অদম্য উদ্যমী জাহ্নৱীৰ হৰ্ষিতা ফেশ্বন
বিক্ৰমাদিত্য দত্ত কাকতি
মাতৃ মমতাৰ স্পৰ্শৰে উজ্জীৱিত এটা অপৰাজিত কাহিনী
অসমীয়া পৰম্পৰাগত সাজপাৰক দেশৰ বিভিন্ন ঠাইৰ লগতে সুদূৰ মাৰ্কিন ভূমিতো প্ৰসাৰৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি সমাদৃত হৈছে এগৰাকী অসমীয়া মহিলা।
মহিলা উদ্যমিতাৰ এই প্ৰচাৰহীন নিৰলস প্ৰচেষ্টাই দেশৰ ৰাজধানী দিল্লী, বাংগালোৰ, মুম্বাইৰ লগতে সাত সাগৰ তেৰ নদীৰ পাৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটনতো অসমীয়া সাজপাৰক জনপ্ৰিয় কৰি তোলাৰ লগতে উদ্যমিতাৰ এই চেষ্টা সমাদৃত হৈছে।
অসুখত ভুগি থকা নিজ জীয়াৰীৰ শুশ্ৰূষা কৰাৰ মাজতে জীয়াৰীৰ প্ৰতি থকা মাতৃ স্নেহক এটা নাম দিয়াৰ উদ্দেশ্য জন্ম লাভ কৰা অসমীয়া সাজপাৰৰ এক উদ্যমী পৰিচয় ‘হৰ্ষিতা ফেশ্বন‘ৰ স্বত্বাধিকাৰী তথা পৰিকল্পনাকাৰী দুলীয়াজানৰ প্ৰচাৰবিমুখ মহিলা উদ্যমী জাহ্নৱী স্বৰ্গীয়াৰীৰ কাহিনী এয়া।
জাহ্নৱী স্বৰ্গীয়াৰীয়ে নিজ পৰিকল্পনাৰে ডিজাইন কৰা অসমীয়া সাজপাৰে প্ৰবাসী ভাৰতীয় সকলৰ লগতে বিদেশী ক্ৰেতৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জাহ্নৱী স্বৰ্গীয়াৰীয়ে প্ৰস্তুত কৰা অসমীয়া পৰম্পৰাগত সাজপাৰৰ মাধুৰ্যই বহু বিদেশী মহিলাকো বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত মোহিত কৰিছিল।
২০২২ চনত ৱাশ্বিংটনত আয়োজিত ‘নৰ্থ ইষ্ট ফেষ্টিভেল অব ইণ্ডিয়া’ত জাহ্নৱী স্বৰ্গীয়াৰীৰ পৰিকল্পনাৰ অভিনৱ অসমীয়া পাট মুগাৰ সাজ আছিল প্ৰবাসী ভাৰতীয়ৰ লগতে বিদেশী গ্ৰাহকৰ মাজত বিশেষ আকৰ্ষণ।
প্ৰচাৰ বিমুখ উদ্যমী জাহ্নৱী স্বৰ্গীয়াৰীৰ এই যাত্ৰাৰ আৰম্ভণি আছিল মাতৃ সংগ্ৰামৰ মাজেদি।
জাহ্নৱী স্বৰ্গীয়াৰীৰ আন এটা পৰিচয়ো আছে। অসমৰ চৰকাৰৰ অধীনস্থ সবাতোকৈ লাভ অৰ্জন কাৰী উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ পত্নী জাহ্নৱী স্বৰ্গীয়াৰী। গকুল চন্দ্ৰ স্বৰ্গীয়াৰী আৰু জাহ্নৱী স্বৰ্গীয়াৰীৰ কন্যা সন্তান হৰ্ষিতাই শিশু অৱস্থাত ভুগিব লগীয়া হোৱা স্বাস্হ্যজনিত সমস্যাৰ বাবে অহৰহ মাতৃ জাহ্নৱীয়ে অন্য এখন সংগ্ৰামত লিপ্ত থাকিবলগীয়া হৈছিল।
প্ৰায় দহ বছৰ নিৰন্তৰ মমতা, যত্ন আৰু শুশ্ৰূষাৰে মাতৃ জাহ্নৱীয়ে জী হৰ্ষিতাক ক্ৰমে স্বাস্হ্যবান কৰি তুলিবলৈ সক্ষম হৈছিল। একমাত্ৰ সন্তান হৰ্ষিতাৰ সু-স্বাস্হ্যৰ বাবে অহৰহ কৰিব লগীয়া হোৱা শুশ্ৰূষাৰ মাজতে ২০১২ বৰ্ষৰ পৰা জাহ্নৱী স্বৰ্গীয়াৰীয়ে অসমৰ পাট মুগাৰ বস্ত্ৰত নিজস্ব ডিজাইন প্ৰদানৰ অনুৰাগক লৈ ঐকান্তিকভাৱে অনুশীলন আৰম্ভ কৰে।
স্বামী গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ পৰা লাভ কৰা অহৰহ অনুপ্ৰেৰণা তথা নিজৰ জীৰ নামক এক উদ্দেশ্য প্ৰদানৰ বাবে আৰম্ভ হোৱা পাট মুগাৰ কাপোৰৰ ডিজাইন অনুশীলনে ক্ৰমে ৰূপ ল’লে ‘হৰ্ষিতা ফেশ্বন’ৰ। সন্তানৰ প্ৰতি থকা মৰম তথা মাতৃ জীৱনৰ প্ৰাৰম্ভিক কালৰ প্ৰতিকুল সময়ে সাহসী কৰি তোলা জাহ্নৱী স্বৰ্গীয়াৰীৰ জীৱনত এটা উদ্দেশ্যৰ জন্ম হ’ল। অসমৰ থলুৱা বস্ত্ৰক অধিক জনপ্ৰিয় কৰি তোলাৰ এই অদম্য উদ্দেশ্যক সাৰথি কৰি আগবাঢ়ি গ’ল জাহ্নৱী স্বৰ্গীয়াৰী।
নিজে ডিজাইন কৰা পাট – মুগাৰ মেখেলা চাদৰ প্ৰদৰ্শনেৰে ২০১৩ বৰ্ষৰ পৰা হৰ্ষিতা ফেশ্বনৰ যোগেদি ফেশ্বন শ্ব’ সমূহত বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে জাহ্নৱী স্বৰ্গীয়াৰীয়ে।
২০১৩ বৰ্ষত ‘বৰ অসম’ শীৰ্ষক প্ৰদৰ্শনীত গুৱাহাটীত প্ৰদৰ্শনৰ পিছৰ পৰাই ঘূৰি চাবলগীয়া হোৱা নাই এইগৰাকী প্ৰচাৰ বিমুখ মহিলা উদ্যমী।
২০১৬ চনত নতুন দিল্লীৰ চেলিব্ৰেটিং নৰ্থ ইষ্ট ফেশ্বন শ্ব‘, ২০১৭ চনত গুৱাহাটীত চেলিব্ৰেটিং নৰ্থ ইষ্ট ফেশ্বন শ্ব‘, ২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অসম কনভেনচন, ৱাশ্বিংটনতেই ২০২২ চনত নৰ্থ ইষ্ট ফেষ্টিভেল অব ইণ্ডিয়া, নতুন দিল্লীত চেলিব্ৰেটিং নৰ্থ ইষ্ট শীৰ্ষক ফেশ্বন শ্ব’কে ধৰি দেশ বিদেশৰ কেইবাখনো ফেশ্বন শ্ব’ত নিজস্ব ডিজাইনেৰে প্ৰস্তুত কৰা পাট মুগাৰ মেখেলা চাদৰক প্ৰদৰ্শন কৰি অসমৰ একক তথা ঐতিহ্যময় পাট মুগাৰ মেখেলা চাদৰক বিশ্বমুখী প্ৰসাৰ তথা জনপ্ৰিয় কৰাৰ উদ্দেশ্যত আগবাঢ়ি গৈছে জাহ্নৱী স্বৰ্গীয়াৰী।
ডিজাইন কৰ্মৰ স্বীকৃতি হিচাপে তেওঁ শ্ৰেষ্ঠ ডিজাইনাৰ হিচাপে ২০২১ চনত ‘নৰ্থ ইষ্ট লুইত এৱাৰ্ড‘ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
জাহ্নৱী স্বৰ্গীয়াৰীয়ে ডিজাইন কৰা অসমীয়া পাট মুগাৰ একোযোৰ কাপোৰে সন্মানজন বজাৰ মূল্য লাভ কৰিবলৈ সক্ষম হোৱাটো অসমৰ এই একক বস্ত্ৰ শিল্পৰ বাবে আন এটা উল্লেখযোগ্য সাফল্য। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্কিন ভূমিৰ অন্যান্য ক্ৰেতাৰ পৰা ‘হৰ্ষিতা ফেশ্বন‘ ৰ একোযোৰ কাপোৰে চল্লিশ হাজাৰ পৰ্যন্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান থাকে বুলি কোৱা হয়। কিন্তু অসমৰ মহিলা উদ্যমিতাৰ এই উল্লেখনীয় ৰূপকথা যেন কাহিনীটোৰ আঁৰত আছে এজন পুৰুষৰ নিৰব অৱদান। অসমৰ থলুৱা বস্ত্ৰক বিশ্বমুখী কৰাৰ জাহ্নৱী স্বৰ্গীয়াৰীৰ ‘হৰ্ষিতা ফেশ্বন‘ৰ সাফল্যৰ মূল চালিকাশক্তি আছিল জীৱনসংগী গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ অনুপ্ৰেৰণা তথা সহযোগিতা। তদুপৰি জীয়াৰী হৰ্ষিতাৰ সৰল হাঁহিটো প্ৰেৰণাদায়ক প্ৰতীক আছিল মাতৃ জাহ্নৱীৰ বাবে।
উল্লেখযোগ্য যে, বহু মহিলা ফেশ্বন ডিজাইনাৰৰ দৰে অসমৰ পাট মুগাৰ ওপৰত পৰীক্ষামূলক ভাৱে নতুন আৰ্হি কৰি ইয়াক মহিলাৰ অন্যান্য সাজলৈ পৰিৱৰ্তন কৰাৰ পক্ষপাতী নহয় জাহ্নৱী স্বৰ্গীয়াৰী।
‘অসমৰ পাট -মুগাৰ কাপোৰযোৰৰ সৌন্দৰ্য একক। এই একক সৌন্দৰ্যই নিজস্ব আবেদনেৰে বিশ্বৰ যিকোনো প্ৰান্তৰ মহিলাক আকৰ্ষণ কৰিব পাৰে। আমি হৰ্ষিতা ফেশ্বনৰ যোগেদি অসমৰ নিজস্বতাৰ পক্ষত থিয় দিছো। দেশৰ ভিন্ন প্ৰান্তৰ কথা বাদেই দিলো, বিদেশতো আমি দেখিছোঁ আমাৰ পাট মুগাৰ মেখেলা চাদৰযোৰে যিকোনো ৰুচিৰ মহিলাকে আৰ্কষণ কৰিব পাৰে।’ – পাট – মুগাৰ মেখেলা চাদৰযোৰৰ স্বকীয়তা ৰক্ষাৰ সম্পৰ্কত জাহ্নৱী স্বৰ্গীয়াৰীৰ ভাষ্য এয়া ।
এই লেখা প্ৰস্তুত কৰা অৱস্থাত আমি আমেৰিকাৰ ৱাশ্বিংটনত বিগত বৰ্ষত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিৱেল অব ইণ্ডিয়াত হৰ্ষিতা ফেশ্বনৰ পৰা অসমীয়া পাটৰ মেখেলা চাদৰ ক্ৰয় কৰা আমেৰিকাৰ কেলিফ’ৰ্ণিয়া প্ৰদেশৰ চান ডিয়েগোৰ বাসিন্দা ৰীতা শৰ্মা কটকীৰ লগত যোগাযোগ কৰিছিলো। জাহ্নৱী স্বৰ্গীয়াৰীৰ ক্ৰয় কৰা মেখেলা চাদৰযোৰত অসমৰ পৰশ আছে বুলি মত প্ৰকাশ কৰিছিল ৰীতা শৰ্মা কটকীয়ে।
‘জাহ্নৱী স্বৰ্গীয়াৰীৰ ডিজাইনত অসমৰ পৰিচয় আছে। এগৰাকী ক্ৰেতা হিচাপে সকলোতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁ যিসমূহ কাপোৰ আগবঢ়াইছে তাত মিশ্ৰণ নাই। এযোৰ পাট- মুগা শিল্পৰ মেখেলা চাদৰতেই আমাৰ পৰিচয় আছে। আমেৰিকাত হৰ্ষিতা ফেশ্বনে আমাক অসমৰ এই পৰিচয় অনুভৱ কৰাৰ সুযোগ দিছে। – ৰীতা শৰ্মা কটকীয়ে জাহ্নৱী স্বৰ্গীয়াৰীৰ পৰা ক্ৰয় কৰা কাপোৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি এইদৰে কৈছিল।
পাট-মুগা শিল্পৰ প্ৰসাৰৰ তথা জনপ্ৰিয়কৰণৰ দহ বছৰীয়া যাত্ৰা ‘হৰ্ষিতা ফেশ্বন‘ অসমীয়া শিপিনীৰ গৌৰৱৰ ধ্বজাবাহক হৈ আগবাঢ়ি গৈছে। মাতৃ মমতাৰ এটা চিনস্বৰূপ হৰ্ষিতা ফেশ্বন অসমৰ মহিলা উদ্যমিতাৰ এটা অকথিত, অপ্ৰকাশিত কাহিনী।
এই কাহিনীটোত অসমৰ ঐতিহ্য বহনকাৰী এটা শিল্পৰ প্ৰসাৰৰ নিৰলস ইচ্ছা আছে। এই কাহিনীটোত মাতৃ মমতাৰ অদম্য ইচ্ছা শক্তিৰ ইতিবাচক সাফল্য আছে। জীৱনসংগী স্বামীয়ে আগবঢ়োৱা সহাঁৰিৰ প্ৰাপ্তি আছে এই কাহিনীত।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)