• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জয় মা কালী – যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ!

ASSAMESE SECTION/ Maa Kali / Spirituality

by Editor
October 20, 2025
in Spirituality, Special Report, Spirituality
Reading Time: 3 mins read
0
জয় মা কালী – যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ!
Share on FacebookShare on TwitterShare on LinkedIn

জয় মা কালী – যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ!

ত্ৰিকাল আনন্দ মহাৰাজ

“স্ত্ৰিয়ঃ সমস্তাঃ সকল জগৎসু”– শ্ৰীচন্ডী ১১/৬, অৰ্থাৎ, সংসাৰৰ সকলো নাৰীয়েই মা মহামায়াৰ প্ৰতিমূৰ্তি। শ্ৰীৰামকৃষ্ণ পৰমহংস, শ্ৰীৰামপ্ৰসাদ, বা সাধক বামাক্ষ্যেপা ভক্তিৰ প্ৰকোপত যি ধৰা দিছিল সেই গৰাকী ব্ৰহ্ম প্ৰসৱিণী মা-ই আমাৰ সকলোৰে পৰম আৰাধ্যা; সৃষ্টি স্থিতি সংহাৰকাৰিণী, মহাকালী। প্ৰলয়ৰ অন্তত যি অকল্পনীয় তমানিশাৰ অন্ধকাৰত সম্পূৰ্ণ ব্ৰহ্মাণ্ড হাজাৰ হাজাৰ বছৰ ধৰি ডুবি থাকে – সেয়াই মা-কালী।

কাল আৰু মহাকালক প্ৰলয়ৰ সময়ত তেওঁ নিজৰ মাজত সমাহিত কৰি লয় আৰু তেতিয়া একোৰেই অস্তিত্বৰ অৱশিষ্ট নাথাকে, সেয়াই কালী। মহাকাল সংহিতা অনুসৰি এই কালী আদ্যাকালী, দক্ষিণাকালী। কোৱা হয় যে দক্ষিণে যমৰ অৱস্থান। কালী নামৰ দ্বাৰা ভীত হৈ যম পৰ্যন্তও পলাই ফাঁট মাৰে। এইকাৰণে ত্ৰিজগতত কালী দেৱী দক্ষিণাকালী নামেৰেও পৰিচিত। আকৌ, দক্ষিণামূৰ্তি নামৰ ভৈৰৱৰ আৰাধ্যা বুলিও তেওঁক দক্ষিণাকালী বোলা হয়। অসুৰ দলনী এই দেৱী মূলতঃ কঠিন আৰু কোমল ৰূপৰ অনন্য প্ৰকাশ। অসচেতনৰ পৰা চেতন ব্ৰহ্মবিদ্যাৰ মূল। সেই যে কোৱা হয়, ‘মোৰ চেতনাৰ চৈতন্য কৰি দিয়া হে মা চৈতন্যময়ী..’।


কালী কৃষ্ণা, কৃষ্ণবৰ্ণা। পৰমাপ্ৰকৃতি কালীৰ ৰূপ ধ্যান কৰা হৈছেঃ


‘ওঁ কৰালবদনাং ঘোৰাং মুক্তকেশীং চতুৰ্ভুজাং। কালিকাং দক্ষিণাং দিব্যাং মুন্ডমালা বিভূষিতাম।

সদ্যশ্ছিন্নশিৰঃ খড়্গবামাধোৰ্দ্ধকৰাম্বুজাম।অভয়ং বৰদঞ্চৈৱ দক্ষিণোৰ্দ্ধাধঃ পানিকাম।

মহামেঘপ্ৰভাং শ্যামাং তথা চৈব দিগম্বৰীম।কন্ঠাবসক্তমুন্ডলী গলৰুধিৰ চৰ্চিতাম।

কৰ্ণাবতংসতানীতশবযুগ্ম ভয়ানকাম।ঘোৰদ্ৰংষ্ট্ৰাং কৰালাস্যাং পীনোন্নত পয়োধৰাম।

শবানাং কৰসংঘাতৈঃ কৃতকাঞ্চিং হসনমুখিং।সৃক্কদ্বয়গলদৰক্ত ধাৰা বিস্ফোৰিতাননাম।

ঘোৰৰাবাং মহাৰৌদ্ৰীং শ্মশানলয়াবাসিনীম।বালাৰ্কমন্ডলাকাৰং লোচনত্ৰিতয়ান্মিতাম।

দন্তুৰাং দক্ষিণব্যাপী মুক্তালম্বিকাচোচ্চয়াম।শবৰূপমহাদেবহৃদয়োপৰি সংস্থিতাম।

শিবাভিৰ্ঘোৰৰাবাভিশ্চতুৰ্দিক্ষু সমন্বিতাম।মহাকালেন চ সমং বিপৰীতৰতাতুৰাম।

সুখপ্ৰসন্নবদনাং স্মেৰাননস্মতোৰোৰু হাম।এবং সঞ্চিন্তয়েৎ কালীং ধৰ্মকামাৰ্থ সিদ্ধিদাম।

জয় মা কালীঃ যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ


কালী। এই শব্দ উচ্চাৰণ কৰিলে কাল-ই বা কাল-ঈ বুজায়। অনাদি আৰু অনন্ত মহাকালেই, অৰ্থাৎ ভূত – ভৱিষ্যত আৰু বৰ্তমানৰূপী মহাকাল-ঈ = কালী বা মহাকালী।

কালী কৰাল – বদনা। কালৰ কোলাত সকলো লয় পায়। মহাকালে সৃষ্টিৰ পৰা চিৰকালেই সমস্তকে ‘কলন’ অৰ্থাৎ গ্ৰাস বা কালগ্ৰস্ত কৰিছে, আৰু সেইকাৰণে তেওঁ জগৎ সংহাৰক ‘মহাকাল’। মহাপ্ৰলয় কালত এই মহাকালকো যিয়ে গ্ৰাস কৰে বা নিজৰ অঙ্গত লয় কৰে, তেৱেঁই কৰালবদনা। সমগ্ৰ ব্ৰহ্মাণ্ডৰ সেই শেষ বা অন্তিম লয়লীলাৰ মাজতো তেওঁ সততে কালক ঈক্ষন, অৰ্থাৎ দৰ্শন কৰে বাবেই তেওঁ কাল+ ঈ= কালী। জগত সংসাৰৰ নিত্য সৃষ্টি আৰু পুষ্টিৰ দৰে সংহাৰ কাৰ্যও তাৰ দ্বাৰা সম্পন্ন হয়। তেওঁৰ কৰালবদন নিত্য প্ৰকটিত। সংসাৰৰ জীৱনবোৰৰ মুখবোৰে স্থূলভাৱে তেওঁৰ কৰালবদনৰ মহিমাকেই প্ৰকাশ কৰে। এই কৰালবদনা আকৌ সময় বিশেষে তেওঁৰ কঠোৰতাৰো নিদৰ্শন, তেওঁ ঘোৰাং।

‘তম আসীত্তমসা গূঢ়মগ্ৰে’- ঋকবেদ। অৰ্থাৎ, সৃষ্টিৰ পূৰ্বে আছিল তমঃ। সেই তমসাত সকলো আচ্ছন্ন হৈ আছিল। এনে আদি তমঃ হ’ল কালী। মহানিৰ্বাণ তন্ত্ৰত আছে,’ সৃষ্টেৰাদৌ ত্বমেকাসীৎ তমোৰূপগোচৰম। পুৰঃ স্বৰূপনাসাদ্য তমোৰূপং নিৰাকৃতিঃ।। বাচ্যতীতং মনোহগম্যং ত্বমেকৈব অবশিষ্যমে।’
অৰ্থাৎ, শিৱই দেৱীক কৈছে – সৃষ্টিৰ আৰম্ভণিতে বাক্য আৰু মনৰ অতীত তমোৰূপে তুমি অকলে বিৰাজমান হৈ আছিলা। প্ৰলয়ৰ পিছত তুমিয়েই পুনৰ তোমাৰ নিৰাকাৰ, বাক্যৰ অতীত, মনৰ অগম্য তমোস্বৰূপ প্ৰাপ্ত হৈ তুমিয়েই অদ্বিতীয়া হৈ অৱশিষ্ট হৈ ৰোৱা। 

কালী মুক্তকেশী, দিগম্বৰী। অৰ্থাৎ দিগবস্ত্ৰা। বস্ত্ৰ আৱৰণ। মূলতঃ সৰ্বাধিক সুক্ষ্ম আৱৰণ হ’ল মায়া। কিন্তু কালী পূৰ্ণব্ৰহ্মময়ী বাবে মায়াতীতা। সেয়ে কালী আৱৰণহীনা দিগম্বৰী। তেওঁ মুক্তকেশী। অৰ্থাৎ, মায়া হ’ল পাশ বা বন্ধনৰ প্ৰতীক; অনন্ত জীৱকোটিক মুক্তকেশ বা মায়াপাশেৰে তেওঁ আৱদ্ধ কৰি ৰাখে। তেওঁ ব্ৰহ্মা, বিষ্ণু, শিৱৰো মুক্তিবিধান কৰে। কেশ, অৰ্থাৎ ক+অ+ঈশ। ক- ব্ৰহ্মা, অ-বিষ্ণু, ঈশ- শিৱ। নিৰুত্তৰ তন্ত্ৰত কোৱা হৈছে, কালী ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ভক্তিমুক্তিদায়িনী। “মহাকল্পতৰু কালী অনিৰুদ্ধ সৰস্বতী। ব্ৰহ্মাবিষ্ণুমহেশানাং ভক্তিমুক্ত্যেককাৰণাম।”- নিৰুত্তৰ তন্ত্ৰ। 

আকৌ, মুক্তকেশী বুলি কোৱাৰ দ্বাৰা কেশবিন্যাসৰ বিলাসহীনতা বা বিকাৰহীনতাও বুজায়। দেৱী কালী নিৰ্বিকাৰ, গলত মুন্ডমালা পৰিধান কৰে। অৰ্থাৎ, ৰিপু তেওঁৰ অধীন। জীৱনৰ দেহাৱশেষ য’ত শেষ হয়, সেই শ্মশানত তেওঁৰ বাস। ভক্তৰ প্ৰতি তেওঁ সদা কৰুণাময়ী আৰু অভয় প্ৰদানকাৰী। সেয়েই তেওঁ সুখপ্ৰসন্নবদনা হাস্যযুক্তা। বন্ধন আৰু মুক্তিৰ কাৰক, আকৌ কঠোৰতা তথা কোমলতা – দুয়োটা তেওঁতেই বিদ্যমান। মহাকালক অৱলীলাৰে গ্ৰাস আৰু পুনৰ উদ্গীৰণকাৰী প্ৰলয়ঙ্কৰী ক্ৰিয়াৰ চলেৰে শৱৰূপী শিৱৰ হৃদয়ত পদচাৰী। লোলজিহ্বা আৰু দন্তসমূহেৰে ভক্ত বা সন্তানসকলৰ ৰসনাক নিপীড়ণ কৰি নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ যম বা সংযমৰ ইঙ্গিত দিছে।

জগতজননী কালী পীনোন্নত পয়োধৰা। স্তনৰূপ অন্নৰে তেওঁ ত্ৰিজগত প্ৰতিপালন কৰিছে। আকৌ, তেওঁ ধৰ্ম, অৰ্থ, কাম, মোক্ষ আদি চতুৰ্বৰ্গ ফল প্ৰদায়িনী। চতুৰ্ভুজা দেৱী বৰ আৰু অভয় প্ৰদানকাৰী। উল্লেখযোগ্য যে বৃত্ত ৩৬০ ডিগ্ৰী;  আৰু ৯০ ডিগ্ৰীকৈ চাৰি ভাগ কৰিলে চাৰিভাগ, অৰ্থাৎ চাৰি বাহু বা ভুজ। সেয়েহে কালী পূৰ্ণৰূপা, মহাকাশৰূপিণী। আকাশ ব্ৰহ্ম, কালীও ব্ৰহ্ম। মহাকাশক পূৰ্ণবৃত্ত বুলি ধৰিলে কালী চতুৰ্ভুজা।

মহানিৰ্বাণতন্ত্ৰত ভগৱান শিৱই দেৱীক কৈছে, ‘ ত্বং পৰাপ্ৰকৃতিঃ সাক্ষাৎ ব্ৰহ্মণঃ পৰম আত্মনঃ । ত্বতো জাতং জগৎ সৰ্বং ত্বং জগজ্জননী শিবে।’ (অৰ্থাৎ, যি পৰমাত্মা আৰু পৰব্ৰহ্ম, তেওঁৰ সৈতেই তোমাৰ একমাত্ৰ সাক্ষাৎ আৰু নিত্য সম্বন্ধ। তুমি তেওঁৰ পৰাপ্ৰকৃতি। শিবে, তোমাৰ পৰাই সমুদায় ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে। গতিকে তুমিয়েই নিখিল জগতৰ জননী।)

জয় মা কালীঃ যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ


ভগৱান শিৱই দেৱীক পুনৰ কৈছে, ‘মহদাদ্যনুপৰ্যন্তং যদেতৎ সচৰাচৰম। ত্বয়ৈবোৎপাদিতং ভদ্ৰে ত্বদধীনমিদং জগৎ। ত্বমাদ্যা সৰ্ববিদ্যানাম অস্কামপি জন্মৰ্ভুঃ। ত্বং জানাসি জগৎ সৰ্বং ন ত্বাং জানাতি কশ্চন।’ অৰ্থাৎ, মহতত্ত্বৰ পৰা পৰমাণু পৰ্যন্ত এই সমুদায় চৰাচৰ জগত মহাকালীৰ দ্বাৰা সমুৎপন্ন আৰু সমুদায় জগত তেওঁৰ অধীন। কালী সকলোৰে আদি কাৰণ। সমুদায় মহাবিদ্যা, সিদ্ধবিদ্যা, বিদ্যা আৰু উপবিদ্যা তেওঁৰ পৰাই সৃষ্টি হৈছে।

শিৱই কৈছে, আনকি ব্ৰহ্মা, বিষ্ণু প্ৰভৃতি দেৱগণৰ লগতে ময়ো তোমাৰ পৰাই উৎপন্ন হৈছো। তুমি অখিল ব্ৰহ্মাণ্ডৰ বিষয়ে অৱগত, কিন্তু তোমাক কোনেও নাজানে। 

শিৱই কৈছে, ‘ত্বং কালী তাৰিণী দূৰ্গা ষোড়শী ভুবনেশ্বৰী। ধুমাবতী ত্বং কালী ভৈৰৱী ছিন্নমস্তা।’- মহানিৰ্বাণতন্ত্ৰ। অৰ্থাৎ, হে দেৱী, তুমিয়েই কালী, তুমিয়েই দূৰ্গা, তুমিয়েই তাৰা, তুমিয়েই ভুবনেশ্বৰী, তুমিয়েই ধুমাবতী তুমিয়েই বগলা, তুমিয়েই ভৈৰবী, তুমিয়েই ছিন্নমস্তা। মহাভাগৱত পুৰাণত কোৱা হৈছে, দেৱীৰ বিভিন্ন ৰূপৰ মাজত দশমহাবিদ্যা সৰ্বাধিক প্ৰকৃষ্টা (‘এতা সৰ্বা প্ৰকৃষ্টাস্তু মূৰ্তয়ো বহুমূৰ্তিষু’)। চামুন্ডাতন্ত্ৰত আছে, ‘কালীতাৰা মহাবিদ্যা ষোড়শী ভুবনেশ্বৰী ভৈৰবী ছিন্নমস্তা চ বিদ্যা ধুমাবতী তথা। বগলা সিদ্ধবিদ্ধা চ মাতঙ্গী কমলাত্বিকা। এতা দশমহাবিদ্যাঃ সিদ্ধবিদ্যা প্ৰকিৰ্তীতা।’ 

মহাভাগবত পুৰাণৰ অষ্টম অধ্যা‌য়ত দাক্ষায়নী সতীৰ জন্মবৃত্তান্ত, শিৱৰ সৈতে বিবাহ, দক্ষযজ্ঞ, অৱশেষত সতীৰ দশমহাবিদ্যা ৰূপ প্ৰকাশৰ কাহিনী বৰ্ণনা কৰা হৈছে। দেৱীয়ে মানবীৰূপে জগতত আৱিৰ্ভূত হোৱাৰ পিছত যোগেশ্বৰ মহেশ্বৰ মহাশক্তিৰ আৰাধনা কৰি বৰপ্ৰাপ্ত  হয়। মানবীৰূপ ধৰিবলৈ তেওঁ প্ৰজাপতি দক্ষৰ পত্নীৰ গৰ্ভত থিতাপি লয় আৰু জন্মগ্ৰহণ কৰে। অৱশেষত ডাঙৰ দীঘল হৈ সতীয়ে শিৱৰ গলত বৰমালা প্ৰদান কৰে যদিও দক্ষই সেয়া মানি নললে।

