• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

জাপানৰ পৰা মহাবাহুলৈ ৪

-ডাঃ সুকৃতি চৌধুৰী

by Admin
June 18, 2021
in Special Report, World
Reading Time: 1 min read
0
inscription woman up on yellow background

Photo by Laker on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ সুকৃতি চৌধুৰী |

নাৰীৰ অধিকাৰৰ নৱযুগৰ অপেক্ষাত জাপান

RelatedPosts

NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

May 15, 2022
UN aims to bring more young voices to halls of power

UN aims to bring more young voices to halls of power

May 13, 2022

[ পাৰিবনে কোনো নাৰী জাপানৰ সাম্ৰাজ্ঞী হ’ব?]

এই সময়ত জাপানৰ সৰ্বাধিক চৰ্চিত বিষয় হ’ল জাপানৰ নতুন সম্ৰাট কোন হ’ব?

জাপান চৰকাৰে ৬ জনীয়া পেনেল বনাই দি নতুন সম্ৰাটৰ অনুসন্ধান কৰিবলৈ দিছে৷

আচলতে জাপানৰ বৰ্তমান সম্ৰাট নাৰিহিতো লাহে লাহে বৃদ্ধ হৈ আহিছে৷ তেওঁৰ কোনো পুত্ৰ সন্তান নাই৷ একমাত্ৰ সন্তান হ’ল ৰাজকুমাৰী আই-কো৷ ২৬০০ বছৰ পুৰণি এই ৰাজপৰিয়ালৰ সদস্য সংখ্যা ১৮ জন৷ তেওঁলোকৰ অধিক সংখ্যকৰ বয়স ০৭ বছৰৰ পৰা ৩০ বছৰ৷ নতুন প্ৰজন্মত ছোৱালীৰ সংখ্যাই বেছি৷ সম্ৰাট নাৰিহিতোৰ ভায়েকৰ ১৪ বছৰীয়া পুত্ৰ আচিহিতোয়েই হ’ল একমাত্ৰ ল’ৰা৷ ১৯৬৫ চনৰ পৰা আচিহিতোৰ জন্মলৈকে, মানে ২০০৬ চনলৈকে জাপানৰ ৰাজপৰিয়ালত কোনো ল’ৰা-সন্তান জন্ম হোৱা নাছিল৷

প্ৰশ্ন উঠে যে জাপানৰ দৰে বিশ্বৰ উন্নত দেশখনত  নাৰী-পুৰুষৰ সম-অধিকাৰ কিয় স্থাপন নহ’ব? কিয় ৰাজকুমাৰী আই-কো ক সাম্ৰাজ্ঞী নিৰ্বাচন কৰা নহ’ব? আই-কো ৰ সমৰ্থনত জাপানৰ ৮৫% নাৰী ওলাই আহিছে৷ ৭০% পুৰুষেও সমৰ্থন কৰিছে৷ ছ’চিয়েল মিডিয়াকে ধৰি সৰ্বস্তৰতে আই-কোৰ সমৰ্থনত আৰু শাসনৰ ক্ষেত্ৰত নাৰী-পুৰুষৰ সম-অধিকাৰৰ বাবে ব্যাপক মতামত গঠন হৈছে৷ উদাহৰণ দি কোৱা হৈছে যে ইয়াৰ আগতে ১৭৬২ চনৰ পৰা ১৭৭১ চনলৈকে মহাৰাণী চাকুৰামাচিয়ে দেশ শাসন কৰিছিল৷ তেনেহ’লে আই-কো কিয় সাম্ৰাজ্ঞী হ’ব নোৱাৰিব?

দৰাচলতে দ্বিতীয় বিশ্বযুদ্ধত পৰাজিত হোৱাৰ পিছৰ দিনবোৰত আমেৰিকাকে ধৰি পশ্চিমীয়া শক্তিৰ ষড়যন্ত্ৰত জাপানত কেতবোৰ এনে নিয়ম বনোৱা হৈছিল যিবোৰৰ দ্বাৰা অ’তি চতুৰালি কৰি জাপানী সকলক পদদলিত কৰিবলৈ চেষ্টা কৰা হৈছিল যেন অনুভৱ হয়৷ এই নতুন আইনবোৰৰ আলমতে ১৯৪৭ চনত এনে আইন কৰা হয় যে কোনো নাৰী জাপানৰ সাম্ৰাজ্ঞী হ’ব নোৱাৰিব৷ অথচ ইয়াৰ আগতে এই নিয়ম নাছিল৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাজপৰিয়ালৰ একাংশ লোকৰ ৰাজকীয় উপাধি কাঢ়ি লৈ খেদি দিয়া হৈছিল৷ এতিয়া একাংশ লোকে মত প্ৰকাশ কৰিছে  যে এই খেদা খোৱা লোক সকলক পুনৰ সংগঠিত কৰি আদৰি আনক আৰু এওঁলোকৰ মাজৰ পৰায়েই কোনো সুপুৰুষ নতুন সম্ৰাট হওক৷

আনহাতে এনে নিয়মো বান্ধি দিয়া হৈছিল যে যদিহে কোনো ৰাজকুমাৰীয়ে সাধাৰণ লোকক বিয়া কৰায়, তেনেহ’লে সেই মুহুৰ্তৰে পৰা সেই নাৰীৰ ৰাজকীয়ত্ব লোপ পাব৷ কিন্ত ৰাজকুমাৰে যদি সাধাৰণ ঘৰৰ পৰা বিয়া কৰায় তেনেহ’লে এই নিয়ম নাখাটে৷ মানে তেওঁ য’ৰে পৰা বিয়া নকৰাওক কিয়, ৰাজকুমাৰ হৈয়েই ৰ’ব৷ ইয়াৰ ফলত ৰাজকীয়ত্ব লোপ পোৱাৰ ভয়তে ছয় গৰাকী ৰাজকুমাৰী এতিয়ালৈ বিয়াই নহ’ল৷

