জাতি – জনগোষ্ঠীৰ সংগমথলীৰ মূৰ্ত প্ৰতীক বশিষ্ঠদেৱ শর্মা
যুগান্ত বায়ন
সত্ৰীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে গোটেই জীৱনজুৰি নিৰন্তৰ প্ৰচেষ্টা চলাই, নিজস্ব চিন্তাশৈলীৰে জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ কৰ্ম আৰু সৃষ্টিৰাজিক অসমৰ বিভিন্ন ধৰ্ম, জাতি-জনগোষ্ঠীৰ মাজত বিয়পাই দিয়াৰ বাবে সত্ৰীয়া সংস্কৃতিৰ মহীৰূহ বশিষ্ঠদেৱ শৰ্মাৰ অকৃত্ৰিম অৱদান অসমীয়া জাতিৰ ভৱিষ্যৎ নিৰাপত্তাৰ বাবে এক জীৱন্ত প্ৰাচীৰ হিচাপে মূর্তমান হৈ থাকিব।
সাম্প্ৰতিক সময়ত সমাজৰ বিভিন্ন স্তৰত সাম্প্ৰদায়িক, অপ্রীতি, অসুয়া আৰু মেৰুবিভাজনৰ সৃষ্টি কৰি মহাপুৰুষ দুজনাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাই গঢ় দিব খোজা বর্ণিল সাংস্কৃতিক সমাহাৰেৰে পৰিপূৰ্ণ অসমীয়া সমাজখনক এক ঠেক গলিৰ ভিতৰলৈ নিবলৈ যি পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছে সেই সময়তে বশিষ্ঠদেৱ শৰ্মাই বিভিন্ন জাতি-ধৰ্মৰ লোকৰ মাজত তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া সমাজখনক অধিক শক্তিশালী আৰু একত্রিত কৰাৰ যি অপাৰ হেপাহ আছিল সেই হেপাহৰ যাতে কোনো কাৰণতে যতি নপৰে তাৰ বাবে নতুন প্ৰজন্মৰ লগতে অসমবাসী সমূহ ৰাইজৰ ভূমিকা নিসন্দেহে এতিয়া অধিক গধূৰ হ’ব।
বশিষ্ঠদেৱ শৰ্মাৰ জীৱন পৰিক্ৰমা কেৱল ধৰ্ম প্ৰচাৰতে সীমাবদ্ধ নাছিল, তেঁও সমাজৰ বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষা-ভাষী বিভিন্ন স্তৰৰ সৰ্বসাধাৰণ লোকৰ মংগলৰ বাবে বিভিন্ন কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছিল। সকলো ধৰ্মৰ লোকৰ প্ৰতি তেওঁ দেখুওৱা সন্মান আৰু মৰম যে অকৃত্রিম নাছিল তাৰে প্ৰমাণ তেওঁৰ শেষ যাত্ৰাত ইছলাম ধৰ্মৰ লোকৰ লগতে বিভিন্ন জাতি-জনজাতিৰ লোকে স্বতঃস্ফুতভাৱে অংশ গ্ৰহণ কৰাটো।
বশিষ্ঠদেৱ শৰ্মাৰ ধৰ্ম নিৰপেক্ষতাৰ গুণে নানা ধৰ্মৰ জাতিৰ লোকে বাস কৰা অসমখনক সৰ্বাংগ সুন্দৰ কৰি তুলিছে। বুঢ়াসত্ৰীয়াগৰাকীৰ শেষ কৃত্বত বৰপেটাত ফৰহাদ আলী নামৰ এজন সেৱকে চন্দন কাঠ। যোগান ধৰা, হেজাৰ হেজাৰ বিভিন্ন ধৰ্মৰ জাতি-জনগোষ্ঠীৰলোকে ভাগ লোৱা কাৰ্যই অসমীয়া জাতি যে এতিয়াও শক্তিশালী ৰূপত বিশ্বৰ বুকুত অৱস্থান কৰি আছে সেই কথা প্রতীয়মান হৈছে।
বশিষ্ঠদেৱ শৰ্মাই ইছলাম ধৰ্মৰ লোকৰ বসতিৰে পৰিপূৰ্ণ বাঘবৰ অঞ্চলৰ এখন বিদ্যালয়ত শিক্ষকতা কৰাৰ সময়ত এগৰাকী সেই ধৰ্মৰ লোকৰ ঘৰত একেৰাহে ৪ বছৰ বাস কৰি সম্বনয়ৰ এক অপূৰ্ব চানেকি গঢ়ি থৈ গৈছে।
২০১১-১২ চনত বৰপেটাৰ উত্তৰ অঞ্চলৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত হৈ মানৱতাৰ বাণী বিলোৱা কাৰ্য্যই আজিও সেই অঞ্চলৰ লোকসকলক অনুপ্রাণিত কৰি আহিছে। চাহ জনগোষ্ঠীৰ লোকৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰাটো তেওঁৰ কৰ্ম জীৱনৰ এক আপুৰুগীয়া বৈশিষ্ট।
অতি সম্প্রতি এক দুষ্ট চক্ৰই অসমৰ সাতান পুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰিবলৈ বৰপেটাৰ বিভিন্ন অঞ্চলকে ধৰি অসমৰ বিভিন্ন ঠাইত এচাম লোকক একত্ৰিত কৰি তথা কথিত ‘জেহাদৰ নামত যি নিকৃষ্ট পন্থা অৱলম্বন কৰিছে, সেই পদ্মা যাতে কোনো কাৰণতে সফল নহয় তাৰ বাবে বশিষ্ঠদেৱ শৰ্মাৰ নীতি, আদৰ্শ আৰু ধৰ্ম নিৰপেক্ষতা নীতিক সৰোগত কৰি আমি আগবাঢ়ি যাব লাগিব।
আজি আমাৰ মাজত সত্ৰীয়া গৱেষকগৰাকী শাৰীৰিকভাৱে নাই যদিও তেওঁৰ চিন্তা-ভাৱনা আৰু কৰ্মপন্থাই আমাক সদায় সঠিক আৰু শুদ্ধ পথ দেখুৱাই থাকিব ।
(বশিষ্ঠদেৱ শর্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে)
যুগান্ত বায়ন /৮৮৭৬৪১৫০৮১
11-11-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)