আপোনাৰ সন্তানৰ কামত অহা কথাঃ এটা পুৰণি টোপোলা আৰু Post Crossing
-ডা° সুকৃতি চৌধুৰী |
আজি এটা বহু পুৰণি চুটকেছ চাফা কৰো বুলি খুলি লওঁতে এনে এটা টোপোলা পালো যাৰ কথা আপোনাক ক’লে আপোনাৰ শিশুৰ কামত আহিব পাৰে বুলি ভাবিলো ৷ কথাটো এনে —–
জীৱনৰ এৰি অহা দিনবোৰত যেতিয়া পৰীক্ষা হৈ যোৱাৰ পিছৰ ব্ৰেকবোৰত বা উৎসৱৰ বন্ধবোৰত যাবলৈ বুলি ঘৰ নথকাত বাধ্যত পৰি প্ৰাইভেট হোষ্টেল বা পেয়িং গেষ্ট আদিত থাকিব লগাত পৰিছিলো, সেই সময়ত দুখ-বেজাৰ কৰি নথকাৰ জেদ ধৰি মই কিছুমান এনে কাম কৰাৰ যত্ন কৰিছিলো যিটোয়ে মোৰ জীৱনৰ নিগেটিভ খিনিক পজিটিভলৈ পৰিৱৰ্তন কৰিব পাৰে৷
কিতাপ পঢ়াৰ বাদে মই কৰা এটা কামৰ বিষয়ে আজি আপোনালোকক ক’ব খোজো যিটো কাম আপোনাৰ ল’ৰা-ছোৱালীৰ কামত আহিব পাৰে ৷ কামটো হ’ল —-“ Post Crossing.”
শুনিছেনে বাৰু Post Crossing কি ? হয়তো আপুনি জানিবও পাৰে ৷
তথাপিও থোৰতে কওঁ –Post Crossing হ’ল গোটেই পৃথিৱীজুৰি থকা এনেকুৱা এটা প্ৰজেক্ট যাৰ অধীনত পৃথিৱীৰ এখন দেশৰ মানুহে আন দেশৰ মানুহলৈ সেই দেশৰ পোষ্ট কাৰ্ড পঠিয়াই ৷ এখন ৰংচঙীয়া পোষ্ট কাৰ্ড৷ চমুকৈ ভাৱ বিনিময় কৰি সেই দেশৰ তেওঁৰ থকা ঠাইৰ বিষয়ে লিখিও দিয়ে৷ পোষ্ট কাৰ্ডত ফটো থকা নিৰ্দিষ্ট বস্তুৰ বিষয়েও জনাব৷
এই সকলোবোৰ Just for free!! নাই, কোনো টকা নালাগে৷
আপুনি Post Crossing ৰ ৱেব চাইটত নিজৰ প্ৰফাইল ৰেজিষ্টাৰ কৰক। কি বিষয়েনো আপুনি আগ্ৰহী, যেনে ধৰক —খেল, প্ৰকৃতি, Engineering marvels, Medical, ফুল, ঐতিহাসিক স্মাৰক, খাদ্য, কেচেল, নদী, পাহাৰ, —–যিকোনো আপোনাৰ পচন্দ লিখি দিয়ক৷ শুদ্ধকৈ আপোনাৰ Postal address দিয়ক৷ আপোনাক তেওঁলোকে বিভিন্ন দেশৰ 5 জন মানুহৰ লগত সংযোগ কৰাই দিব৷ এই 5জন মানুহে এখনকৈ পোষ্টকাৰ্ড পঠিয়াব৷ আপুনি যাৰ পৰা পোষ্ট কাৰ্ড পাব বিনিময়ত কিন্ত compulsorily তেওঁলৈ আপোনাৰ দেশৰ এখন পোষ্টকাৰ্ড পঠিয়াবই লাগিব৷ লাহে লাহে আপোনাৰ নেটৱৰ্কটো বাঢ়ি গৈ থাকিব আৰু আপোনাৰ আন্তৰ্জাতিক বন্ধু-বান্ধৱীৰ সংখ্যাও বাঢ়ি গৈ থাকিব ৷
