• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান

ASSAMESE SECTION / Climate Change / Bajali District

by Kalyan Kalita
December 15, 2025
in News, ASSAMESE SECTION, Climate Change, Special Report
Reading Time: 4 mins read
0
জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান
Share on FacebookShare on TwitterShare on LinkedIn

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান
বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে কয় যে জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আমাৰ সকলোৰে দায়িত্ব

প্ৰকৃতিৰ ভাৰসাম্য নাথাকিলে আমাৰ ভৱিষ্যত সংকটাপন্নঃ ৰণজিৎ কুমাৰ দাস

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

পাঠশালা, ১৫ ডিচেম্বৰঃ “বিশ্বৰ প্ৰথমগৰাকী পৰিৱেশ বিজ্ঞানী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি আমি ভালদৰে অনুকৰণ কৰিলোহেতেন তেন্তে আমি আজি গোলকীয় উষ্ণতাই ভাৰাক্ৰান্ত কৰা এই সমস্যাৰ সন্মুখীন হবলগীয়া নহ’লহেতেন৷ সাধাৰণতে মহাপুৰুষ শংকৰদেৱক আধ্যাত্মিক গুৰু হিচাপে জানি আহিছো যদিও তেওঁ আছিল এগৰাকী বিশিষ্ট পৰিৱেশ বিজ্ঞানী৷ মহাপুৰুষজনাই “য’ত জীৱ, জন্তু, কীট, পতংগ, তৰু, বৃক্ষ, লতা সকলো ভগৱানৰ সৃষ্টি” বুলি কৈ বুজাব বিচাৰিছিল যে সকলোতে ভগৱান আছে৷ অৰ্থাৎ সকলোকে একেলগে থকাৰ কথা কৈছিল৷ সকলোকে সমদৃষ্টিৰে চাব পাৰিলে, সকলো  একেলগে থাকিব পাৰিলে ইকোলেজিকেল বেলেন্স অৰ্থাৎ পৰিৱেশগত ভাৰসাম্য বৰ্তি থাকিব৷ টিউব লাইটৰ কাষত জেঠী থকাটো ইকোলোজিকেল বেলেন্স, ভেকুলী থাকিলে সাপ নিয়ন্ত্ৰণত থাকিব, এইবোৰ পৰিৱেশ ভাৰসাম্যতা৷” এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।

আজি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহাবাহু ক্লাইমেট ফ’ৰামৰ সহযোগত অনুষ্ঠিত “জলবায়ু পৰিৱৰ্তন সজাগতা অনুষ্ঠানত”ত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সজাগতাৰ সন্দৰ্ভত অনুপ্ৰাণিত কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস-এ কয় যে বজালী জিলা আয়ুক্তই যি বিশেষ পদক্ষেপ লৈ পদ্ধতিগতভাৱে জলবায়ু পৰিৱৰ্তন বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে সেয়া সচাকৈ শলাগিবলগীয়া৷ ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টোৰ সতে জৰিত হ’লে তেওঁলোকৰ পৰিয়াল জড়িত হব, তেওঁলোকৰ আশেপাশে থকা ৰাইজক সজাগ কৰিব পাৰিব৷

আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উপাধ্যক্ষ উৎপল মেধিয়ে আঁত ধৰা আৰু পৰীক্ষা নিয়ন্ত্ৰক অখিল কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মন্ত্ৰী দাসে এক প্ৰেৰণাদায়ক সুদীৰ্ঘ ভাষণ প্ৰদান কৰি কয় যে মানুহ হাতীৰ সংঘাত কিয় হৈছে? ইকোলেজিকেল বেলেন্স নোহোৱাৰ বাবে, কাৰণ অৰণ্যত হাতীৰ খাদ্য কমি যোৱাৰ বাবে হাতী মানুহক মাজলৈ আহিবলৈ বাধ্য হৈছে৷ তেওঁ কয় যে অৰণ্যত হৰিণা নাথাকিলে তাত বাঘ কেনেকৈ থাকিব৷ খাদ্য বিচাৰি বাঘে জনাৰণ্যলৈ আহিবই লাগিব৷ আৰু তেতিয়াই পৰিৱেশে ভাৰসাম্য হেৰুৱায়৷ পৰিৱেশে ভাৰসাম্য হেৰুৱালে কেতিয়াবা অতিবৃষ্টি বা অনাবৃষ্টি হব আৰু তেতিয়াই দুৰাৰোগ্য ৰোগে দেখা দিব। এই ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে কেৱল চৰকাৰে নহয়, ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে সজাগ হব লাগিব৷ প্ৰকৃতিৰ ভাৰসাম্য নাথাকিলে আমাৰ ভৱিষ্যত সংকটাপন্ন বুলি মন্তব্য কৰি তেওঁ কয় যে সজাগতাৰ বিকল্প নাই৷ সজাগ নহ’লে নিস্তাৰ নাই৷

RelatedPosts

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026

Mahabahu Climate Forum and Bajali District Administration Lead the Charge in Climate Action Leadership

