• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 16, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জাপানৰ পৰা মহাবাহুলৈ-১৪

-ডা° সুকৃতি চৌধুৰী

by Admin
June 17, 2021
in Opinion, Special Report, World
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডা° সুকৃতি চৌধুৰী |

|| শান্ত, লাজকুৰীয়া আৰু অন্তৰ্মুখী ব্যক্তি (Introvert) লোক সকলৰ বিষয়ে ||

RelatedPosts

NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
man woman girl young

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

May 15, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

May 15, 2022

নমস্কাৰ

প্ৰশ্ন:- লাজকুৰীয়া ব্যক্তি আৰু অন্তৰ্মুখী স্বভাৱৰ ব্যক্তি (Introvert) একেই নে?

উত্তৰ–নহয়৷

আমি প্ৰায়েই লাজকুৰীয়া আৰু অন্তৰ্মুখী ব্যক্তি (introvert) একে বুলি ভাবো৷

কিন্ত উত্তৰটো হ’ল: –একে নহয়৷

অন্তৰ্মুখী স্বভাৱ মানুহৰ এক প্ৰকাৰৰ ব্যক্তিত্বহে৷ সাধাৰণতে ই জন্মগত হয়৷

অন্তৰ্মুখী স্বভাৱ (Introvert) ৰ মানুহে সাধাৰণতে অকলে থাকিয়েই ভাল পায়৷ নিজৰ সংগ নিজেই উপভোগ কৰে৷ তেওঁলোক খুউব ভাল শ্ৰোতা হয়৷ গভীৰ অধ্যয়ন কৰিব পৰা পাঠক/পাঠিকা৷ তেওঁলোকে কিবা কোৱাতকৈ বহুত ভালদৰে লিখি দিব পাৰে৷

কিন্ত তেওঁলোকে মনৰ ভিতৰত থকা এখন  বিৰাট নিজৰ জগততেই অনবৰতে বিচৰণ কৰি থাকে ৷ তেওঁলোকৰ অনুভৱ শক্তি সাংঘাতিক হয়৷

এইধৰণৰ লোকসকল সাধাৰণতে  Public speaking বা কোনো সাক্ষাৎকাৰ বা অভিনয় বা Group বা Team হৈ কৰা কাম, এইধৰনৰ কামত  পাৰ্গত নহয়৷ তেওঁলোকে এনেবোৰ কাম যে নকৰে সেইটো নহয়৷ অলবৎ কৰে৷ কিন্ত নিজকে জোৰকৈ মনাবলৈ গৈ কৰা কামবোৰ বৰ এটা ভাল লগা নহয়গৈ আৰু আনে তেওঁৰ এই কামবোৰ বৰকৈ পচন্দ নকৰে৷

অন্তৰ্মুখী মানুহ বিৰাট চিন্তাশীল হয়৷ সুক্ষ্মতম কথাও তেওঁলোকে ভাবি উলিয়ায়৷ তেওঁলোক বহুত কেয়াৰিং হয়৷ কিন্ত দেখুৱাব নাজানে৷

বহুত সময়ত তেওঁলোকৰ এক সংখ্যকৰ বিমৰ্ষতাও অনুভৱ হয়৷ আনহাতে বিৰাট ডাঙৰ ডাঙৰ থিয়ৰীও তেওঁলোকেই লিখি উলিয়াব৷ কিন্ত তাৰ বিষয়ে যদি ক্লাছত থিয় হৈ ক’বলৈ দিয়ে আপুনি যে ব’ৰ হৈ হামিয়াই হিকতিয়াই চাহ-কফি বিচাৰিব সেয়া খাটাং ৷ অথচ সেই একেখিনি কথা  এজন বৰ্হিৰমুখী মানুহক ক’বলৈ দিলে হয়তো শ্ৰোতাৰ বাবে আসনৰ নাটনি হ’ব৷

অন্তৰ্মুখী স্বভাৱ কোনো বেমাৰ নহয়৷

এনে মানুহক জোৰ কৰি সলাবলৈ নাযাব৷

মানি লওক যে তেওঁলোক তেনেকুৱাই আৰু তেওঁলোকৰ  ব্যক্তিত্ব অনুসৰি থাকিব দিয়ক৷

এনে শিশুক অন্তৰ্মুখী স্বভাৱ অনুসৰিয়েই নিৰ্দিষ্ট শিক্ষাৰ মাজেৰে ডাঙৰ হ’ব দিয়ক৷ শান্তিত থাকিবলৈ দিলে তেওঁলোকে যুগমীয়া ভাল ভাল কাম কৰি দেখাৱ পাৰে৷ দুখৰ কথাটো হ’ল, অন্তৰ্মুখী স্বভাৱৰ মানুহক প্ৰায়েই আনে ভুল বুজে৷

আনহাতে লাজকুৰীয়া সকল??

