-ডা° সুকৃতি চৌধুৰী |
শ্ৰীকৃষ্ণই দিয়া লকডাউনৰ সাধু…….
অসমৰ বাহিৰে ভাৰতৰ প্ৰায়বোৰ ঠাইতে কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণা কৰাৰ বাতৰি পাইছো৷ দেশব্যাপী লক্ ডাউন হোৱাৰো হেনো পুৰ্ণ সম্ভাৱনা আছে৷ এই প্ৰসংগতে আপোনাক আজি মহাভাৰতৰ এটা সাধু শুনাম৷ শুনিবনে?
ভগৱান শ্ৰীকৃষ্ণই দিয়া লকডাউনৰ সাধু
===========================
কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিলৈ দুদিনমান বাকী আছিল৷ যুদ্ধভূমিলৈ যোৱা পথৰ বন-জংঘলবোৰ চাফা কৰি থকা হৈছে৷ ডাঙৰ ডাঙৰ গছবোৰ হাতী লগাই উঘালি পেলোৱা হৈছে______তেনে এজোপা গছতে ঘনচিৰিকাটোৰ সমান সৰু চৰাই এজনীয়ে চাৰিটা পোৱালিৰে সৈতে বাঁহ সাজি বসতি কৰিছিল৷পোৱালি কেইটা কণীফুটি ওলোৱা দুদিনমান হৈছিলহে৷ বিশাল আকাৰৰ হাতী লগাই গছজোপা উঘালি পেলোৱাৰ সময়ত চৰাইজনীৰ বাঁহটো পোৱালি চাৰিটাৰ সৈতে আহি মাটিত পৰিলহি৷ অসহায় হৈ কণমানি চৰাইজনীয়ে বেজাৰ মনেৰে ইফালে-সিফালে চাওঁতে ভগৱান শ্ৰীকৃষ্ণক নাতিদূৰৈত অৰ্জুনৰ সৈতে কামৰ তদাৰক কৰি থকা দেখা পালে৷ চৰাইজনীয়ে লগে লগে উৰি গৈ শ্ৰীকৃষ্ণৰ কাষ পালেগৈ আৰু পোৱালিকেইটাৰ সৈতে তাইৰ প্ৰাণভিক্ষা কৰিলে৷
ভগৱান শ্ৰীকৃষ্ণই চৰাইজনীক ক’লে—-“ কালৰ চক্ৰৰ পৰা কোনেও কাকো বচাব নোৱাৰে৷ আনকি মানৱ ৰূপ ধাৰণ কৰি মইয়ো কালচক্ৰৰ উৰ্ধত নহয়৷ গতিকে এই বাটেৰে যুদ্ধভূমিলৈ যাব লগা হাতী-ঘোঁৰা, ৰথ বা পদাতিক সৈনিকৰ গচকত তোমালোকৰ যদি মৃত্যু হ’বলৈ আছে সেয়া হ’বই৷ কালে তোমালোকক এইদৰে মাৰি নিব লগা থাকিলে কোনেও বচাব নোৱাৰে৷ আনহাতে তোমাৰ উৰিব নজনা পোৱালি কেইটাৰ সৈতে এই অৱস্থাত তুমি আন ক’ৰবালৈ যাবলৈকো অক্ষম৷ গতিকে এটা কাম কৰা — কমপক্ষেও তিনি সপ্তাহৰ খাদ্য গোটাই আনি পোৱালিকেইটাৰ সৈতে বাঁহটোতে সোমাই থাকি নিষ্ঠাৰে বাহঁৰ ভিতৰতে প্ৰতিপাল কৰাগৈ৷ বাকীখিনি কালে নিজ গতিৰে কৰিবই৷ কালৰ গতি অৱধাৰিত——-”
ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি কণমানি চৰাইজনীয়ে তিনিসপ্তাহমানৰ খাদ্য গোটাই আনি মাটিত পৰি ৰোৱা বাঁহটোৰ ভিতৰতে সোমাই থাকিল৷
থিক দুদিন পিছতে কুৰুক্ষেত্ৰৰ মহাৰণ আৰম্ভ হ’ল৷ যুদ্ধৰ প্ৰথমদিনাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথ পৰিচালনা কৰি যুদ্ধলৈ যোৱাৰ বাটত হঠাতে এঠাইত ৰৈ দি অৰ্জুনৰ পৰা ধনুশৰ বিচাৰিলে৷ অৰ্জুন বৰ আচৰিত হ’ল৷ কাৰণ কুৰুক্ষেত্ৰৰ ৰণত ভগৱান শ্ৰীকৃষ্ণই নিজে কোনো অস্ত্ৰ চালনা নকৰে বুলি নিজেই প্ৰতিশ্ৰুতি দিছিল৷ তেনেহ’লে—–
ভগৱান শ্ৰীকৃষ্ণৰ হাতত ধনুশৰ তুলি দি অৰ্জুনে আচৰিত হৈ চাই ৰ’ল৷ প্ৰভু কৃষ্ণই যুদ্ধলৈ গৈ থকা এটা বিশাল আকাৰৰ হাতীলৈ লক্ষ্য কৰি শৰ এৰিলে৷ কিন্ত কি আচৰিত এই শৰ গাত নালাগি হাতীটোৰ ডিঙিত ওলমাই থোৱা বৃহৎ আকাৰৰ ঘন্টিটোতহে লাগিলগৈ৷ সজোৰে টং শব্দ এটা কৰি ঘন্টিটো হাতীটোৰ ডিঙিৰ পৰা চিঙি দুৰত পৰিলগৈ৷ অবাক হৈ অৰ্জুনে নিজ হাতে ধনুকাঁড় এৰি হাতীটোক মাৰিবলৈ সাজু হ’ল৷ কিন্ত প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক এনে কৰাৰ পৰা বাৰণ কৰি কুৰুক্ষেত্ৰৰ ৰণভূমিলৈ ৰথ চালনা কৰি আগুৱাই গ’ল_______
ওঠৰ দিনৰ যুদ্ধৰ পিছত কুৰুক্ষেত্ৰৰ ৰণ শেষ হ’ল৷ কিন্ত যুদ্ধভূমিত পৰি ৰোৱা মৃতদেহবোৰ সৎকাৰ কৰোৱা আৰু ভঙা-ছিঙা যুদ্ধৰ সজুঁলিবোৰ পৰিস্কাৰ কৰোৱাৰ দায়িত্ব বিজয়ী পাণ্ডৱপক্ষৰ হাতত পৰিল৷ এই যুদ্ধভূমি পৰিস্কাৰকৰণৰ কামটো তদাৰক কৰাবলৈ বুলি শ্ৰীকৃষ্ণই অৰ্জুনক লৈ পুনৰ এদিন কুৰুক্ষেত্ৰৰ ফালে ৰথচালনা কৰি আগবাঢ়িল৷ যোৱাৰ বাটৰ কোনো এঠাইত হঠাতে আকৌ ৰৈ দি পথৰ ওপৰতে পৰি ৰোৱা হাতীৰ ডিঙিৰ সেই ঘণ্টিটো উঠাই পথৰ দাঁতিত থ’বলৈ অৰ্জুনক অনুৰোধ কৰিলে৷
প্ৰভুৰ আদেশ মানি অৰ্জুনে হাতীৰ ডিঙিত ওলমোৱা সেই ডাঙৰ আকাৰৰ ঘন্টিটো পথৰ দাঁতিত থ’বৰ বাবে দাঙি লওঁতেই দেখিলে —হাৰে এয়া কি?! ঘন্টিটো দেখোন সেই কণমানি চৰাইজনীৰ বাঁহটোৰ ওপৰত পৰিছিলগৈ!!ইমানদিনে কাৰোৰে গচক নপৰাকৈ চৰাইজনী আৰু পোৱালি কেইটাক বচাই আছিল হাতীৰ ডিঙিৰ সেই বৃহৎ ঘণ্টিটোয়েই!!! অৰ্জনে ঘন্টিটো দাঙি উঠাই পথৰ কাষত থোৱাৰ লগে লগেই কিচমিচ কিচমিচ মাত দি চৰাইজনী পোৱালী কেইটাৰ সৈতে ওলাই আহি ভগৱান শ্ৰীকৃষ্ণৰ চাৰিওপিনে ঘুৰিবলৈ ল’লে৷
উপসংহাৰঃ
========= বন্ধুসকল, ভাবি লওকচোন কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে সেই চৰাইজনীক পোৱালীৰ সৈতে বাঁহত সোমাই থাকিবলৈ কোৱাটো যদি লক-ডাউন বুলি ধৰা হয় তেনেহলে তাৰ বাবেই জানো তাহাতৰ প্ৰাণ ৰক্ষা নপৰিল? হাতীৰ ডিঙিৰ পৰা চিঙি পৰা ঘণ্টিটো চৰকাৰৰ স্বাস্থ্য বিভাগে পালন কৰিবলৈ দিয়া নিয়মবোৰ বুলি ধৰকচোন৷ মোৰ বিশ্বাস, চৰকাৰে লক্ ডাউন ঘোষণা কৰিলে পৰিস্থিতিৰ ভয়াৱহতা বুজি সকলোৱে নিষ্ঠাৰে পালন কৰিব৷