• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা

ASSAMESE SECTION / Indigenous People /GI Tag

by Monoswini Sarmah
April 3, 2025
in ASSAMESE SECTION, Indigenous Peoples
Reading Time: 4 mins read
0
জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা
Share on FacebookShare on TwitterShare on LinkedIn

জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

প্ৰতিটো জাতি-জনজাতিৰ নিজস্ব সংস্কৃতিত প্ৰতিফলিত হয় জাতিটোৰ ঐতিহ্য আৰু গৰিমা।

জাতি একোটাৰ সংস্কৃতিত অন্তৰ্নিহিত হৈ থাকে পৰম্পৰা, ৰীতি-নীতি,সাজ-পাৰ, অলংকাৰ, খাদ্যাভ্যাস আদি। যিয়ে জাতিটোৰ পৰিচয় গভীৰতাৰে প্ৰকাশ কৰিব পাৰে। আমাৰ অসমীয়া জাতিৰ সংস্কৃতি হৈছে জাকত-জিলিকা আৰু গৰিমামণ্ডিত।

অসমে বৰ্তমানলৈকে ১৯ টা সম্পদত Geographical indications (GI tag) লাভ কৰিছিল। বিগত ২ এপ্ৰিল তাৰিখে পুনৰবাৰ অসমে অসমীয়া গহনাৰ ক্ষেত্ৰত GI tag লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া অলংকাৰ অতি সুন্দৰ আৰু ধুনীয়া অলংকৰণেৰে খচিত। অসমীয়া অলংকাৰত ফুটি উঠে অসমীয়াৰ পৰিচয় আৰু অসমীয়া নাৰীৰ সৌন্দৰ্য। 
জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা
Image : From Websites

     অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এছিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই ‘স্প্ৰে’ যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়।

এই পদ্ধতিটোক ‘সোণপানী চৰোৱা’ বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত।এই অলংকাৰৰ গঠনত সোণ আৰু ৰূপ উভয় ধাতু সাধাৰণতে ব্যৱহাৰ কৰা হয়। সোণৰ ধাতুৰ ক্ষেত্ৰত সাধাৰণতে 99% বিশুদ্ধ সোণ (24 কেৰেট) ব্যৱহাৰ কৰা হয়। বিশুদ্ধ সোণ ব্যৱহাৰৰ বাবে এই অলংকাৰসমূহক সাধাৰণতে কেঁচা সোণৰ গহনা বা পাট সোণৰ গহনা বুলি কোৱা হয়।

কিছুমান ভিন্ন ধৰণৰ ৰঙা সৰু আকাৰৰ বলৰ মালা যিবোৰ সাধাৰণতে মনি নামেৰে জনা যায়, অসমীয়া গহনা সামগ্ৰীতো ব্যৱহাৰ কৰা হয়। বলবোৰৰ আকাৰ, ৰং আৰু গুণাগুণ অনুসৰি তেওঁলোকক বাখৰুৱা মনি, পোৱালমণি, দেশীমণি আদি নামেৰে জনা যায়। ইয়াত এটা অতি সৰু প্লাষ্টিকৰ সূতা ব্যৱহাৰ কৰি বলবোৰ চিলাই কৰা হয় আৰু নেকলেচ প্ৰস্তুত কৰা হয়। অসমীয়া গহনাত বিভিন্ন ধৰণৰ অলংকাৰ অন্তৰ্ভূক্ত হয়। সেইসমূহ হ’ল এনেধৰণৰ:

১)জোনবিৰি: সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ কাঁচি জোনটোৰ দৰে অৰ্থাৎ অৰ্ধ-চন্দ্ৰৰ দৰে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতেও নাচনীয়ে ডিঙিত জোনবিৰি পিন্ধে।

২)ঢোলবিৰি: ঢোলবিৰি দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে ‘মতাবিৰি’। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক ‘মতাবিৰি’ বোলা হৈছিল। আজিকালি ঢোলবিৰিসমূহত বাখৰ খটোৱাৰ উপৰি ক’লা-ৰঙা, সেউজীয়া ৰঙৰ মিনাও কৰা হয়। আজিকালি মহিলাসকলেও ঢোলবিৰি পিন্ধে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাই ডিঙিত এইপদ অলংকাৰ পিন্ধে।

৩)কেৰুমণি: কেৰুমণি বা কেৰু হৈছে অসমীয়া পম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। ইয়াল অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল।

অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি।

জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা
Image: Sent by Writer

৪)গামখাৰু: গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়। অসমীয়া পুৰুষ-মহিলা উভয়ে হাতত পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত আঙুঠি আৰু খাৰুৱে প্ৰধান।

সেই সমূহৰ ভিতৰত উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোণৰ পেচন্দাৰ, কলক, বাজু আদি লগতে আঙঠিৰ ক্ষেত্ৰত- উকা আঙুঠি, হীৰাপতি আঙুঠি, বাবৰি ফুলীয়া আঙুঠি, পদুম ফুলীয়া আঙুঠি, ভাটৌ ঠোঁটীয়া আঙুঠি, বাখৰামি আঙুঠি, ম’ৰানেজীয়া আঙুঠি আদিয়ে প্ৰধান।

৫)জাংফাই কেৰু: জাংফাই এবিধ লা জাতীয় পদাৰ্থ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন (resin) আৰু ই সুগন্ধি দ্ৰব্য৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷ পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল৷ কোনো কোনো জনজাতিৰ পুৰুষেও জাংফাইৰ কেৰু পিন্ধিছিল৷ সেইবোৰক ‘মতা জাংফাই’ বোলা হৈছিল৷

জাংফাই কেৰুৰ এক বিশেষ বিশেষত্ব হ’ল, ইয়াৰ ঠাৰি শকত অৰ্থাৎ কাণৰ বিন্ধাৰে সুমুৱাই দিয়া অংশ শকত আৰু কাণলতিত লিপিট খাই থকা অংশ পদুমপাহিৰ দৰে, য’ত বাখৰ পতোৱাও থাকে৷ ইয়াৰ ঠাৰিতো কিছুমানত বাখৰ পতোৱা থাকে৷

৬)থুৰীয়া: থুৰীয়া কাণত পিন্ধা এবিধ অলংকাৰ। এবিধ বিশেষ বাখৰেৰে এইবিধ অলংকাৰ সজোৱা হয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিব পাৰে। ইয়াৰ চানেকি এপাহ ফুলৰ দৰে। সমুখৰ ফুলটোৰ পিছফালে এডাল শলা থাকে, সেই শলা ডাল কাণৰ লতিৰে সুমুৱাই দি পিছপিনৰ অংশটো পেঁচ গজালৰ (স্ক্ৰু) দৰে পকাই পৰিধান কৰা হয়।

জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা
Image sent by Writer

৭)দুগদুগী: দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাইও ডিঙিত দুগদুগী পিন্ধে।

৮)নেপুৰ:নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ এটা মূৰত এটা আঙঠি লগোৱা থাকে আৰু আনটো মূৰত থাকে এডাল বেঁকা শলখা৷ আজিকালি নেপুৰৰ নামৰ পৰিৱৰ্তন হৈ সকলোৱে ইয়াক পায়েল বুলিয়েই জানে৷ আগৰ দিনত নেপুৰক পো-জোপা বুলি কোৱা হৈছিল৷ ইয়াক অভিজাত মহিলাসকলেহে পৰিধান কৰিছিল৷ এইবিধ গহনাৰ আন এটা নাম পাওপদ্মা৷

৯)মুঠিখাৰু: মুঠিখাৰু হৈছে অসমীয়া নাৰীয়ে হাতৰ মণিবন্ধত পৰিধান কৰা একপ্ৰকাৰৰ পৰম্পৰাগত অলংকাৰ। এই খাৰু কেইবাডালো চেপেতা বালা লগ লগাই সজা হয় আৰু পিন্ধাৰ সময়ত হাতখন মুঠি মাৰি লোৱা হয়। কেতিয়াবা গামখাৰুৰ সৈতে মুঠিখাৰুৰ সাদৃশ্য দেখা যায়। অতীজৰে পৰা এই খাৰু অসমীয়া জীয়ৰী-বোৱাৰীয়ে বিভিন্ন উপলক্ষত পৰিধান কৰাৰ পৰম্পৰা আছে যদিও ব’হাগ বিহুৰ সময়ত গীত-নৃত্যত ভাগ ল’বলৈ গামখাৰুহে পৰিধান কৰা হয়।

পৌৰাণিক ভাস্কৰ্যসমূহত মুঠিখাৰু সদৃশ দীঘলীয়া অনেক প্ৰকাৰৰ হাতৰ আ-অলংকাৰ দেখা পোৱা যায়। আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰত আৱিষ্কৃত হোৱা নৃত্যৰতা যুৱতীৰ প্ৰতিমূৰ্তিৰ হাততো এই খাৰু দেখিবলৈ পোৱা যায়।আহোম ৰাজত্বকালত আহোম স্বৰ্গদেৱৰ কুঁ‌ৱৰীসকলৰ মুঠিখাৰুত হীৰা খটোৱা আছিল বুলি কোৱা হয়। অঞ্চলভেদে সৰু গামখাৰুকে মুঠিখাৰু বুলি কোৱা হয়।

আহোম ৰাজত্বকালত সৰ্বসাধাৰণ লোকে পৰিধান কৰা মুঠিখাৰু ৰূপেৰে সজোৱা হৈছিল।মুঠিখাৰুসমূহত ফুল-পাত আদিৰ আকৃতি কাৰুকাৰ্য কৰি গঢ় দিয়া হয়। বাখৰ পতাই ইয়াক আকৰ্ষণীয় কৰি তোলা হৈছিল।

পৰম্পৰাগতভাৱে মুঠিখাৰুসমূহ কেইবাপাটো খাৰু একেলগে জাপি থোৱাৰ দৰে সজা হয়। অৱশ্যে কোনো কোনো ক্ষেত্ৰত ই গামখাৰু সদৃশ আকাৰ লয়। গামখাৰু সদৃশ মুঠিখাৰুসমূহৰ এটা বৈশিষ্ট্য হ’ল যে গামখাৰুৰ দৰেই মুঠিখাৰুৰ গাত শিলিখাৰ আকৃতিৰ একাধিক শাৰী সজা হ’ব পাৰে। কিন্তু দেখাত মিল থাকিলেও ই গামখাৰুতকৈ দৈৰ্ঘ্যত চুটি হয়। এই শিলিখাৰ শাৰীৰ সংখ্যা অনুযায়ী খাৰুপাটক তিনি শিলিখা, চাৰি শিলিখা আদি নাম দিয়া হয়। খাৰুপাটত এডাল শলখা থাকে।

১০)লোকাপাৰ: লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়।

লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়। ই এবিধ সুচাৰুৰূপে আৰু মৰ্যাদা সম্পন্ন অলংকাৰ। আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে লোকাপাৰ পৰিধান কৰিছিল বুলি বুৰঞ্জীত পোৱা যায়। আহোমৰ দিনত উৎসৱ-পাৰ্বন আদিত লোকাপাৰ পৰিধান কৰাতো পৰম্পৰাৰ দৰে আছিল।

১১)সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ: সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ,এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ। সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি নানাপ্ৰকাৰৰ অলংকাৰ পিন্ধিছিল৷ তাৰ ভিতৰত সাতসৰী অন্যতম৷

প্ৰাচীন কালত অসমত ইয়াৰ প্ৰচলন অধিক আছিল।সোণ বা আন ধাতু আৰু সোণ চৰোৱা সাতসৰী প্ৰকৃততে সাতডাল হাৰৰ সমষ্টি। হাৰ মানে কণ্ঠালংকাৰ। হাৰৰ গাঁঠনি শিকলিৰ দৰে। সাতসৰীৰ হাৰ গোটাকৈ তৈয়াৰ কৰা হয়৷ এপতীয়া বা কেইবাপতীয়া শিকলিৰ দৰে গাঁঠনি দি হাৰ প্ৰস্তুত কৰা হয়। সাতডাল হাৰেৰে তৈয়াৰ কৰা সাতসৰীক পশ্চিমৰ ফালে ’সাতলসৰী’ও বোলে।

সাতসৰীৰ হাৰৰ সংখ্যা অনুসৰি বেলেগ বেলেগ নাম আছে। সেইবোৰ হ’ল, এলৰি, দোলৰী, তিনলৰী, চাৰিলৰী, পাঁচলৰী, ছলৰী আৰু সাতলৰী। আহোম ৰজা আৰু ৰাণী উভয়ে ৰাজকীয় অলঙ্কাৰ হিচাপে পাঁচসৰী, সাতসৰী, নৱসৰী পিন্ধিছিল৷ প্ৰত্যেক লহৰৰ মাজে মাজে ডিঙিৰ পৰা লটকন দিয়া হৈছিল৷

১২)মগৰদানা: মগৰদানা দেখাত মালাৰ দৰে যদিও সম্পূৰ্ণ মালা নহয়।দুয়ো মূৰে দুটা মগৰৰ মুখৰ আকৃতি থাকে বাকী অংশত মাছৰ বাকলিৰ দৰে ফুল বচা থাকে। এইবিধ পুৰুষৰ অলংকাৰ।

১৩)বাজু:পূৰ্বতে অসমীয়া নাৰীয়ে বাহুত বাজু পিন্ধিছিল।সোণ আৰু ৰূপেৰে গঢ়া বাজুৰ মাজ ভাগ ফোপোলা।

১৪)গলপতা:গলপতা মহিলাই পিন্ধা ডিঙিৰ গহনা। গলপতাৰ দুয়োকাষে দুধাৰ মনি থাকে।

        অসমৰ সত্ৰনগৰী বৰপেটাৰ গহনা শিল্প হৈছে এক অতি পুৰণিকলীয়া থলুৱা শিল্প ৷ গুৰুজনা মাধৱদেৱ মহাপুৰুষৰ দিনৰ পৰাই বৰপেটাত চলি অহা গহনা শিল্পৰ ঐতিহ্য ম্লান পৰিবলৈ দিয়া নাই নতুন প্ৰজন্মইও ৷ হৰিৰাম দাস বনিয়া আতৈয়ে আৰম্ভ কৰিছিল বৰপেটাৰ প্ৰাচীন অসমীয়া গহনা শিল্প ৷ জোনবিৰি, গামখাৰু, কেৰু, গলপতা, ঢোল মাদুলি, জাপিসোণ, ঠোকাসোণ আদি বিবিধ অসমীয়া গহনা প্ৰস্তুত কৰে সত্ৰনগৰী বৰপেটাৰ কাৰুশিল্পীসকলে ৷

বৰপেটাৰ থলুৱা কাৰুশিল্পীয়ে তৈয়াৰ কৰা এই অসমীয়া গহনাৰ আদৰ আৰু চাহিদা আছে ৰাজ্যখনত ৷ বিভিন্ন অসমীয়া গহনা বৰপেটাৰ পৰাই ৰাজ্যখনৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ৷ বৰপেটাৰ প্ৰায় তিনি শতাধিক পৰিয়াল নিয়োজিত হৈ আছে এই গহনা শিল্পৰ লগত ৷

সেইদৰে নগাঁৱৰ সমীপৱৰ্তী ৰণথলী নামৰ স্থানখন আহোম যুগৰ পৰাই বিখ্যাত। বুৰঞ্জীত বিশেষভাৱে উল্লেখ থকা এই ৰণথলীত প্ৰায় প্ৰতিঘৰ লোকেই প্ৰস্তুত কৰে কেচাঁসোণৰ গহণা। ঘৰে ঘৰে আছে কাৰখানা। অঞ্চলটোত বাস কৰা দুশৰো অধিক লোকে কাৰাখানা স্থাপন গহণা প্ৰস্তুত কৰে। প্ৰায় ১৫০০ৰো অধিক লোক এই বৃত্তিৰে জড়িত।

       অসমীয়া গহনাৰ বজাৰত নকল সোণৰ পয়োভৰ ঘটাৰ পৰা কেঁচাসোণৰ আদৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগতে গহনা ব্যৱসায়ীসকলেও লোকচানৰ সন্মুখীন হৈছিল। বৰ্তমান GI Tag লাভে পুনৰ অসমীয়া গহনাক পূৰ্বৰ মাত্ৰা প্ৰদান কৰাৰ লগতে ব্যৱসায়ীসকলো এই ক্ষেত্ৰত সহায় কৰিব পাৰিব।

অসমীয়া গহনাই ৰাজ্যৰ বাহিৰতো আদৰ আৰু সন্মান লাভ কৰি আহিছে। গতিকে আমি আশাবাদী যে অসমীয়া গহনাই প্ৰকৃত অৱস্থাৰে জনপ্ৰিয় হোৱাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰতো সফলতাৰে আগবাঢ়ি যাওঁক। 

জি.আই. টেগ প্ৰাপ্ত অসমীয়া গহনা
Image sent by Writer

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
Sacred Animals, Belief Systems, and Human-Wildlife Landscapes in Northeast India

Sacred Animals, Belief Systems, and Human-Wildlife Landscapes in Northeast India

June 25, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d