–ডা° সুকৃতি চৌধুৰী |
|| সময়েই এদিন ক’ব…….||
জীৱন নৈৰ এৰা-পৰলীয়া সুঁতিলৈ এতিয়াই উলটিব খোজা নাছিলো….
“ঐ আপী তই সাইলাখ দেউতাৰৰ মুখখন আনিলি”…..সৰুতে কতজনে যে কৈছিল…
মোৰ ফটো এখন আপলোড কৰিছিলো৷ আপুনিও কিজানি দেখিছে…
তাৰ পিছত ইমান দিন বন্ধুত্বৰ তালিকাত থাকিও বিশেষ সংযোগ নোহোৱা মৰমৰ বাইদেউ কেইগৰাকীমানে মোৰ মুখখনতেই ধৰি পেলালে….
এগৰাকী বাইদেৱে লিখিছে……
তুমি আমাৰ স্কুলৰ অতিশয় প্ৰিয় —— ছাৰৰ ছোৱালী হ’বই লাগিব৷ তোমাৰ গোটেই মুখখনতেই আমাৰ শ্ৰদ্ধাৰ ছাৰৰ মুখখন স্পষ্টকৈ ফুটি ওলাইছে……
আমি ক্লাছ চিক্সত পঢ়ি থাকোতেই ইমান মৰমীয়াল আৰু বিশাল পাণ্ডিত্যৰ অধিকাৰী ছাৰক আতংবাদীবোৰে নৃশংসভাৱে হত্যা কৰিছিল৷
ছাৰৰ কণমানি ছোৱালীজনী আৰু অকলশৰীয়া মাকজনী ক’লৈ গ’লগৈ বাৰু……কি হ’ল…..নাই নাজানো৷ কোনোবাই কৈছিল মাকজনী মৰিল আৰু ছোৱালীজনী হেৰাল…..আন কোনোবাই কৈছিল ছোৱালীজনী হেনো আৰ্মীৰ কোনো বিষয়াই তুলি ল’লে….
আন এগৰাকী বাইদেউয়ে লিখিছে…….
মই আজিৰ ডা°সুকৃতি চৌধুৰীক চিনি নাপাওঁ৷ কিন্ত মই চিনি পাওঁ মোৰ শ্ৰদ্ধাৰ— চিনি পাওঁ ছাৰৰ কণমানি ছোৱালীজনীক….তোমাৰ মুখেই কৈ দিছে তুমি আমাৰ —-ছাৰৰ ছোৱালী৷ ইমান বছৰ পাৰ হোৱাৰ পিছতো ছাৰৰ নৃসংশ হত্যাই মোৰ মনত দোলা দি থাকে জানানে……
আৰু এগৰাকী বাইদেউয়ে আশীৰ্বাদ দি লিখিছে……
“তুমি আমাৰ স্কুলৰ—-ছাৰৰ ছোৱালী ৷ এইখন মুখ আমাৰ —ছাৰৰ৷ আৰু কেতিয়াও একো নোসোধোঁ তোমাক ৷ সকলো বুজিলো আৰু বৰ আৱেগিক হৈ পৰিছো৷ “
গুৱাহাটীলৈ আহি এদিন সময়ৰ সৈতে মুখামুখি হ’ম৷ সেইদিনাও কি এই মৰমৰ বাইদেউহঁত, দাদাহঁত, বন্ধু-বান্ধৱীবোৰ কাষলৈ নাহিব নে?
এতিয়া অসমৰেই এচাম মানুহে মোৰ বিষয়ে নানা কুৎসৰটনা কৰিয়েই আছে৷ আচৰিত ধৰণে তেওঁলোকৰ Screenshot আদি মোৰ হাততো পৰেহি৷ এইসকলক মই সোঁশৰীৰে গুৱাহাটীত উপস্থিত হৈ উচিত উত্তৰ দিম ৷ মই কোন, মোৰ কামে ক’ব আৰু মোৰ অতীত কি মোক চিনি পোৱা লোক সকলে ক’ব৷ স্পষ্ট প্ৰমাণ মিডিয়াৰ আগত দিম৷
আজি মোৰ কুৎসৰটনা কৰি কৰি তেওঁলোকে সেইদিনা পাব লগা লাজৰ পৰিমাণ নিজেই বঢ়াই গৈ আছে ৷
বন্দুকৰ গুলীয়ে এজন মানুহক হত্যা কৰিব পাৰে৷ তেওঁৰ পৰিয়ালটোক তিলতিলকৈ মৰিবলৈ ঠেলি দিব পাৰে৷ কিন্ত এটা ভাৱাদৰ্শ হত্যা কৰিব নোৱাৰে৷
দুটা উদাহৰণ দিম……
শ্ৰদ্ধাৰ পৰাগ দাসক হত্যা কৰিলে ৷ কিন্ত তেখেতৰ অতিশয় মেধাৱী পুত্ৰই আজিও পৃথিৱীলৈ জ্ঞানৰ আকাশী নিজৰা বোৱাই আনিয়েই আছে ৷
শ্ৰদ্ধাৰ গদাপাণি পাঠকক হত্যা কৰিলে৷ কিন্ত তেখেতৰ অ’তি মেধাৱী চিকিৎসক জীয়ৰীয়ে আজি সমগ্ৰ দেশতে সুনাম অৰ্জন কৰিছে৷
দুৰ্ভাগ্যৰ সৈতে যুদ্ধ কৰি কেনেকৈ জয়ী হ’ব পাৰি সেয়া ৰুবুল মাউতৰ “মোৰো এটা সপোন আছিল” কিতাপখন পঢ়িলেই জানিব পাৰি….
মই ওপৰত উল্লেখ কৰা শ্ৰদ্ধাৰ ব্যক্তি সকলৰ দৰে গুণীজ্ঞানী নহয়৷ কিন্তু মোৰ শেষটো উশাহলৈকে মোৰ কলমটোৰেই যুদ্ধ দি যাম…
সময়েই এদিন ক’ব: কলমৰ ধাৰ বেছি নে তৰোৱালৰ !!