জাতীয় সংগঠনবোৰ জাতীয় জীৱনৰ বোজা হৈছে নেকি!
যুগান্ত বায়ন

মন্ত্ৰী, নেতাসকলৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপিত হোৱা বিভিন্ন অভিযোগ সংবাদ মাধ্যমে সৃষ্টি কৰা বুলি ক’বলৈ প্ৰয়াস কৰা ৰাজনৈতিক নেতাসকলৰ দৰে বৰ্তমান অসমৰ জাতীয় সংগঠনৰ একাংশ নেতা-কৰ্মীৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত প্ৰকাশ হোৱা কেতবোৰ গুৰুতৰ অভিযোগৰ ক্ষেত্ৰত তেনে নেতাসকলৰ তাচ্ছিল্যপূৰ্ণভাৱে কৰা মন্তব্যই জাতীয় সংগঠনসমূহৰ প্ৰতি ৰাইজৰ আস্থা ক্ৰমাণয়ে হ্ৰাস পোৱা কাৰ্যত অৰিহণা যোগাইছে।
শেহতীয়াভাৱে টাই আহোম ছাত্ৰ সন্থাৰ দৰে এটা অতি বিয়াগোম জাতীয় সংগঠনৰ সভাপতি (সদ্য অপসাৰিত) জনৰ নৈতিক স্খলনে স্বজাতিৰ প্ৰতি কৰা চৰম বিশ্বাসঘাতকতাক অতি লজ্জাজনকভাৱে উদঙাই দিছে।
ৰাজ্যখনত অবৈধভাৱে গঢ়ি উঠা চিণ্ডিকেটৰ দৰে অসামাজিক কাৰ্য্যৰ লগত এনেধৰণৰ নেতাৰ মিতিৰালিয়ে এই সংগঠনবোৰক এক সন্দেহৰ আৱৰ্ত লৈ ঠেলি দিছে। এটা কথা স্পষ্ট যে, এটা সময়ত জাতীয় সংগঠনবোৰৰ নিস্বাৰ্থ ভূমিকাৰ বাবে অসমৰ বিভিন্ন জাতীয় সমস্যাক মান্যতা দিবলৈ শাসক পক্ষ বাধ্য হৈছিল।
কিন্তু জাতীয় সংগঠনবোৰৰ বৰ্তমানৰ কাৰ্য্যকলাপে শাসক পক্ষক জাতীয় সমস্যাসমূহৰ প্ৰতি পিঠি দিবলৈ পথ সূচল কৰি দিছে। এনে পৰিস্থিতিত জনসাধাৰণৰ ওপৰত অগণতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী সিদ্ধান্ত জাপি দিবলৈ শাসক পক্ষই সুবিধা লাভ কৰিছে।
অতি শেহতীয়া কৈ জাতীয় সমস্যাসমূহ সঠিক ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ জাতীয় জীৱনত এক অনবদ্য স্থান দখল কৰা ৰাজ্যখনৰ সৰ্ব বৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাও সমালোচনাৰ সন্মুখীন হোৱাত জাতীয় জীৱন লৈ এক অশনি সংকেত নামি আহিছে।
ছাত্ৰ সন্থাৰ সদস্য হৈ থকাৰ সময়ত জাতীয়তাবাদৰ শ্লোগান আওৰাই ফুৰা অনেক মুধাকুটা নেতাই পৰৱৰ্তী পৰ্য্যায়ত সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক অনুগামী হোৱাৰ অনেক উদাহৰণে সংগঠনটোক সন্দেহৰ চকুৰে চাবলৈ ৰাইজে আৰম্ভ কৰিছে।

কিন্তু অতি ভয়ংকৰ কথাটো হৈছে ছাত্ৰ সংগঠনটোত থকাৰ অৱস্থাতে একাংশ নেতাই শাসক দলক পদলেহন কৰা কাৰ্য্য আৰু শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ সুৰৰ লগত সুৰ মিলোৱা সিদ্ধান্তক অসমৰ সংগ্ৰামী ৰাইজে সহজভাৱে ল’ব বিচৰা নাই।
আনকি “অসম চুক্তি”ৰ ৬ নম্বৰ দফা ৰূপায়ণ আৰু এন.আৰ.চি উন্নীতকৰণ সম্পৰ্কত ছাত্ৰ সন্থাৰ এগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে বিভিন্ন স্তৰত উত্থাপিত হৈ থকা অভিযোগসমূহৰ উপযুক্ত প্ৰত্যুত্তৰ দিব নোৱাৰা বিষয়টোয়েও অসমৰ সংগ্ৰামী সত্ত্বাক বিভ্ৰান্ত কৰিছে।
২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত বিপ্লৱ শৰ্মা আয়োগে ৬ নম্বৰ দফা ৰূপায়ণৰ প্ৰতিবেদন তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত দাখিল কৰিছিল। কিন্তু এই প্ৰতিবেদন ১ বছৰ ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰিলে।

চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতিবাদ জনাই ২০২১ চনৰ ১৪ আগষ্টত ছাত্ৰ সন্থাই প্ৰকাশ কৰা এটা বিবৃতিত এক সময় নিৰ্ধাৰিত কৰ্মসূচী গ্ৰহণৰ পোষকতা কৰিছিল। কিন্তু ২০২১ চনৰ অক্টোবৰ মাহত এক নতুন পৰিৱেশৰ সূচনা কৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ অন্য এখন সমিতি গঠন কৰা হ’ল। য’ত তিনিগৰাকী মন্ত্ৰী আৰু ছাত্ৰ সন্থাৰ চাৰিগৰাকী শীৰ্ষ নেতা সদস্য হিচাপে অন্তৰ্ভুক্ত হ’ল।
সমিতিয়ে সিদ্ধান্ত ল’লে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। চৰকাৰেও ছাত্ৰ সন্থাৰ পৰা লিখিত মতামত বিচাৰিলে।
কিন্তু সততে নিৰ্ধাৰিত সময়ৰ কথা কৈ থকা ছাত্ৰ সন্থাই নিজৰ মতামত দিলে সুদীৰ্ঘ ডেৰ বছৰৰ পিছত।

চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ তথ্য মতে, ২০২৩ চনৰ ১ জানুৱাৰী তাৰিখে ছাত্ৰ সন্থাই মতামত দাখিল কৰিছিল।
শেহতীয়াকৈ আৰ.টি.আইৰ জৰিয়তে লাভ কৰা এক তথ্যত ৬ নম্বৰ দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদনখন কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতো ছাত্ৰ সন্থাৰ অতি দুৰ্বল স্থিতিয়ে সংগ্ৰামী ৰাইজক আৰু অধিক সন্দেহৰ মাজলৈ ঠেলি দিছে।

এতিয়া পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে, ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন সভাপতিয়ে অসমৰ এটা অঞ্চলৰ আঞ্চলিক দল এটাত যোগদান কৰি পিছত দলটো ত্যাগ কৰি অহাত সেই দলটোৰ সভাপতিগৰাকীয়ে ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিগৰাকীক চিনি পোৱাৰ দৰকাৰ নাই বুলি ক’বলৈ সাহস কৰিছে।
হয়টো দুটামান প্ৰজন্মৰ পিছত অসমৰ ছাত্ৰ ৰাজনীতিত ছাত্ৰ সন্থাৰ নামটো হে থাকিব। ব্যক্তিগত বিদ্যালয়ৰ আগ্ৰাসন আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি অহা কাৰ্য্যই অদূৰ ভৱিষ্যতে ছাত্ৰ সন্থাৰ ৰক্ত ৰঞ্জিত পতাকাখন দাঙি ধৰি ৰখাটো এক কষ্টকৰ কাম হ’ব সেই কথা ভাবি ছাত্ৰ সন্থাক নিৰ্ভেজালভাৱে অন্তৰত স্থান দিয়া ৰাইজ আজি সংকিত হৈ পৰিছে।

জাতীয় সংগঠনবোৰৰ একাংশ নেতৃত্বৰ এনেধৰণৰ আপোচকামী চিন্তাধাৰা আৰু মানসিকতাৰ বাবে এই সংগঠনবোৰ যেন লাহে লাহে জাতীয় জীৱনৰ বোজা হোৱাৰ দিশে আগবাঢ়িছে।
সেয়ে সংগঠনসমূহৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস ঘূৰাই অনাৰ প্ৰাথমিক পদক্ষেপ হ’ব —- ভয়, ভাবুকি, প্ৰলোভনক হেলাৰঙে নেওচা দিয়া উৎসৰ্গিত নেতাৰ সৃষ্টি কৰা।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)