৰ্ণাঙ্গ নাটক এখনৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি তেতিয়াই এই কিশোৰ জনে নিজ স্বকীয় প্ৰতিভাৰ উদ্গীৰণ ঘটাইছিল। এনেধৰণৰ সূৰ্য্য সম প্ৰতিভাৰ বিকিৰণৰ দ্বাৰা প্ৰজ্বলিত জয়ন্ত হাজৰিকা জেষ্ঠ্য ভাতৃ গৰাকীৰ দৰে আজন্ম প্ৰতিভাৰ গৰাকী আছিল।
১৯৬০ দশক অসমৰ সংগীত আকাশখন উজ্বলাই তুলিছিল ড⁰ ভূপেন হাজৰিকায়। কিন্তু সুধাকণ্ঠৰ এনে বৰ্ণিল সৃষ্টিৰ মাজতে “বছৰটোৰ ৰেকৰ্ড” সন্মানেৰে সন্মানিত হৈছিল জয়ন্ত হাজৰিকা। “আগলি বতাহ” নামেৰে এই বিখ্যাত ৰেকৰ্ডখনেৰে জয়ন্ত হাজৰিকা উজ্বলি উঠিছিল। ৰাতিটোৰ ভিতৰতে মাথোঁ ১৮ বছৰ বয়সত এগৰাকী কণ্ঠশিল্পী হিচাপে জয়ন্ত হাজৰিকা ৰাজ্যখনতেই জনপ্ৰিয় হৈ পৰিছিল
জয়ন্ত হাজৰিকাই যিকোনো বাদ্য অলপ সময় হাতত লৈয়ে এগৰাকী অভিজ্ঞ তথা পূৰঠ শিল্পীৰ নিচিনাকৈ বজাব পাৰিছিল। এনে বাদ্যৰ ভিতৰত যিদৰে আছিল অসমৰ দোতাৰা, সেইদৰে আছিল ৰাছিয়াৰ ডোমৰা। ১৯৫৫ চনত ভূপেন হাজৰিকাই পৰিৱেশন কৰা “সাগৰ সঙ্গমত” কালজয়ী গীতটোত জয়ন্ত হাজৰিকাই যাদুকৰী হাতৰ পৰসেৰে সংগত কৰা বংগোৰ ধ্বনিয়ে অগণন শ্ৰোতা-জনতাৰ আবেগ-অনুভূতি শিহৰাই তুলিছিল। তেতিয়া জয়ন্ত হাজৰিকাৰ বয়স আছিল ১২ বা ১৩ বছৰ। এনেধৰণৰ অসাধাৰণ প্ৰতিভাৰে জয়ন্ত হাজৰিকা হৈ পৰিছিল এগৰাকী বিস্ময়কৰ বালক।
১৯৫০-৬০ৰ দশকত ভূপেন হাজৰিকাৰ অনুষ্ঠানসমূহত জয়ন্ত হাজৰিকাই সংগীত ব্যৱস্থাপনাৰ স্বীকৃতিবিহীন অথচ গুৰুদায়িত্ব পালন কৰি হঠাতে এখন লং প্লেইন ৰেকৰ্ড উলিয়াইছিল। ব্ৰজেন বৰুৱাৰ অৰ্কেষ্ট্ৰাত আৰু ভূপেন হাজৰিকাৰ সংগীতানুষ্ঠানত বাদ্য সংগত কৰি এক পৃথক শৈলীৰ সংমিশ্ৰণেৰে আধুনিক যন্ত্ৰ সংগীতেৰে অসমৰ চহকী লোকসংস্কৃতি প্ৰতিফলিত কৰি ৰেকৰ্ডখনৰ জৰিয়তে পৰিৱেশন কৰা গীতসমূহৰ মাজেৰে অসমীয়া আধুনিক গীতক এক অন্য ৰূপত প্ৰতিষ্ঠা কৰিছিল।
জয়ন্ত হাজৰিকাৰ প্ৰতিটো গীতত লোকসংস্কৃতিৰ পয়োভৰে আজিও তেওঁৰ গীতসমূহক সকলোৰে মাজত চিৰনতুন আৰু জনপ্ৰিয় কৰি ৰাখিছে। তেওঁৰ গীতসমূহ কেৱল মুখস্থ কৰি পৰিৱেশন কৰিলে নহ’ব তেওঁৰ গীতসমূহ তেজে তেজে প্ৰবাহিত হ’ব লাগিব। তেতিয়াহে তেওঁ গীতৰ উচিত মূল্যায়ন হ’ব। অৱশ্যে ইতিবাচকভাৱে আজিৰ নতুন পুৰুষে জয়ন্ত হাজৰিকাৰ গীতসমূহক হৃদয়ত স্থান দিবলৈ সক্ষম হৈছে।
শৈশৱ-কৈশোৰৰ সন্ধিকালত গণ নাট্য আন্দোলনৰ প্ৰভাৱেৰে প্ৰভাৱিত জয়ন্ত হাজৰিকা আছিল এক প্ৰতিবাদী সত্বা। তেওঁৰ প্ৰতিটো গীত স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু দেশ প্ৰেমেৰে ভৰা। ১৯৭৭ চনত গঠন কৰা “সুৰবাহিনী”ৰ জৰিয়তে জয়ন্ত হাজৰিকাই নিজকে এগৰাকী “স্ত্ৰীত ছিংগাৰ” হ’ব বুলি ঘোষণা কৰি সদায়ে দুৰ্গত লোকসকলত মাজত থিয় দিছিল।
তেওঁ সংগীত জগতৰ প্ৰকৃততে মাত্ৰ ডেৰটা দশকৰ বাবে কাম কৰিব পৰিছিল। মাত্ৰ ডেৰকুৰি মান গীত উপহাৰ দিয়া জয়ন্ত হাজৰিকাক সেই এমুঠিমান গীতৰ সাৰ্বজনীনতাই তেওঁক আজিলৈকে আমাৰ মাহত জীৱন্ত কৰি ৰাখিছে।
জয়ন্ত হাজৰিকাই অসমৰ শিল্পীসকলৰ প্ৰকৃত জীৱন ছবিখন উদঙাই দি কোৱা এষাৰ কথা আজিও সজীৱ হৈ আছে। তেওঁ কৈছিল – “আমাৰটো ১ তাৰিখ নাই যে দৰমহা পাম। গতিকে গীত গাই দু পইচা নাৰ্জিলে চলিম কেনেকৈ?”
২০ ছেপ্টেম্বৰ জয়ন্ত হাজৰিকাৰ ৮২তম্ ওপজা দিন। তেওঁৰ ওপজা দিনৰ এই পবিত্ৰক্ষণত এই যুগজয়ী শিল্পীগৰাকীক জনাইছোঁ অলেখ শুভকামনা আৰু শ্ৰদ্ধা।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.