-ড০ ৰাস্না ৰাজখোৱা |
2015 চনত পেৰিচত স্বাক্ষৰিত হোৱা চুক্তিত সকলো দেশে তেওঁলোকৰ দেশৰ কার্বন নির্গমন কমোৱাৰ আৰু গোলকীয় উষ্ণতাৰ 20 ছেলচিয়াছ (3.6 ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো প্ৰতিশ্ৰুতি দিছিল৷ ভবা হৈছিল, এই চুক্তিখনেই জলবায়ু পৰিৱর্তনৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিৱ৷ কিন্তু বহুত দেশে তেওঁলোকৰ লক্ষ্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে৷
শেহতীয়াকৈ আই পি চি চিয়ে [Intergovernmental Panel on Climate Change-IPCC] প্ৰতিবেদন দাখিল কৰি দেখুৱাইছে যে অদূৰ ভৱিষ্যতে জলবায়ুৰ কাৰণে হ’ব পৰা ভয়াৱহ ঘটনাবোৰ এৰাই চলিব পাৰি, যদিহে উষ্ণতা বৃদ্ধিৰ পৰিমাণ 20 ছেলিচয়াছৰ পৰিৱর্তে 1.50 ছেলিচয়াছত সীমাৱদ্ধ কৰি ৰাখিব পাৰি৷
কেৱল মাত্ৰ আধা ডিগ্ৰী (0.50)ৰ পার্থক্যই নির্ণয় কৰিব উত্তৰ মেৰু তুষাৰ মুক্ত দহ বছৰত হ’ব নে এশ বছৰত হ’ব; প্ৰৱাল দ্বীপ প্ৰায় সম্পূর্ণ নোহোৱা হ’ব নে শতকৰা 30% থাকিব; বিশ্বৰ এক তৃতীয়াংশ মানুহ চৰম তাপ তৰংগৰ মুখামুখী হ’ব নে এক দশমাংশ মানুহ হ’ব?
এই বিকল্প ভৱিষ্যতৰ কথা 2018 চনৰ অক্টোবৰৰ দ্বিতীয় সপ্তাহত জলবায়ু পৰিৱর্তনৰ আন্তঃচৰকাৰী দলৰ [Intergovernmental Panel] প্ৰতিবেদনত উপস্থাপন কৰিছে যিয়ে তিনিবছৰৰ আগতে ঐতিহাসিক পেৰিচ চুক্তিত অনুমোদন জনোৱা 2100 চনলৈকে নিদ্ধাৰিত প্ৰাক-উদ্যোগিক সময়তকৈ 20 ছেলচিয়াছ উষ্ণতা বৃদ্ধিৰ পৰিৱর্তে 1.50 ছেলিচয়াছলৈ উষ্ণতা বৃদ্ধি সীমাৱদ্ধ কৰিব পাৰিলে সাম্ভাব্য পৰিৱর্তন সমূহৰ কথা উল্ল্যখ কৰিছে৷ এই প্ৰতিবেদনে বন্ধ দুৱাৰখন খুলি দিছে জনসাৰণৰ ওচৰত, কোনটো ভৱিষ্যত তেওঁলোকে বিচাৰে নির্ণয় কৰিবলৈ৷