মানুহে কিবা এটা কথাত বা পৰিৱেশত যদি হীনমন্যতাত ভোগে, ভয় খায়, আতংকিত হয়, ভিতৰি ভিতৰি যদি তীব্ৰ উত্তেজনা অনুভৱ কৰে কিন্ত বাহিৰত দেখাব নোৱাৰে, এই ধৰক বিৰাট মৰম লাগি গ’ল কিন্ত ক’ব বা প্ৰকাশ কৰিব নোৱাৰে : মানুহৰ তেতিয়াই লাজ লাগে৷ কিবা এটা ভুল হ’ল৷এতিয়া আনে কি ক’ব বুলি আশংকা লাগিল, আত্মবিশ্বাস অহা নাই কোনো কথাত: তেতিয়াও লাজ লাগে৷

লাজ লগাটো সাময়িকহে৷ কিন্ত যদি কথাই কথাই লাজেই লাগি থাকে আৰু যিকোনো কিবা এটা কৰাত অসমৰ্থ হয়, তেনেহ’লে  ই নিশ্চয় কাউন্সেলিংৰ যোগ্য কথা হ’ব পাৰে৷ কাৰণ ই আত্মবিশ্বাসহীনতা আৰু মনৰ ভিতৰত থকা হীনমন্যতা আৰু ভয় হ’ব পাৰে৷ ভালকৈ কথা পাতিলেই মনৰ খবৰ ল’লেই দুৰ হ’ব৷

আনহাতে প্ৰেমৰ অনুভূতি হ’লেও লাজ লাগে ৷ পিছে এই অনুভূতি কেতিয়া কাৰ প্ৰতি জাগে সেয়া  আপুনিহে জানিব আৰু

(১) মুখেৰে একো নকৈ শান্ত হৈ থকা মানুহবোৰে নিজৰ সৈতে বহুত কথা কয়৷ তেওঁলোকৰ মনৰ মাজত প্ৰায়েই কল্পনিক কোনোবা এজন/এজনী বা নিজৰেই আন কিবা এটা ৰূপ থাকে যাৰ সৈতে তেওঁ অহৰহ কথা পাতে৷ ইমানেই কথা পাতে যে বাহিৰত কিবা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে৷

(২) তেওঁলোক খুব কমেইহে আপোনাৰ লগত সহজ হ’ব পাৰে৷ কিন্তু যদিহে কেনেবাকৈ আপুনি তেওঁক আপোনাৰ সৈতে সহজ কৰিব পাৰে তেন্তে আপুনি তেওঁৰ শিশুসুলভ এনে এটা মনোৰম ৰূপ দেখা পাব যে “Cutest and wildest person on earth” বুলি আপোনাৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাবই৷ কিন্ত এই ৰূপ কেৱল আপুনিহে দেখা পোৱাকৈ প্ৰকাশ পাব৷

(৩) তেওঁলোকে যি কয় আৰু কৰে সেয়া হৃদয়ৰ পৰা কয় বা কৰে৷ লাজকুৰীয়া বাবেই তেওঁলোকে আপোনাৰ চকুত চকু থৈ কথা ক’বলৈ অসমৰ্থ৷ ভুল নুবুজিব৷ চকুলৈ চাব নোৱাৰা সকলোৱেই ঠগবাজ আৰু মিছলীয়া নহয়৷ এই কম কথা কোৱা লাজুকা স্বভাৱৰ লোক সকলৰ দৃষ্টি সদায় হৃদয়ৰ অটল তলিত মজুদ সেই কাল্পনিক চৰিত্ৰটোৰ প্ৰতি নিবদ্ধ যাৰ সৈতে তেওঁ নিজে গম নোপোৱাকৈ অহৰহ কথা পাতি থাকে৷

