• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

জলবায়ু ন্যায় ১০১ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যুৱ প্ৰজন্ম

ASSAMESE SECTION / Climate Change

by PAHARI BARUAH
July 25, 2026
in Climate Change
Reading Time: 7 mins read
0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park
Share on FacebookShare on TwitterShare on LinkedIn

জলবায়ু ন্যায় ১০১ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যুৱ প্ৰজন্ম

CLIMATE JUSTICE 101

পাহাৰী বৰুৱা

Pahari Baruah
পাহাৰী বৰুৱা

এগৰাকী ছাত্ৰীয়ে কোৱা অনুসৰি – ২০২৬ চনৰ জুন মাহৰ ১৮ তাৰিখে পুৱা প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিয়াৰ সময়ত, সেইদিনাৰ পৰা পিছৰ কেইটামান দিনে তেওঁলোকক কেনে এক পৰিৱেশলৈ লৈ যাব – সেয়া তেওঁলোকৰ কল্পনাৰো অতীত আছিল।

বক্তৃতাৰ মঞ্চৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিলৈ, পাঠ্যপুথিৰ তত্ত্বৰ পৰা ব্ৰহ্মপুত্ৰৰ চাপৰিত অকলে অকলে গছ ৰোপণ কৰি কৰি এখন বিশাল অৰণ্য সৃষ্টি কৰা মানুহজনৰ সৈতে হোৱা সাক্ষাৎ আৰু তেওঁৰ তত্ত্বাৱধানত বৃক্ষ ৰোপণলৈকে।
জলবায়ু ন্যায় ১০১ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যুৱ প্ৰজন্ম

প্ৰতিদিনে লাভ কৰা শিক্ষা, ক্ষেত্ৰীয় অভিজ্ঞতা আৰু সমাজ-কেন্দ্ৰিক অনুশীলনৰ সৈতে সৰ্বমুঠ ৬০ ঘণ্টাৰ গঠনমূলক পাঠ্যক্ৰমৰ জৰিয়তে, জলবায়ু ন্যায় ( Climate Justice)১০১ ইণ্টাৰ্নশ্বিপৰ সেই অধ্যায়টো ইতিমধ্যে উত্তৰ-পূব অঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অন্যতম শ্ৰেষ্ঠ জলবায়ু শিক্ষাৰ প্ৰয়াস হিচাপে প্ৰতিষ্ঠিত হৈছে বুলি বিজ্ঞসকলে তথা শিক্ষাবিদ সকলে মত পোষণ কৰিছে।

মহাবাহু ক্লাইমেট ফ’ৰামৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক অসমৰ নদীৰ নামেৰে দহটা উপদলত ভগোৱা হৈছিল – ব্ৰহ্মপুত্ৰ, বৰাক, আই, সোৱনশিৰি , কালদিয়া, পাগলাদিয়া আদি -আৰু এই নামকৰণেই কাৰ্যসূচীৰ মূল বাৰ্তাটো সূক্ষ্মভাৱে প্ৰতিফলিত কৰে: জলবায়ু ন্যায় এক নদী প্ৰণালীৰ দৰেই তলৰ পৰাই ওপৰলৈ প্ৰবাহিত হয়।

বৈজ্ঞানিক ভেঁটি স্থাপন

প্ৰথম দুটা দিনত এক কঠোৰ শৈক্ষিক পৰিৱেশ সৃষ্টি হৈছিল। মহাবাহু ক্লাইমেট ফ’ৰামৰ সভাপতিয়ে বিশ্ব উষ্ণতাবৃদ্ধিৰ ঐতিহাসিক আৰু বৰ্তমানৰ গতি-প্ৰকৃতিৰ ওপৰত এক বৈজ্ঞানিক পৰ্যালোচনাৰে কাৰ্যসূচী মুকলি কৰাৰ পিছত উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই ঔদ্যোগিক বিপ্লৱ, কাৰ্বন নিৰ্গমন বৃদ্ধি আৰু ইথানল উৎপাদনৰ প্ৰক্ৰিয়াৰ মাজৰ সম্পৰ্ক বিশদভাৱে ব্যাখ্যা কৰে।

Dhanpati Deka 2

নতুন চিন্তাৰ বাহক , উপাচাৰ্য অধ্যাপক ধনপতি ডেকা

পঞ্জীয়ক ড॰ মনজিত দাসে ইথানল-মিশ্ৰিত ইন্ধনৰ ওপৰত এক অৰ্থনৈতিক দৃষ্টিভংগীৰে আলোচনা আগবঢ়ায়, যাৰ জৰিয়তে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কমাৰ সম্ভাৱনাৰ লগতে বৰ্তমানৰ যানবাহনৰ ইঞ্জিনৰ কাৰ্যক্ষমতাত পৰিব পৰা প্ৰভাৱৰ কথাও উল্লেখ কৰে, লগতে E20 ইন্ধনৰ জৰিয়তে ইতিমধ্যে হোৱা কাৰ্বন নিৰ্গমন হ্ৰাসৰ কথাও কয়।

দিনটোৰ শেষত সমগ্ৰ অধ্যায়ৰ নেতৃত্ব বহন কৰা ঋতুৰাজ ফুকনে এই স্থানীয় আলোচনাসমূহক UNFCCC, পেৰিছ চুক্তি, আৰু UNCCDৰ COP17ৰ দৰে বিশ্বব্যাপী কাঠামোৰ সৈতে সংযোগ কৰি অংশগ্ৰহণকাৰীসকলক প্ৰথম দায়িত্ব প্ৰদান কৰে।

জলবায়ু ন্যায় ১০১ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যুৱ প্ৰজন্ম

দ্বিতীয় দিনটো আপদ বা দুৰ্যোগ ব্যৱস্থাপনা আৰু জনস্বাস্থ্যৰ ফালে ঢাল খায়। ASDMA ( অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ)ৰ মন্দিৰা বুঢ়াগোহাঞিয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ওপৰত নীতি-কেন্দ্ৰিক সমল উপস্থাপন কৰে, অসমৰ সঁহাৰি ব্যৱস্থাৰ বিষয়ে বিতংভাৱে কয় – NDRF আৰু SDRFৰ প্ৰথম সহাৰিদাতাৰ পৰা বানপানীজনিত মৃত্যুৰ ক্ষেত্ৰত ৪৮ ঘণ্টাৰ ভিতৰত প্ৰদান কৰা আৰ্থিক সাহায্য ব্যৱস্থালৈকে। 

বজালী জিলা জনস্বাস্থ্য বিভাগৰ প্ৰতিনিধি হিচাপে কাৰ্যবাহী অভিযন্তা প্ৰণৱ ডেকাই স্বচ্ছ ভাৰত আৰু জল জীৱন মিছনৰ বিষয়ে আলোকপাত কৰে, আনহাতে অণুজীৱ বিজ্ঞানী সৌৰভ হালৈয়ে এক চিন্তনীয় তথ্য দাঙি ধৰে – প্ৰায় ৮০ শতাংশ ৰোগৰ মূল কাৰণ হৈছে অশুদ্ধ পানী, য’ত মাইক্ৰ’প্লাষ্টিক, কলিফৰ্ম আৰু ই-কলাই সংক্ৰমণ, লগতে নাইট্ৰেট-জনিত ব্লু বেবি ছিণ্ড্ৰ’ম অন্তৰ্ভুক্ত হৈ থাকে।

তেওঁ কঠিন আৰু তৰল বৰ্জ্য ব্যৱস্থাপনাৰ ওপৰত এক গুৰুত্বপূৰ্ণ দৃশ্য -শ্ৰৱ্য তথ্যসমৃদ্ধ চিত্ৰ মালা উপস্থাপন কৰে। সেইদিনাই উত্তৰ কামৰূপৰ আঞ্চলিক বন বিষয়া টি.চি. ৰঞ্জিত ৰাম আৰু মহাবাহু ক্লাইমেট ফ’ৰামৰ বিজ্ঞানী কৌস্তভ বৰুৱাৰ আঞ্চলিক জীৱ-বৈচিত্ৰ্যৰ ওপৰত এক সমাপনী পৰ্যালোচনাৰ সৈতে দিনটোৰ সামৰণি পৰে।

পাঠশালাৰ পৰা বনাঞ্চললৈ: মানস ৰাষ্ট্ৰীয় উদ্যান অভিমুখে 

Manas 6

প্ৰথম দুদিনৰ তাত্ত্বিক আলোচনাৰ পিছত তৃতীয়দিনা মানস ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞতা আহৰণ কৰা হয়। ৰেঞ্জাৰ বা বনাধিকাৰী প্ৰাঞ্জল তালুকদাৰ ( বাঁহবাৰী ৰেঞ্জ) আৰু বনাধিকাৰী মৃণাল দৈমাৰী ( ভূঞাপাৰা ৰেঞ্জ), লগতে বন বিষয়া খঞ্জন নাথ আৰু গৌতম দাসৰ পৰিচালনাত বাঁহবাৰী আৰু ভূঞাপাৰা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কুৰিবিল, ৰূপহী আৰু মথনগুড়িলৈ জীপ চাফাৰি কৰে, য’ত তেওঁলোকে তৃণভূমি আৰু ঘন বননিৰ পাৰস্পৰিক পৰিৱেশগত সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে – ইয়াৰে সৈতে উপেক্ষিত পহুৰ বিতৰণ কৰা পথাৰবোৰো অন্তৰ্ভুক্ত হয়, যিবোৰো বননিৰ পৰিৱেশগত ভাৰসাম্যৰ দৰেই সমানেই গুৰুত্বপূৰ্ণ। মথনগুড়িত ছাত্ৰ-ছাত্ৰীসকলে বেকী নদীৰ দৰ্শনস্থলী আৰু মানস ঐতিহ্য সংগ্ৰহালয় পৰিদৰ্শন কৰে, CAMPAৰ ঘাঁহনি- নাৰ্চাৰী দৰ্শন কৰে, আৰু quadrate পদ্ধতিৰে আক্ৰমণাত্মক প্ৰজাতি চিনাক্ত কৰিবলৈ শিকে। হৰিণা, ময়ূৰ, হাতী, ধনেশ চৰাই, গড় আদিৰ দৰ্শনৰ দ্বাৰা অঞ্চলটোৰ সংৰক্ষণ প্ৰয়াস সম্পৰ্কেও উপলব্ধি হোৱাত সহায় কৰে।

ব্যৱহাৰিক স্থায়িত্বশীলতা: বৰ্জ্য, পানী আৰু পাৰম্পৰিক জ্ঞান

দুদিনীয়া মানস অভয়াৰণ্যৰ শিক্ষামূলক ভ্ৰমণ সামৰি পঞ্চম দিনা চৌহদলৈ উভতি অহাৰ পাছত, অভিজ্ঞ শিক্ষাবিদ নীতা গাংগুলীয়ে তিনি দিনীয়া, দহ ঘণ্টাৰ স্থায়িত্বশীলতাৰ পাঠ্যক্ৰম মুম্বাইৰ পৰা ‘অনলাইন’ হৈ দৃশ্য শ্ৰব্য পদ্ধতিৰে সুন্দৰকৈ পৰিচালনা কৰে।

তেওঁ ১৭টা বহনক্ষম উন্নয়ন লক্ষ্য (SDGs) ৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়ে, চিগাৰেটৰ টুকুৰাৰ দৰে দৈনন্দিন বৰ্জ্যৰ লুকাই থকা বিষৰ কথা উল্লেখ কৰে, আৰু হাতে-কামে কৰা শূণ্য – বৰ্জ্য কৰ্মশালা পৰিচালনা কৰে, য’ত ছাত্ৰ-ছাত্ৰীসকলে পুৰনি বাতৰি কাকতৰ পৰা আৱৰ্জনাৰ পাত্ৰৰ আৱৰণ আৰু প্লাষ্টিকৰ বটলৰ পৰা ফুলদানী সাজিবলৈ শিকে।

