-ডা° সুকৃতি চৌধুৰী |
ওচাকা, জাপান
০৬ জুন ২০২১, দেওবাৰ
———————————-
মৰমৰ ভাইটি-ভন্তিহঁত,
মৰম ল’বা৷ তোমালোকৈ চিঠি নিলিখা বহুদিন হ’ল৷ আজি মনলৈ আহি থকা দুটামান কথা লিখো বুলি ভাবিলো….
মই যেতিয়া তোমালোকৰ বয়সৰ আছিলো, প্ৰায়েই এখন ‘ৰাফ্ নোটবুক’ আৰু কলম লগত লৈ ফুৰিছিলো ৷ ইয়াৰ লগতে আছিল এখন মেগনিফায়িং গ্লাছ, এটা আওপুৰণি ইয়াশ্বিকা কেমেৰা, জ্যামিতি বাকচৰ সৰু প্লাষ্টিকৰ স্কেলপাত ইত্যাদি৷ মোক কোৱা হৈছিল যে মই চাৰিওপিনে যিহকেই দেখো তাৰ অন্তঃকৰণলৈকে গৈ যাতে শিকাৰ যত্ন কৰো৷ লাগে সেয়া গছৰ পাত এখিলাই হওক বা মঠঘৰীয়াৰ পাহাৰৰ বিচিত্ৰ কীট-পটংগ আৰু পখিলা আদিয়েই হওক৷
দৈনন্দিন বিজ্ঞানৰ বহুকেইখন ৰঙচঙীয়া কিতাপে মোৰ উৎসুকতা বঢ়াই তুলিছিল৷
যি কি নহওক, এতিয়া তোমালোকে এণ্ড্ৰইদ মোবাইলতেই প্ৰায়বোৰ কাম কৰিব পাৰা হ’লাহি৷ তোমালোকে অলপ যত্ন কৰিলেই বহুত exposure পাব পাৰিবাই৷ তোমালোকৰ মাজৰ যিসকলে মাধ্যমিক ক্লাছত পঢ়া সেই সকল ল’ৰা-ছোৱালীয়ে এতিয়াৰ পৰায়েই জীৱন গঢ়িবলৈ যত্নপৰ হ’ব লাগিব৷
মোক কোৱা হৈছিল যে নাইন, টেন, হায়াৰ চেকেণ্ডেৰী ফাৰ্ষ্ট – ইয়েৰ আৰু চেকেণ্ড ইয়েৰ–এই চাৰিটা বছৰৰ ওপৰতে জীৱনত তুমি কি কৰিবা আৰু কিমান দুৰলৈকে যাব পাৰিবা সেয়া নিৰ্ভৰ কৰে৷ এয়া জীৱনৰ ভেটিটো বনোৱাৰ সময়৷ মজবুত ভেটি নহ’লে পিছত যদি তুমি বিশাল অট্টালিকা গঢ়িবলৈ যত্ন কৰা সেয়া তাচপাতৰ ঘৰৰ দৰে খহি পৰিব৷
ইমান বছৰ পিছত মোৰ অভিজ্ঞতাৰে উপলব্ধি কৰিব পৰা হৈছো যে–হয়৷ জীৱনৰ চাৰিবছৰ: নাইনৰ পৰা হায়াৰ চেকেণ্ডেৰী চেকেণ্ড ইয়েৰলৈকে সময়খিনিৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে৷ কোনোবাই এই সময় খিনি ধিতিঙালি কৰি কটাই তাৰ পিছতো সৎ বা অসৎ পথেৰে কেৰিয়াৰৰ বিশাল সৌধ বনায়৷ কিন্ত জানি থোৱা যে এনেবোৰ সৌধ মজবুত ভেটি নথকা অট্টালিকাৰ দৰে৷ সাধাৰণ ভূমিকম্পৰ এটা জোকাৰণিতে হুৰহুৰাই খহি পৰাৰ সম্ভাৱনা থাকে৷
বাৰু, আজি মই তোমালোকৰ বয়সতে অ’ৰপৰা পৰা টুকি আনা দুটামান কথা কৈ শুনাব খুজিছো—–
এই পৃথিৱীৰ আটাইতকৈ পুৰণা শল্য চিকিৎসা (Surgery) কি জানানে? কিমান পুৰণি কথা জানা— যীশুখ্ৰীষ্টৰ জন্মৰ ১০ হাজাৰ বছৰ আগৰ ৷ মানে ১০০০০ খৃষ্টপূৰ্বৰ সত্য কাহিনী৷ সেই সময়ত কাৰোবাৰ যদি মুৰৰ বিষ হৈ থাকিছিল তেতিয়া তেওঁৰ মুৰত বিশেষ পদ্ধতিৰে এটা বিন্ধা কৰি দিছিল৷ ইয়াক কোৱা হৈছিল “Trepanning”….শব্দটো বানানৰ সৈতে মনত ৰাখিবা দেই ৷
Trepanning শব্দটো আহিছে গ্ৰীক ভাষাৰ শব্দ “Trupanon” ৰ পৰা৷গ্ৰীক ভাষাৰ Trupanon শব্দটোৰ অৰ্থ হ’ল “Borer” মানে অসমীয়াত ক’লে গছ বা ফল আদি ৰুকি বা বিন্ধা কৰি খোৱা পোক৷
আনহাতে মেকানিকেল ইঞ্জিনীয়াৰিঙত Boring মানে কি শুনা : সহজভাৱে ক’লে ইতিমধ্যে থকা বা drilling কৰি বনোৱা এটা বিন্ধাক মেচিনৰ দ্বাৰা বহলাই পেলোৱা৷ জন উইলকিলছন বোলা অভিযন্তাজনে ১৭৭৫ চনত প্ৰথমটো “ব’ৰিং মেচিন” বনাই উলিয়াইছিল৷
এতিয়াৰে পৰা তোমালোকে আমনি লগাবোৰকেই অকল “ব’ৰিং” আৰু ইয়াৰ আন অৰ্থ নাই বুলি ভাবি নাথাকিবা৷ আনহাতে “আমনি” নামৰ ঠাই এখনো আছে দেই অসমত ৷ সঠিকভাৱে ক’ত আছে মই নাজানো৷ তোমালোকে মোক জনাবা৷
….যি কি নহওক এইদৰে Trepanning কৰি মুৰত বিন্ধা কৰি মুৰৰ বিষৰ লগতে নানা মানসিক ৰোগো ভাল কৰাৰ যত্ন কৰা হৈছিল৷ কোনো ধৰনৰ এনাস্থেচিয়াৰ প্ৰয়োগ নকৰাকৈ মুৰত বিন্ধা কৰাৰ যন্ত্ৰণাদায়ক চিকিৎসাৰ পিছতো ৰোগী জীয়াই থকাৰ বিজ্ঞানসন্মত প্ৰমাণ পোৱা গৈছে৷ কিন্ত বিন্ধা কৰিছিলেই বা কেনেকৈ? ইয়াৰ বাবে মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা হাতুৰী-বতালিৰ দৰে তীক্ষ্ণ সজুঁলি আছিল৷ বিন্ধা কৰাৰ পিছত ইয়াক ৰোগীৰ সামাজিক মৰ্যাদা অনুসৰি কিবা পাথৰ বা সোণ-ৰূপেৰে বিন্ধাটো ক’ভাৰ কৰি ৰাখিছিল৷
এইখিনিতে চীনদেশৰ খাদ্য খোৱাৰ এটা নিষ্ঠুৰ প্ৰণালীৰ কথা মনত পৰোতে কৈ থওঁঃ কেতবোৰ বিশেষ ৰেষ্টুৰেণ্টত বান্দৰক বান্ধি থৈ বাকচৰ দৰে সজাত এনেদৰে ভৰায় যে কেবল মুৰৰ তালুখন ওলাই থাকে ৷ এতিয়া খাদ্য পৰিবেশনকাৰীয়ে বান্দৰটোৰ তালুখন হাতুৰী বতালিৰ দৰে ধাৰাল সজুঁলিৰে ফুটাই খোল কৰি দিব আৰু খাদ্য খাবলৈ অহাজনে মৰণযন্ত্ৰণাত চতফটাই থাকা বান্দৰটোৰ মগজু বিশেষ নাইফ/ফৰ্কৰে খাব৷ কিন্তু তেতিয়ালৈকেহে খাব যেতিয়ালৈকে বান্দৰটো চত্ফটাই জীয়াই থাকে৷ মৰি যোৱাৰ লগে লগেই সেই খাদ্য খোৱাৰ অনুপযোগী হ’ল বুলি ধৰা হয়৷ আনহাতে কোনো কোনো পদ্ধতিত বান্দৰটোক হত্যা কৰি তাৰ পিছত মগজুখিনি বাহিৰ কৰি বিভিন্ন প্ৰকাৰে খোৱাৰ পদ্ধতিৰ কথা শুনা যায়৷
গৌৰৱ কৰিব পাৰা যে আমি ভাৰতীয় আৰু আমাৰ দেশত এইদৰে আসুৰিকভাৱে খাদ্য খোৱাৰ নিষ্ঠুৰ পৰম্পৰা নাই৷
তোমালোকে কাগজৰ ইতিহাস নিশ্চয় পঢ়িছা৷ বেবিলনত মাটিৰ টেবলেট কিছুমানত যে লিখিছিল সেয়াও শুনিছাই চাগৈ ৷
যীশুখ্ৰীষ্টৰ জন্মৰ এহেজাৰ বছৰ আগতে বেবিলনত মানুহৰ ৰোগব্যাধি হ’লে কোন লক্ষণত কি চিকিৎসা কৰিব লাগে সেইবোৰ কথা এনেকুৱা ৪০ টা মাটিৰ টেবলেটত লিখা হৈছিল৷ গোটেইখিনিক একেলগে কোৱা হৈছিল ” Treatise for medical diagnosis and prognosis.”