(৪) খং নতুলিব তেওঁলোকৰ৷ খং উঠিলে তেওঁলোকে কি কৰিব পাৰে আপুনি সেয়া কল্পনাও কৰিব নোৱাৰিব৷ একো নকৈ শান্ত হৈ বহি থাকিব পাৰে তেওঁলোক৷ কিন্ত বাহ্যিক পৃথিৱীৰ সংগত তেওঁলোক সোনকালেই বিৰক্ত হয়৷ বিৰক্ত হয় বাবেই ভিতৰি খঙো বেছি হয়৷ এই খঙে যেতিয়া এটা মাত্ৰা চেৰাই যায় তেতিয়াই আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ দৰে ভয়ানক হ’ব পাৰে৷

(৫) প্ৰেম আৰু বৈবাহিক সম্পৰ্কত শান্ত আৰু লাজুকা লোক সকল বহুত বিশ্বাসী হয়৷ একো নকয় বাবেই তেওঁলোকক অবিশ্বাস নকৰিব৷ তেওঁলোকে সাধাৰণতে নিজৰ মনৰ মাজৰ পৃথিৱীখনত থাকিয়েই ভাল পায়৷

(৬) শান্ত আৰু লাজুকা লোক সকল ভিতৰি খুউব শক্তিশালী হয়৷ মাত্ৰ বাহিৰত “ভীমৰ বচন” মাতি নুফুৰে৷

(৭)শান্ত আৰু লাজুকা লোক সকল সাংঘাতিক চোকা হয়৷ তেওঁলোকৰ অকাডেমীক পৰীক্ষাৰ ৰিজাল্ট কি আছিল সেয়া নুসুধিব৷ পৰীক্ষাৰ ৰিজাল্ট ভাল কৰাৰ বাবে মাত্ৰ Examination Technique বোৰ মতেই পঢ়িলেই ভবা মতেই ৰিজাল্ট হয়৷ ৰিজাল্ট চাই চোকা বা গাধা বুলি কোৱাটো মাৰাত্মক ভুল৷ কওক যে Examination technique বোৰ শিকি তাৰ প্ৰয়োগ কৰিব পাৰিছিল বা পৰা নাছিল৷ নহ’লেনো কোনোৰকমে মেট্ৰিক পাছ কৰা মানুহজনেও পিছৰ কালত সুপ্ৰসিদ্ধ বিজ্ঞানী বা আন যিকোনো ক্ষেত্ৰৰ মহানতম কাণ্ডাৰী হয়গৈ নে? কথাটো হ’ল তেওঁলোক বিৰাট চোকা মানুহ আছিল৷ মাত্ৰ Examination technique শিকি ইয়াৰ প্ৰয়োগ নকৰিলে৷ এনেকুৱাও হয় যে থাৰ্ড ডিভিজনত মেট্ৰিক পাছ কৰা এজনৰ পিছৰ কালত কৰা এটা আৱিষ্কাৰৰ বিষয়ে ষ্টেণ্ড কৰি অহাজনে পৃথিৱী বিখ্যাত কোনোবা প্ৰতিষ্ঠানত পঢ়িছে/শিকিছে আৰু চমৎকৃত হৈছে৷ আগতেও কৈছিলো আৰু আজিও ক’লো: বেয়া ৰিজাল্ট হোৱা মানেই মানুহক গাধা নুবুজায়৷ মানুহ অপৰিসীম সম্ভাৱনাৰ ভড়াল৷

(৮) শান্ত আৰু লাজুকা লোক সকল ছ’চিয়েল মিডিয়াত আচৰিত ধৰনে এক্টিভ হয়৷ একো নিলিখিলেও বা কমেণ্ট নিদিলেও বা লাইকো নকৰিলেও তেওঁ আপোনাক ফল’ কৰে আৰু আপোনাৰ আপডেটবোৰ প্ৰসংশাসুচক দৃষ্টিৰে চায়৷ আনে নাচালেও বা নপঢ়িলেও তেওঁলোকে চাবই বা পঢ়িবই৷বৰ বেছি কাৎচিৎ কেতিয়াবা ইনবক্সত পাই যাব পাৰে থামছ-আপ এটা যদি আপোনাৰ এখন ফটো বা এটা লেখা তেওঁৰ বহুত ভাল লাগি যায়৷