ইতিমধ্যে শাসনাধিষ্ঠিত এল ডি পি পাৰ্টিৰ সাংসদ সকলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত খেদাখোৱা ৰাজপৰিয়ালৰ  ঠাল-ঠেঙুলিবোৰক পুনৰ ৰাজকীয়ত্ব প্ৰদান কৰিব লাগে বুলি জাপানৰ সংসদত/ডায়েটত বিল উত্থাপন কৰিছেই৷ ইয়াৰ উদ্দেশ্য হ’ল কোনো উপযুক্ত পুৰুষক যাতে জাপানৰ ভৱিষ্যত সম্ৰাট হ’বলৈ বিচাৰি উলিওৱাত সহজ হয়৷

জাপানৰ প্ৰধানমন্ত্ৰী য়ুচিহিদে চুগাই মত প্ৰকাশ কৰিছে এজন উপযুক্ত পুৰুষেই জাপানৰ সম্ৰাট হোৱা উচিত৷

আনহাতে টেম্পল ইউনিভাৰ্চিটিৰ ট’কিও কেম্পাছৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা হিৰোমী মুৰাকামীয়ে নাৰীক ৰাজপাট নিদিয়াৰ প্ৰতিবাদত ব্যাপক মতামত গঠনত আগভাগ লৈছে৷ দেশখনৰ ৮৫% নাৰী হিৰোমীৰ সপক্ষে থিয় দিছে৷

পিছে সমগ্ৰ বিষয়টো চালি-জাৰি চাই বৰ্তমান সম্ৰাটৰ ১৪ বছৰীয়া ভতিজাক আচিহিতোয়েই ভৱিষ্যতৰ সম্ৰাট হ’ব যেন মোৰ মনে ধৰে৷ ফুকুই প্ৰিফেকচু্ৰেল ইউনিভাৰ্চিটিৰ অধ্যাপক য়ুইচি চিমাদাই কৈছে যে ৬ জনীয়া পেনেল বনোৱাটো  ভেকোভাওনাহে৷ হয়তোবা আই-কোক বঞ্চিতা কৰাৰ সুৰুঙাহে বিচৰা হৈছে৷

সৰ্বগুণসম্পন্না আৰু অ’তি প্ৰতিভাশালী বুলি ৰাজকুমাৰী আই-কোৰ বিষয়ে কেইবাটাও লেখা পঢ়াৰ পিছত কিয় জানো মোৰ ভাৱ হৈছে যে মই যেন ৰেজিয়া চুলতানাৰ ঐতিহাসিক ঘটনাক্ৰম নতুন ধৰনে ৰাজকুমাৰী আই-কোক কৰা বঞ্চনাৰ মাজত দেখা পাইছো৷

ইমান এখন উন্নত দেশত কেৱল নাৰী হোৱাৰ বাবেই ৰাজকুমাৰী আই-কোক সাম্ৰাজ্ঞী নিৰ্বাচন নকৰাটো সমগ্ৰ পৃথিৱীৰ নাৰীসকলক কৰা বঞ্চনাৰ একৈশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: নাৰীৰ অধিকাৰ
Admin

Admin

Related Posts

NEIPF : Interest of the indigenous people of NE must be protected
Opinion

জনগোষ্ঠীয় সমন্বয়

by Admin
May 15, 2022
0

জনগোষ্ঠীয় সমন্বয় ৰাণাদীপ কাকতী পৰিৱৰ্তনশীল উপলব্ধিৰ মাজেৰে আগবাঢ়ি যাব পৰাটো প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষেত্ৰত অন্যতম শক্তিশালী ইতিবাচক দিশ। ইয়ে জাগ্ৰত...

Read more
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

May 15, 2022
UN aims to bring more young voices to halls of power

UN aims to bring more young voices to halls of power

May 13, 2022
Tajiks of Afghanistan have been the direct target of the Taliban

Tajiks of Afghanistan have been the direct target of the Taliban

May 12, 2022
photo of elephants on grass

ANALYSING THE MYSTERIOUS DEATHS OF 18 ELEPHANTS AT KANDOLI HILLS

May 12, 2022
When did the elephants die?

The death of 18 Elephants in Assam, a mammoth fall for mankind

May 12, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
শ্বাহেনশ্বাহ আৰু বীণাবাদক

শ্বাহেনশ্বাহ আৰু বীণাবাদক

May 18, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    302 shares
    Share 121 Tweet 76
  • ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

    14 shares
    Share 6 Tweet 4
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    29 shares
    Share 12 Tweet 7
  • Tathā-agata

    15 shares
    Share 6 Tweet 4
  • First Person: I am a woman, a refugee, ‘I am who I am’

    7 shares
    Share 3 Tweet 2
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    22 shares
    Share 9 Tweet 6
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • Inflation: Difference between 2014 and 2022

    6 shares
    Share 2 Tweet 2
  • Children of Afghanistan : A nation cannot be insulted more than this!

    4 shares
    Share 2 Tweet 1
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    13 shares
    Share 5 Tweet 3
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: