জীৱন কৃষ্ণ পাত্র: ভাল কাম কৰিব পাৰিলে স্বীকৃতি স্বৰ্গৰ পৰা খহি পৰিব
জন্মভূমিতকৈ কৰ্মভূমিক প্ৰাধান্য দি শিক্ষকতাক ব্ৰত হিচাপে লোৱা শিক্ষাবিদ-সাহিত্যিক জীৱন কৃষ্ণ পাত্র
[২৯ ছেপ্তেম্বৰ, মৃত্যু তিথি]
কল্যাণ কলিতা
জীৱনৰ প্ৰকৃত অৰ্থ বুজি কেৱল জ্ঞানৰ অন্বেষণতে প্ৰতিটো পল অতিবাহিত কৰি এক উদাহৰণ পৰিণত হোৱা এগৰাকী ব্যক্তি।
আপাত দৃষ্টিত তেনেই সাধাৰণ কিন্তু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী তেওঁ। অসমীয়া জাতি, সাহিত্য, কলা-সংস্কৃতিৰ সাধনাকে জীৱনৰ ব্ৰত হিচাপে লোৱা এক তপস্যী তেওঁ। নাম তেওঁৰ জীৱন কৃষ্ণ পাত্র।
বজালীৰ হিয়াৰ আমঠু জীৱন কৃষ্ণ পাত্ৰ ছাৰ। আমি হেজাৰজন অসমীয়াই কৰিব নোৱাৰা কিম্বা কৰাৰ প্ৰয়াস নকৰা কাম কৰি অসমীয়া সাহিত্য-সংস্কৃতিক এক অন্যতম আসন প্ৰদান কৰাৰ নিৰলস সাধনাত ব্ৰতী এগৰাকী জন্মসুত্ৰে অনাঅসমীয়া মহৎ পুৰুষ জীৱন কৃষ্ণ পাত্র।
যি সময়ত আমি বহুতেই অসমীয়া ভাষাৰ শৰাধ পতাত ব্যস্ত হৈ পৰিছো তেনেকুৱা এক সময়তে অকলশৰে নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ উত্তৰোত্তৰ উন্নয়নত নামি পৰা, পাশ্চাত্যৰ অন্ধ অনুকৰণত আমাৰ নিজৰ কলা-সংস্কৃতিক আওপুৰণি বুলি ভাবি নিজকে উত্তৰ আধুনিক বুলি জহাই ফুৰাৰ সময়তে অসমীয়া কলা-সংস্কৃতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলোৱাৰ প্ৰয়াসত সদাব্যস্ত ব্যক্তি আছিল জীৱন কৃষ্ণ পাত্র।
কোনো ধন-জন, প্ৰচাৰৰ মোহত বন্দী নহৈ কলা, সাহিত্য, সংস্কৃতিৰ নিৰৱ সাধক জীৱন কৃষ্ণ পাত্ৰ আছিল প্ৰতিগৰাকী শিক্ষকৰ বাবে এক অনুকৰণীয় ব্যক্তিত্ব৷ এক দীঘলীয়া সময়ধৰি পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ ভুগোল-বিজ্ঞান বিভাগত অধ্যাপনা কৰা অধ্যাপক জীৱন কৃষ্ণ পাত্ৰৰ ২০১৫ খ্ৰীষ্টাব্দৰ ২৯ ছেপ্তেম্বৰত ৭৯ বছৰ বয়সত পাঠশালাত পৰলোকপ্ৰপ্তি ঘটে।
দীৰ্ঘদিন ধৰি শিক্ষকতা বৃত্তিত জড়িত হৈ থকা বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, ভূগোলবিদ, নৃত্যবিদ তথা সু-সাহিত্যিক গৰাকীয়ে তিনিটা দশকৰো অধিক কাল বজালী মহাবিদ্যালয়ত ভুগোল বিজ্ঞান বিভাগত অধ্যাপনা কৰাৰ উপৰি বিভাগীয় প্রধানৰো পদ অলংকৃত কৰি ১৯৯৫ চনৰ ৩০ আগষ্টত অৱসৰ গ্ৰহণ কৰে যদিও শিক্ষকতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি থকা ধাউতিৰ বাবে ‘শিক্ষকে কেতিয়াও অৱসৰ নলয়’ বুলি কৈ অৱসৰৰ পিছতো মৃত্যু পর্যন্ত বজালী মহাবিদ্যালয়ত শিক্ষাদান কৰি আহিছিল।
“তেখেতে ভূগোল বিষয়ৰ উপৰি বজালী মহাবিদ্যালয়ৰ অসমীয়া আৰু প্ৰাণী বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীতো পাঠদান কৰিছিল।…তেওঁ কৈছিল,”উৰিষ্যা মোৰ জন্মভূমি, অসম মোৰ কৰ্মভূমি। মোৰ বাবে এতিয়া উৰিষ্যাতকৈ অসম ডাঙৰ। কাৰণ কর্মভূমি অবিহনে জন্মভূমিক লৈ কোনেও গৌৰবান্বিত হব নোৱাৰে।”
শিক্ষাদানৰ প্রতি প্রতি পল সজাগ এই ব্যতিক্রমী শিক্ষকগৰাকীয়ে শ্ৰেণী আৰম্ভ হোৱাৰ অতিকমেও দেৰঘণ্টা আগতে মহাবিদ্যালয়ত উপস্থিত হৈছিল, যি আজিৰ শিক্ষক সমাজৰ বাবে এক বিৰল উদাহৰণ স্বৰূপ৷
নিজকে এগৰাকী সাধাৰণ শিক্ষক হিচাপে পৰিচয় দি ভাল পোৱা অধ্যাপক পাত্ৰৰ জন্ম হয় ১৯৩৬ চনত উৰিষ্যাৰ বালেশ্বৰ জিলাৰ জলেশ্বৰপুৰ ব্লকৰ নয়াপালি গাঁৱত।
গাঁৱৰ ধুলি-বালিৰ মাজত শৈশৱ-কৈশোৰ পাৰ কৰা হলধৰ বৈশ্য গোষ্ঠীৰ এক যৌথ পৰিয়ালৰ গজেন্দ্ৰ নাথ পাত্ৰ আৰু মাহেশ্বৰী পাত্ৰৰ ছয়টি সন্তানৰ ভিতৰত জ্যেষ্ঠ সন্তান জীৱন কৃষ্ণ পাত্রই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ চিটি কলেজৰ পৰা আই. এচ. চি., উৰিষ্যৰ উৎকল বিশ্ববিদ্যালয়ৰ অধীনত কট্টকস্থিত ৰেভেনশ্ব’ কলেজৰ পৰা অনাৰ্চ সহ স্নাতক আৰু ১৯৬১ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিছতে ১৯৬৩ চনত বজালী মহাবিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে।
“১৯৬৩ চন পর্যন্ত অসমীয়া ভাষাৰ অ-আ-ক-খও নজনা জ্ঞানপিপাসু ব্যক্তিজনে বজালী মহাবিদ্যালয়ৰ খেল পথাৰত গৰু চৰাই ফুৰা গৰখীয়াৰ পৰা শিকিছিল অসমীয়া ভাষাৰ আদিপাঠ৷ অকল শিকাই নহয় অসমীয়া ভাষাত দখল কৰিছিল মহাৰথ। যাৰ ফলস্বৰূপে কেবাখনো অমূল্য গ্ৰন্থ ৰচনাৰে নিজৰ অগাঢ় পাণ্ডিত্বৰ নিদৰ্শন দাঙিধৰাৰ লগতে টনকিয়াল কৰি গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ‘জনসংখ্যা ভূগোল’, পাঠশালা সাহিত্য সভাই প্ৰকাশ কৰা ‘বজালীঃ নৈ মাটি মানুহৰ অমল উৎসৱ, দিল্লীস্থ সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা উৰিয়াৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা উৰিয়ালৈ অনুদিত ক্রমে ‘লক্ষ্মী ‘পুৰাণ’, ‘অৰণ্য ফচল’, ‘ব্রহ্মাস্ত্র’, ‘শ্রীজগন্নাথ’ ‘মৎস্যগন্ধা’ ‘সত্যৱতী’ ‘বজালীৰ ৰাতি’, জীৱনী সাহিত্য ,তৰাবনৰ জোনাক’, চিনাকি শব্দৰ খোজ’, ‘অৰণ্যৰ পৰা অৰণ্যলৈ’, ‘শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ’, ‘মঝি দৰিয়াৰ মাঝি’, ‘জীৱন বাটত চালু চালু’ আৰু ইংৰাজী গ্ৰন্থ “Biography of Achyut Lahakar’, ‘Aparahna’, ‘The Last Frontier’, ‘Geography on the highway of History’ তথা ‘A Pilgrim’s Progress’ নামেৰে আত্মজীৱনী লিখি যোৱাৰ লগতে কবিতা পুথি ‘গুৱাশাল আম নৈ (উৰিয়া)’ ‘কবিতা পাঠশালা’, ‘কবিতা কালদিয়া’ৰ উপৰি বিভিন্ন বাতৰি কাকত, আলোচনী, স্মৰণিকা, প্ৰচাৰ পত্ৰিকা আদিত ৫৫০টাতকৈও অধিক প্রবন্ধ লিখি প্রতিভাত কৰিছিল যাদুকৰী কলমৰ অভিব্যক্তি।”
অধ্যয়ন পিপাসু ব্যক্তিজনে ইমানতে ক্ষান্ত নাথাকি ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ উপৰি ১৯৮৪ চনত উৰিষ্যাৰ উৎকল বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিজ্ঞানত এম্ ফিল আৰু একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৫ চনত উড়িয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেখেতে ভূগোল বিষয়ৰ উপৰি বজালী মহাবিদ্যালয়ৰ অসমীয়া আৰু প্ৰাণী বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীতো পাঠদান কৰিছিল।
মৃত্যু পর্যন্ত শিক্ষাদানৰ মহান কৰ্মেৰে পাঠশালা তথা অসমৰ শৈক্ষিক জীৱন সমৃদ্ধ কৰি জন্মভুমিতকৈ কর্মভুমিক সদায় আগস্থান দি অহা সাধক গৰাকীয়ে শিক্ষকতাৰ সমান্তৰালকৈ চলাই গৈছিল অসমীয়া সাহিত্য সংস্কৃতিৰো চৰ্চা। তেওঁ কৈছিল, “উৰিষ্যা মোৰ জন্মভূমি, অসম মোৰ কৰ্মভূমি। মোৰ বাবে এতিয়া উৰিষ্যাতকৈ অসম ডাঙৰ। কাৰণ কর্মভূমি অবিহনে জন্মভূমিক লৈ কোনেও গৌৰবান্বিত হব নোৱাৰে।”
এনে এগৰাকী জন্মগতভাৱে “অনা অসমীয়া” কিন্তু হাৰে হিমজুৱে অসমীয়া হৈ পৰা ব্যক্তিয়ে জীৱনৰ প্ৰথম অসমীয়া লেখনী ‘আমাৰ ঘৰৰ পিছফালখন’ প্রান্তিকৰ দৰে আলোচনীত প্রকাশ কৰি দাঙি ধৰিছিল অসমীয়া ভাষাৰ প্ৰতি নিজৰ ব্যুৎপত্তিৰ উদাহৰণ। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰেমত পৰা এই পুৰোধাগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ বৰগীতৰ প্ৰতিও আকৰ্ষিত হৈছিল।
অসমীয়া সংস্কৃতিৰ ৰূপ লাবণ্যক নিজৰ কৰি লোৱাৰ মানসেৰে আউনীআটী, বৰপেটা, কমলাবাৰী আদি সত্ৰলৈ গৈ সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, মণিপুৰী নৃত্য আদিৰ পুংখানুপুংখ অধ্যয়ন কৰাৰ লগতে নৃত্যাচাৰ্য যতীন গোস্বামীৰ পৰা এই নৃত্যসমূহৰ প্ৰশিক্ষণ লৈ উৰিষ্যাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। একেদৰে উৰিষ্যাৰ ওডিচি নৃত্য অসমত প্ৰদৰ্শনৰ ব্যৱস্থা কৰি গঢ়ি তুলিছিল এক সাংস্কৃতিক সমন্বয়ৰ সেতু।
১৯৬৩ চন পর্যন্ত অসমীয়া ভাষাৰ অ-আ-ক-খও নজনা জ্ঞানপিপাসু ব্যক্তিজনে বজালী মহাবিদ্যালয়ৰ খেল পথাৰত গৰু চৰাই ফুৰা গৰখীয়াৰ পৰা শিকিছিল অসমীয়া ভাষাৰ আদিপাঠ ৷ অকল শিকাই নহয় অসমীয়া ভাষাত দখল কৰিছিল মহাৰথ। যাৰ ফলস্বৰূপে কেবাখনো অমূল্য গ্ৰন্থ ৰচনাৰে নিজৰ অগাঢ় পাণ্ডিত্বৰ নিদৰ্শন দাঙিধৰাৰ লগতে টনকিয়াল কৰি গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল।
গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ‘জনসংখ্যা ভূগোল‘, পাঠশালা সাহিত্য সভাই প্ৰকাশ কৰা ‘বজালীঃ নৈ মাটি মানুহৰ অমল উৎসৱ, দিল্লীস্থ সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা উৰিয়াৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা উৰিয়ালৈ অনুদিত ক্রমে ‘লক্ষ্মী ‘পুৰাণ’, ‘অৰণ্য ফচল’, ‘ব্রহ্মাস্ত্র’, ‘শ্রীজগন্নাথ’ ‘মৎস্যগন্ধা’ ‘সত্যৱতী’ ‘বজালীৰ ৰাতি’, জীৱনী সাহিত্য ,তৰাবনৰ জোনাক’, চিনাকি শব্দৰ খোজ’, ‘অৰণ্যৰ পৰা অৰণ্যলৈ’, ‘শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ’, ‘মঝি দৰিয়াৰ মাঝি’, ‘জীৱন বাটত চালু চালু’ আৰু ইংৰাজী গ্ৰন্থ “Biography of Achyut Lahakar’, ‘Aparahna’, ‘The Last Frontier’, ‘Geography on the highway of History’ তথা ‘A Pilgrim’s Progress’ নামেৰে আত্মজীৱনী লিখি যোৱাৰ লগতে কবিতা পুথি ‘গুৱাশাল আম নৈ (উৰিয়া)’ ‘কবিতা পাঠশালা’, ‘কবিতা কালদিয়া‘ৰ উপৰি বিভিন্ন বাতৰি কাকত, আলোচনী, স্মৰণিকা, প্ৰচাৰ পত্ৰিকা আদিত ৫৫০টাতকৈও অধিক প্রবন্ধ লিখি প্রতিভাত কৰিছিল যাদুকৰী কলমৰ অভিব্যক্তি।
পাত্ৰৰ সাহিত্য কৃতিৰ চিন স্বৰূপে ২০১৪ চনত অসম চৰকাৰে তেওঁলৈ আগবঢ়ায় সাহিত্যিক পেঞ্চন।
ভাল কাম কৰিব পাৰিলে স্বীকৃতি স্বৰ্গৰ পৰা খহি পৰিব বুলি বিশ্বাস কৰা প্ৰচাৰবিমুখ শিক্ষাবিদ বিভিন্ন সময়ত বিভিন্নজনৰ পৰা সন্মান আৰু স্বীকৃতিও লাভ কৰিছিল৷ তাৰ ভিতৰত ২০১০ বৰ্ষত গুৱাহাটীত গোলক ৰায়মেধি স্মাৰক কৰ্মযোগী বঁটা, ২০১১ বৰ্ষত গোলাঘাটৰ ফুলচান্দ খাণ্ডেবাল বঁটা আৰু ২০১১-১২ বৰ্ষত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী বঁটা আছিল অন্যতম।
বজালীক মনে প্রাণে ভালপোৱা পাত্ৰই কৈছিল যে অসমীয়া সংস্কৃতিৰ ইতিহাস যি তথ্যৰে আৰ্কীন্য নহওক কিয়, তাত বজালীৰ দৰে ঠাই এডোখৰ থাকিবই। বজালীয়েই তেওঁক সুন্দৰ, সমৃদ্ধ আৰু সাহসী কৰি তুলিছিল। বজালীতেই বন্দী তেওঁৰ সমগ্ৰ আয়ুস, ভূত-ভৱিষ্যত বুলি কৈ ঋত্বিকগৰাকীয়ে বজালীৰ প্ৰাণ বুলি গণ্য কৰা পাঠশালাৰ মাজেৰে বৈ যোৱা বৃষন্নলাৰ পাৰত এক নিৰিবিলি পৰিবেশত থিতাপিলৈ নিৰন্তৰে কৰি গৈছিল সাহিত্য আৰু সংস্কৃতিৰ সাধনা।
তেওঁৰ কাপেৰে বৃষন্নলাক নতুনকৈ সাজ-পাৰ, আ-অলংকাৰ পিন্ধাই বজালীবাসীয়ে কেতিয়াও অনুভৱ নকৰা এক ন ৰূপত প্ৰতিস্থিত কৰিছিল। বৃষন্নলাৰ সন্মোহনত ভোল গৈ জানখনৰ সতে গঢ়ি তুলিছিল এক প্লেটনিক প্রেম স্বৰূপ সম্বন্ধ। যাৰ ফলস্বৰূপে সেই বৃষন্নলা জানৰ পাৰতে চিৰকালৰ বাবে বিশ্রাম লয় প্রজ্ঞাৰ সাধকগৰাকী।
কৰ্মযোগী মহান শিক্ষাবিদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো৷
কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)