জীৱনত আটাইতকৈ মূল্যবান কি (বেঞ্জামিন লিষ্টৰ কথাৰে)?
সঞ্জীৱ কুমাৰ নাথ
বন্ধু এজনে পঠোৱা ২০২১ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জার্মাান বিজ্ঞানী বেঞ্জামিন লিষ্টৰ এটা সৰু ভিডিঅ’ ক্লিপ চাই অভিভূত হ’লো।
নিশ্চয় পুৰণা ভিডিঅ’, আৰু বহুত ঘূৰি পকি আহি মোৰ ওচৰ পাইছেহি।
কেতিয়াবা ভিডিঅ’ এটা চাবলৈ লৈ ইমানেই আমনি লাগে যে তাক লগে লগে ডিলিট কৰিবলগীয়া হয়। কোনে, কিয় সময় খৰছ কৰি তেনে ভিডিঅ’ সৃষ্টি কৰে বুজা টান।
কিন্তু এই ভিডিঅ’টো চাই ইমান ভাল লাগিল যে তাক বহুতলৈকে পঠাই দিলোঁ।
পঠোৱাৰ খুব কম সময়ৰ ভিতৰতে অনেকে উত্তৰ দি জনালে যে তেওঁলোকেও বেঞ্জামিন লিষ্টে কোৱা কথা কেইটা বৰ ভাল পাইছে।
ভিডিঅ’টোত লিষ্টে এক প্রকাৰে বেদান্তৰ ভাষা ব্যৱহাৰ কৰাৰ দৰে হৈছে। তেওঁ কৈছে যে আমি জীৱনত বিভিন্ন বস্তুৰ প্রাপ্তিৰ বাবে দৌৰোঁ।
“বস্তু” (তেওঁ ইংৰাজীত object শব্দটো ব্যৱহাৰ কৰিছে)ৰে তেওঁ কেৱল ধন-সম্পত্তি, ঘৰ-দুৱাৰ আদিয়েই বুজোৱা নাই, কিন্তু ভাল জীৱন-সংগী, সামজিক স্বীকৃতি, পুৰস্কাৰ আদি সকলো বুজাইছে।
এই বস্তুবোৰ যিমানে গোটাওঁ, আমি সিমানে সুখী হ’ব পাৰিম বুলি ভাবো, কিন্তু সেইটো ভুল।
বেদান্তৰ মতেও বস্তুত সুখ বিচাৰিলে সুখ পোৱা অসম্ভৱ। লিষ্টে আকৌ কৈছে যে তেওঁক যাতে ভুল বুজা নাযায়—নোবেল বঁটা পাই তেওঁ সুখী নাই হোৱা, এনে নহয়।
নিশ্চয় এই বঁটাই তেওঁক আৰু আন বহুতকো আনন্দ দিছে, তেওঁৰ এই প্রাপ্তি মূল্যহীন নহয়, কিন্তু আটাইতকৈ মূল্যবান, আটাইতকৈ আনন্দদায়ক কি?
লিষ্টে কৈছে যে জীৱন-মৰণ সংগ্রামৰ দৰে একোটা ক্ষণত আমি উপলব্ধি কৰোঁ যে সাধাৰণতে তেনেই সাধাৰণ বুলি ভবা কিছুমান কথাহে—যেনে উশাহ ল’ব পৰা, জীয়াই থকা—আটাইতকৈ বেছি গুৰুত্বপূর্ণ আৰু আটাইতকৈ বেছি আনন্দদায়ক।
যেতিয়া চিকিৎসালয়ত ভেন্তিলেটৰৰ সহায়ত উশাহ ল’বলগীয়া হয় তেতিয়া বুজা যায় উশাহ ল’ব পৰা হৈ থকাটোৱেই কিমান আনন্দকৰ।
ইন্টাৰনেটত বিচাৰি পালো যে লিষ্টৰ সৰু ভিডিঅ’ ক্লিপটো আচলতে তেওঁ দিয়া এটা দীঘলীয়া সাক্ষাৎকাৰৰ অংশ মাথোন। সম্পূর্ণ সাক্ষাৎকাৰটো পঢ়িলোঁ, আৰু লিষ্টৰ বিষয়ে অন্য কিছুমান তথ্যও বিচাৰি উলিয়ালো। লিষ্টৰ পৰিয়াল যেন প্রখৰ মেধা সম্পন্ন মানুহৰ এটা ক্লাব!
