-ডা° সুকৃতি চৌধুৰী |
|| গ্ৰহ ৰত্নৰ বিষয়ে ||
স্থান: ওচাকা (জাপান)
সময়: গধূলি ৮:৩২ বাজিছে
আপুনি বাৰু কোনো জ্যোতিষীয়ে দিয়া উপদেশ অনুসৰি ৰত্ন আদি পিন্ধে নে কি?
মই কিন্ত একোয়েই নিপিন্ধো৷
মোৰ সৰল বিশ্বাস এইটোয়েই যে মানুহৰ প্ৰচণ্ড ইচ্ছাশক্তিৰ আগত এই পৃথিৱীৰ কোনো বাধা বা বিপদ টিকি থাকিব নোৱাৰে৷
তথাপিও মই এই বিষয়টোলৈ বৰ আকৰ্ষিত হোৱাৰ কাৰণবোৰ এনে আছিল _____
(১) কোনো এটা কথা সচাঁ বা মিছা বুলি কৈ দিয়াৰ আগতে মই সেই বিষয়টোৰ সন্দৰ্ভত খুটি-নাটি মাৰি জানি লৈ বিজ্ঞানৰ পোহৰত বিষয়টোৰ বস্তুনিষ্ঠ পৰীক্ষা কৰিব পাৰিব লাগিব৷ সেয়ে এই বিষয়টোৰ কথাবোৰো পঢ়ি, বুজি বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰি চাব খোজো৷
(২) ড° জয় মদানক ব্যক্তিগতভাৱে লগ পোৱাৰ পিছত তেখেতৰ চুম্বকীয় ব্যক্তিত্বই মোক বিষয়টোলৈ টানিছিল৷
(৩) ড° জয় মদানক লগ পোৱাৰো বহুত আগতে মোৰ দাদাই নগাঁৱৰ চামগুৰিৰ শ্ৰীদুৰ্লভ মহন্ত নামৰ এজন লোকৰ ওচৰত মোৰ জন্ম পত্ৰিকাখই চোৱাইছিলগৈ৷ তেখেতে হেনো হাঁহি মাৰি কৈছিল–” তাই এদিন উৰি উৰি বহু দুৰলৈ যাবগৈ৷ তুমি চিন্তাই নকৰিবা৷ কিন্ত সাৱধানে থাকিবলৈ দিবা৷ কাৰণ তাইক কোনোবাই মৃত্যুসম আঘাত হানিবলৈ চেষ্টা কৰিব পাৰে৷ কিন্ত তাইৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে যোৱা৷” তেখেতে কথাবোৰ কোৱাৰ সময়ত মই বোধকৰো দশম শ্ৰেণীলৈ প্ৰমোচন পাম৷ কেনেকৈ নাজানো বৰ আচৰিত ধৰনে তেখেতে কোৱাৰ সৈতে মিল থকা কথাবোৰ হৈছিল৷
এনেকৈয়ে বিষয়টোয়ে মোক বৰ কৌতূহলী কৰি তুলিছিল আৰু এই বিষয়ৰ কিতাপ-পত্ৰ পঢ়ি চাইছিলো৷
সেই কিতাপবোৰৰ কৰা জানিব পৰা বিভিন্ন কথাৰ ভিতৰত মই মাত্ৰ গ্ৰহ-ৰত্নৰ বিষয়েহে আপোনাৰ সৈতে কথা পাতিব খুজিছো:-
প্ৰথমেই জানো আহক ওজন সম্পৰ্কে:-
১ কেৰেট=২00 মিলাগ্ৰাম = ১00 চেন্ট
৫ কেৰেট= ১ গ্ৰাম =১000 মিলিগ্ৰাম
১ ৰতি (পাথৰৰ ক্ষেত্ৰত)= ১৮২ মিলিগ্ৰাম
১ সোণাৰী ৰতি বা কেচা ৰতি=১২১ মিলিগ্ৰাম
১ তোলা=১১.৬৬৪ গ্ৰাম
ওপৰৰ জোখবোৰ জানিলে আপোনাক ওজনত কোনেও ঠগাব নোৱাৰিব৷
এটা ৰত্ন আচল হয় নে নহয় কেনেকৈ জানিব?
