• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জাপি দিয়া গানে কণ্ঠৰোধ কৰিছে : চিন্তাৰ বিষয়

ড০ ভূপেন হাজৰিকা

by Anjan Sarma
September 8, 2022
in Opinion, Bhupen Hazarika
Reading Time: 2 mins read
0
জাপি দিয়া গানে কণ্ঠৰোধ কৰিছে : চিন্তাৰ বিষয়
Share on FacebookShare on TwitterShare on LinkedIn

জাপি দিয়া গানে কণ্ঠৰোধ কৰিছে

[পাঠক সমাজৰ বাবে ড০ ভূপেন হাজৰিকাৰ ১৯৮০ চনত ‍‍মহাবাহু আলোচনীত প্ৰকাশ পোৱা ‍‍‘‘জাপি দিয়া গানে কণ্ঠৰোধ কৰিছে : চিন্তাৰ বিষয়’’ শীৰ্ষক লেখাটো পুনৰ দাঙি ধৰিলো…]

অঞ্জনৰ দ্বাৰা সম্পাদিত ‘মহাবাহু’ মই নিয়মীয়াকৈ কলিকতাত পাই আছো। প্ৰত্যেকটি সংখ্যা ভালদৰে পঢ়িছো। চিন্তাৰ খোৰাক পাইছো। এই পোন্ধৰ আগষ্টৰ সংখ্যাৰ বাবে মই এটি খবৰ পঠাওঁ। অসমৰ ৰাইজে জনা উচিত—বিশেষকৈ অসমত বহুদিন ধৰি বাস কৰা বঙালী ভাষা ভাষীসকলে জনা উচিত, পশ্চিমবংগৰ অৰাজনৈতিক বুদ্ধিজীৱীসকলে অসমৰ সাম্প্ৰতিক আন্দোলনৰ কথা এতিয়া কিভাৱে গ্ৰহণ কৰিছে? কিছু অংশহে অনুবাদ কৰি দিছো। বিশিষ্ট বুদ্ধিজীৱী শ্ৰীঅন্নদাশংকৰ ৰায়ে কয় :


‘…য’লৈকে ইংৰাজ গৈছিল ত’লৈকে বঙালী লোক গৈছিল। ফলত সেই সময়ৰ অসমৰ বিভিন্ন গোষ্ঠীয়ে ইংৰাজৰ দৰে বঙালীকো পৰ বুলি ভাবিছিল। ইংৰাজ যেতিয়া নেথাকিব, বঙালীও তেতিয়া নেথাকিব—এয়ে আছিল তেওঁলোকৰ সপোন। কিন্তু কাৰ্যত যি ঘটিল—সেয়া অন্য ধৰণৰ! দেখা গ’ল ধৰ্ম অনুসাৰে দেশ ভাগ হৈ গ’ল। চিলেটৰ বঙালীসকলৰ প্ৰায় সকলো অসমলৈ গুচি আহিল। কিন্তু লগত নানিলে তেওঁলোকৰ ভূ-সম্পদ। যিবোৰ চাকৰি অসমীয়াই প্ৰত্যাশা কৰিছিল, বঙালীসকল হৈ উঠিল তেওঁলোকৰ বৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। যোৱা তেত্ৰিছ বছৰে প্ৰাদেশিক চৰকাৰৰ চাকৰিৰপৰা তেওঁলোকক (বঙালীক) আঁতৰাই ৰাখিলে। কেন্দ্ৰীয় চৰকাৰ আৰু ‘খাসতালুক’ পাবলিক চেক্টৰৰ চাকৰিত বঙালীৰ ভাগ সিংহৰ ভাগ। আকৌ ৰাজ্য চৰকাৰৰ চাকৰিত অসমীয়াই সিংহভাগৰ অধিকাৰী। এখন অৰণ্যত দুটা সিংহ থাকিব নোৱাৰে।…’


কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰীৰমেন্দ্ৰ পোদ্দাৰে পূৰ্বাঞ্চলৰ কথা ফঁহিয়াবলৈ গৈ কয়—

RelatedPosts

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

April 7, 2026


‘বহিৰাগত কোন নহয়? ভাৰতত আৰ্যসকলোতো বহিৰাগত। মাৰ্কিন যুক্তৰাষ্ট্ৰত আমেৰিকানসকলো ৰেড ইণ্ডিয়ানৰ চকুত বহিৰাগত। সমগ্ৰ মানৱ ইতিহাসতে যুগে যুগে এনে অভিবাসন ঘটিছে। ঊনৈছ শতকত বঙালীসকলেও প্ৰগতিৰ বাহনৰূপেই উত্তৰ-পূৰ্বাঞ্চললৈ গৈছিল। উপজাতিসকলে, সামাজিক বিকাশৰ বৰ তলৰ স্তৰত—প্ৰায় আদিম সামাজিক সংগঠন লৈয়েই থাকিল। নতুন কাৰিকৰী জ্ঞান লৈ বঙালীসকলে এই ঠাইবোৰত বসবাস আৰম্ভ কৰিলে। উপজাতিসকলৰ মাটি কিনি আধুনিক কৃষিৰ প্ৰৱৰ্তন কৰিলে। পিছে উপজাতিসকলৰ মাটিৰ মালিকানা যে অত্যন্ত অসমান বিনিময় মূল্যতেই হস্তান্তৰিত হৈছে সেই কথা মানিবই লাগিব। আৰু ভাৰত চৰকাৰেতো এই অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ পিনে কোনো ধৰণৰ উৎসাহেই দিয়া নাই। পিছত উপজাতি যুৱকসকলে যেতিয়া লেখা-পঢ়া শিকিলে, তেতিয়া তেওঁলোকক বুজোৱা হ’ল যে বঙালীৰ অনুপ্ৰৱেশেই তেওঁলোকৰ পশ্চাদপদতাৰ বাবে দায়ী। ঘোলা পানীত যেনেকৈ মাছ থাকে তেনেকৈ চিকাৰীৰো অভাৱ নেথাকে।…’

bhupen2


অলপতে উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণ শেষ কৰি কলিকতালৈ উভতি অহা (জুন মাহত) বিশিষ্ট সমাজসেৱী শ্ৰীপান্নালাল দাসগুপ্তই তেওঁৰ বক্তব্যৰ একাংশত কৈছে :


‘…উত্তৰ-পূব ভাৰতলৈ গৈ লক্ষ লক্ষ বঙালীয়ে এফালে উপজাতিসকলক সংখ্যালঘুত পৰিণত কৰিছে। আনফালে তাৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক মনোভাবৰ পৰিচয় দিয়া নাই। ভাৰতীয় ব্যৱসায়ীসকলেও এই অঞ্চলত বৃহৎভাৱে বিনিয়োগৰ বিষয়ত উৎসাহ দেখুওৱা নাই। কাৰণ উভয়ৰ বাবেই উত্তৰ-পূৰ্বাঞ্চল তালিকাভুক্ত হৈছে খৰচৰ বহীত। ঐতিহাসিকভাৱেও উপজাতিসকলে ভাৰতীয় বোলোতে বঙালীকেই চিনি আহিছে।… অসমৰ বিদেশী বিতাড়ন আন্দোলন অসমস্থ মাৰোৱাৰী, পাঞ্জাবী কিম্বা নেপালীৰ বিৰুদ্ধে চালিত হোৱা নাই। কাৰণ মাৰোৱাৰী সম্প্ৰদায়ে তালৈ গৈছে ব্যৱসায় কৰিবলৈ। তেওঁলোক চাকৰিৰ প্ৰাৰ্থী নহয়। কিন্তু বঙালী চাকৰি প্ৰাৰ্থী।…’

“… ৰাষ্ট্ৰীয় বন্ধনত ভাৰততো কেতিয়াও ঐক্যবদ্ধ নাছিল। যি আছিল সি সমাজৰ বন্ধনহে। কালে কালে সমাজ-বন্ধন শিথিল হৈছে, কিন্তু ৰাষ্ট্ৰীয় বন্ধন দৃঢ় হোৱা নাই। তাৰ সৈতে যুক্ত হৈছে উপজাতিসকলৰ প্ৰতি আমাৰ ক্ৰিমিনেল ঔদাসীন্য আৰু অৱহেলা। তেওঁলোকৰ কণ্ঠত আমি জাপি দিছো আমাৰ গান। আমাৰ কণ্ঠত কোনোদিন তুলি লোৱা নাই তেওঁলোকৰ সুৰ।”


বিখ্যাত ঐতিহাসিক শ্ৰীপ্ৰতুল গুপ্তই অৱশ্যে এই বিষয়ে সবিনয়ে তেওঁৰ অজ্ঞতা প্ৰকাশ কৰিছে। পিছে অসমৰ নেতৃবৃন্দ যে বৰ সংবেদনশীল এইটো তেওঁ বহু আগতে সৰ্বভাৰতীয় এখন ইতিহাস কংগ্ৰেছৰ অনুষ্ঠানত লক্ষ্য কৰিছিল। কথা প্ৰসংগত ক’লে :

‘ইতিহাসৰ জাতীয় অধ্যাপক প্ৰয়াত ৰমেশ চন্দ্ৰ মজুমদাৰে তেওঁৰ এখনি গ্ৰন্থৰ ‘উৎসৰ্গ’ অংশত ‘অসমীয়া বেং’ বুলি ‘আহোমদেৰ’ (ইয়াৰ মানে বোধহয় ‘অসমীয়াসকলক’ —ভূঃ হাঃ) গালি পাৰিছিল। তেতিয়াৰ অসম চৰকাৰে কিতাপখনক নিষিদ্ধ কৰিছিল। ঐতিহাসিকসকল ক্ৰোধান্বিত হোৱা উচিত নহয়। ক্ৰোধ কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। পিছে প্ৰতুলবাবুৰ চকুত এইটো বৰ আশ্চৰ্যৰ বিষয়ে যে যিসকলে উত্তৰ-পূব ভাৰতৰ প্ৰশাসনিক দায়িত্বত আছে তেওঁলোকে হেনো ঘটনা ঘটাৰ আগতে ইয়াৰ একো ইংগিতেই পোৱা নাছিল। তেওঁলোকেই যদি নিশ্চিতকৈ একো ক’ব নোৱাৰে তেন্তে আমি ঐতিহাসিকসকলে কেনেকৈ ক’ম? আমাৰ কামটো প্ৰায় পোষ্টমৰ্টেমৰ দৰে য’ত মানুহ মৰি যোৱাৰ পিছত তাৰ শৱ ব্যৱচ্ছেদ কৰি অনুসন্ধান কৰা হয় মৃত্যুৰ কাৰণ।… মই মোৰ সহোদৰ ভাইৰ সৈতে কাজিয়া কৰিম। মোৰ ঘৰৰ ওচৰৰ ফ্লেটৰ বৈৰীভাবাপন্ন প্ৰতিৱেশীয়ে তাৰ সুযোগ নল’বনে? ‘‘কাৰ নিন্দা কৰা তুমি? নত কৰা শিৰ। ই মোৰ ই তোমাৰ পাপ।’’…’


বৰ্তমানক জানিব লাগিলে অতীতৰ ফালে উভতি চাব পায়। বাঙালীৰ ইতিহাসৰ ৰচক শ্ৰীনীহাৰ ৰঞ্জন ৰায়ে অতীতক স্মৰণ কৰি এঠাইত কৈছে :


‘…ইংৰাজ যেতিয়া এইবোৰ অঞ্চললৈ (পূৰ্ব ভাৰতলৈ) যায় তেতিয়া তেওঁলোকক কান্ধত তুলি লৈ গৈছিল বঙালীসকলেই। ১৮২৬ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্তিৰ পিছত অসমলৈ গৈ ‘‘ভিড়’’ কৰিলে বঙালী উকীল, নায়েব, গোমস্তা, পেচকাৰ, শিক্ষক আৰু ডাক্তৰসকলে। চৰকাৰী কাম-কাজৰ মাধ্যম কি হ’ব? তেওঁলোকে ক’লে—বঙালী। ১৮৩৮ত অসমৰ চৰকাৰী ভাষা হিচাপে বঙালী চালু হৈ গ’ল…চলিল একেৰাহে এশ বছৰ। আনফালে মৈমনসিং, কিশোৰগঞ্জ, চিলেটৰপৰা ভূমিহীন মুছলিম আৰু হিন্দু নিম্ন শ্ৰেণীৰ খেতিয়কে হেজাৰে হেজাৰে খেতিৰ বতৰত অসমলৈ গৈছিল। শিক্ষাৰ পোহৰ আৰু জাতীয় আন্দোলনৰ লহৰ আহি লগাত ‘আহোমৰা’ (অৰ্থাৎ ‘অসমীয়া’কে বুজাইছে।—ভূঃ হাঃ) জাগি উঠি দেখে যে তেওঁলোকে হেৰুৱাইছে তেওঁলোকৰ স্বতন্ত্ৰ আত্মপৰিচয়। সৰ্বত্ৰই বঙালী প্ৰাধান্য।…’

“..য’লৈকে ইংৰাজ গৈছিল ত’লৈকে বঙালী লোক গৈছিল। ফলত সেই সময়ৰ অসমৰ বিভিন্ন গোষ্ঠীয়ে ইংৰাজৰ দৰে বঙালীকো পৰ বুলি ভাবিছিল। ইংৰাজ যেতিয়া নেথাকিব, বঙালীও তেতিয়া নেথাকিব—এয়ে আছিল তেওঁলোকৰ সপোন। কিন্তু কাৰ্যত যি ঘটিল—সেয়া অন্য ধৰণৰ! দেখা গ’ল ধৰ্ম অনুসাৰে দেশ ভাগ হৈ গ’ল। চিলেটৰ বঙালীসকলৰ প্ৰায় সকলো অসমলৈ গুচি আহিল। কিন্তু লগত নানিলে তেওঁলোকৰ ভূ-সম্পদ। যিবোৰ চাকৰি অসমীয়াই প্ৰত্যাশা কৰিছিল, বঙালীসকল হৈ উঠিল তেওঁলোকৰ বৰ ডাঙৰ প্ৰতিদ্বন্দ্বী।“


‘বাঙালীৰা ওখানে এস্ট্যাব্লিশমেণ্টেৰ প্ৰতিভূ।’ সম্পূৰ্ণ ভিন্ন সুৰ শুনা গ’ল জাতীয় গ্ৰন্থাগাৰৰ অধিকৰ্তা শ্ৰীৰবীন্দ্ৰ কুমাৰ দাশগুপ্তৰ কণ্ঠত। আৱেগমন্ত্ৰিত কণ্ঠেৰে ওলোটা প্ৰশ্নৰ সুৰত ক’লে :


‘উপজাতিসকলৰ বাবে আমি জাতিসমূহে কি কৰিছো? এতিয়াও বনৰ পশুৰ দৰে জীৱন কটায় তেওঁলোকে। অথচ আমি দুটা চাকৰি দি তেওঁলোকক খুচি কৰাৰ চেষ্টা কৰিছো। উপজাতিৰ লোকসকলৰ সৈতে গছৰ পাতৰ ঘাগৰা পিন্ধি, নাচি, নেহেৰুজাতীয় সংহতিৰ কথা পাতিছে। তেওঁলোকৰ সমস্যা লৈ জানো আমি কোনো সুস্পষ্ট নীতি নিৰ্ধাৰণ কৰিছো? নাই কৰা।… ৰাষ্ট্ৰীয় বন্ধনত ভাৰততো কেতিয়াও ঐক্যবদ্ধ নাছিল। যি আছিল সি সমাজৰ বন্ধনহে। কালে কালে সমাজ-বন্ধন শিথিল হৈছে, কিন্তু ৰাষ্ট্ৰীয় বন্ধন দৃঢ় হোৱা নাই। তাৰ সৈতে যুক্ত হৈছে উপজাতিসকলৰ প্ৰতি আমাৰ ক্ৰিমিনেল ঔদাসীন্য আৰু অৱহেলা। তেওঁলোকৰ কণ্ঠত আমি জাপি দিছো আমাৰ গান। আমাৰ কণ্ঠত কোনোদিন তুলি লোৱা নাই তেওঁলোকৰ সুৰ। সেয়ে আজি উপজাতিসকলে বঙালীসকলক এস্টাব্লিশমেণ্টৰ লোক বুলি ভাবে। অথচ চিৰদিন এনে নাছিল। বঙালীসকলে এসময়ত তেওঁলোকৰ ওচৰত গুৰুৰ সন্মান আৰু মৰ্যাদা পাইছিল। আহোম নৃপতিসকলে নৱদ্বীপৰপৰা শাক্ত আৰু বৈষ্ণৱ গুৰুসৱক অনাই তেওঁলোকৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। মণিপুৰীসকলৰ মহাৰজাৰ সৈতে ৰবীন্দ্ৰনাথৰ সশ্ৰদ্ধ হৃদ্যতাৰ কথা অবিদিত নহয়। আৰু আজি তেওঁলোকে বঙালীক হত্যা কৰিছে। লগে লগে আক্ৰমণ কৰিছে থানা। অগ্নিসংযোগ কৰিছো চৰকাৰী দপ্তৰত। ইয়াৰ অৰ্থ এটাই। যি গান আমি তেওঁলোকৰ কণ্ঠত জাপি দিছো সেই গানে তেওঁলোকৰ কণ্ঠৰোধ কৰিছে।’


—ওপৰত উল্লেখ কৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন ছজন জীৱিত শ্ৰদ্ধেয় বঙালী বুদ্ধিজীৱীয়ে দিয়া মতামত প্ৰকাশিত হৈছিল আনন্দবাজাৰ পত্ৰিকাৰ ১৮ জুন ৮০ৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত। অসমৰ বিভিন্ন বুদ্ধিজীৱীৰ এই আন্দোলনৰ বিষয়ে নানা কথা নানাভাৱে অসমৰ বাহিৰত প্ৰকাশিত হৈছে। কিছু ঠিকভাৱে, কিছু বিকৃতভাৱে।

bhupen

কিন্তু পশ্চিমবংগৰ এতিয়াৰ বুদ্ধিজীৱীসকলৰ বহু মতামত অসমৰ ৰাইজে বৰ সহজে পঢ়িবলৈ নেপায়। অসমত বাস কৰা বঙালীভাষী মানুহখিনিয়ে পঢ়িবলৈ পালেও তাক অসমত প্ৰতিধ্বনিত নকৰে। মহাবাহুলৈ সেয়েহে মোৰ এই অনুবাদ—


ছজন বুদ্ধিজীৱীৰ নিজমুখ বাক্য।
ই চিন্তাৰ বিষয়।


তেওঁলোকে আত্মবিশ্লেষণ কৰা আৰম্ভ কৰিছে
যেন নেলাগেনে?
তেন্তে জাপি দিয়া
গানে কণ্ঠৰোধ
কৰে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ড০ ভূপেন হাজৰিকামহাবাহু আলোচনী
Anjan Sarma

Anjan Sarma

Related Posts

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?
Opinion

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

by RODALI BARUAH
April 10, 2026
0

The Lingering Ghost of Racism: Ignorance or Deliberate Hate? Rodali Baruah The incident that took place the other day at...

Read moreDetails
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

April 7, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

April 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
মই খটখটী

মই খটখটী

April 11, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d