লিষ্টৰ আজোককাপিতা (অর্থাৎ প্রপিতামহৰ পিতৃ, great great grandfather) জেকব ৱলহার্ড (১৮৩৪-১৯১০) বিখ্যাত জার্মাান বিজ্ঞানী, জৈৱ-ৰসায়নৰ এজন বাটকটীয়া জাস্তাছ ভন লেইবিগ (১৮০৩-১৮৭৩)ৰ ছাত্র আৰু নিজে এজন বিখ্যাত ৰসায়নবিদ আছিল।
লিষ্টৰ আজোককাক ফ্রেনজ ভলহার্ড (১৮৭২-১৯৫০) এজন বিখ্যাত বিশেষজ্ঞ চিকিৎসক আছিল। হৃদৰোগ আৰু কিডনীৰ ৰোগৰ ক্ষেত্রত তেওঁ লেখত লবলগীয়া অৱদান আগ বঢ়াইছিল। লিষ্টৰ বৰমাক বা খুৰীয়েক (aunt) খ্রিষ্টিএন নুছলেই-ভলহার্ডে আকৌ ১৯৯৫ চনত চিকিৎসাবিজ্ঞানৰ নোবেল বঁটা পাইছিল।
বেন লিষ্টৰ মাত্র তিনি বছৰ বয়স হওঁতেই তেওঁৰ মাক দেউতাকৰ বিবাহ বিচ্ছেদ হ’ল, আৰু স্থপতিবিদ হিচাপে কাম কৰা মাকৰ সৈতে থাকি বেন লিষ্টে বিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰে। সৰুতে তেওঁৰ সংগীতৰ ৰাপ আছিল, আৰু সংগীতজ্ঞ হোৱাৰ কথাও তেওঁৰ মনলৈ আহিছিল। কিন্তু ক্রমাৎ তেওঁ ৰসায়ন বিদ্যাৰ প্রতি বেছিকৈ আকর্ষিত হ’বলৈ ধৰিলে।
বার্টেণ্ড ৰাছেলে হেনো প্রথমে ভাবিছিল যে অংক শাস্ত্রৰ এটা ডাঙৰ গুণ হ’লে যে তাত যিকোনো প্রশ্নৰ পোনপটীয়া, নিশ্চিত উত্তৰ পোৱা যায়, কিন্তু নিজে যেতিয়া অংক শাস্ত্রৰ অধ্যয়নত ভালদৰে আগ বাঢ়িল, তেতিয়া তেওঁ বুজি পালে যে অংক শাস্ত্রতো অনিশ্চিত কথা বহুত। প্রায় একেদৰে বেন লিষ্টে প্রথমে ভাবিছিল যে তেওঁৰ মনলৈ অহা বিভিন্ন প্রশ্নৰ সঠিক উত্তৰ ৰসায়ন বিদ্যাতে পাব।
পিছলৈ তেওঁ বুজি পালে যে সকলো প্রশ্নৰ উত্তৰ ৰসায়নে দিব নোৱাৰে, কিন্তু যেতিয়ালৈ তেওঁৰ সেই উপলব্ধি হয়গৈ, তেতিয়ালৈ তেওঁ ৰসায়ন শাস্ত্রৰ গভীৰতাত প্রবেশ কৰিলেই; তেওঁ বিষয়টোৰ প্রেমত পৰিলেই।
বেন লিষ্টৰ ভাৰতীয় সভ্যতাৰ সৈতে, এছিয়া মহাদেশৰ দেশ সমূহৰ কলা-কৃষ্টিৰ সৈতে বিশেষ সম্বন্ধ আছে। বিদ্যালয়ৰ শিক্ষা অন্ত কৰি উচ্চ শিক্ষা আৰম্ভ কৰাৰ আগতে তেওঁ দুজন বন্ধুৰ সৈতে লগ হৈ তিনি মাহ ধৰি ভাৰত ভ্রমণ কৰিছিল। তেওঁ হঠযোগৰ অভ্যাসো কৰে।