পাছলৈ তেওঁ মাইক্ৰ’প্লাষ্টিকৰ পৰা হোৱা হৰমন-জনিত বিপদৰ কথা আলোচনা কৰে, নিজে উদ্ভৱ কৰা ৬(৫+১) মন্ত্ৰ আৰু ৰন্ধাত ব্যৱহৃত তেল পুনৰ ব্যৱহাৰ কৰা প্ৰকল্পৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰে – তেওঁ সাৱধান কৰি দিয়ে যে ক্লষ্ট্ৰিডিয়াম বটুলিনামৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেল সৰ্বাধিক তিনিবাৰতকৈ বেছি পুনৰ ব্যৱহাৰ কৰা উচিত নহয় – আৰু ছাত্ৰ-ছাত্ৰীসকলক পানী, গুড় আৰু খোলাৰ ১০:১:৩ অনুপাতত ৯০ দিনীয়া প্ৰক্ৰিয়াৰে বীজবল, পচন পাত্ৰ আৰু জৈৱ-এনজাইম বনোৱাৰ প্ৰশিক্ষণ দিয়ে। তেওঁৰ অধিৱেশনৰ সামৰণি পৰে টেৰেৰিয়াম সজা কৰ্মশালাৰে।

Nita Ganguly
নীতা গাংগুলী

নতুন দিল্লীৰ ‘টেৰি’ ( TERI বা দ্যা এনাৰ্জি এণ্ড ৰিচোৰ্ছ ইন্সটিটিউট)ৰ গৱেষক পদ্মজা তালুকদাৰে SDGsক পাৰম্পৰিক পাৰিস্থিতিক জ্ঞান (TEK বা Traditional Ecological Knowledge)ৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰি ইয়াক প্ৰাচীন ভাৰতীয় অনুশীলনৰ মূল স্তম্ভ বুলি বৰ্ণনা কৰে, লগতে বাঁহ ড্ৰিপ জলসিঞ্চন, ঝুম খেতি, পুখুৰী আৰু চাংঘৰৰ দৰে অসমীয়া উদাহৰণ উদ্ধৃত কৰে, ইয়াৰোপৰি সমাজ-চালিত বীজ বেংক আৰু ডং জলসিঞ্চন ব্যৱস্থাক জলবায়ু ন্যায়ৰ জীৱন্ত উদাহৰণ হিচাপে দাঙি ধৰে। 

Padmaza talukdar
পদ্মজা তালুকদাৰ

ইয়াৰোপৰি টিহুৰ ‘বিনবেগ ৰিচাইক্লিং ছাৰ্ভিছেছ প্ৰাইভেট লিমিটেড’ৰ পৰিচালক উৎপল ৰয়ে এক কাৰিকৰী দিশ উপস্থাপন কৰে, thermoset আৰু thermoplastic পদাৰ্থৰ পাৰ্থক্য বুজাই দিয়ে আৰু ভাৰতৰ বছৰি ৩.২ নিযুত মেট্ৰিক টন ই-বৰ্জ্যৰ পৰিমাণৰ কথা জনায়। সেইদিনাই মহাবাহু ক্লাইমেট ফ’ৰামৰ সমন্বয়ক তথা লেখিকা কাকলি দাসে কাজিৰঙাৰ পানবাৰী মিছিং গাঁৱৰ ‘চৰণ আহেম’ (আহাৰ ঘৰ) আৰু ‘আজন উকুম’ (বন্ধু ঘৰ)ৰ দৰে বিকল্প জীৱিকা আৰোহণৰ মডেল, লগতে সমাজ-পৰিচালিত কাজিৰঙা হাটৰ কথা বিশদভাৱে ডাঙি ধৰি এক নতুন দিশ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰে।

kakali das
কাকলি দাস

বিশ্বৰ কণ্ঠস্বৰ, স্থানীয় শিপা

ঋতুৰাজ ফুকনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰসিদ্ধি সিং, গ্ৰেটা থুনবাৰ্গ আৰু লাৰিছা বাইচৰ দৰে যুৱ জলবায়ু নেতাসকলৰ কামৰ পৰিচয় সম্পৰ্কে বুজাই দিয়ে, লগতে ব্লেক কাৰ্বনৰ প্ৰতি আৰ্কটিক আৰু হিমালয় অঞ্চলৰ তীব্ৰ সংবেদনশীলতাৰ কথা উল্লেখ কৰে – এনে দূষক পদাৰ্থই বৰফৰ গলনৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰে আৰু পাৰিপাৰ্শ্বিক উষ্ণতা বৃদ্ধি কৰে, যাৰ প্ৰকৃত প্ৰভাৱ ইতিমধ্যে চাৰ্চিল, মেনিটোবাৰ মেৰু ভালুকৰ ক্ষেত্ৰত দেখা গৈছে।

Claudia pic
ক্লডিয়া লাৰিক্কিয়া

 মহাবাহু ক্লাইমেট ফ’ৰামৰ জলবায়ু ন্যায়ৰ অধ্যায়টোত ভাৰতৰ প্ৰখ্যাত “ৱাটাৰ মেন” ড॰ ৰাজেন্দ্ৰ সিঙৰ কামকো তৃণমূল পৰ্যায়ৰ সংৰক্ষণৰ আদৰ্শ হিচাপে সন্মান জনোৱা হয়।

ইটালীৰ মিলানৰ পৰা অনলাইনযোগে ‘স্মাইলী একাডেমী’ (Smiley Academy)ৰ ক্লডিয়া লাৰিক্কিয়াই ছাত্ৰ ছাত্ৰী সকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামুদায়িক উদ্যমশীলতাৰ মডেল সম্পৰ্কে অৱগত কৰে, আৰু একেদিনাই উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই আদিবাসী সমাজৰ সংৰক্ষণমূলক ভূমিকাৰ কথা পুনৰ উল্লেখ কৰে – বিশ্বৰ মাত্ৰ ৫ শতাংশ আদিবাসী জনসংখ্যাই ৮৫ শতাংশ জীৱ-বৈচিত্ৰ্য ৰক্ষা কৰি থকাৰ কথা কয় । UNESCOৰ উচ্চ পদাধিকাৰী ড॰ অশ্বিনী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক UNESCOৰ ফেলোশ্বিপ কাৰ্যক্ৰম, তাৰে ভিতৰত মিছন নলেজ প্ৰগ্ৰামৰ পৰিচয় ডাঙি ধৰে।

Jadav Payeng
যাদৱ পায়েঙ

কাৰ্যসূচীৰ আটাইতকৈ হৃদয়স্পৰ্শী সময়খিনি আছিল পদ্মশ্ৰী যাদৱ পায়েঙৰ সৈতে, যিগৰাকী ব্যক্তিক বিশ্বব্যাপী “ফৰেষ্ট মেন অৱ ইণ্ডিয়া” বুলি জনা যায়।

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতি, পায়েঙে দশক দশক ধৰি ব্ৰহ্মপুত্ৰৰ এক বালিময় চাপৰিত তেওঁৰ গছ ৰোপণৰ অধ্যায়ৰ বিষয়ে কয়, কিদৰে তেওঁ ধীৰে ধীৰে সেই কঠিন প্ৰচেষ্টাক ১,৩৬০ একৰৰ ঘন অৰণ্যত পৰিণত কৰে। তেওঁৰ সেই উপস্থাপন সহজ আৰু অবিস্মৰণীয় আছিল: প্ৰকৃতিয়ে মানৱৰ সৈতে বা মানৱৰ সহযোগ অবিহনেও টিকি থাকিব, কিন্তু মানৱৰ অস্তিত্ব সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। 

সেইদিনা, অৰ্থাৎ ২৪ জুনত, অধিৱেশনৰ সামৰণি পৰে ছাত্ৰ ছাত্ৰী সকলৰ দহটা গোটৰ দ্বাৰা স্থানীয় পৰিৱেশকৰ্মী আনন্দ খাটনিয়াৰৰ সহযোগত অৰণ্য মানৱ যাদৱ পায়েঙৰ সৈতে এক বৃক্ষৰোপণ কাৰ্যসূচীৰে – প্ৰেৰণাক তৎক্ষণাৎ কাৰ্যত পৰিণত কৰি।

ছাত্ৰ-ছাত্ৰীৰ বাবে এটা দিন 

দুসপ্তাহৰ বিৰতিৰ পাছত, সকলোৱে জুলাই ৯ তাৰিখে পুনৰ একত্ৰিত হয়, আৰু সেই দিনটোক ঋতুৰাজ ফুকনে “ছাত্ৰ-ছাত্ৰীৰ বাবে উপস্থাপন কৰাৰ দিন” বুলি অভিহিত কৰে।