সেই যুগত বেবিলনৰ মানুহে কিবা ভূত-প্ৰেত আদিৰ বাবেই ৰোগ হয় বুলি ভাবিছিল আৰু এই অপশক্তিক খেদিবলৈ ৰোগৰ লক্ষণ অনুসৰি জৰা-ফুকা আৰু বন দৰবৰ দিহা দিছিল৷
চিকিৎসক সকলে পালন কৰিব লগা নানা বিধি নিয়মৰ প্ৰাচীনতম কিতাপখনৰ নাম হ’ল “Hammurabi Code.” এইখন খৃষ্টপুৰ্ব ১৭৯০ ৰ পৰা ১৭৫০ ৰ মানৰ ভিতৰত লিখা হৈছিল বুলি অনুমান কৰা হয়৷
জানানে, অ’তিশয় প্ৰাচীন কালত জোক আৰু পৰুৱাকো মানুহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷
শৰীৰৰ কটাচিঙা চিলাবৰ বাবে ডাঙৰ আকাৰৰ বহুতো পৰুৱা ধৰি আনি ক্ষতস্থানৰ কাষত থৈ পৰুৱাটোৰ মুৰত চেপি ধৰিছিল যাতে সি ধৰফৰাই নিজৰ শুং কেইডালেৰে ক্ষতস্থানৰ চালত ফুটাই দি চিলাই অনাত সহায়ক হয়৷ অৱশেষত পৰুৱাটোৰ মুৰটো চিঙি পৰিছিল আৰু তাৰ শুংবিলাক ক্ষতস্থানৰ চিলাই কৰাৰ কামত আহিছিল৷ এনেদৰে ডাঙৰ আকাৰৰ পৰুৱাটোৰ এটাৰ পিছত আন এটা ক্ষতস্থানৰ চিলাই কৰা কামত ব্যৱহাৰ কৰিছিল!!
আনহাতে সেই প্ৰাচীন যুগত মানুহৰ শৰীৰত তেজ বেছি হ’লে ৰোগ হয় বুলি তেজ খাবলৈ ৰোগীৰ গাত জোক মেলি দিছিল!!
তোমালোকে চিকিৎসক সকলে লোৱা এটা শপতৰ কথা শুনিব পাৰা৷ Hippocrates Oath বুলি বিখ্যাত যে৷ শুনিছা ন?_____
হিপ’ক্ৰেটৰ ৪৬০ খৃষ্টপুৰ্বত গ্ৰীচ দেশত জন্ম হৈছিল৷ তেখেতৰ চিকিৎসা বিজ্ঞানলৈ থকা বিশাল অৱদানৰ বাবে “Father of Medicine” বুলি কোৱা হয়৷ চিকিৎসক সকলক মানৱ সেৱাৰ বাবে উৎসৰ্গীতভাৱে কাম কৰিবলৈ শপত ল’ব লাগে বুলি হিপ’ক্ৰেটে মত পোষণ কৰিছিল৷লাহে লাহে এই শপত পৃথিৱীৰ নানা দেশলৈ বিয়পি পৰিছিল৷
তোমালোকে কিন্তু Herbert S Goldberg এ লিখা Hippocrates: Father of Medicine কিতাপখন পঢ়িবা দেই৷ ‘অনলাইন’যোগে আনিব পাৰিবা৷
এইবাৰ শুনা গেলেন (Galen)ৰ কথা ….
