–পিনাকপাণি বৰুৱা |
জাতিটোৰ মাজত যে একতাৰ অভাৱ সেই কথা পুনৰ এবাৰ কোৱাৰ প্ৰয়োজন নাই। আমাৰ এই বিধ অভাৱৰ প্ৰতিফল সময়ে আমাক বাৰম্বাৰ দি আহিছে আৰু এই ক্ষেত্ৰত পৰিৱৰ্তন নানিলে যে পুনৰ পদুম ফুলৰ বেপাৰীবোৰৰ দৰে মানুহে আমাৰ ঘৰত বিদেশী সোমোৱাবহি খুজিব সেইটো খাটাং।
আজি বিপদৰ সময়ত ক্ষন্তেকৰ বাবে ‘অসমীয়া’ হৈছো সঁচা, কিন্তু বিপদৰ প্ৰাবল্য অলপমান কমিলেই যে পুনৰ আমিবোৰে অসমীয়াৰ পৰিচয় ত্যাগ কৰি বামুণ, কলিতা, আহোম হৈ পৰিম সেইটোও সঁচা। অসমীয়া পৰিচয়টোৰ ওপৰত এই পৰিচয়বোৰে প্ৰাধান্য পাই থকালৈকে ‘অসমীয়া’ পৰিচয় সংকটত।
এইটোও সঁচা যে পাৰ্থক্যবোৰ সম্পূৰ্ণৰূপে নোহোৱা কৰাটো অসম্ভৱ, পিছে পাৰ্থক্য থকা স্বত্তেও এক হৈ থকাটো কিন্তু সম্ভৱ। সেই একতা আনিব জাতি-মাটি-ভেটি-ৰ প্ৰতি থকা নি:স্বাৰ্থ মৰমে। নি:স্বাৰ্থ বুলি এয়ে ক’লো কাৰণ আমি স্বাৰ্থপৰ হোৱাৰ বাবেই আজি বিদেশী আহি আমাৰ গাঁও-চহৰত ইমান সবল খোপনি পুতিবলৈ সক্ষম হৈছে। মাটিটো আমিয়েই বিক্ৰী কৰিছো বিদেশীক।চৰ-চাপৰিত জুপুৰী ঘৰবোৰ গঢ়ি উঠা দেখি আমিয়েইটো আওকাণ কৰিছিলো সময়ত।
দ্বিতীয়তে আমাক প্ৰয়োজন কিছুমান উমৈহতীয়া লক্ষ্যৰ, যি লক্ষ্যই আমাৰ ভাষা সংস্কৃতিক অতি শক্তিশালী কৰি তুলিব পাৰিব। প্ৰতিজন অসমীয়াৰ মনতেই জাতি সম্পৰ্কীয় উমৈহতীয়া লক্ষ্য কিছুমান থাকিলেই আমাৰ সকলো সমস্যা চিৰদিনৰ বাবে নোহোৱা হ’ব বুলি মই ভাবো। কথাটো পোনপটিয়াকৈ ক’বলৈ ভাৰতীয় ক্ৰিকেট দলটোৰে উদাহৰণ দিব বিচাৰো। প্ৰতিজন খেলুৱৈয়ে দেশৰ ভিন্ন স্থান, ভিন্ন সংস্কৃতিৰ সৈতে জড়িত। অথচ খেলপথাৰত সকলো মিলি এটা দল হৈ তেওঁলোকে খেলে একতাৰ মনোভাৱ মনত লৈ। এই একতাৰ মনোভাব সম্ভৱ খেলত জয় লাভ কৰাৰ, আই চি চি ৰেংকিঙত এক নম্বৰ দল হোৱাৰ,বিশ্বকাপ জয় কৰাৰ দৰে উমৈহতীয়া উদ্দেশ্যৰ বাবে। এনে উমৈহতীয়া উদ্দেশ্যৰ আমাকো নিত্যান্তই প্ৰয়োজন হৈছে। আমাৰ ভাষা-সাহিত্য, চিনেমা ইত্যাদিক উচ্চস্তৰলৈ নিয়াৰ ইচ্ছা প্ৰতিজন অসমীয়াৰ মনতেই থাকিব লাগিব, লগতে গুৰুত্ব দিব লাগিব আমাৰ খেতি-মাটিৰ প্ৰতিও। বাৰমাহে শস্য উৎপাদনৰ উদ্দেশ্য ল’ব লাগিব খেতিয়ক সকলে। বছৰত কেৱল এবাৰেই খেতি কৰি বাকী কেইমাহ পথাৰ শুকান কৰি পেলাই ৰখা আমাৰ স্বভাব অতি ভয়ংকৰ। বেপাৰ বাণিজ্য কৰোতে বেলেগৰ নকল কৰা স্বভাবো আমি এৰিব লাগিব। অলপ ভালদৰে গৱেষণা কৰি নতুন আইডিয়া লৈ ব্যৱসায়ত নামিব লাগিব। বাহিৰত চলি থকা বহু ব্যৱসায়ে আমাৰ ইয়াত নাই, কাৰণ নতুন কিবা এটা কৰিবলৈ আমি ভয় কৰো। সেই ভয় নোহোৱা কৰিব লাগিব। আমাৰ আৰু এটা জাতিধ্বংসী চিন্তা হৈছে যে আমি সৰু-সুৰা কামবোৰ যেনে চুলি কটা, কাপোৰ চিলোৱা ইত্যাদি কৰিবলৈ লাজ কৰো আৰু যাৰ সুযোগ লয় অনাঅসমীয়াই। কামৰ জানো কোনো সৰু-বৰ থাকে? নিষ্ঠা-পৰিশ্ৰম ঢালি কৰা প্ৰতিটো কামেই সন্মানীয়।কিন্তু আমি যে কামক সন্মান কৰাৰ পৰিবৰ্তে সন্মান কৰো পেছাক। ডাক্টৰ, শিক্ষক ইত্যাদিয়ে নিজৰ কাম নিষ্ঠাৰে নকৰিলেও সন্মান পায়, আনহাতে ড্ৰাইভাৰ, চকীদাৰ ইত্যাদিয়ে নিজৰ কাম অতি নিষ্ঠাৰে কৰিলেও বহুতৰে বাবে তেওঁলোক চাকৰ। এই মনোভাব আতৰিব লাগিব, তেতিয়াহে আমাৰ নিবনুৱা ডেকাই এনে পেছা এটা হাতত ল’বলৈ চিন্তা কৰিবলগীয়া নহয়।এই ক্ষেত্ৰত প্ৰতিজন অসমীয়া ডেকাৰো দায়িত্ব পৰস্পৰক উৎসাহ দিয়াটো।
অন্যহাতে আমাৰ সাহিত্য জগতখন আকৰ্ষণীয় আৰু নিকা কৰিব লাগিব যাতে আমাৰ যুৱ-প্ৰজন্ম অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়। ইংৰাজী বা হিন্দী ভাষাৰ তলত বুলি যাতে কোনেও নাভাবে নিজৰ মাতৃভাষাটোৰ কথা। ক্ৰিকেটখেলা, গান গোৱা ইত্যাদিৰ লগতে অসমীয়াত গল্প-কবিতা লিখাটোও যেন ‘passion’ ৰূপে পৰিচিত হয় যুৱসমাজত। সংগীত প্ৰশিক্ষণ, ক্ৰীয়া প্ৰশিক্ষণৰ লগতে সৃষ্টিশীল সাহিত্য প্ৰশিক্ষণৰো ব্যৱস্থা হওক অঞ্চলে অঞ্চলে।
…পিছে ৰাইজে মাৰিবলৈ খেদি অহা বিধৰ সাহিত্য সভাৰ সভাপতিয়ে বা টকা দি কিনিব পৰা বঁটা-বিতৰ্কই এই উদ্দেশ্য সিদ্ধিত সমূলি সহায় নকৰে।
গতিকে অতি শক্তিশালী জাতি ৰূপে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাদে অন্য বিকল্প আমাৰ হাতত আৰু নাই। আন্দোলন কেতিয়াও সমাধান হোৱা নাছিল, আগলৈও নহয়। আমি সকলোবোৰ শক্তিশালী হ’ব লাগিব, শক্তিশালী হ’ব লাগিব মহাৰাষ্ট্ৰৰ মাৰাঠীসকলৰ দৰে। যাতে বিদেশী বা অনা-অসমীয়াই আমাৰ ভাষা-মাটি কাঢ়ি নিয়াৰ কথা ভাবিবলৈও মনত সাহস নকৰে। কোন অবৈধ বিদেশীৰ সাহস আছে আজি মহাৰাষ্ট্ৰত গৈ জুপুৰীঘৰ এটা সজাৰ? কিয় সাহস নাই ভাবিলেই আমি আমাৰ প্ৰশ্নবোৰৰ উত্তৰ পাম। কেৱল সমস্যাৰ সময়ত শক্তি দেখুৱাই থাকিলে নহ’ব। হাতে কামে চিন্তাই প্ৰদৰ্শন হ’ব লাগিব আমাৰ শক্তি।
“জয় আই অসম”