(৯) শান্ত আৰু লাজুকা লোক সকলে নিজৰ যন্ত্ৰণা বাহিৰত প্ৰকাশ কৰিব নোৱাৰে৷ ভিতৰি তেওঁলোক শেষ হৈ যায়৷ কিন্তু বাহিৰত একো নক’ব–এই ধৰনৰ হয়৷

(১০) শান্ত আৰু লাজুকা লোক সকলৰ কিছু সংখ্যকক ডিপ্ৰেছনত ভোগা দেখা যায়৷ যুজিঁ নাথাকিব তেওঁলোকৰ লগত৷ বেছি একো খুচৰি সুধিও নাথাকিব৷ অসহ্য হৈ খঙতে চিঞৰি উঠিব পাৰে৷ মাথো মৰম আৰু কেয়াৰ কৰি নিজৰ জগতত শান্তিৰে থাকিব দিয়কচোন৷ আপোনাৰ সৈতে সহজ হ’লে নিজেই মেলি ধৰিব হৃদয়ৰ কপাট৷ আপুনি ভবাতকৈ বহুত গভীৰ তেওঁলোক৷

(১১) আপুনি এজন শান্ত আৰু লাজুকা পুৰুষ বা নাৰীৰ হাঁহিটো মন কৰিবচোন৷ তেওঁলোকেই জানে কেনেকৈ “Cutest smile on the planet” মাৰি আনৰ মন-প্ৰাণ ভৰাই পেলাব লাগে৷

(১৩) শান্ত আৰু লাজুকা লোক সকলে কবিতা লিখিলে, ছবি আঁকিলে আৰু কলাকৃতি বনালে ইমানেই সাংঘাতিক Unique হয় যে আনসকলোবোৰ ইয়াৰ সন্মুখত ম্লান হৈ পৰে৷

আজিলৈ ইমানেই৷

ধন্যবাদ

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: লাজকুৰীয়া ব্যক্তি আৰু অন্তৰ্মুখী স্বভাৱৰ ব্যক্তি
Admin

Admin

Related Posts

NEIPF : Interest of the indigenous people of NE must be protected
Opinion

জনগোষ্ঠীয় সমন্বয়

by Admin
May 15, 2022
0

জনগোষ্ঠীয় সমন্বয় ৰাণাদীপ কাকতী পৰিৱৰ্তনশীল উপলব্ধিৰ মাজেৰে আগবাঢ়ি যাব পৰাটো প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষেত্ৰত অন্যতম শক্তিশালী ইতিবাচক দিশ। ইয়ে জাগ্ৰত...

Read more
man woman girl young

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

May 15, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

May 15, 2022
UN aims to bring more young voices to halls of power

UN aims to bring more young voices to halls of power

May 13, 2022
Tajiks of Afghanistan have been the direct target of the Taliban

Tajiks of Afghanistan have been the direct target of the Taliban

May 12, 2022
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

May 12, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
peron praying at buddha for good luck

Tathā-agata

May 16, 2022
a word interview on black background

An Interview of Indrani Baruah by Jahnavi Gogoi

May 16, 2022
As you move…

As you move…

May 16, 2022
প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

May 16, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    299 shares
    Share 120 Tweet 75
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    17 shares
    Share 7 Tweet 4
  • Tathā-agata

    12 shares
    Share 5 Tweet 3
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    21 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    12 shares
    Share 5 Tweet 3
  • ত্ৰিপুৰাৰ ৰাজনীতিত হুলস্থূলঃ হঠাৎ পদত্যাগ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

    9 shares
    Share 4 Tweet 2
  • RUSSIAN DISINFORMATION AND PROPAGANDA

    9 shares
    Share 4 Tweet 2
  • As you move…

    4 shares
    Share 2 Tweet 1
  • গৰুৰ মাংস খোৱা ২০% কমিলেই অৰণ্য ধ্বংসও অৰ্দ্ধেক কমিব

    14 shares
    Share 6 Tweet 4
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: