• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

জাপানৰ পৰা মহাবাহুলৈ-৯

-ডা° সুকৃতি চৌধুৰী

by Admin
June 18, 2021
in Science, World
Reading Time: 2 mins read
0
জাপানৰ পৰা মহাবাহুলৈ-৯
Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী |

|| নিউটনৰ সূত্ৰ আৰু অন্যান্য ||

RelatedPosts

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

May 15, 2022
UN aims to bring more young voices to halls of power

UN aims to bring more young voices to halls of power

May 13, 2022
Tajiks of Afghanistan have been the direct target of the Taliban

Tajiks of Afghanistan have been the direct target of the Taliban

May 12, 2022

নমস্কাৰ

প্ৰসংগ:-এজন সাধাৰণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীক ভাৰতৰ যিকোনো এখন মাধ্যমিক বোৰ্ডৰ যিকোনো এটা শ্ৰেণীৰ স্কুলীয়া পাঠ্যক্ৰম পঢ়ি, শিকি-বুজি আয়ত্ত কৰিবলৈ আচলতে সৰ্বাধিক কিমান সময় লাগিব লাগে ?

মোৰ উত্তৰ:- ০৩ মাহ ৷

হয় ৷ মোৰ স্পষ্ট অভিমত হ’ল ০৩ মাহ৷

তথাপিও যদি ধৰা হয় যে ______

(ক) সকলো ল’ৰা-ছোৱালীৰ শিকিব পৰা সক্ষমতা সমান নহয়

অথবা

সকলো বিষয় একেজন ল’ৰা-ছোৱালীয়ে একে সময়তে আয়ত্ত কৰিব নোৱাৰে

(খ) প্ৰাকৃতিক দুৰ্যোগ, উৎসৱ-পাৰ্বন আদিয়ে পঢ়া ক্ষতি কৰিব

(গ) বেমাৰ-আজাৰ বা আন বিপদো হ’ব পাৰে

ইত্যাদি ইত্যাদি_________

থিক আছে৷ থিক আছে৷

 আৰু ৩ মাহ যোগ দিলো৷

মুঠতে হ’ল: ০৬ মাহ৷

হয়৷ সকলো দিশ সামৰি মুঠতে ০৬ মাহ সময়৷

ভাৰতৰ হাইস্কুলীয়া শিক্ষাৰ যিকোনো এটা ক্লাছৰ পাঠ্যক্ৰম পঢ়ি, শিকি-বুজি সম্পূৰ্ণ কৰিবলৈ এগৰাকী সাধাৰণ বুদ্ধিৰ ল’ৰা-ছোৱালীৰ সৰ্বাধিক ০৬ মাহতকৈ কোনো পধ্যেই বেছি সময় লাগিব নালাগে৷

মই ভাবো এই তিনি মাহ + তিনি মাহ (সমস্যাবোৰ consider কৰি) এজন বিদ্যাৰ্থীয়ে তেওঁৰ হাইস্কুলৰ যিকোনো এটা শ্ৰেণীৰ পাঠ্যক্ৰমৰ সকলো বিষয়ৰ কোৰ্চবুকৰ সকলো পাঠ পঢ়ি, বুজি আয়ত্ত কৰিব পৰা হৈ উঠিব লাগে৷ ভাৰতৰ হাইস্কুলীয়া শিক্ষাৰ যিকোনো এটা শ্ৰেণীৰ কোৰ্চবোৰ সিমান খিনিয়েই দীঘল৷

আপোনাক এই তিনিমাহ + তিনিমাহ =ছয়মাহ কথাটো এনেয়ে কোৱা নাই ৷

ইয়াৰ বাবে মোৰ প্ৰফেশ্যনেল কামৰ ব্যস্ততাৰ মাজতো কষ্টৰে সময় উলিয়াই দুবছৰ গভীৰ বিশ্লেষণ কৰি চাইছিলো৷ এই কামটো কৰোতে ল’ৰা-ছোৱালীৰ মানসিক দিশটোৰ লগতে বৰ্তমান চলিত পাঠ্যক্ৰমবোৰ আৰু সকলো ধৰনৰ সাম্ভাৱ্য সমস্যাৰ দিশটোৰ বস্তুগত বিশ্লেষণ কৰিছিলো৷পৃথিৱীৰ বহুকেইখন দেশৰ স্কুলীয়া শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰমৰ লগত তুলনামূলক বিশ্লেষণ কৰিও চাইছিলো৷

মোৰ ১৬৭ পৃষ্ঠাৰ বিশ্লেষণ ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিছিলো৷ বিশ্লেষণখিনি সংশ্লিষ্ট বিভাগে শিক্ষাবিদ সকলক  বিবেচনা কৰিবলৈ দিয়ে নে ডাষ্টবিনলৈ নিক্ষেপ কৰে সেয়া তেওঁলোকৰ কথা৷ বিবেকৰ আহ্বানত মই মোৰ কাম কৰিলো৷

কিন্ত চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতি বিশ্লেষণ কৰি এইবাবেই সুখী হৈছিলো যে মোৰ অলপ চিন্তা নতুন শিক্ষানীতিৰ কেইটামান বিন্দুৰ সৈতে মিলি গৈছিল ৷কিন্তু এই কথাটোও ক’বলৈ সংকোচ নকৰো যে নতুন শিক্ষানীতিৰ দুটামান বিন্দুৰ মই ঘোৰ বিৰোধী৷

কিয় জানো মোৰ এই ভাৱ হয় যে 1935 চনমানৰ পৰায়েই শিক্ষানীতি বোৰ যেন ঘুৰিপকি একে কেইটা বিন্দুৰ চাৰিওপিনে ঘুৰি থাকে৷ কোঠাৰী আয়োগৰ দিনত কিবা অলপ কৰিব খোজা যেন লাগে যদিও ৰাজনৈতিক হস্তক্ষেপেৰে কটাকুটা কৰি সঠিককৈ কি ক’ব খুজিছিল সেয়া যেন ক’বলৈ দিয়া নহ’ল৷

তাৰমানে এটা শিক্ষা বৰ্ষৰ আধা দিনহে আমাক দৰকাৰ৷ বাকী আধা দিন অপচয়৷

সেই অপচয় ৰুধিবলৈ মাক-দেউতাকে ল’ৰা-ছোৱালীক বিজ্ঞান, অংক, সমাজ অধ্যয়ন আদি বিষয়ৰ নিৰ্দিষ্ট শ্ৰেণীৰ বা বয়সৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰকাশিত কিতাপ আনি দিব পাৰে৷

RS Agarwal, BD Sharma_______এনে বহু লেখৰ বিজ্ঞান, অংক আদিৰ কিতাপ বজাৰত উপলব্ধ৷ বিভিন্ন প্ৰকাশকৰ কিতাপো পায়৷ খবৰ কৰিলেই হ’ল৷ তদুপৰি CBSE পাঠ্যক্ৰমৰ ল’ৰা-ছোৱালীয়ে SEBA আৰু ICSE পাঠ্যক্ৰমৰ কিতাপ_____SEBA বা ICSEৰ ল’ৰা-ছোৱালীয়ে আনদুটা পাঠ্যক্ৰমো পঢ়িব পাৰে৷

ল’ৰা-ছোৱালীৰ উপযোগী বিজ্ঞান আৰু অংকৰ কিছুমান খুউব সুন্দৰী চিৰিজ পায়৷ National Book Trust ৰ  What is Science বা What is Mathematics আদি কিতাপ সমূহলৈ আঙুলিয়াব পাৰি৷

বাৰু বাদ দিলো_______

বহুতৰে মাতৃয়ে যে কয় –“আজিকালি পঢ়াবোৰ যে ইমান টান” —এই ধৰনৰ কথা-বতৰা ল’ৰা-ছোৱালীৰ আগত কোৱাটো একেবাৰেই বন্ধ কৰক৷ ডাঙৰৰ মুখত এনেধৰণৰ কথা শুনিলে ল’ৰা-ছোৱালীৰ আত্মবিশ্বাস হেৰাই যায়৷ ভয় খায়৷ ফলত সহজে শিকিব নোৱাৰা হয়৷ ল’ৰা-ছোৱালীয়ে কিতাপত যি পঢ়িছে সেয়া কোনোবাই এদিন উদ্ভাৱন কৰিছিল৷ জ্ঞানৰ অনুসন্ধান কৰা , অন্বেষণ কৰা আৰু কিহবাৰ উদ্ভাৱন কৰা সকলৰ কামটো তেনেহ’লে কিমান কঠিন আছিল ভাবি চাওকচোন ৷আমিতো মাত্ৰ বহি বহি ৰেডিমেড পোৱা কথাটো পঢ়িবহে লাগে ৷

বাৰু, ইমানবোৰ চিৰিয়াছ কথা কোৱাৰ পিছত এতিয়া হাঁহিৰ মাজেৰে নিউটনৰ ফৰ্মূলা পঢ়ো আহক________

নিউটনৰ সূত্ৰৰ সহজ ব্যাখ্যা :=

নিউটনৰ প্ৰথম সূত্ৰ =

এজনী ছাগলী ৰাস্তাৰে গৈ আছিল। ধৰি আনি ৰছিৰে বান্ধি নিউটনে আৱিষ্কাৰ কৰিলে প্ৰথম সূত্ৰ .– ” যেতিয়ালৈকে গৈ থকা বস্তু এটাক বাহিৰৰ পৰা বল প্ৰয়োগ কৰা নহয়, বস্তুটো গৈয়েই থাকে।”

নিউটনৰ দ্বিতীয় সূত্ৰ=

এতিয়া ছাগলীজনীক বল (বলৰ ইংৰাজী Force গতিকে চমুকৈ F বুলি ক’লে Force) প্ৰয়োগ কৰি গোৰ এটি মাৰি দিলত ছাগলীজনীয়ে মে মে  (ma, ma)কৰি উঠিল। নিউটনে আৱিষ্কাৰ কৰিলে দ্বিতীয় সূত্ৰ” F=ma.”

 নিউটনৰ তৃতীয় সূত্ৰ=

 নিউটনৰ গোৰত ছাগলীজনীয়ে লৰ মাৰিল। কিন্তু অলপ পাছত কোনফালৰ পৰা আহি জানো দিলেহি নহয় নিউটনকে খুন্দা। ছাগলীৰ খুন্দা খাই নিউটনে আৱিষ্কাৰ কৰিলে তৃতীয় সূত্ৰ –“প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।”

ধন্যবাদ

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: নিউটনৰ সূত্ৰ আৰু অন্যান্য
Admin

Admin

Related Posts

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR
Ukraine

RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

by Admin
May 15, 2022
0

RUSSIAN WAR CRIMES AND HUMAN RIGHT VIOLATIONS IN THE WAR AGAINST UKRAINE  Irina Mirochnik The use of weapons of mass...

Read more
UN aims to bring more young voices to halls of power

UN aims to bring more young voices to halls of power

May 13, 2022
Tajiks of Afghanistan have been the direct target of the Taliban

Tajiks of Afghanistan have been the direct target of the Taliban

May 12, 2022
Children everywhere, but where is Childhood!!

Children everywhere, but where is Childhood!!

May 12, 2022
Senior Al Jazeera Journalist Killed by Israeli Army

Senior Al Jazeera Journalist Killed by Israeli Army

May 12, 2022
Muzhgan Masoomi

The Consequences of War on an Afghan Woman’s life

May 12, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
শ্বাহেনশ্বাহ আৰু বীণাবাদক

শ্বাহেনশ্বাহ আৰু বীণাবাদক

May 18, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    302 shares
    Share 121 Tweet 76
  • ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

    14 shares
    Share 6 Tweet 4
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    29 shares
    Share 12 Tweet 7
  • Tathā-agata

    15 shares
    Share 6 Tweet 4
  • First Person: I am a woman, a refugee, ‘I am who I am’

    7 shares
    Share 3 Tweet 2
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    22 shares
    Share 9 Tweet 6
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • Inflation: Difference between 2014 and 2022

    6 shares
    Share 2 Tweet 2
  • Children of Afghanistan : A nation cannot be insulted more than this!

    4 shares
    Share 2 Tweet 1
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    13 shares
    Share 5 Tweet 3
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: