•তনয় চক্ৰৱৰ্তী
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰশ্নঃ
আমেৰিকাই ইউক্ৰেনক দীৰ্ঘদিন ধৰি সামৰিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত সচাকৈ যেতিয়া ৰাছিয়াই আক্ৰমণ কৰিলে, তেতিয়া ৰাছিয়াৰ ওপৰত মাথোঁ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিয়েই ক্ষান্ত থকা দেখি বিস্ময়াবিভূত হৈ পৰিছে জাপান। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবে-ই মুকলিকৈ টাইৱানৰ প্ৰশ্ন টানি আনি আমেৰিকাক উদ্দেশ্যি প্ৰশ্নবাণ এৰিছে।
এবে-ই কৈছে, চীনেও যদি ৰাছিয়াই দেখুওৱা পথ অনুসৰণ কৰি টাইৱানক দখল কৰাৰ উদ্যোগ গ্ৰহণ কৰে, তেতিয়াও কি আমেৰিকাই এনেদৰেই উদাসীন হৈ থাকিব? এইক্ষেত্ৰত আমেৰিকাৰ স্পষ্ট উত্তৰ বিচাৰিছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবে-ই। ইয়াৰ লগতে জাপানৰ আণৱিক নীতি সলনিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে শ্বিনজো এবে-ই।
প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে স্ব-শাসিত দ্বীপৰাষ্ট্ৰ টাইৱানক বহুদিনৰে পৰাই নিজৰ বিচ্ছিন্ন প্ৰদেশ হিচাপে চীনে গণ্য কৰি আহিছে। সাম্প্ৰতিক কালত গণতান্ত্ৰিকভাবে শাসিত এই দ্বীপটোৰ ওপৰত চীনৰ অধিকাৰৰ বিষয়ে পোনপটীয়াকৈ ক’বলৈ আৰম্ভ কৰিছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং-এ। চীনৰ এনে আচৰণ সম্পৰ্কে টাইৱানে কৈ আহিছে যে টাইৱানে শান্তি বিচাৰে, কিন্তু প্ৰয়োজন হ’লে আত্মৰক্ষা কৰিব। টাইৱানকো সামৰিক সুৰক্ষা দিয়া হ’ব বুলি আমেৰিকাই বহুদিনৰে পৰাই কৈ আহিছে। কিন্তু চীনে আক্ৰমণ কৰিলে টাইৱানেও ইউক্ৰেনৰ দৰেই অকলশৰীয়াকৈ যুদ্ধ কৰিব লাগিব নে নালাগে – এই প্ৰশ্ন সজোৰে উত্থাপন হৈছে শ্বিনজো এবে-ৰ কন্ঠৰে, জাপানৰ কন্ঠৰে।

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে কৈছে, টাইৱানত চীনৰ আক্ৰমণ হ’লে সেয়া জাপানৰ বাবেও মাৰাত্মক বিপদ হৈ পৰিব পাৰে। চুক্তি অনুসৰি টাইৱানৰ আত্মৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাই সমৰ্থন দিবলৈ বাধ্য। কিন্তু ইউক্ৰেনক সাহায্য দিয়াৰ ক্ষেত্ৰত আমেৰিকাই যি ভূমিকা পালন কৰিছে, তাকে দেখি জাপানৰ দৰে দেশবোৰে, টাইৱানৰ দৰে দেশবোৰে অস্বস্তি বোধ কৰিছে। কাৰণ, চীন আগ্ৰাসী হ’লে কেৱল টাইৱানতেই নহয়, আক্ৰমণ হ’ব জাপানৰ শ্বেনকাকু দ্বীপতো। আনহাতে পাৰমাণৱিক অস্ত্ৰৰে বলীয়ান চীনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ জাপানৰ হাতত প্ৰয়োজনীয় পাৰমাণৱিক শক্তি নাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰাই জাপানৰ মাটিত আণৱিক অস্ত্ৰ তৈয়াৰ কৰা নহ’ব বুলি সিদ্ধান্ত লৈ থোৱাই আছে আৰু এইক্ষেত্ৰত জাপান আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল।
গতিকে, ইউক্ৰেনৰ ওপৰত ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ পিছত আমেৰিকাৰ অৱস্থান দেখি শংকিত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, শংকিত জাপানৰ জনসাধাৰণ। এক টি-ভি শ্ব’ত শ্বিনজো এবে-ই মুকলিকৈ কৈছে যে “জাপানৰ আণৱিক নীতি সলনি হোৱা উচিত। কিদৰে বিশ্বক নিৰাপত্তা দিব পাৰি, তালৈ চকু দিব লাগে। নীতি সলনি কৰি আণৱিক শক্তি সম্পৰ্কে নতুনকৈ ভাবনা – চিন্তা কৰিব লাগিব।”