বাৰু কোৱাচোন তোমালোকে বাৰু গ্লেডিয়েটৰৰ যুঁজ দেখিছানে? প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ বীৰ সকলৰ মাজত হোৱা যুদ্ধ৷ ৰিঙৰ ভিতৰত হৈছিল আৰু কোনো ষ্টেডিয়াম আদিত পাতিছিল৷ গেলেন বোলা চিকিৎসকজনে এই যুঁজবোৰত উপস্থিত থাকি আহত বা মৃত্যু হোৱা বীৰজনৰ শৰীৰ কটা-চিঙা কৰি আভ্যন্তৰীণ অংগ সমূহৰ বিষয়ে কিছুমান সিদ্ধান্ত প্ৰতিপাদন কৰিছিল৷ পৰৱৰ্তীকালত গেলেনৰ সৰহভাগ থিয়ৰীয়েই ভুল প্ৰমাণ হয়৷কিন্তু গেলেন আছিল মস্ত অকৰা মানুহ৷ তেওঁক ভুল বুলি কোৱা মানুহক শাস্তি দি হ’লেও তেওঁৰ ভুল কথাবোৰকেই মানি ল’বলৈ বাধ্য কৰাইছিল৷
তোমালোকে চাগৈ ভাবিছা মই চৰক আৰু সুশ্ৰুতৰ দৰে মহান ঋষি সকলৰ কথা লিখি প্ৰাচীন ভাৰতৰ চিকিৎসা পদ্ধতিৰ কথা কিয় কোৱা নাই৷ ইয়াৰ উত্তৰত কওঁ যে—তোমালোকে এই বিষয়ে খৰচি মাৰি জানিব লাগিব৷সেয়ে এই বিষয়ে বেলেগে বহলাই লিখিম৷ আজি লিখিলে ক’ব খোজা সৰহভাগ কথায়েই থাকি যাব৷
মৰমৰ ভাইটি-ভন্তিহঁত, তোমালোকে শুনিছাই চাগৈ যে বহুতো আধুনিক ঔষধতো নানা প্ৰকাৰৰ উদ্ভিদৰ (Plant extracts and herbs) ব্যৱহাৰ হয়৷ ইয়াৰ জনক আছিল প্ৰাচীন গ্ৰীচৰ ” Pedanius Discorides” নামৰ সুখ্যাত চিকিৎসক এজন৷ তেওঁ ইয়াৰ ওপৰত ৫ খন গ্ৰন্থ লিখিছিল য’ত প্ৰায় ৬০০ প্ৰকাৰৰ এনে ঔষধৰ ব্যাখ্যা কৰিছিল৷ গোটেই কেইখনক একেলগে কয় “Materia Medica.” তাৰ পিছত পোন্ধৰ শ বছৰ ধৰি এই লেখাবোৰেই আছিল চিকিৎসা বিজ্ঞানৰ অন্যতম আধাৰ৷
Pedanius Discordes জন্ম হৈছিল ৪০ খৃষ্টাব্দত আৰু মৃত্যু হৈছিল ৯০ খৃষ্টাব্দত৷ পেডানিয়াচক শক্তিশালী ৰোমান সামৰিব বাহিনীৰ চিকিৎসকৰ পদ যচা হৈছিল৷
পেডানিয়াচৰ জীৱন কালত এটা বৰ ডাঙৰ ঘটনা হৈছিল৷ কিন্ত তেওঁ সেই ঘটনাটোৰ লগত কোনোপধ্যেই জড়িত নহয়৷ সেয়া কি কোৱাচোন??…
শক্তিশালী ৰোমান আৰ্মী বুলি কৈ প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ কথাটো উল্লেখ কৰোতেই সেই শিহৰণকাৰী ঘটনাটো মোৰ মনত পৰিল জানা….
ঘটনাটো হ’ল—–
যীশুখৃষ্টক ক্ৰুচবিদ্ধ কৰা মাত্ৰ ৭৯ বছৰ হৈছিলহে৷ মানে ৭৯ খৃষ্টাব্দৰ কথা৷ তাৰিখটো আছিল ২৪ আগষ্ট৷ তাৰপিছত….
পম্পেই(Pompeii) নামৰ প্ৰাচীন পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু ধুনীয়া নগৰ এখন আছিল৷ ইমানেই উন্নত যে আজিৰ আধুনিক যুগৰ মানুহেও ইয়াৰ অৱশেষবোৰ দেখি হা কৰি মুখ মেলি দিয়ে৷…
কিন্তু কিন্তু কিন্তু…..
