জাল নোটৰ সংখ্যা দুগুণ বৃদ্ধি
দিলীপ দৈমাৰী
বিমুদ্ৰাকৰণৰ ফলত ভাৰতত জাল নোটৰ সংখ্যা একেবাৰে কমি যাব বুলিও ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদম্ভে ঘোষণা কৰিছিল। কিন্তু এতিয়া পৰিসংখ্যাই সেই আস্ফালন যে ফোপোলা আছিল, তাকেই প্ৰমাণ কৰিছে।
বিমুদ্ৰাকৰণৰ পিছত প্ৰতিবছৰেই জাল নোটৰ পৰিমাণ বাঢ়ি আছে। যোৱা এটা বছৰত বৃদ্ধি পাইছে ৰেকৰ্ড পৰিমাণে। সেই তথ্য উল্লেখ কৰা হৈছে স্বয়ং ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰিসংখ্যাত আৰু তাকেই মোক্ষম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি এইবাৰ মোডীক প্ৰৱল আক্ৰমণ আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে।
২৯ মে’, ২০২২, দেওবাৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰায়েনে কৈছে, ‘নমস্কাৰ প্ৰধানমন্ত্ৰী মোডী। নোট বাতিলকৰণৰ কথা মনত আছে নিশ্চয়। কিদৰে মমতা বন্দ্যোপাধ্যায়ে আপোনাক সৰৱ হৈ বিৰোধিতা কৰিছিল! আমাৰ মনত আছে, আপুনি কৈছিল- কিদৰে নোট বাতিলৰ ফলত জাল নোটৰ পৰিমাণ কমি যাব। এতিয়া ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যাই কি কৈছে তাকেই চাওক।’
ডেৰেক অ’ ব্ৰায়েনে গ্ৰাফিক্স সংলগ্ন কৰি দেখুৱাইছে, আৰু সেই গ্ৰাফিক্সত দেখুওৱা হৈছে , ২০২০-২১ আৰ্থিক বৰ্ষৰ তুলনাত ২০২১-২২ আৰ্থিক বৰ্ষত জাল ৫০০ টকাৰ নোটৰ সংখ্যা বৃদ্ধি পাইছে ১০১.৯% ; অৰ্থাৎ এটা বছৰত ৫০০ টকাৰ জাল নোট দুগুণৰো বেছি হৈ পৰিছে। সেইদৰে যোৱা এটা বছৰত ২০০০ টকাৰ জাল নোটৰ সংখ্যা বৃদ্ধি পাইছে প্ৰায় ৫৪.৬% !
ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি কেৱল ৫০০ আৰু ২০০০ টকাই নহয়, অইন সকলো নোটৰে জাল নোট বৃদ্ধি পাইছে। ২০০ টকাৰ নোটৰ জাল বৃদ্ধি পাইছে ১১.৭% । ১০ টকা আৰু ২০ টকাৰ নোটৰো জাল নোট বৃদ্ধি পাইছে। ১০ টকাৰ জাল নোট বৃদ্ধি পাইছে ১৬.৪% আৰু ২০ টকাৰ জাল নোটৰ সংখ্যা বৃদ্ধি পাইছে ১৬.৫% !
কেৱল তৃণমূলেই নহয়, কংগ্ৰেছৰ ৰাহুল গান্ধীয়েও জাল নোটক লৈ সৰৱ হোৱা দেখা গৈছে।
ৰিজাৰ্ভ বেংকে দিয়া এক চমকপ্ৰদ তথ্য অনুসৰি ২০১৬ চনত নোট বাতিলৰ আগতে বজাৰত আছিল প্ৰায় নগদ ১৮ লাখ কোটি টকা, এতিয়া বজাৰত আছে নগদ প্ৰায় ৩১ লাখ কোটি টকা।
অৰ্থাৎ, নোট বাতিল বা বিমুদ্ৰাকৰণৰ অইন এটা প্ৰধান উদ্দেশ্য ‘বজাৰত নগদ ধনৰ যোগান কমাই কেছলেচ অৰ্থনীতিৰ দেশ হিচাপে ভাৰতক গঢ়ি তোলা’ ঘোষণাও সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে!
30-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.