• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

জাৰ্মানীত প্ৰায় ৬০০ প্ৰকাৰৰ এন্টিবডি চিনাক্তকৰণ

-দিলীপ দৈমাৰী

by Admin
June 20, 2021
in Health, Special Report, World
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-দিলীপ দৈমাৰী |

বাৰ্লিনৰ পৰা প্ৰাপ্ত বাতৰিৰ আধাৰত এক বিশেষ ধৰণৰ কথা ক’বলৈ ওলাইছো। সহজ সৰল কথাত পেথ’জেন বা ভাইৰাছ হ’ল সংক্ৰামক ভাইৰেল প্ৰ’টিন। ইয়াক কোৱা হয় ভাইৰেল এন্টিজেন। চিকিৎসা বিজ্ঞানৰ সতে জড়িত, চিকিৎসা বিজ্ঞানীসকলৰ বুজন অংশৰ মতে এই এন্টিজেনৰ বিৰুদ্ধে যুদ্ধৰ অন্যতম অস্ত্ৰ হ’ল এন্টিবডি। কৰ’না চিকিৎসাৰ বাবে নিৰ্ভৰযোগ্য পদ্ধতি হিচাপে এন্টিবডি থেৰাপীকেই বহু দেশে বাচি লৈছে। চীনৰ পৰা আৰম্ভ কৰি ইজৰাইল, আমেৰিকা, বৃটেইনৰ একাধিক ‘চাইন্স ৰিচাৰ্ছ ফাৰ্ম’ত ‘চাৰ্চ-কোভ ২ ভাইৰেল প্ৰটিন’ৰ প্ৰতিস্পৰ্দ্ধী হিচাপে এন্টিবডিক লৈ দিন-ৰাতি একাকাৰ কৰি গৱেষণা চলি আছে। বৃটিছ-চুইডিছ বায়’ ফাৰ্মা সংস্থা এষ্ট্ৰাজেনেকা, যিয়ে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ জেনা ইন্সটিটিউটৰ ভাইৰোলজিষ্ট সকলৰ সৈতে যৌথ ভাৱে ‘কোভিশ্বিল্ড’ টিকা প্ৰস্তুত কৰি আছে, সেই এষ্ট্ৰাজেনেকাই দাবী কৰিছে যে ‘ক্লোনড’ এন্টিবডিৰে তেওঁলোকে এনে ইঞ্জেকশ্যন তৈয়াৰ কৰিছে যে সেই এন্টিবডি ইঞ্জেকশ্যন পোনপটীয়াকৈ কৰ’না সংক্ৰমিত ৰোগীৰ শৰীৰত সুমুৱাই দিব পৰা যাব। এতিয়া জাৰ্মানীৰ বিজ্ঞানীসকলেও দাবী কৰিছে যে তেওঁলোকেও কৰ’না প্ৰতিৰোধী এনে এন্টিবডি চিহ্নিত কৰিছে যাৰ সাহায্যৰে সহজেই ঘাতক ভাইৰাছটোক নিশকতীয়া কৰি পেলাব পৰা যাব। ‘চেল’ চাইন্স জাৰ্ণালত নিজৰ এই গৱেষণাপত্ৰ ডাঙি ধৰিছে জাৰ্মান বিজ্ঞানীসকলে। জাৰ্মান চেন্টাৰ ফৰ নিউৰোডিজেনাৰেটিভ ডিজিজ-অৰ ভাইৰোলজিস্ট সকলে দাবী কৰিছে যে এটা বা দুটা নহয়, তেওঁলোকে এনে ৬০০ ধৰণৰ এন্টিবডি চিহ্নিত কৰিছে যিবোৰে কৰ’না সংক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ বলয় তৈয়াৰ কৰিব পাৰিব। ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুদ্ধ কৰি সুস্থ হৈ উঠা ব্যক্তিৰ ৰক্তৰসৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে এন্টিবডি ছেকি ছেকি বাহিৰ কৰিছে জাৰ্মান বিজ্ঞানীসকলে। গৱেষকসকলে কৈছে যে টিকাৰ সলনি এনেধৰণৰ এন্টিবডি পোনপটীয়াকৈ শৰীৰত প্ৰৱেশ কৰাই ‘পেচিভ ভেকচিন’ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তেওঁলোকৰ দাবী, এনে কৰাৰ ফলত এন্টিবডি তেজত মিহলি হৈ ৰোগ প্ৰতিৰোধ সুৰক্ষা কবচ তৈয়াৰ কৰিব। গৱেষক সকলে কৈছে যে যেতিয়া কোনো সংক্ৰামক ৰাসায়নিক উপাদান , যেনে- বেক্টেৰিয়া, পেথোজেন শৰীৰত প্ৰৱেশ কৰে, তেতিয়া সেইবোৰৰ প্ৰতিৰোধৰ বাবে শৰীৰত কোষত স্বয়ংক্ৰিয়ভাৱে এন্টিবডি প্ৰস্তুত হয়। এই এন্টিবডি তৈয়াৰ হয় শ্বেত-ৰক্তকণিকাত। এই এন্টিবডিয়ে মূলতঃ তৈয়াৰ কৰে ‘বি-লিম্ফোচাইট’ বা  সংক্ষেপে ‘বি-কোষ’। এন্টিজেনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ এই বি-কোষে একাধিক প্ৰতিলিপি তৈয়াৰ কৰে – যাক বিজ্ঞানৰ ভাষাৰে ‘ক্লোনিং’ বোলা হয়। এনেদৰে অজস্ৰ কোষৰ পৰা লক্ষ লক্ষ এন্টিবডি তৈয়াৰ হয় ৰক্তৰসত। গৱেষক সকলে কৈছে যে কোভিডৰ দ্বাৰা আক্ৰান্ত হৈ সুস্থ হৈ উঠা সকলৰ শৰীৰতো এই এন্টিবডি তৈয়াৰ হৈছে। সেইবোৰক বিজ্ঞানীয়ে স্ক্ৰিনিং কৰি প্ৰথমে পৃথক কৰিছে, তাৰপিছত সংশ্লেষ কৰিছে আৰু দেখিছে যে চাৰ্ছ-কোভ ২ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ যথেষ্ট ক্ষমতা সেইসমূহৰ আছে।

RelatedPosts

person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

এষ্ট্ৰাজেনেকাই ইতিমধ্যে ক্লোনড এন্টিবডিক লৈ গৱেষণাত লিপ্ত হৈ পৰিছে। জাৰ্মান বিজ্ঞানীসকলে দাবী কৰিছে যে এন্টিবডি পোনপটীয়াকৈ ৰোগীৰ শৰীৰত ইনজেক্ট কৰিব পাৰিলে অতি শীঘ্ৰে শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি সৃষ্টি হ’ব। আকৌ, এযোৰ এন্টিবডি শৰীৰত প্ৰৱেশ কৰোৱাৰ উদ্দেশ্য হ’ল – ভাইৰেল প্ৰটিনে যদি যুদ্ধত এটাক ধৰাশায়ী কৰেও, তেতিয়া দ্বিতীয় এন্টিবডিয়ে ভাইৰাছক পৰাস্ত কৰিব। এষ্ট্ৰাজেনেকাই ইতিপূৰ্বে জনাইছে যে এই অক্টোবৰ মাহৰ পৰা ক্লোনড এন্টিবডি ইঞ্জেকশ্যনৰ ক্লিনিকেল ট্ৰায়েল তেওঁলোকে আৰম্ভ কৰিব। আনহাতে অক্সফোৰ্ডৰ ভাইৰোলজিস্টসকলেও যোৰা-এন্টিবডিৰে এনে ঔষধ তৈয়াৰ কৰিছে যে সেই ঔষধেৰে ‘আৰ-এন-এ চাৰ্ছ কোভ ২ ভাইৰেল ষ্ট্ৰেইন’ক নিষ্ক্ৰিয় কৰি দিব পাৰিব বুলি তেওলোকে দাবী কৰিছে। বৃটেইনৰ নেশ্যনেল হেলথ চাৰ্ভিছৰ তত্ত্বাৱধানত এই ঔষধ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে আৰু ৰিজেনাৰেশ্যন ফাৰ্মাচিউটিকেলচ্-এ তৈয়াৰ কৰি আছে। ইজৰাইলেও মনোক্ল’নাল এন্টিবডিক লৈ গৱেষণাত লিপ্ত হৈ পৰিছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

person holding clear plastic bottle
Media

Media and its influence on issues related to climate change

by Admin
February 2, 2023
0

Media & Climate Change PADMAZA TALUKDAR Padmaza Talukda Since its very inception, mass media has been working as a forerunner...

Read more
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: