জলবায়ু পৰিৱৰ্তনৰ বাবে তাপৰ ঢৌৰ সম্ভাৱনা ৪৫ গুণ বৃদ্ধি পাইছে
অৰবিন্দ ৰাভা

বিজ্ঞানীসকলে কৈছে যে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলতেই এই পৰিঘটনা। ফলত ভাৰতত গৰমৰ ঢৌৰ আশংকা এপ্ৰিল মাহত ৪৫ গুণ বৃদ্ধি পালে!
দক্ষিণ বংগত এপ্ৰিল মাহৰ শেষৰ পৰাই অবিৰত গৰমৰ ঢৌ দেখা গৈছে। কেৱল দক্ষিণ বংগ, ভাৰতেই নহয় এছিয়াৰ এক বৃহৎ অংশ জ্বলিছে । জলবায়ু সম্পৰ্কীয় বিভাগ বতৰ বিজ্ঞান বভাগে কাইলৈৰ পৰা উত্তৰ-পশ্চিম ভাৰতত গৰমৰ নতুন ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে।

খবৰ অনুসৰি যুদ্ধবিধ্বস্ত গাজাত ১৭ লাখ স্থানচ্যুত লোকৰ জীৱন অতিমাত্ৰা উষ্ণতাই অধিক ভয়াৱহ কৰি তুলিছে।
ম্যানমাৰ, লাওছ, ভিয়েটনামত চলিত বৰ্ষৰ এপ্ৰিল মাহত আটাইতকৈ উষ্ণ দিন দেখা গৈছে। ফিলিপাইনছত দেখা গ’ল আটাইতকৈ গৰম নিশা। ভাৰতত তাপমাত্ৰা ৪৬ ডিগ্ৰী পৰ্যন্ত হৈছে। এনে ঘটনাই জনজীৱনত বিৰাট প্ৰভাৱ পেলাইছে। অত্যধিক তাপৰ ফলত ক্ষতিগ্ৰস্ত হৈছে খেতি। ফলত খাদ্য শস্যৰ যোগানৰ অভাৱৰ আশংকাই দেখা দিছে।
বাংগালুৰুকে ধৰি বহু চহৰত জল সংকট দেখা গৈছে। পশ্চিম বংগৰ দৰে বহু ঠাইত চৰকাৰী বিদ্যালয়ত আগতীয়াকৈ গ্ৰীষ্মকালীন ছুটীৰ কথা আহি পৰিছে। পঢ়াত ব্যাঘাত জন্মিছে। পশুধনৰ মৃত্যু হৈছে। ভাৰতৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ ভোটদানৰ হাৰ বহু ঠাইত হ্ৰাস পাইছে।
যোৱা এপ্ৰিল মাহত গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা (অফিচিয়েল ৰিপৰ্ট অনুসৰি) বাংলাদেশত ২৮ জন, ভাৰতত ৫ জন আৰু গাজাত ৩ জন। থাইলেণ্ড, ফিলিপাইনছতো জ্বলোৱাৰ ফলত মৃত্যু হৈছে।
বিজ্ঞানীসকলৰ মতে জলবায়ু পৰিৱৰ্তনত মানুহেই হ’ল খলনায়ক। অত্যধিক ‘গ্ৰীণহাউচ গেছ‘ৰ নিৰ্গমন আৰু বনাঞ্চল ধ্বংসৰ দৰে কঠোৰ ব্যৱস্থাৰ বোজা মানুহে বহন কৰে।

17-05-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)