• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী!

ASSAMESE SECTION / People Of Assam / Inspiration

by Biramaditya Dutta Kakoty
March 12, 2025
in ASSAMESE SECTION, Business, Inspiration, PEOPLE OF ASSAM, Women
Reading Time: 4 mins read
0
জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী!
Share on FacebookShare on TwitterShare on LinkedIn

জাহ্নৱীৰ হৰ্ষিতা ফেশ্বন

PEOPLE OF ASSAM

বিক্ৰমাদিত্য দত্ত কাকতি

BIKRAM DUTTA
বিক্ৰমাদিত্য দত্ত কাকতি

মাতৃ মমতাৰ স্পৰ্শৰে উজ্জীৱিত এটা অপৰাজিত কাহিনী

অসমীয়া পৰম্পৰাগত সাজপাৰক দেশৰ বিভিন্ন ঠাইৰ লগতে সুদূৰ মাৰ্কিন ভূমিতো প্ৰসাৰৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি সমাদৃত হৈছে এগৰাকী অসমীয়া মহিলা।

মহিলা উদ্যমিতাৰ এই প্ৰচাৰহীন নিৰলস প্ৰচেষ্টাই দেশৰ ৰাজধানী দিল্লী, বাংগালোৰ, মুম্বাইৰ লগতে সাত সাগৰ তেৰ নদীৰ পাৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটনতো অসমীয়া সাজপাৰক জনপ্ৰিয় কৰি তোলাৰ লগতে উদ্যমিতাৰ এই চেষ্টা সমাদৃত হৈছে।

অসুখত ভুগি থকা নিজ জীয়াৰীৰ শুশ্ৰূষা কৰাৰ মাজতে জীয়াৰীৰ প্ৰতি থকা মাতৃ স্নেহক এটা নাম দিয়াৰ উদ্দেশ্য জন্ম লাভ কৰা অসমীয়া সাজপাৰৰ এক উদ্যমী পৰিচয় ‘হৰ্ষিতা ফেশ্বন‘ৰ স্বত্বাধিকাৰী তথা পৰিকল্পনাকাৰী দুলীয়াজানৰ প্ৰচাৰবিমুখ মহিলা উদ্যমী জাহ্নৱী স্বৰ্গীয়াৰীৰ কাহিনী এয়া।

জাহ্নৱী স্বৰ্গীয়াৰীয়ে নিজ পৰিকল্পনাৰে ডিজাইন কৰা অসমীয়া সাজপাৰে প্ৰবাসী ভাৰতীয় সকলৰ লগতে বিদেশী ক্ৰেতৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জাহ্নৱী স্বৰ্গীয়াৰীয়ে প্ৰস্তুত কৰা অসমীয়া পৰম্পৰাগত সাজপাৰৰ মাধুৰ্য‌ই বহু বিদেশী মহিলাকো বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত মোহিত কৰিছিল।

২০২২ চনত ৱাশ্বিংটনত আয়োজিত ‘নৰ্থ ইষ্ট  ফেষ্টিভেল অব ইণ্ডিয়া’ত জাহ্নৱী স্বৰ্গীয়াৰীৰ পৰিকল্পনাৰ অভিনৱ অসমীয়া পাট মুগাৰ সাজ আছিল প্ৰবাসী ভাৰতীয়ৰ লগতে বিদেশী গ্ৰাহকৰ মাজত বিশেষ আকৰ্ষণ।

প্ৰচাৰ বিমুখ উদ্যমী জাহ্নৱী স্বৰ্গীয়াৰীৰ এই যাত্ৰাৰ আৰম্ভণি আছিল মাতৃ সংগ্ৰামৰ মাজেদি।