আজিকালি ৰত্ন পৰীক্ষা কৰা লেবৰেটৰী আছে৷ তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিৰে পৰীক্ষা কৰি আপোনাক চাৰ্টিফিকেট ইচ্যু কৰি দিয়ে আচল নে নকল আৰু সেই ৰত্নটোৰ গুণাগুণ কি ৷
গুৱাহাটীৰ লাখটকীয়াৰ কৰ্ণেল জে আলি ৰোডত এনে লেবৰেটৰী আছে বুলি জানিছিলো৷ পাথৰ/ৰত্নটো আঙঠি বা চেইন আদিত লগোৱাৰ আগতেই পৰীক্ষাৰ বাবে দিব লাগিব আৰু পাথৰ অনুসৰি দুশ-তিনিশ টকা ফীজ ল’ব৷
জ্যোতিষী সকলে কোন ৰাশিৰ মানুহক কি ৰত্ন পিন্ধিলে ভাল বুলি কয় জানেনে–
মেষ = পোৱাল (Coral)
বৃষভ=ডায়মণ্ড বা White Saphire
মিথুন=মৰকত/ পান্না (Emerald)
কৰ্কট=মুকুতা (Pearl)
সিংহ=ৰুবী
কন্যা=মৰকত /পান্না
তুলা=ডায়মণ্ড বা বগা পোখৰাজ
বৃশ্চিক= পোৱাল (Coral)
ধনু=হালধীয়া পোখৰাজ
মকৰ=পোখৰাজ
কুম্ভ=পোখৰাজ
মীন=হালধীয়া পোখৰাজ
এইবাৰ জন্মৰ তাৰিখ অনুসৰি চাওঁ আহকচোন–
(a) যি সকলৰ জন্মৰ তাৰিখ ১/১০/১৯/২৮ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ১ আৰু লাকী জেম হ’ল ৰুবী৷
(b) যি সকলৰ জন্মৰ তাৰিখ ২ /১১/২০/২৯ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ২ আৰু লাকী জেম হ’ল মুকুতা ৷
(c) যি সকলৰ জন্মৰ তাৰিখ ৩ /১২/২১/৩০ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৩ আৰু লাকী জেম হ’ল হালধীয়া পোখৰাজ ৷
(d) যি সকলৰ জন্মৰ তাৰিখ ৪ /১৩/২২/৩১ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল 4 আৰু লাকী জেম হ’ল গোমেদ ৷
(e) যি সকলৰ জন্মৰ তাৰিখ ৫/১৪/২৩ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৫ আৰু লাকী জেম হ’ল মৰকত /পান্না
(f)যি সকলৰ জন্মৰ তাৰিখ ৬ /১৫/২৪ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৬ আৰু লাকী জেম হ’ল ডায়মণ্ড আৰু বগা পোখৰাজ৷
(g) যি সকলৰ জন্মৰ তাৰিখ ৭ /১৬/২৫ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৭ আৰু লাকী জেম হ’ল কেটচ্ আই৷
(h) যি সকলৰ জন্মৰ তাৰিখ ৪ / ১৭ / ২৬ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৪ আৰু লাকী জেম হ’ল পোখৰাজ ৷
(i) যি সকলৰ জন্মৰ তাৰিখ ৯ /১৮/২৭ তেওঁলোকৰ লাকী নাম্বাৰ হ’ল ৯ আৰু লাকী জেম হ’ল পোৱাল৷
এইবাৰ চাওঁ আহকচোন কোনটো গ্ৰহৰ বাবে কি ৰত্ন পিন্ধিবলৈ দিয়ে :-
(1) সূৰ্য্য = মুল ৰত্ন : ৰুবী ৷
উপৰত্ন : ৰক্তমণি (Garnet)
(2)চন্দ্ৰ = মুল ৰত্ন : মুকুতা (Pearl)
উপৰত্ন : Moon stone
(3) মঙ্গল = মুল ৰত্ন : পোৱাল (Coral)
উপৰত্ন : ৰক্তমণি (Garnet)
(4) বুধ = মুল ৰত্ন : পান্না
উপৰত্ন : Jade or Peridot
(5) বৃহস্পতি = মুল ৰত্ন : হালধীয়া পোখৰাজ
উপৰত্ন : Citrine
(6) শুক্ৰ = মুল ৰত্ন : নীলকান্ত মণি (Sapphire)
উপৰত্ন : White Sapphire বা
Aquamarine বা
Blue Topaz বা
Rock Crystal
(7) শণি = মূল ৰত্ন: নীলম
উপৰত্ন: Amethyst বা Blue spinal
বা Lapis বা Black Gomed
(8) ৰাহু = মুল ৰত্ন : গোমেদ
উপৰত্ন : গোমেদ
(9) কেতু = মুল ৰত্ন : কেটচ্ আই
উপৰত্ন : Tiger’s eye or Lapis
এই লেখাৰ জৰিয়তে মই গ্ৰহৰত্ন পিন্ধিব লাগে বা নালাগে বুলি কোনো মন্তব্য কৰিব খোজা নাই৷ মোৰ ইমান জ্ঞানেই নাই৷ মই মাত্ৰ গ্ৰহৰত্নৰ বিষয়ে পঢ়িবলৈ পোৱা কেতবোৰ কথাহে কৈ শুনাব খুজিছো৷
আমাৰ আজিৰ কথা-বতৰাত প্ৰথমে চাওঁ আহকচোন জন্মৰ মাহ অনুসৰি লাকী ৰত্ন কি কি বুলি কয়:-
জানুৱাৰী = ৰক্তমণি (Garnet)
ফেব্ৰুৱাৰী = Amethyst
মাৰ্চ =Aquamarine
এপ্ৰিল =ডায়মণ্ড /White Sapphire
মে =পান্না / Emerald
জুন = মুকুতা / Pearl
জুলাই = ৰুবী (Ruby)
আগষ্ট =Peridot
চেপ্তেম্বৰ =নীলকান্ত মণি / Sapphire
অক্টোবৰ =Opal অথবা Tourmaline
নৱেম্বৰ = পোখৰাজ
ডিচেম্বৰ =Turquoise বা Lapis
আনহাতে, মানুহৰ জন্ম লগ্ন অনুসৰি দেৱতা আৰু লাকী ৰত্ন কি কি বুলি কোৱা হয় সেয়া এনেধৰণৰ:-
মেষ লগ্ন = অধিপতি দেৱতা : মঙল
লাকী ৰত্ন : পোৱাল (Coral)
বৃষভ লগ্ন = অধিপতি দেৱতা : শুক্ৰ
লাকী ৰত্ন : ডায়মণ্ড বা
White Sapphire
মিথুন লগ্ন = অধিপতি দেৱতা : বুধ
লাকী ৰত্ন : পান্না
কৰ্কট লগ্ন=অধিপতি দেৱতা: চন্দ্ৰ
লাকী ৰত্ন: মুক্তা
সিংহ লগ্ন=অধিপতি দেৱতা: সূৰ্য্য
লাকী ৰত্ন: ৰুবী
কন্যা লগ্ন=অধিপতি দেৱতা: বুধ
লাকী ৰত্ন: পান্না
তুলা লগ্ন=অধিপতি দেৱতা: শুক্ৰ
লাকী ৰত্ন : ডায়মণ্ড বা
White Sapphire
বৃশ্চিক লগ্ন=অধিপতি দেৱতা: মঙ্গল
লাকী ৰত্ন: পোৱাল মণি
ধনু লগ্ন=অধিপতি দেৱতা: বৃহস্পতি
লাকী ৰত্ন: হালধীয়া পোখৰাজ
মকৰ লগ্ন= অধিপতি দেৱতা: শণি
লাকী ৰত্ন: নীলকান্ত মণি (Sapphire)
কুম্ভ লগ্ন= অধিপতি দেৱতা: শণি
লাকী ৰত্ন: নীলকান্ত মণি (Sapphire)
মীণ লগ্ন=অধিপতি দেৱতা: বৃহস্পতি
লাকী ৰত্ন: হালধীয়া পোখৰাজ
ৰত্ন সমূহ ভাৰত, শ্ৰী লংকা, ইটালী বা আফ্ৰিকা, যি দেশৰ খনিৰ পৰাই আহৰিত নহওক কিয়, ইয়াৰ গুণৱত্বা/Quality ৰ ওপৰতহে দামটো নিৰ্ভৰ কৰে৷ একোটা ৰত্নৰ গুণৱত্বা বা Quality তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়া হ’ল:-গভীৰতাৰ লেভেল মানে বিশাল পাথৰটোৰ কোনটো লেয়াৰৰ পৰা কাটি এই সৰু টুকুৰা পাথৰটো আহৰণ কৰা হৈছে৷ যিমানেই ভিতৰৰ লেভেলৰ হয় সিমানেই ভাল বুলি বিশ্বাস কৰে৷ দ্বিতীয়তে পৰিস্কাৰ/স্পষ্টতাৰ লেভেল আৰু থাকিব লগা বৈশিষ্ট্যতা কিমান খিনি বহন কৰিছে নে আৰু পাথৰটোৰ ৰং বা থাকিব লগা চিহ্ন আদি কিমান স্পষ্ট ৷ তৃতীয়তে পাথৰবিধ কিমান দুস্প্ৰাপ্য তাৰ ওপৰতো নিৰ্ভৰ কৰে৷
সাধাৰণতে পিন্ধাৰ আগতে পাথৰ সমূহ কেচা গাখীৰ, গঙ্গাজল আৰু তুলসী পাতেৰে ধুই পিন্ধে৷ জ্যোতিষী সকলে সদায় আগতে কোনেও নিপিন্ধা ৰত্নহে পিন্ধিবলৈ কয়৷ আনে আগতে পিন্ধা ৰত্ন নতুনকৈ পিন্ধা উপযুক্ত নহয় বুলি কয় যদিও নিকট সম্পৰ্কৰ মানুহে আগতে পিন্ধা ৰত্ন হেনো পিন্ধিব পাৰে৷ যেনে ধৰক–স্বামী-স্ত্ৰী, ভাই-ককাই, বাই-ভনী আদি৷ যিজন মানুহে আগতে ৰত্নটো পিন্ধিছিল তেওঁৰ ভাল আৰু বেয়া দুয়োপ্ৰকাৰৰ গুণেই নতুন জনৰ গালৈ আহিব পাৰে বুলি কোৱা হয়৷ সেয়েহে জ্যোতিষী সকলে পৰাপক্ষত আনে আগতে নিপিন্ধা নতুন ৰত্ন পিন্ধিবলৈহে আগ্ৰহী সকলক কয়৷
টেইল পিচ:
========
ইয়াৰ পিছত আমি কেতবোৰ ৰত্নৰ বিষয়ে কথা পাতিম৷ আজিলৈ আহিলো৷