• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, April 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জিয়াভৰলী পাৰৰ নৈসৰ্গিকতা…

-গৌতম শৰ্মা

by Anjan Sarma
June 26, 2021
in Special Report
Reading Time: 1 min read
0
জিয়াভৰলী পাৰৰ নৈসৰ্গিকতা…
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

হিমালয়ৰ পূব প্ৰান্তত অৱস্থিত অসমৰ শোণিতপুৰ জিলাৰ সদৰৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অসম-অৰুণাচল সীমান্তত থকা সুবৃহৎ অৰণ্যখনেই হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৯২ কিলোমিটাৰ দূৰত্বত থকা নামেৰীলৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰপৰা দূৰত্ব মাত্ৰ ৯ কিলোমিটাৰ। ভৌগোলিক অৱস্থিতিৰ দিশৰপৰা এই ৰাষ্ট্ৰীয় উদ্যানখনিৰ গুৰুত্ব অতি মনকৰিবলগীয়া। এফালে চিৰসেউজ পাহাৰ আনফালে চিৰসেউজ অৰণ্য, ইয়াৰ মাজেদিয়েই গহীন-গম্ভীৰভাবে বৈ গৈছে খৰস্ৰোতা জিয়াভৰলী। এই জিয়াভৰলীৰ পাৰৰ বিস্তীৰ্ণ অঞ্চল কেৱল সেউজীয়া আৰু সেউজীয়া। প্ৰকৃতিৰ ৰাণী অৰুণাচল প্ৰদেশৰ ১০০০ বৰ্গকিলোমিটাৰেৰে আগুৰা পাখুই অভয়াৰণ্যৰ উত্তৰ দিশৰ সৈতে সংলগ্ন হৈ থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনি মুঠ ২০০ বৰ্গকিলমিটাৰ মাটিকালিৰে গঠিত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। এই নামেৰী নামটো সম্ভৱত দফলা বা নিছি সম্প্ৰদায়ৰ পৰা অহা। সি যি কি নহওক, নামেৰীক ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল আৰু ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত ২১২ বৰ্গকিলোমিটাৰ এলেকাৰ বনভূমিক লৈ অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।  পৰৱৰ্তী সময়ত ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰীত অৰণ্যখনৰ বনভূমিৰ পৰিমাণ ২০০ বৰ্গকিলোমিটাৰলৈ হ্ৰাস কৰি নামেৰীক ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী ঘোষণা কৰি শেষত ইয়াৰ পিছৰ বছৰত অৰ্থাৎ ১৯৯৮ চনৰ ৯ ছেপ্টেম্বৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ চূড়ান্ত জাননীখন বলবৎ কৰা হয়। ইয়াৰ সমান্তৰালকৈ ১৯৯৯ চনৰ ৮ জুলাইত নামেৰীক অসমৰ দ্বিতীয়টো তথা ভাৰতবৰ্ষৰ ২৬ সংখ্যক বাঘ্ৰ‍্য প্ৰকল্পৰ স্থান ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে‌।

RelatedPosts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026

      ভৌগোলিক অবস্থিতিয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনিক বহু প্ৰাচুৰ্য প্ৰদান কৰিছে। উদ্যানখনৰ মাজেদি বৈ যোৱা জিয়াভৰলী আৰু অন্যান্য উপনৈসমূহ যেনে- দৈগোং, দিজি, দিকৰাই, দিনাই, নামেৰী, খাৰী আদিয়ে অৰণ্যখনিক অনন্য মাত্ৰা প্ৰদান কৰিছে। এই নদীসমূহে দুই বা তিনিটা সুঁতিত এনেভাৱে পৰিণত হৈছে যে এইসমূহৰ গতিক বাধা দিয়াৰ শকতি কাৰোৱে নাই। বাৰিষা কালত সৃষ্টি হোৱা কেতবোৰ বিলেও নামেৰীক সমৃদ্ধ কৰি গঢ়িছে। সম্প্ৰতি নামেৰীখন বাঁহ, বেত, ঘাঁহ লগতে নদীৰে গঢ়া পূৰ্ণ চিৰসেউজ, অৰ্ধ চিৰসেউজ আৰু সেমেকা অৰণ্য বুলিয়েই সৰ্বসমাদৃত। মূল ৰাষ্ট্ৰীয় উদ্যানখনি প্ৰায় দহ শতাংশ ঘাঁহ-বনেৰে আৱৰি থকাৰ বিপৰীতে উদ্যানখনৰ সৰহভাগ অঞ্চল অৰ্ধ সেউজীয়া আৰু সেমেকা। নামেৰীখন বিভিন্ন দুষ্পাপ্য তথা আপুৰুগীয়া বনসম্পদেৰে ভৰা। অৰ্ধ চিৰসেউজ, আদ্র-পৰ্ণপাতী আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত গমাৰী, তিতাচপা, আজাৰ, পমা, অগৰু, ৰুদ্ৰাক্ষ, খকন, হলখ, নাহৰ, শিমলু, বনচোম, শিলিখা, কৰৈ, উৰিয়াম, শাল, বনজালুক আদিয়েই প্ৰধান। এই উদ্ভিদসমূহৰ ঠিক তলতেই বাঘঢকা, ফুটকলা, দীঘলতী, মাখিয়তী, হাতীখুতৰা, পানীলতা, বাঘআঁচোৰা আদি সৰু সৰু উদ্ভিদবোৰো পোৱা যায়। ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত ইকৰা, খাগৰী, নল, বিৰিণা, বিভিন্ন প্ৰকাৰৰ বেত, তৰা, পাটী দৈ আদিৰ লগতে বিভিন্ন ধৰণৰ বনৰীয়া ফুলেৰে সমৃদ্ধ নামেৰী।

      নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান বহু লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ আবাসথলীৰূপে পৰিগণিত হৈছে। ইয়াত পোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত হাতী, ঢেকীয়াপটিয়া, নাহৰফুটুকী, গোধাফুটুকী, লতামেকুৰী, সুগৰী পহু, শৰ পহু, খটীয়া পহু ভিন্ন প্ৰজাতিৰ কাছ, মেঠোন, বনগৰু, হিমালয়ৰ ক’লাভালুক, বনকুকুৰ, নল গাহৰি, হলৌ আৰু মলুৱা বান্দৰ, দল হৰিণ, অজগৰ, চম্বৰ আদি বিশেষভাৱে উল্লেখযোগ্য। ১৯৯৯ চনত নামেৰীক বাঘ্ৰ‍্য প্ৰকল্পৰ শাৰীলৈ উন্নীত কৰাত সম্প্ৰতি অৰণ্যখন বাঘ সুৰক্ষা, সংৰক্ষণৰ আকৰ্ষণীয় কেন্দ্রবিন্দু হোৱাৰ লগতে বাঘৰ আদৰ্শ বাসস্থান হিচাপেও চিহ্নিত হৈছে।  ১৯৯৭ চনৰ গণনাত উদ্যানখনত ২৯ টা বাঘৰ সম্ভেদ পোৱা গৈছে। দুটা পোৱালিসহ  ১৩ টা মতা আৰু ১৪ টা মাইকী বাঘ বুলিও এই গণনাই প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৯৩ চনত হোৱা গণনাত উদ্যানখনত ২১ টা বাঘৰ সম্ভেদ পোৱা গৈছিল। ৯৭’ৰ বাঘ্ৰ‍্য পিয়লত নামেৰীৰ দাঁতিকাষৰীয়া জামুগুৰিহাটৰ নদুৱাৰ সংৰক্ষিত বনাঞ্চলত ৫ টা, বালিপাৰা সংৰক্ষিত বনাঞ্চলত ৯ টা বাঘৰ সম্ভেদ পোৱা গৈছিল। বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, নামেৰী বাঘ্ৰ‍্য প্ৰকল্পৰ মূল এলেকা ২০০ বৰ্গকিলোমিটাৰ হ’ব যদিও এই প্ৰকল্পৰ অধীনত ৮০ বৰ্গকিলোমিটাৰজুৰি বিস্তৃত নদুৱাৰ সংৰক্ষিত বনাঞ্চল আৰু ৬৪ বৰ্গকিলোমিটাৰ আয়তনৰ বালিপাৰা সংৰক্ষিত বনাঞ্চলটো ‘বাফাৰ’ এলেকাৰূপে সামৰি লোৱাত এই  বাঘ্ৰ‍্য প্ৰকল্পৰ মুঠ এলেকা ৩৪৪ বৰ্গকিলোমিটাৰলৈ সম্প্ৰসাৰণ হৈছে বুলি ক’ব পৰা যায়। বৰ্তমান বাঘৰ উপস্থিতি তথা সংখ্যাগত দিশৰপৰা মানাহ আৰু কাজিৰঙাৰ পিছতেই নামেৰীৰ স্থান তৃতীয়।

       পক্ষী বিচৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰতো নামেৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদ্যানখনত পোৱা আটাইতকৈ আপুৰুগীয়া পক্ষীবিধ হৈছে দেওহাঁহ। ১৯৯৫ চনৰ গণনাত সমগ্ৰ বিশ্বৰ ভিতৰতে নামেৰীতেই যথেষ্ট পৰিমাণে দেওহাঁহ পোৱাৰ সম্ভেদ পোৱা গৈছে। তদুপৰি অৰণ্যখন ৩১৫ বিধমান অন্যান্য ভিন্ন প্ৰজাতিৰ চৰাইৰ আবাসস্থল হিচাপে চিহ্নিত হৈছে। এইসমূহৰ ভিতৰত পাহাৰীয়া মইনা, নীল চৰাই, মাছৰোকা, মৌপিয়া, কুলি, বনৰীয়া পাৰ, ভিন্ন প্ৰজাতিৰ ঈগল, বুলবুল, ধনেশ, ৰজা শগুণ, বৰটোকোলা, তেলীয়া সাৰেং, বৰবগ, হাইঠা, পৰঘূমা, সখিয়তী, হুদু, হেটুলুকা, বাঢ়ৈটোকা, ভাটৌ, ফেঁচা, কুকুহা, পানী কাউৰী, দিনকণা, কণামুচৰি, কিকিহাঁহ, ইত্যাদিয়েই প্ৰধান। ইয়াৰোপৰি নামেৰীৰ মাজেদি বৈ যোৱা নদীসমূহৰ লগতে এইসমূহে সৃষ্টি কৰা বিলসমূহত জোঙাপিঠিয়া, সোণালীপিঠিয়া, শিলঘৰীয়া, বোকাঘৰীয়া আদি দুষ্পাপ্য মাছসমূহ পোৱাৰ লগতে নদীৰ মোহনা অংশত শিহুও পোৱা যায়। নানা প্ৰজাতিৰ ৰং বিৰঙৰ বনৰীয়া পখিলাৰ সমাহাৰেও নামেৰীৰ শোভাবৰ্দ্ধন কৰি আছে। পৃথিৱী বিখ্যাত দহ ইঞ্চি বহল পাখি থকা পখিলাৰ বাবে নামেৰী আজি বিশ্ববিখ্যাত।

       অতবোৰ সম্পদেৰে ভৰপূৰ লগতে নিতৌ স্থানীয়, দেশী আৰু বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষিত কৰি অহা নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বহু প্ৰয়োজন আছে। পূব হিমালয়ৰ মধ্য প্ৰান্তৰপৰা উৎপত্তি হোৱা চিৰপ্ৰবাহিত খৰস্ৰোতা জিয়াভৰলীয়ে উদ্যানখনৰ মাজেদি বৈ যোৱাৰ পৰিপ্ৰেক্ষিতত নামেৰীখন বহু সম্ভাৱনাই জিলিকি উঠিছে। বৃটিছ শাসন কালৰেপৰা বছৰৰ ভিন্ন সময়ত এই নদীখন বৰশীবোৱা, ৰাফটিং কৰাৰ সুন্দৰ স্থান হৈ আহিছে। উদ্যানখনৰ মাজেদি ট্ৰেকিং কৰাৰো এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে। নৱেম্বৰৰপৰা এপ্ৰিললৈ নামেৰী ভ্ৰমণৰ উৎকৃষ্ট সময়। শেহতীয়াকৈ পোৱা তথ্যমতে,  ‘Assistance and Development of Sanctuaries and National Parks’, ‘Eco-Development Scheme’, ‘The World wide fund for Nature’ আদি সংস্থাবোৰে নামেৰীৰ উন্নতিৰ বাবে অনুদান আগবঢ়াইছে। তথাপিও যেন অদ্যাপী কম পৰিমাণৰ বনকৰ্মী তথা নিৰাপত্তাৰক্ষীৰ বাবে চোৰাং চিকাৰ, লুতপাত আদিৰ দৰে সমস্যাবোৰে নামেৰীক জুৰুলা কৰি ৰাখিছে। নামেৰী সুৰক্ষিত হওক লগতে এখন পূৰ্ণ সম্ভাৱনাময় প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ আকৰ্ষণীয় ক্ষেত্ৰৰূপে সুন্দৰৰূপত গঢ়ি উঠক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমৰ শোণিতপুৰ জিলাজিয়াভৰলী
Anjan Sarma

Anjan Sarma

Related Posts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves
Special Report

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

by Kakali Das
April 10, 2026
0

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves Ancient seas,...

Read moreDetails
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
UN Warns of Catastrophic 3.1°C Climate Warming !

How Climate Change Is Affecting Everyday Life in India: Stories from Delhi, Assam, Pune, and Odisha

April 6, 2026
What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

April 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d