নদীৰ নামেৰে বিভক্ত দলবোৰে পাৰম্পৰিক পাৰিস্থিতিক জ্ঞান সম্পৰ্কে নিজস্ব অন্বেষণৰ দ্বাৰা গৱেষণা কৰি ‘প্ৰেজেণ্টেচন’ উপস্থাপন কৰে – পাৰম্পৰিক জীৱিকা, জীৱ-বৈচিত্ৰ্য সংৰক্ষণ, হাওৰ-বিল, বাঁহ খেতি, প্ৰজাতি সংৰক্ষণ আৰু কৃষি অনুশীলনৰ দৰে বিষয়বস্তু সামৰি লৈ, প্ৰতিটো গোটে মৌলিক ফটো আৰু ভিডিঅ’ প্ৰামাণ্যচিত্ৰৰ সহায়ত দহ মিনিটৰ উপস্থাপনৰ জৰিয়তে।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড॰ অক্ষয় কুমাৰ হালৈ আৰু প্ৰকৃতিপ্ৰেমী কৰ্মী আনন্দ খাটনিয়াৰে অধিৱেশনৰ মূল্যায়নকাৰী হিচাপে থাকে, আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কামৰ গুণগত মানে দুয়োগৰাকীৰে ভূয়সী প্ৰশংসা লাভ কৰে।

Intern BU23
ছাত্ৰ-ছাত্ৰীৰ বাবে এটা দিন

নীতি, বিজ্ঞান আৰু উদ্ভাৱনৰ সামৰণি

কাৰ্যসূচীৰ শেষ দিন, জুলাই ১০ তাৰিখে, অসমৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় পৰিৱেশবিদক মহাবাহু ক্লাইমেট ফ’ৰামে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত একত্ৰিত কৰে।

‘অসম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট চ’চাইটি’ৰ মুখ্য কাৰ্যবাহী বিষয়া ড॰ সত্যেন্দ্ৰনাথ সিঙে ব্যাখ্যা কৰে যে জলবায়ু বিজ্ঞানে দীৰ্ঘম্যাদী প্ৰতিৰূপ চিনাক্ত কৰিবলৈ কেনেকৈ উপগ্ৰহৰ তথ্য, কম্পিউটাৰ মডেলিং আৰু ঐতিহাসিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰে, লগতে জলবায়ু পৰিবৰ্তন প্ৰশমনৰ মূল যুক্তি – নিৰ্গমন হ্ৰাস কৰাৰ লগতে ইয়াক শোষণ কৰা প্ৰাকৃতিক ভঁৰালবোৰ শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে।

Bhattadev University
ড॰ অশ্বিনী শৰ্মা

প্ৰখ্যাত ৰাসায়নিক অভিযন্তা তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি অধ্যাপক ড° অৰূপ কুমাৰ মিশ্ৰই অসমৰ বিপজ্জনক বৰ্জ্য ব্যৱস্থাপনা আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে, লগতে চীফ চিয়াটলৰ সেই ঐতিহাসিক গুৰুত্বপূৰ্ণ প্ৰশ্নটো – ‘আকাশ আৰু মাটি কেনেকৈ কিনিব বা বেচিব পাৰি’ – আৰু ‘বাটাৰফ্লাই ইফেক্ট’ৰ কথা উল্লেখ কৰি পৰিৱেশগত ব্যৱস্থাবোৰ কিমান গভীৰভাৱে পাৰস্পৰিকভাৱে সংযুক্ত সেয়া বুজাই দিয়ে।

Arup Misra Pic
ড° অৰূপ কুমাৰ মিশ্ৰ

প্ৰকৃতিপ্ৰেমিক তথা CBIৰ যুটীয়া সঞ্চালক ৰমনিশ গীৰে মেনগ্ৰোভ, তৃণভূমি আৰু মহাসাগৰৰ পৰিৱেশগত গুৰুত্বৰ বিষয়ে কয়, পূৰ্বঞ্চলক এক বিশ্বপ্ৰসিদ্ধ জীৱ-বৈচিত্ৰ্যৰ হটস্পট আৰু গুৰুত্বপূৰ্ণ কাৰ্বন শোষক হিচাপে চিত্ৰিত কৰে, লগতে অঞ্চলটোৰ ভূগৰ্ভস্থ জলৰ পূৰ্বাভাস কৌশলৰ পৰিচয় দিয়ে।

সেইদিনাই উপস্থিত হোৱা অইন এগৰাকী সমল ব্যক্তি কল্যাণজিৎ হাতীবৰুৱাই বক্তৃতা শৃংখলা সমাপ্ত কৰে – ভাৰতৰ বিভিন্ন স্থানত জলবায়ু ইনকিউবেটৰ আৰু এক্সিলাৰেটৰসমূহে কেনেকৈ পৰিৱেশগত উদ্ভাৱনক স্কেলেবল, উদ্যমশীল সমাধানত পৰিণত কৰি আছে- সেই বিষয়ে আলোচনা কৰি।

Intern BU 3

সকলো ছাত্ৰ ছাত্ৰীক ৬০ ঘন্টীয়া পৰ্ব সফলভাৱে সমাপ্তি কৰাৰ প্ৰত্যয়পত্ৰ বা ‘চাৰ্টিফিকেট’ প্ৰদান কৰাৰ পিছত, সামৰণি বক্তব্যত, ঋতুৰাজ ফুকনে প্ৰতিগৰাকী ‘মেণ্টৰ’ আৰু সমল ব্যক্তিক ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক, সামাজিক আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা জলবায়ু পৰিবৰ্তন বুজাত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, আৰু মহাবাহু ক্লাইমেট ফ’ৰামৰ সভাপতি হিচাপে অঞ্জন শৰ্মাই ভট্টদেৱ বিশ্ববিদ্যালয় আৰু সমগ্ৰ কাৰ্যসূচী সফল কৰাত অৰিহণা যোগোৱা বহুতো স্বেচ্ছাসেৱকক স্বীকৃতি জনাই আনুষ্ঠানিক ধন্যবাদ জ্ঞাপন কৰে।

MCF 24th 4

ই এক ইন্টাৰ্ণশ্বিপ মাথো নাছিল….

যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াক প্ৰত্যক্ষভাৱে অনুভৱ কৰিলে, তেওঁলোকৰ বাবে ‘জলবায়ু ন্যায় ১০১’ কেৱল বক্তৃতা আৰু ক্ষেত্ৰীয় ভ্ৰমণৰ শৃংখলাই নাছিল – ই আছিল বিজ্ঞানী, নীতি-নিৰ্মাতা, বনবিষয়া আৰু পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং, নিম মানৱ আনন্দ খাটনিয়াৰ আদি সকলোৰে দ্বাৰা উপস্থাপিত জলবায়ু ন্যায়ৰ গুৰুত্বৰ এক জীৱন্ত দস্তাবেজ।

Mahabahu Climate Logo
Mahabahu Climate Forum

কাৰ্যসূচী সামৰণি হোৱাৰ লগে লগে, আয়োজকসকলে স্পষ্ট কৰি দিছে যে ‘ইণ্টাৰ্নশ্বিপ’ ইয়াতেই শেষ হোৱা নাই: এতিয়া পৰৱৰ্তী অধ্যায়টো ছাত্ৰ-ছাত্ৰীসকলৰ, যিয়ে শিকা বিষয়বোৰ তেওঁলোকৰ সমাজ, চৌহদ আৰু ভৱিষ্যতৰ দিনবোৰলৈ লৈ যাব। মহাবাহু ক্লাইমেট ফ’ৰাম আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াই ইতিমধ্যে ইংগিত দিছে যে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত জলবায়ু-সহনশীল, যুৱ-চালিত প্ৰতিষ্ঠানৰ এক অধ্যায় সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ বৃহৎ প্ৰয়াসৰ এয়া কেৱল আৰম্ভণিহে মাথোঁ।

Mahabahu Mirror Ad
MAHABAHU MIRROR

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
PAHARI BARUAH

PAHARI BARUAH

Related Posts

Understanding the Value Chain of Ecological Restoration
Climate Change

Understanding the Value Chain of Ecological Restoration

by Editor
August 18, 2026
0

Understanding the Value Chain of Ecological Restoration DR. LINA GOGOI & DR. BIDYUT SARANIA Due to continuous population growth and...

Read moreDetails
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d