PLEASE CLICK ABOVE LINK

জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত হবলৈ হ’লে অকল চৰকাৰে একো কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে আঁচনিহে আনিব পাৰিব৷ কিন্তু প্ৰতিগৰাকী লোক যদি সচেতন নহয় তেন্তে মানৱ জাতিৰ ভৱিষ্যত বিপন্ন৷ এইবাবেই দেশৰ ভৱিষ্যত স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত একো একোগৰাকী পৰিৱেশ কৰ্মী হিচাপে নিজকে বিবেচনা কৰি আগবাঢ়ি আহিব লাগিব৷ জনসাধাৰণে সমৰ্থন নকৰিলে চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনি কেতিয়াও ফলপ্ৰসু হব নোৱাৰে মন্তব্য কৰি তেওঁ কয় যে সকলোৱে নিজে নিজে সচেতন হব লাগিব৷ এক বৃক্ষ দশ পুত্ৰ সম বুলি কোৱা শংকৰদেৱ বিশ্বৰ প্ৰথম পৰিৱেশ বিজ্ঞানী বুলি পুনৰাই মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে গুৰুজনাৰ কথা যদি আমি তাহানিতেই অনুধাৱন কৰিলোহেতেন আজি আমি এই পৰিৱেশৰ সন্মুখীন হব নালাগিলেহেতেন৷

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী দাসে কয় যে ভগৱানৰ সৃষ্টি প্ৰতিটো জীৱক আমি সন্মান সহকাৰে জীয়াই ৰখাৰ সুবিধা কৰি দিব লাগিব৷ তেতিয়াহে ইকোলেজিকেল বেলেন্স হব বুলি মন্তব্য কৰি কয় যে আমি হাতত মৰাপাটৰ মোনা লোৱা অভ্যাস কৰিব লাগিব, প্লাষ্টিকৰ পেকেট ঘৰলৈ লৈ অহা মানে বিপৰ্যয়ক কঢ়িয়াই অনা৷ মানুহে সৃষ্টি কৰা এইবোৰ মানুহে ৰোধ কৰিব লাগিব, পৰিৱেশক লৈ সংবেদনশীল হৈ কাম কৰিব লাগিব, বৃক্ষৰোপণ বৃদ্ধি, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, গ্ৰীণ এনাৰ্জিৰ ব্যৱহাৰ কৰিব লাগিব৷ এজোপা গছ ৰোপন কৰা মানে বিশ্বৰ প্ৰতি অৰিহণা আগবঢ়োৱা বুলি মন্তব্য কপি তেওঁ বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিবই লাগিব বুলি ছাত্ৰ-ছাত্ৰীসকলক নিজকে একোগৰাকী পৰিৱেশ কৰ্মী হিচাপে কাম কৰি যাবলৈ আহ্বান জনায়৷ 

অনুষ্ঠানত অংশগ্ৰহণ কৰি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে কয় যে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত আমাৰ সকলোৰে দায়িত্ব আছে, অকল চৰকাৰৰ ওপৰত আশা কৰি থাকিলেই নহব৷ মই নিজে মোৰ চৌদিশৰ পৰিৱেশটো ভালে ৰাখিম বুলি আমি সকলোৱে পণ লব লাগিব বুলি মন্তব্য কৰি এচিৰ ব্যৱহাৰ কমকৈ কৰিম, বিদ্যুতৰ অপচয় নকৰো, প্লাষ্টিকৰ ব্যৱহাৰ যিমানদুৰ সম্ভৱ কমকৈ কৰিম বুলি দৃঢ়ভাৱে সংকল্প লবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়৷ জিলা আয়ুক্তগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ এই শৃংখলাটোৰ বিষয়ে বিতংভাৱে বিবৰি কয় যে বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যা জলবায়ু পৰিৱৰ্তনৰ ওপৰত সজাগতা আনিবলৈ, বিশেষকৈ শিক্ষাৰ্থীসকলৰ এই দিশত সজাগ কৰিবলৈ বজালী জিলা প্ৰশাসনে মহাবাহু ক্লাইমেট ফ’ৰামৰ সহযোগত বজালী জিলাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷

জলবায়ু পৰিৱৰ্তন: বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত সজাগতা অনুষ্ঠান

এই কাৰ্যসূচীৰ অংশস্বৰূপে ইতিমধ্যে এক পাচদিনীয়া কৰ্মশালা আয়োজন কৰি তাত অংশগ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা প্ৰতিখন শিক্ষানুষ্ঠানৰে একোগৰাকী শিক্ষাৰ্থীক ক্লাইমেট এম্বেচাদৰ নিযুক্ত কৰি তেওঁৰ দ্বাৰা নিজৰ শিক্ষানুষ্ঠানখনৰ সহপাঠীসকলক এই বিষয়টোৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে৷

BAJALI DC PIONEERS CLIMATE ACTION

PLEASE CLICK ABOVE LINK

তাৰোপৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে জিলা প্ৰশাসনৰ একোগৰাকী বিষয়াৰ দ্বাৰা পৰিৱেশ সচেতনতাৰ ওপৰত কৰ্মাশালা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই শৃংখলাটো ইতিমধ্যে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে নিজে, বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ কৰুণামোহন শৰ্মা আৰু আজি আনন্দৰাম বৰুৱা একাডেমিত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ দ্বাৰা বক্তৃতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে৷ 

Climate change 1

আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৰপেটা জিলাৰ মাণ্ডলিক শিক্ষা বিষয়া নিৰঞ্জন ওজা, অধ্যাপক নিপেন্দ্ৰ নাথ দাস আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বজালী জিলা প্ৰশাসনৰ পৰিৱেশ সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ শলাগ লয়৷

Mahabahu Climate Logo
MAHABAHU CLIMATE FORUM

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Kalyan Kalita

Kalyan Kalita

Related Posts

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum
Climate Change

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

by Kakali Das
March 10, 2026
0

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum...

Read moreDetails
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

March 9, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d