কেবল পোষ্টকাৰ্ডেই নহয়৷ মুদ্ৰা, ডাক টিকট, কাৰেন্সি নোট আদি সকলো বিনিময় হয়৷
মই পোৱা বিদেশী মুদ্ৰাবোৰ ডাঠ কাগজত Transparent tape ৰে আঠা দি তলত কোন দেশৰ লিখি থৈছিলো ৷ ডাক টিকট আৰু পোষ্ট কাৰ্ডবোৰ এলবামত ধুনীয়াকৈ ৰাখিছিলো৷
মোৰ হাতত থকা বিভিন্ন দেশৰ মুদ্ৰাবোৰ বাদ দিলে কমেও ৩০ খন দেশৰ কাৰেন্সি নোট আছে৷ পিছে বৰ গধুৰ বাকচ এটা ওপৰত থকাত মোৰ পুৰণি ট্ৰাংকটোৰ পৰা কাৰেন্সি নোটবোৰ আজি বাহিৰ কৰিব নোৱাৰিলো৷ কিন্ত কাইলৈ বা পৰহিলৈ ওপৰত থোৱা গধুৰ বাকচটো কাৰোবাৰ সহায়ত আতঁৰাই তলৰ মোৰ ট্ৰাংকটোৰ পৰা কাৰেন্সিবোৰ উলিয়াই ফটো তুলি আপোনাক দেখুৱাম ৷
মই আজি আপোনালৈ বুলি শ্বেয়াৰ কৰা মুদ্ৰা, পোষ্ট কাৰ্ড,বিদেশী বন্ধু-বান্ধৱীৰ পোষ্ট কাৰ্ডত মোলৈ লিখা চিঠি, মই পোৱা বিদেশী ডাক টিকট আদিবোৰ আপোনাৰ উঠি অহা ল’ৰা-ছোৱালীক দেখুৱাব দেই৷
Post Crossing ৰ ৱেবছাইটলৈ গৈ আপোনাৰ শিশুক প্ৰফাইল ৰেজিষ্টাৰ কৰক৷ তাৰ পিছত পৃথিৱীৰ বিভিন্ন দেশৰ ৰংচঙীয়া পোষ্ট কাৰ্ড যেতিয়া ডাকযোগে আহি তাৰ/তাইৰ হাতত পৰিব, সেইদিনা চাবচোন সি/তাই কি যে ফুৰ্তি পাব ৷
আৰু এটা কথা লাহেকৈ কওঁ–এই ধৰনৰ এক্টিভিটিয়ে শিশুক মোবাইলৰ পৰাও দুৰত ৰখাত সহায় কৰে৷ কিন্ত এইটো কথা শিশুটোক নক’ব আক’ দেই |
আৰু এটা কথা কওঁ = মোৰ জাপানৰ সেই বান্ধৱী জনী যি মোলৈ লিখা পোষ্টকাৰ্ডৰ ফটোও দিছো, তাইৰ উৎসাহতে মই দুৰত্ব শিক্ষাৰ মাধ্যমেৰে (Correspondence Course) জাপানী ভাষা শিকিছিলো৷ আজি মই জাপানী ক’ব, পঢ়িব আৰু লিখিবও পাৰো |
বিঃদ্ৰঃ
=====
এই সংগ্ৰহবোৰ ল’ৰা-ছোৱালীক উৎসাহিত কৰিবলৈ অসমৰ কোনো স্কুল বা আন ঠাইত দি দিও নে কি বাৰু ? মাজে-সময়ে মগজুলৈ এনে এটা চিন্তা আহি থাকে৷ল’ৰা-ছোৱালীবোৰক উৎসাহিত দেখিলে মোৰ বৰ আনন্দ লাগে ৷️
Happy Parenting