পিছলৈ এক মহাযজ্ঞৰ আয়োজন কৰা দক্ষই সেই যজ্ঞলৈ শিৱ আৰু সতীক আমন্ত্ৰণ নজনালে। তেতিয়া সতীয়ে বিনা আমন্ত্ৰণ সত্বেও যজ্ঞত উপস্থিত হ’বলৈ ইচ্ছা কৰাত শিৱই মৃদুভাৱে আপত্তি কৰে। শিৱই কয়, ‘ জানামি বাগবহিৰ্ভূতাং ত্বামহং দক্ষকন্যকে। যথা ৰুচি কুৰু তঞ্চ মমাজ্ঞাং কিং প্ৰতীক্ষসে?’- অৰ্থাৎ, হে দক্ষকন্যা, মই জানো যে তুমি মোৰ কথা শুনিবলৈ বাধ্য নোহোৱা। তোমাৰ যি ইচ্ছা তাকেই কৰা। মোৰ আজ্ঞাৰ অপেক্ষা কিহলৈ? শিৱৰ এনে কথা শুনি সতী ক্ৰুদ্ধ হৈ উঠিল আৰু ভাবিলে যে শিৱই পত্নীৰূপে তেওঁক ত্যাগ কৰি নিজ লীলাস্বৰূপে অৱস্থান কৰিবলৈ চিন্তা কৰিছে!( ‘সংস্থাস্যামি কিয়ৎকালং স্বস্থানং নিজলীলয়া। ত্যক্তৈনমপি দৰ্পিষ্ঠং পিতৰঞ্চ প্ৰজাপতিং’!)

জয় মা কালীঃ যাৰ মাজত লয় হয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ

এইদৰে ভাবি দেৱীয়ে মহা ভয়ংকৰী কালীৰূপ ধাৰণ কৰিলে। তেওঁৰ দিগম্বৰী আলুলায়িত কুন্তলা লোলজিহ্বা কৃষ্ণাঞ্জনসম প্ৰভা মুন্ডমালিনী মূৰ্তি দেখি শিৱই মূঢ়ৰ দৰে এক দিশ নিৰ্ণয় কৰি সেইপিনে লক্ষ্য কৰি পলায়ন কৰিবলৈ ধাবিত হ’ল। তেতিয়া দেৱীয়ে দয়া পৰৱশ হৈ শিৱক সুস্থিৰ কৰিবলৈ মুহুৰ্ততে দহটা মূৰ্তি ধাৰণ কৰি দহোটা দিশত অৱস্থান কৰিলে। শিৱ যিপিনেই যায়, সেইপিনেই দেখা পায় ভয়ংকৰ মূৰ্তি। পলাবলৈ পথ বিচাৰি নাপাই শিৱই নিজৰ চকু বন্ধ কৰিলে। পুনৰ চকু মেলি দেখে সেই একেই ভয়ংকৰ মূৰ্তি। শিৱই সুধিলে, কোন তুমি শ্যামা? মোৰ মৰমৰ সতী ক’ত?

দেৱীয়ে হাঁহি হাঁহি ক’লে, চিনিব পৰা নাই? ময়েই তোমাৰ সতী। মই এতিয়া সৃষ্টি স্থিতি সংহাৰকাৰিণী সূক্ষ্মা প্ৰকৃতি। তোমাৰ সহধৰ্মিণী হ’বলৈ মই গৌৰবৰ্ণ ধাৰণ কৰিছিলো। আৰু দহোটা দিশত যি দহটা ভয়ংকৰ মূৰ্তি দেখিছা, সেয়াও মোৰেই ৰূপ। গতিকে মহামতি শম্ভূনাথ, বিতত নহ’বা ( ‘অহং তু প্ৰকৃতি, সূক্ষ্মা সৃষ্টি সংহাৰকাৰিণী। অভবং ত্বদবনিতায়ৈ ত্বদৰ্থে গৌৰদেহিকা। দশদিক্ষু মহাভীমা যা এতা দশমূৰ্তয়ঃ। সৰ্বা মমৈব মা শম্ভো ভয়ং কুৰু মহামতে।’)।

দেৱীয়ে ক’লে, সৰ্বশক্তিৰ আধাৰ স্বৰূপা সূক্ষ্মা অখন্ড অৰূপ মূলা প্ৰকৃতিও তেৱেঁই। সতীয়ে শিৱক পুনৰ ক’লে, তোমাৰ সন্মুখত ভীমনয়না কৃষ্ণবৰ্ণা কালী, অন্তৰীক্ষদেশে শ্যামবৰ্ণা কালৰূপিনী তাৰা, দক্ষিণে ছিন্নমস্তা, বাওঁফালে ভুবনেশ্বৰী, পিছফালে বগলামুখী, বহ্নিকোণত ধুমাবতী, নৈঋতকোণত সুন্দৰী কমলা, বায়ুকোণত মাতঙ্গী, ঈশানকোণত ষোড়শী আৰু তোমাৰ অভ্যন্তৰত ভৈৰৱী ৰূপে ময়েই অৱস্থান কৰিছো। তুমি বিচাৰিলেই এতিয়াই মই মহাবিদ্যাগণ সহকাৰে দক্ষগৃহত শিৱবিদ্বেষী যজ্ঞ বিনাশ কৰিব পাৰো।

তেতিয়া শিৱই ক’লে, ‘সৰ্বস্বৰূপিনী ভগৱতীয়ে লোকশিক্ষাৰ্থে মানৱী ৰূপ ধাৰণ কৰি শিৱপত্নী হিচাপে বিৰাজ কৰিলেও শিৱৰ সাধ্য ক’ত – নিৰ্দেশ দিয়াৰ! বৰং সতীয়ে যি বিচাৰে সেয়ে হ’ব। শিৱই আৰু ক’লে যে তোমাক পৰমাপ্ৰকৃতি পৰমেশ্বৰী বুলি চিনি পালো, মোক ক্ষমা কৰা। কাৰণ, মায়ামোহত অন্ধ হৈ প্ৰভুত্বাভিমানী হৈ তোমাক নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিলো। তোমাৰ বাবে বিধি-নিষেধ কি থাকিব পাৰে? তুমি আদ্যাশক্তি পৰমাবিদ্যা সৰ্বভূতত অৱস্থিতা স্বতন্ত্ৰা।
সেই পৰমাপ্ৰকৃতি আদ্যাশক্তিয়ে দক্ষৰ দৰ্প চূৰ্ণ কৰিছিল। তাৰেই ফলশ্ৰুতি ভাৰতৰ আৰু ভাৰতৰ বাহিৰৰ ৫১ শক্তিপীঠ। কুব্জিকাতন্ত্ৰত কোৱা হৈছে, প্ৰকৃতি বা শক্তি অবিহনে ত্ৰিদেব ব্ৰহ্মা বিষ্ণু আৰু শিৱই কোনো কাম কৰিবলৈ সক্ষম নহয়। 

মূলতঃ যি কালী, তেৱেঁই শিৱ, তেৱেঁই ব্ৰহ্মা, তেৱেঁই কৃষ্ণ, তেৱেঁই সৰ্ব দেৱ-দেৱী। দশমহাবিদ্যাক যিজনে অভেদ জ্ঞান কৰে, তেওঁৰ মুক্তি নিশ্চিত। শিৱ আৰু শক্তিৰ অভিন্নভাবৰ সম্বন্ধ। প্ৰত্যেক মহাবিদ্যাৰ একোগৰাকীকৈ ভৈৰৱ বা শিৱ আছে। যিয়ে বিশ্ব ব্ৰহ্মাণ্ডক ভৰণ বা ধাৰণ কৰে আৰু পোষণ কৰে, তেৱেঁই ভৈৰৱ।

শক্তিসঙ্গমতন্ত্ৰত কালিকাৰ ভৈৰৱ মহাকাল, তাৰাৰ অক্ষোভ্য, ত্ৰিপুৰসুন্দৰীৰ ললিতেশ্বৰ, ছিন্নমস্তাৰ বিকৰালক, ভুবনেশ্বৰীৰ মহাদেব, ধুমাবতীৰ কালভৈৰৱ, মহালক্ষ্মী কমলাৰ নাৰায়ণ, ভৈৰৱীৰ বটুক, মাতঙ্গীৰ মতঙ্গ বা সদাশিৱ, আৰু বগলাৰ ভৈৰৱ মৃত্যুঞ্জয়।

জয় মা কালী, তোমাৰ জয় হওঁক।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিষ্ণুমহেশ্বৰমা-কালী
Editor

Editor

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d