জাহ্নৱী স্বৰ্গীয়াৰীৰ আন এটা পৰিচয়ো আছে। অসমৰ চৰকাৰৰ অধীনস্থ সবাতোকৈ লাভ অৰ্জন কাৰী উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ পত্নী জাহ্নৱী‌ স্বৰ্গীয়াৰী।  গকুল চন্দ্ৰ স্বৰ্গীয়াৰী আৰু জাহ্নৱী স্বৰ্গীয়াৰীৰ  কন্যা সন্তান হৰ্ষিতাই শিশু অৱস্থাত ভুগিব লগীয়া হোৱা স্বাস্হ্যজনিত সমস্যাৰ বাবে অহৰহ মাতৃ জাহ্নৱীয়ে অন্য এখন সংগ্ৰামত লিপ্ত থাকিবলগীয়া হৈছিল।

জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

প্ৰায় দহ বছৰ নিৰন্তৰ  মমতা, যত্ন আৰু শুশ্ৰূষাৰে মাতৃ জাহ্নৱীয়ে জী হৰ্ষিতাক ক্ৰমে স্বাস্হ্যবান কৰি তুলিবলৈ সক্ষম হৈছিল। একমাত্ৰ সন্তান হৰ্ষিতাৰ সু-স্বাস্হ্যৰ বাবে অহৰহ কৰিব লগীয়া হোৱা শুশ্ৰূষাৰ মাজতে ২০১২ বৰ্ষৰ পৰা জাহ্নৱী স্বৰ্গীয়াৰীয়ে অসমৰ পাট মুগাৰ বস্ত্ৰত নিজস্ব ডিজাইন প্ৰদানৰ অনুৰাগক লৈ ঐকান্তিকভাৱে অনুশীলন আৰম্ভ কৰে।

জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

স্বামী গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ পৰা লাভ কৰা অহৰহ অনুপ্ৰেৰণা তথা নিজৰ জীৰ নামক এক উদ্দেশ্য প্ৰদানৰ বাবে আৰম্ভ হোৱা পাট মুগাৰ কাপোৰৰ ডিজাইন অনুশীলনে ক্ৰমে ৰূপ ল’লে ‘হৰ্ষিতা ফেশ্বন’ৰ।   সন্তানৰ প্ৰতি থকা মৰম তথা মাতৃ জীৱনৰ প্ৰাৰম্ভিক কালৰ প্ৰতিকুল সময়ে সাহসী কৰি তোলা  জাহ্নৱী স্বৰ্গীয়াৰীৰ জীৱনত এটা উদ্দেশ্যৰ জন্ম হ’ল। অসমৰ থলুৱা বস্ত্ৰক অধিক জনপ্ৰিয় কৰি তোলাৰ এই অদম্য উদ্দেশ্য‌ক সাৰথি কৰি আগবাঢ়ি গ’ল জাহ্নৱী স্বৰ্গীয়াৰী।

নিজে ডিজাইন কৰা পাট – মুগাৰ মেখেলা চাদৰ প্ৰদৰ্শনেৰে ২০১৩ বৰ্ষৰ পৰা হৰ্ষিতা ফেশ্বনৰ যোগেদি ফেশ্বন শ্ব’ সমূহত বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে জাহ্নৱী স্বৰ্গীয়াৰীয়ে।

  • jahnavi3
  • jahnavi4
  • jahnavi5
  • jahnavi9
  • jahnavi10
  • jahnavi11
  • jahnavi design
  • Assam
 

২০১৩ বৰ্ষত ‘বৰ অসম’ শীৰ্ষক প্ৰদৰ্শনীত গুৱাহাটীত প্ৰদৰ্শনৰ পিছৰ পৰাই ঘূৰি চাবলগীয়া হোৱা নাই এইগৰাকী প্ৰচাৰ বিমুখ মহিলা উদ্যমী।

