-ডা° সুকৃতি চৌধুৰী |
আজি ডাক্তৰী বিদ্যাৰে একো নিলিখো ৷ কেইদিনমান আগতে পোৱা এটা খবৰে মনটো পুৱাৰে পৰাই খেলিমেলি লগাই আছে ৷ খবৰটো হ’ল বাংগালোৰত এগৰাকী ২৫ বছৰীয়া অসমীয়া যুৱতীৰ আত্মহত্যা ৷ তেওঁ এয়াৰ হোষ্টেজ আছিল ৷ যুৱতী গৰাকী বা তেওঁৰ পৰিয়ালবৰ্গৰ কাকো মই চিনি নেপাওঁ ৷ খবৰটো মই নেটতহে দেখি পঢ়ি চালো ৷ তেওঁ এটা এবছৰীয়া সন্তানৰ মাতৃ আছিল আৰু স্বামীয়েও বাংগালোৰতে চাকৰি কৰিছিল ৷ খবৰটো The Times of India আৰু Deccan Herald ত প্ৰকাশ হৈছে ৷
মই আচৰিত হ’লো এই কাৰণেই যে, এগৰাকী এয়াৰ হোষ্টেজৰ চাকৰি কৰা মহিলা, যাৰ সন্তান আৰু স্বামীৰে সৈতে এখন ভৰপূৰ ঘৰ আছিল কিহৰ বাবে আত্মহত্যা কৰিব লগা হ’ল ৷ বাতৰিটোত এইবুলিও লিখা আছে যে ‘লক ডাউন’ৰ সময়ত যেতিয়া বিমানবোৰ বহুত দিন উৰা নাছিল, তেওঁ কৰ্মসংস্থাপনহীন হিচাপে দিন কটাব লগা হৈছিল ৷ স্বামীৰে সৈতে খুটখাট লাগি থাকি শেষত চৰম পদক্ষেপ ল’লে ৷ তেওঁ অসমৰ বুলি শুনি কৌতূহল বশতঃ ঘটনাটো যেতিয়া মই আৰু অকণমান বহলাই জনাৰ চেষ্টা কৰিলো তেতিয়া মই ইমানকে গম পালো যে —যুৱতী গৰাকী মেধাৱী আছিল আৰু কম বয়সতে ভালকৈ পঢ়ি-শুনি এয়াৰ হোষ্টেজ হিচাপে সুপ্ৰতিষ্ঠিত হৈছিল ৷ যুৱতী গৰাকী মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল ৷ আজি দুবছৰমান আগতে এটা পথদূৰ্ঘটনাত তেওঁৰ দেউতাকৰ অকাল মৃত্যু হ’ল ৷ তেওঁৰ মাতৃ এতিয়া তেনেই অকলশৰীয়া হ’ল ৷
ইমান কষ্টৰে জন্ম দি, তুলি-তালি ডাঙৰ-দীঘল কৰি এয়াৰ হোষ্টেজ হোৱালৈকে মাক-দেউতাকৰ কত আশা থাকে ৷ পথ দুৰ্ঘটনাত দেউতাকৰ মৃত্যু হোৱাৰ পিছত অকলশৰীয়া মাতৃৰ দায়িত্ব লোৱাটো যুৱতী গৰাকীৰ কৰ্তব্য নাছিল নে ? মই এই বুলিও জানিব পাৰিলো যে তেওঁ ভাল পায়েই বিয়া হৈছিল ৷ তেনেহ’লে ? তেওঁ যি কাৰণতেই আত্মহত্যা নকৰক কিয়, তেওঁৰ অকলশৰীয়া মাতৃ আৰু এবছৰীয়া সন্তানটোক নিথৰুৱা নকৰিলে নে ? ইয়াৰ বাদেনো কাৰ কি ক্ষতি হ’ল ? ‘মেডিকেল প্ৰচেছ’ বোৰ সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহটো জ্বলাই দিব, দুদিনমান তদন্ত চলিব, গিৰিয়েক বা তেওঁৰ ওচৰ চপা দুই চাৰিজনক পুলিচে জেৰা কৰিব আৰু এদিন তেওঁৰ মৃত্যুৰ ফাইলটো অনন্তকাললৈকে বন্ধ হৈ যাব ৷ তাৰ পিছত ? তেওঁক সকলোৱে পাহৰি পেলাব ৷ সন্তানটোৱেও ডাঙৰ হৈ তাক এবছৰ বয়সতে এৰি যোৱাৰ বাবে মাকক বেয়া পোৱাৰ চান্সহে বেছি আছে ৷ তেনেহ’লে তেওঁ মৰি যোৱাৰ পিছত কাৰ কি গ’ল ? তেওঁ যদি মানৱ সভ্যতাৰ অগ্ৰগতিৰ বাবে কিবা ডাঙৰ কাম কৰিবলৈ গৈ মৰিলহেতেন তেনেহ’লে শ শ বছৰ পূজিতা হৈ ৰ’ল হয় ৷
মানুহে যে ভাবে মই আত্মহত্যা কৰি দিলেই মোৰ সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু পৃথিৱীত জীয়াই থকা সকলে মোক মনত পেলাই পেলাই কান্দি থাকিব, এয়া মাৰাত্মক ভুল ধাৰণা ৷ কাৰো ইমান গৰজ নপৰে ৷ বৰ বেছিকৈ গালি দিব এনেকৈ বিপদত পেলাই থৈ যোৱাৰ বাবে ৷
জীৱনে কেতিয়াবা আমাক আৰ্থিক অসুবিধাত পেলায় ৷ তাতে কি হ’ল ? দিন সদায় একে নেযায় ৷ হাজাৰটা উপায় আছে নিজকে এই অৱস্থাৰ পৰা বাহিৰ কৰাৰ ৷ আমি যাৰ সৈতে কিবা এটা ‘ৰিলেচন’ (যেনে-প্ৰেম বা বিয়া) কৰিছিলো তেওঁ হয়তো ভবাতকৈ বেলেগ হে ওলাল বা আমাক ঠগালে ৷ বা আমি বৰ অশান্তি পাইছো তেওঁৰ লগত এই ‘ৰিলেচন’ত থাকি ৷ সামান্য সাহস কৰি সেই সম্পৰ্ক ত্যাগ কৰি জীৱনটো নতুনকৈ আৰম্ভ কৰিলেই হ’ল ৷ কিজানিবা ইয়াতকৈ বহুত ভাল সম্পৰ্ক ৰৈ আছে আমাৰ বাবে, কোনে জানে ? হয়তো বা আমাৰ কলিজাৰ আপোন কোনোবাৰ মৃত্যু হ’ল ৷ মৃত্যুৰ পিছত কোনো উলটি নাহে। আমি সজ কৰ্মৰ দ্বাৰা তেওঁৰ স্মৃতি যাউতিযুগীয়া কৰিব পাৰো ৷ তেওঁৰ আধৰুৱা কামবোৰ পুৰা কৰিব পাৰো ৷ আমাৰ নিঃসঙ্গতাক কামৰ মাজেৰে বোৱাই দিব পাৰো ৷
জীৱনৰ কিছুমান পৰিস্থিতি আমি সলাই দিব নোৱাৰো ৷ যেনে : আপোন মানুহৰ মৃত্যু বা আনে আমাৰ লগত কৰা ঠগবাজি বা গৰম কৰি থাকোতে উতলি মাটিত পৰা গাখীৰ ৷ এই ক্ষেত্ৰত আমি জীৱনৰ বাস্তৱতাক মানি লৈ আগুৱাই যোৱাৰ বাদেনো কি কৰিব পাৰো ?
মই এজন মানুহক জানো ৷ জন্মৰ পিছতে কুমাৰী মাকে তেওঁক পথৰ দাঁতিত দলিয়াই দিছিল ৷ পথৰ দাঁতিত পেলাই থৈ যোৱা কেচুৱাটোক কুকুৰ বা মেকুৰী জাতীয় জন্তুয়ে আচোৰা নে কামোৰা সামান্য চিন তেওঁৰ হাতত এতিয়াও বিদ্যমান ৷ এজন দেৱতা সুলভ মানুহে এই কেছুৱাটো তুলি লৈ গৈ সন্তানৰ দৰে পালন কৰিবলৈ লৈছিল ৷ দুখৰ বিষয় যে তেনেই সৰুতেই তেওঁক বুকুৰ উমেৰে সন্তানৰ দৰে ডাঙৰ কৰা মানুহ গৰাকী ঢুকাই থাকিল আৰু তেওঁ ডেকা হয় মানে দেৱতা সদৃশ পিতৃৰো মৃত্যু হ’ল ৷ বহুত কষ্টৰে মানুহজনে ভালকৈ পঢ়ি-শুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হৈ ভাল চাকৰি ল’লে ৷ তেওঁৰ দুৰ্ভাগ্য তাতেই শেষ হোৱা নাছিল ৷ সৰল- সহজ মানুহজনক কৰ্মক্ষেত্ৰতো দুজনমান দুষ্টপ্ৰকৃতিৰ লোকে ফচাই দি প্ৰমোচন আদি পোৱা বন্ধ কৰি দিলে ৷ আনহাতে তেওঁৰ পত্নীয়েও অনেক প্ৰকাৰে মানসিক অশান্তি দি থাকিল, যিবোৰ লিখিলে বহুত দীঘলীয়া হ’ব ৷ তাৰ পিছতো তেওঁ মৰা নাই কিন্তু ৷ জীৱনৰ সৈতে যুঁজ দি সুন্দৰকৈ জীয়াই আছে ৷ এয়া কোনো গল্প নহয় ৷ এয়া শতকৰা এশভাগ সত্য এটা জীয়া কাহিনী ৷ এনেকুৱা বহুতো কথাৰ মই নীৰৱ সাক্ষী ৷ যিবোৰ মই কোনোপধ্যেই উদঙাই নিদিওঁ ৷
জীৱনত এবাৰলৈকো আত্মহত্যা কৰাৰ কথা মনলৈ নানিব ৷ যন্ত্ৰণা, সমস্যা বাদ দিয়ক হে ৷ বিশ্বাস কৰক, আপোনাতকৈও হাজাৰ গুণে দুৰ্ভগীয়া মানুহ এই পৃথিৱীত আছে ৷ হয়তো আপুনি বহুত ভালেই আছে। ইমান টেনচন নল’ব ৷ আপুনি নিজে একো নকৰিলেও সময়ে সকলো নিজেই ঠিক কৰি দিয়ে ৷ কোনে জানে মৃত্যুয়ে কাক কেতিয়া গ্ৰাস কৰে ৷ জীয়াই আছে যদি আশা কৰি থাকক আৰু হাঁহি থাকক ৷