প্ৰাচীন কালৰ সেই আটাইতকৈ উন্নত নগৰ খনৰ ওচৰতেই আছিল ভিচুভিয়াচ আগ্নেয়গিৰিটো৷ হিন্দী চিনেমাৰ ডায়লগটো কোৱাচোন কোৱা: “নামটো চুনাই হৌগা”…ভিচুভিয়াচ (Vesuvious)৷
৭৯ চনৰ ২৪ আগষ্টৰ গধূলি ৬ মান বজাত (সময়টো লৈ বিতৰ্ক আছে দেই) ভিচুভিয়াচ আগ্নেয়গিৰিৰ ভয়ানক উদ্গীৰণ হয়৷ গলিত লাভা, ছাঁই আৰু জুইয়ে সমগ্ৰ পম্পেই নগৰখন পুতি পেলালে৷ লগতে আহিছিল ভুমিকম্প৷এই উদ্গীৰণ ৩ দিন চলিছিল৷ সেইসময়ত পম্পেই নগৰত ১৫০০০ মানুহে বাস কৰিছিল৷ তেওঁলোকৰ মাজৰ ২০০০ মানুহৰ থিতাতে মৃত্যু হয় আৰু আনসকলে প্ৰাণ লৈ পলাল৷ যুগ যুগলৈ পৃথিৱীৰ আটাইতকৈ উন্নত পম্পেই নগৰ মাটিৰ তলত পোত খাই গ’ল৷ কিন্তু ১৫৯৯ চনত Domenica Fontana নামৰ স্থপতিবিদে পম্পেইৰ আৱিষ্কাৰ কৰিছিল৷ কিন্ত তেওঁক সন্ধান দিছিল সমাজচ্যুত এজন অনাই-বনাই ঘুৰি ফুৰা আধা পাগল মানুহে যি এই জনবসতিহীন অঞ্চলত অকলে থাকিবলৈ আহি মাটি খান্দোতে পোত খাই থকা কিহবাৰ সন্ধান পাইছিল৷
মোক পম্পেইৰ কাহিনীটো খুব চমুকৈ কৈ ভীষণ কৌতুহলী কৰি ইয়াৰ ওপৰত থকা কিতাপৰ সন্ধান দি পঢ়িবলৈ উপদেশ দিছিল শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে৷
মই কিন্ত তোমালোকক পম্পেইৰ ওপৰত লিখিত এখন এখন এনে মজাৰ কিতাপৰ সন্ধান দিম যিখন তোমালোকে পঢ়িবাই পঢ়িবা…..
কিতাপখনৰ নাম: The Fires of Vesuvious: Pompeii lost and found.
লেখিকাৰ নাম: Mary Beard.
কিতাপখন ভাৰতত অনলাইনত পাবা৷
মই ছাত্ৰী অৱস্থাত পম্পেইৰ ওপৰত নিৰ্মাণ কৰা হলীউডৰ এখন বিখ্যাত চিনেমা কানপুৰৰ সংগম চিনেমাত চাইছিলো৷ তোমালোকে পম্পেইৰ ওপৰত নিৰ্মিত হলীউডৰ চিনেমা নেটত চাৰ্চ কৰি চাবাই দেই৷
বাৰু কোৱাচোন পৃথিৱীৰ আটাইতকৈ পুৰণা চিনেমাহল কোনটো? ….
১৯০৫ চনৰ ১৯ জুনৰ দিনা আমেৰিকাৰ ট’ৰন্টোত স্থাপন কৰা Nickelodeon নামৰ চিনেমা হলটোকেই পৃথিৱীৰ আটাইতকৈ পুৰণি চিনেমা হল বুলি কোৱা হয়৷
আনহাতে ভাৰতৰ কোলকাতত ১৯০৭ চনত জামচেতজী ফ্ৰামজী মদনে স্থাপন কৰা Elphinstone Picture Palace য়েই হ’ল দেশখনৰ আটাইতকৈ পুৰণি চিনেমা হল৷ এই হলটো চেপলিন চিনেমা বুলিও বিখ্যাত আছিল৷
তোমালোক ডাঙৰ হৈ ইটালীলৈ গৈ পম্পেই চাবলৈ যাবা আৰু মোকো নিবা৷
ভালকৈ পঢ়িবা৷
তোমালোকলৈ মৰমেৰে——সুকৃতি বা..।