২০১৬ চনত নতুন দিল্লীৰ চেলিব্ৰেটিং নৰ্থ ইষ্ট ফেশ্বন শ্ব‘, ২০১৭ চনত গুৱাহাটীত চেলিব্ৰেটিং নৰ্থ ইষ্ট ফেশ্বন শ্ব‘, ২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অসম কনভেনচন, ৱাশ্বিংটনতেই ২০২২ চনত নৰ্থ ইষ্ট ফেষ্টিভেল অব ইণ্ডিয়া, নতুন দিল্লীত চেলিব্ৰেটিং নৰ্থ ইষ্ট শীৰ্ষক ফেশ্বন শ্ব’কে ধৰি দেশ বিদেশৰ কেইবাখনো ফেশ্বন শ্ব’ত নিজস্ব ডিজাইনেৰে প্ৰস্তুত কৰা পাট মুগাৰ মেখেলা চাদৰক প্ৰদৰ্শন কৰি অসমৰ একক তথা ঐতিহ্যময় পাট মুগাৰ মেখেলা চাদৰক বিশ্বমুখী প্ৰসাৰ তথা জনপ্ৰিয় কৰাৰ উদ্দেশ্যত আগবাঢ়ি গৈছে জাহ্নৱী স্বৰ্গীয়াৰী।

জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

  ডিজাইন কৰ্ম‌ৰ স্বীকৃতি হিচাপে তেওঁ শ্ৰেষ্ঠ ডিজাইনাৰ হিচাপে ২০২১ চনত ‘নৰ্থ ইষ্ট লুইত এৱাৰ্ড‘ সন্মান লাভ কৰিবলৈ সক্ষম হয়। 

জাহ্নৱী স্বৰ্গীয়াৰীয়ে ডিজাইন কৰা অসমীয়া পাট মুগাৰ একোযোৰ কাপোৰে সন্মানজন বজাৰ মূল্য লাভ কৰিবলৈ সক্ষম হোৱাটো অসমৰ এই একক বস্ত্ৰ শিল্পৰ‌ বাবে আন এটা উল্লেখযোগ্য সাফল্য। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্কিন ভূমিৰ অন্যান্য ক্ৰেতাৰ পৰা ‘হৰ্ষিতা ফেশ্বন‘ ৰ একোযোৰ কাপোৰে চল্লিশ হাজাৰ পৰ্যন্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে।

jahnavi7

প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান থাকে বুলি কোৱা হয়। কিন্তু ‌অসমৰ মহিলা উদ্যমিতাৰ এই উল্লেখনীয় ৰূপকথা যেন কাহিনীটোৰ আঁৰত আছে এজন পুৰুষৰ নিৰব অৱদান। অসমৰ থলুৱা বস্ত্ৰক বিশ্বমুখী কৰাৰ জাহ্নৱী স্বৰ্গীয়াৰীৰ ‘হৰ্ষিতা ফেশ্বন‘ৰ সাফল্যৰ মূল চালিকাশক্তি আছিল জীৱনসংগী গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ অনুপ্ৰেৰণা তথা সহযোগিতা। তদুপৰি জীয়াৰী হৰ্ষিতাৰ সৰল হাঁহিটো প্ৰেৰণাদায়ক প্ৰতীক আছিল মাতৃ জাহ্নৱীৰ বাবে।

উল্লেখযোগ্য যে, বহু মহিলা ফেশ্বন ডিজাইনাৰৰ দৰে অসমৰ পাট মুগাৰ ওপৰত পৰীক্ষামূলক ভাৱে নতুন আৰ্হি কৰি ইয়াক মহিলাৰ অন্যান্য সাজলৈ পৰিৱৰ্তন কৰাৰ পক্ষপাতী নহয় জাহ্নৱী স্বৰ্গীয়াৰী।

জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

‘অসমৰ পাট -মুগাৰ কাপোৰযোৰৰ সৌন্দৰ্য একক। এই একক সৌন্দৰ্য‌ই নিজস্ব আবেদনেৰে বিশ্বৰ যিকোনো প্ৰান্তৰ মহিলাক আকৰ্ষণ কৰিব পাৰে। আমি হৰ্ষিতা ফেশ্বনৰ যোগেদি অসমৰ নিজস্বতাৰ পক্ষত থিয় দিছো। দেশৰ ভিন্ন প্ৰান্তৰ কথা বাদেই দিলো, বিদেশতো আমি দেখিছোঁ আমাৰ পাট মুগাৰ মেখেলা চাদৰযোৰে যিকোনো ৰুচিৰ মহিলাকে আৰ্কষণ কৰিব পাৰে।’ – পাট – মুগাৰ মেখেলা চাদৰযোৰৰ স্বকীয়তা ৰক্ষাৰ সম্পৰ্কত  জাহ্নৱী স্বৰ্গীয়াৰীৰ ভাষ্য এয়া ।

jahnavi handloom

এই লেখা প্ৰস্তুত কৰা অৱস্থাত আমি আমেৰিকাৰ ৱাশ্বিংটনত বিগত বৰ্ষত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিৱেল অব ইণ্ডিয়াত হৰ্ষিতা ফেশ্বনৰ পৰা অসমীয়া পাটৰ মেখেলা চাদৰ ক্ৰয় কৰা আমেৰিকাৰ কেলিফ’ৰ্ণিয়া প্ৰদেশৰ চান ডিয়েগোৰ বাসিন্দা ৰীতা শৰ্মা কটকীৰ লগত  যোগাযোগ কৰিছিলো। জাহ্নৱী স্বৰ্গীয়াৰীৰ ক্ৰয় কৰা মেখেলা চাদৰযোৰত অসমৰ পৰশ আছে বুলি মত প্ৰকাশ কৰিছিল ৰীতা শৰ্মা কটকীয়ে।

‘জাহ্নৱী স্বৰ্গীয়াৰীৰ ডিজাইনত অসমৰ পৰিচয় আছে। এগৰাকী ক্ৰেতা হিচাপে সকলোতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁ যিসমূহ কাপোৰ আগবঢ়াইছে তাত মিশ্ৰণ নাই। এযোৰ পাট- মুগা শিল্পৰ মেখেলা চাদৰতেই আমাৰ পৰিচয় আছে। আমেৰিকাত হৰ্ষিতা ফেশ্বনে আমাক অসমৰ এই পৰিচয়  অনুভৱ কৰাৰ সুযোগ দিছে। – ৰীতা শৰ্মা কটকীয়ে জাহ্নৱী স্বৰ্গীয়াৰীৰ পৰা ক্ৰয় কৰা কাপোৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি এইদৰে  কৈছিল।

jahnavi16

 পাট-মুগা শিল্পৰ প্ৰসাৰৰ তথা জনপ্ৰিয়কৰণৰ দহ বছৰীয়া যাত্ৰা ‘হৰ্ষিতা ফেশ্বন‘ অসমীয়া শিপিনীৰ  গৌৰৱ‌ৰ ধ্বজাবাহক হৈ  আগবাঢ়ি গৈছে। মাতৃ মমতাৰ এটা চিনস্বৰূপ হৰ্ষিতা ফেশ্বন অসমৰ মহিলা উদ্যমিতাৰ এটা অকথিত, অপ্ৰকাশিত কাহিনী।

এই কাহিনীটোত অসমৰ ঐতিহ্য বহনকাৰী এটা শিল্পৰ প্ৰসাৰৰ নিৰলস ইচ্ছা আছে। এই কাহিনীটোত মাতৃ মমতাৰ অদম্য ইচ্ছা শক্তিৰ ইতিবাচক সাফল্য আছে। জীৱনসংগী স্বামীয়ে আগবঢ়োৱা সহাঁৰিৰ প্ৰাপ্তি  আছে এই কাহিনীত।

janavi2

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Biramaditya Dutta Kakoty

Biramaditya Dutta Kakoty

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
butterflies with window in background

পখিলাবোৰ কুশলে থাকক

May 23, 2026
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026
World Environment Day 2026: The Eastern Himalayas at a Crossroads

World Environment Day 2026: The Eastern Himalayas at a Crossroads

June 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d