এছিয়াৰ প্রতি তেওঁৰ দুর্বলতাৰ বাবেই চাগৈ, ২০০৪ চনৰ ডিচেম্বৰ মাহত বেঞ্জামিন লিষ্টে তেওঁৰ পত্নী ছেবিন লিষ্ট আৰু দুই পুত্রক লৈ থাইলেণ্ডৰ সাগৰৰ পাৰৰ এটা ৰিছর্টত কেইদিনমান কটাবলৈ গৈছিল। ২৬ ডিচেম্বৰৰ দিনা পুৱাৰ আহাৰ খোৱাৰ পিছত তেওঁলোক গৈছিল ৰিছর্টৰ ছুইমিং পুললৈ। তিনি বছৰীয়া থীয় আৰু চাৰি বছৰীয়া পলে পানীত নামি খেলি আছিল। ছুইমিং পুলৰ পাৰত থকা দীঘল ছোফাত বহি বেন লিষ্টে পঢ়ি আছিল।
হঠাতে তেওঁ এটা ক্রমাৎ বাঢ়ি অহা শব্দ শুনিবলৈ পালে আৰু পিছ মুহূর্ততে মানুহৰ চিঞৰ শুনিবলৈ পালে : “পলোৱা! পলোৱা!”
সেয়া আছিল ২০০৪ চনৰ ভয়ংকৰ ছুনামি! লিষ্টে এটা আৰু তেওঁৰ পত্নীয়ে অন্যটো ল’ৰাক ধৰিলৈ দৌৰিবলৈ ধৰিলে। ছুইমিং পুলৰ কাষতে থকা কাঠৰ সৰু ঘৰ এটাত তেওঁ আশ্রয় লৈছিল, কিন্তু মহাশক্তিমান ছুনামিৰ প্রকাণ্ড ধৌৱে সেই কাঠৰ ঘৰক নিমিষতে গিলি পেলালে। লিষ্টৰ শৰীৰত বোকা, জাবৰ এসোপা পৰিলহি, আৰু আগমুহূর্তলৈকে তেওঁৰ সৈতে থকা পল তেওঁৰ পৰা হঠাৎ বিচ্ছিন্ন হৈ গ’ল।
ক্ষন্তেকতে সেই বোকা-আবর্জনাময় পানীৰ ভিতৰলৈ বেঞ্জামিন লিষ্টক ছুনামিৰ প্রচণ্ড শক্তিয়ে টানি নিলে; পুণৰ তেওঁ পানীৰ ওপৰ পালেহি আৰু পিছ মুহূর্ততে তেওঁক পানীৰ অটল তললৈ টানি নিলে। এইবাৰ যেন বহুত সময় তেওঁ পানীৰ তলতে আছিল আৰু তেওঁ ভাবিছিল যে এয়াই শেষ…….তেওঁৰ হেনো ঠিক ভয় নাছিল মনত, আছিল বিৰাট আশ্চর্যৰ ভাৱ আৰু এক ধৰণৰ পুতৌৰ ভাৱ যে বৰ হঠাৎ, অতি সোনকালে, জীৱন-নাটৰ সামৰণি ঘটিবলৈ লৈছে।
কিন্তু পুণৰ সেই একেই শক্তিয়ে তেওঁক পানীৰ ওপৰলৈ উঠালে, আৰু সাগৰৰ সৈতে যুদ্ধং দেহি মনোভাবেৰে সাঁতুৰি আৰু শেষত এজোপা গছ বগাই তেওঁ বাচিল। তেওঁৰ শৰীৰত অ’ত ত’ত কটা-চিঙাৰ চিন, আৰু ভৰি এটাত এটা ডাঙৰ ঘাঁ। তেওঁ নিজে কোনোমতে বাচিল।
কিন্তু পল? অকণমানি পল নিশ্চয় জীয়াই থকা নাই। তেওঁ পত্নীক বিচাৰি ফুৰোঁতে কিছুমান মানুহে তেওঁক ক’লে যে তেওঁলোকে তেওঁৰ পত্নীক এটা শিশুৰ সৈতে দেখা পাইছে, গতিকে লিষ্টে ভাবিলে যে অন্তত: থীয় জীয়াই আছে, মাকৰ সৈতে।
কিন্তু বিচাৰি বিচাৰি যেতিয়া তেওঁ পত্নীৰ লগ হ’লগৈ, তেতিয়া দেখিলে যে তেওঁৰ সৈতে পলহে আছে, থীয় নহয়। পলৰ মুখত ত্রাসৰ চিন; আৰু তাৰ কামি হাড়ত জখমৰ চিন, তথাপিও সি দেউতাকক কৈছে যে সি ঠিকেই আছে। কিন্তু থীয় নাই।
তাৰ পিছত তেওঁলোকক আৰু অন্য আঘাতপ্রাপ্ত মানুহক ১৫০ কিলোমিটাৰ দূৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হ’ল। তাত পলৰ শুশ্রূষা চলি থকাৰ সময়ত বেনে কষ্ট কৰি বিভিন্ন কোঠালিত থকা মানুহবোৰৰ মাজত ঘূৰি ফুৰিছে—ক’ৰবাত থীয় ওলায় নেকি?
এটা কোঠাৰ একেবাৰে শেষত এখন বিচনাত এটা সৰু ল’ৰা বহি আছে—থীয়! এজন ইংৰাজ ভদ্রলোকে তাক পাই হাস্পতাললৈ লৈ গৈছিল। থীয়ৰ বেছি গুৰুতৰ আঘাত নাই।
এই মহা সংকটত তেওঁলোক আটাইকেইজন জীয়াই থাকিল! লিষ্টে কৈছে যে এই কথাটোৰ উপলব্ধি হোৱাৰ লগে লগে তেওঁ যি ধৰণৰ আনন্দ অনুভৱ কৰিলে তাক বুজাবলৈ ভাষা নাই। কেৱল জীয়াই থাকিব পৰাটো, উশাহ লৈ থাকিব পৰাটো যে কিমান ডাঙৰ ভাগ্য তেতিয়া লিষ্টে অতি গভীৰ ভাবে অনুভৱ কৰিলে। লগতে এক গভীৰ কৃতজ্ঞতাৰ ভাৱ।
দিন বাগৰাৰ লগে লগে, সেই ভাৱ ঠিক একেই হৈ নাথাকিল। বেন লিষ্টে পুণৰ নিজৰ কর্মক্ষেত্রৰ প্রতিযোগিতা, সফলতা আদিত মন দিবলৈ ধৰিলে। কিন্তু তথাপিও সেই জীৱন-মৰণ সংকটে তেওঁক এটা ডাঙৰ শিক্ষা দি থৈ গ’ল – যে পুৰস্কাৰ, স্বীকৃতি, সাফল্য এই সকলোবোৰৰ পৰা আনন্দ পোৱা যায় যদিও জীৱনত আটাইতকৈ মূল্যবান বস্তু এইবোৰ নহয়।
এইবোৰ বা অন্য সকলোবোৰ “বস্তু”ৰ এটা বিশেষ মূল্য থাকিব পাৰে; কিন্তু জীৱন নিজে অমূল্য; কেৱল জীয়াই থাকিব পৰাটোৱেই যে কিমান ডাঙৰ ভাগ্য!
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)