-ড০ ৰাস্না ৰাজখোৱা |
বৰ্তমান পৃথিৱীৰ ডাঙৰ প্ৰাকৃতিক সমস্যা হৈছে সঘন জলবায়ুৰ পৰিবৰ্তন। ক’ৰবাত যদি বানপানী হৈ সকলো উটি ভাঁহি গৈছে অইন ক’ৰবাত একেৰাহে মাহৰ পিছত মাহ খৰাং হৈছে। অলপতে দক্ষিণ আফিকাৰ এটা বিশেষ অঞ্চলক ‘ডে জিৰ’ (প্ৰয়োজনীয় নিত্যকৰ্ম কৰিবলৈও পানীৰ অভাৱ) ঘোষণা কৰাৰ পৰা কথমপি ৰক্ষা পৰিছে। দিনক দিনে বাঢ়ি অহা গোলকীয় উষ্ণতাকলৈ সকলো চিন্তিত। শেহতীয়াভাৱে জলবায়ু বিজ্ঞানীসকলে ঘোষণা কৰিছে জলবায়ুৰ পৰিবৰ্তন ৰুধিবলৈ নিসন্দেহে কল-কাৰখানা, উদ্যোগৰ পৰা নিৰ্গত কাৰ্বনক চিমনীত আৱদ্ধ কৰিব পাৰিব লাগিব।
আমাৰ গ্ৰহটোক সুৰক্ষিত কৰিবলৈ কেৱল মাত্ৰ এটা পথেই আছে, সেইটো হ’ল যিকোনো সাম্ভাব্য উপায় অৱলম্বন কৰি বা উদ্ভাৱন কৰি কাৰ্বন নিৰ্গমণ হ্ৰাস কৰা। সাধাৰণভাৱে ভবা হয় যে, বতাহ আৰু সৌৰ শক্তি আৰু জলশক্তি ব্যৱহাৰ কাৰ্বন নিৰ্গমণ হ্ৰাস কৰা প্ৰচেষ্টাৰ একোটা অংশ। কিন্তু গভীৰভাৱে অনুসন্ধান আৰু পৰ্যেবক্ষণ কৰি জনা গৈছে যে, কাৰ্বন আৱদ্ধ (Capture), প্ৰয়োগ (Utilization), আৰু সংৰক্ষণ (Storage) (CCUS-Carbon Capture Utilization and Storage) কৰিবলৈ একোটা প্ৰযুক্তি শ্ৰেণীৰ প্ৰয়োজন যিয়ে চিমনীৰ পৰা বা আনকি বায়ুৰ পৰাও কাৰ্বন-ডাই-অক্সাইড টানি আনিব আৰু ইয়াক ব্যৱহাৰযোগ্য পদাৰ্থলৈ ৰূপান্তৰিত কৰিব বা মাটিৰ তলত সংৰক্ষণ কৰিব পাৰিলেহে কাৰ্বন নিৰ্গমণ হ্ৰাস কৰাত সফল হ’ব পৰা যাব।
অত্যন্ত খৰচী আৰু প্ৰমাণহীন বুলি বহুতে যদিও চি চি ইউ এচ (CCUS)ৰ বিৰোধিতা কৰিছে, শেহতীয়াকৈ ভবা হৈছে ইয়েই বহু দূৰ পৰ্যন্ত অত্যন্ত ক্ৰীয়াশীল হ’ব। ২০১৬ চনত ‘চাইন্স’আলোচনীত প্ৰকাশিত এটা প্ৰৱন্ধৰ মতে কাৰ্বন আৱদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা অত্যন্ত ক্ৰিয়াশীল ৰসায়নিক যৌগৰ দাম কমোৱা হ’ব। ২০১৬ চনত এক টন কাৰ্বন আৱদ্ধ কৰিবলৈ প্ৰয়োজন হোৱা ৰাসায়নিক যৌগৰ দাম এশ চিলিং আছিল, কিন্তু ২০২৫ চনলৈ তাৰ দাম হ’ব ২০ চিলিং। কাৰ্বন নিৰ্গমণ হ্ৰাস কৰিবলৈ নতুন ৰণ কৌশল উদ্ভাৱন কৰি প্ৰয়োগ কৰাৰ কথাও ভবা হৈছে। এই সকলোবোৰৰ ভিতৰত আৱদ্ধ কাৰ্বনক সাৰলৈ ৰূপান্তৰিত কৰাটোৱে ভৱিষ্যতলৈ সংৰক্ষণ কৰাটো বেছি অনুপ্ৰাণিত কৰিব।
চি চি ইউ এচৰ অৱিহনে পেৰিচ চুক্তিত চুক্তিৱদ্ধ গোলকীয় উষ্ণতাৰ ২ ডিগ্ৰী ছেলচিয়াছ (৩.৬ ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো নিশ্চয় সম্ভৱ নহয়। আৰ্ন্তজাতিক শক্তি এজেন্সীৰ মতে (International Energy Agency) বহুতো দেশে তেওঁলোকৰ উদ্দেশ্যত সফলতা লাভ নকৰিলে। শক্তি এজেন্সীটোৱে গণনা কৰা মতে আমাৰ পৃথিৱীখনক উষ্মীভৱনৰ পৰা ৰক্ষা কৰিবৰলৈ ২০৫০ চনলৈ কাৰ্বন আৱদ্ধকৰণ আৰু সংৰক্ষণৰ দ্বাৰা ১৩% কাৰ্বন হ্ৰাস কৰিব লাগিব।
এই ক্ষেত্ৰত, চি চি ইউ এচৰ তিনিটা মূখ্য পথে আমাক নেতৃত্ব দিব। সেয়া হ’ল– জৈৱ ইন্ধনযুক্ত বৈদ্যুতিক উদ্যোগৰ দ্বাৰা অন্য শক্তি উদ্যোগেবাৰৰ পৰা কাৰ্বন-ডাই-অক্সাইডৰ আৱৰণ গুচাই ৰিক্ত কৰাৰ পৰা পুনঃ সংযোজন কৰালৈকে কৰিব পাৰি। উদ্যোগত আৱদ্ধ কৰা নিগৰ্মণৰ কাৰ্বনক পুনঃ ব্যৱহাৰযোগ্য শক্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। কাৰ্বনৰ পৰিমাণ কমাবলৈ প্ৰত্যক্ষভাৱে বায়ুৰ পৰাও কাৰ্বন আতঁৰাব লাগিব। বৈদ্যুতিক শক্তি, বিজুলী উৎপাদন গৃহৰ পৰা কাৰ্বন নিগমৰ্ণ চি চি ইউ এচৰ প্ৰযুক্তি ব্যৱহাৰ কৰি কাৰ্বন আৱদ্ধ কৰি ভৱিষ্যতে বেছি আকৰ্ষণীয় চক্ৰীয় কাৰ্বন অৰ্থনীতি গঠন কৰিব পাৰি য’ত আৱদ্ধ কাৰ্বনক বিক্ৰী কৰিব পাৰি আৰু অন্য ব্যৱহাৰৰ কাৰণে পুনঃ চক্ৰীকৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে, কেঁচা সামগ্ৰীৰ সাকাৰ ৰূপ দিয়াত বা প্লাষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি।
কাৰ্বন অপসাৰণত সীমাৱদ্ধ ব্যয়ৰ দ্বাৰা বিশ্বই হেৰুৱাব পাৰে অৰ্থনীতি সবল কৰাৰ পথ। বিদ্যুৎখণ্ড আৰু বিভিন্ন উদ্যোগৰ পৰা নিৰ্গমণ হোৱা কাৰ্বন হ্ৰাসকৰণৰ বাবে চি চি ইউ এচয়ে বিভিন্ন পৰ্যায়ৰ পদ সৃষ্টি কৰিব পাৰিব আৰু অতীততে কেৱল নষ্ট হোৱা পদাৰ্থৰে কাৰ্বনকলৈ বৃহৎ অৰ্থনীতি গঢ়িব পৰা যাব।