• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

জীৱন বীক্ষা

-জীৱন বীক্ষা

by Anjan Sarma
June 23, 2021
in Short Stories
Reading Time: 7 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

(গল্প)

 —–  নিশিগন্ধা …… নিশিগন্ধা চলিহা —–!

RelatedPosts

জয় স্বৰ্গদেউৰ জয় !

জয় স্বৰ্গদেউৰ জয় !

October 7, 2025
ৰণাংগনৰ ডায়েৰী

ৰণাংগনৰ ডায়েৰী

January 6, 2025
বিকল্প

বিকল্প

August 4, 2024

—— এটা আঢ্যৱন্ত পৰিয়ালৰ একমাত্ৰ কন্যা তাই ! প্ৰতিষ্ঠিত চাহ ব্যৱসায়ী মিহিৰ চলিহা আৰু পাৰিজাত বৰুৱা চলিহা ৰ কন্যা এই নিশিগন্ধা !

চলিহা দম্পতীক প্ৰায় সকলোৱে চিনি পায় চহৰখনত — অহংকাৰী বুলি দুয়োৰে নাম আছে ।  সাধাৰন ভাবে জীৱন যাপন কৰি থকা লোকসকল তেওলোকৰ আওতাৰ বাহিৰত পৰে । তেনে লোকৰ লগত উঠা বহা কৰাতো চলিহা দম্পতিৰ কাৰনে সন্মান হানি হোৱাৰ দৰে কথা । তেওলোকৰ সৰহভাগ সময় পাৰ হয় বিভিন্ন অজুহাতত এৰেঞ্জ কৰা পাৰ্টিবোৰত । কেতিয়াবা দোভাগ ৰাতি ঘৰ সোমায়হি দুয়ো । দোৰোল খোৱা জিভা দুখনেৰে ইজনে সিজনৰ লগত কাজিয়া কৰেহি । কাজিয়াৰ সূত্ৰপাতবোৰ অৱশ্যে বৰ পুতৌ লগা — কেতিয়াবা যদি চলিহাই বন্ধু পত্নীৰ লগত বেছি নিবিড় হৈ ডান্স কৰা বাবে পত্নী পাৰিজাতৰ তিৰ্য্যক ভৰা গালি , আন কোনোবাদিনা আকৌ চলিহাৰ কোনো এজন বিজনেচ পাৰ্টনাৰৰ লগত পাৰিজাতে একেটা গ্লাচতে ড্ৰিংকচ চেয়াৰ কৰাৰ বাবে …..

……..নিশিগন্ধাৰ বাবে এইবোৰ চিৰ পৰিচিত ঘটনা । অৱশ্যে এতিয়ালৈ তাইৰ বাবে এইবোৰ ঘটনা হৈ থকা নাই — ভাতৰ লগত পানী খোৱাৰ দৰেই সাধাৰন কথা হৈ পৰিছে । মাক দেউতাকৰ এইবোৰ কৰ্ম-কান্ডত তাই একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে আজিকালি । কৰবালৈ গুচি যাব পাৰিলেই যেন তাই মুক্তি পাব ! মাক দেউতাকৰ লগত মুখা মুখি হবলৈ পালেই তাই অশান্তি পায় । যিমান পাৰে নিজৰ লগতে ব্যস্ত হৈ থাকে তাই ।

 নিশিগন্ধা সৰু হৈ থাকোতেই তাইক চোৱা চিতা কৰিবলৈ তেওলোকে এগৰাকী মহিলা আনিছিল ঘৰত থকাকৈ । বিহাৰী সম্প্ৰদায়ৰ সেই মহিলা গৰাকীয়ে হৈছে ঘৰখনত নিশিৰ একমাত্ৰ ভাল লগা লগ । তেও নিশিৰ বাবে যমুনা দিদি  আৰু মাক দেউতাকৰ বাবে নিশিৰ আয়া । নিশিৰ মনত থকা বয়সৰ পৰা আজিৰ নিশিগন্ধা   হোৱা পৰ্য্যায়ৰ লৈকে , এই যমুনা দিদি নিশিৰ মনৰ লগৰী । তাইৰ লগত যমুনা দিদি ছাঁটোৰ দৰে লাগি থাকিছিল ।

 ডাঙৰ হৈ অহাৰ লগে লগে  তাইৰ অনুভব হৈছিল কিবা এটা যেন অভাব আছিল তাইৰ ঘৰখনত ! মা পাপা বুলি তাই যেতিয়াই তেওলোকক বিচাৰিছিল সদায় তাইৰ কাষত যমুনা দিদিক পাইছিল । তাইৰ মাক দেউতাকে তাইৰ প্ৰতি থকা মৰমবোৰক খেলা বস্তুৰে উপচাই দিয়াতেই সীমাবদ্ধ কৰি ৰাখিছিল  ! তাইৰ লগত একেলগে বহি মৰমৰ দুষাৰ কথা পাতিবলৈ তেওলোকৰ সময়ৰ অভাৱ  হৈছিল সদায়ে ।  চলিহা দম্পতীয়ে ভাবিব পৰা নাছিল যে এটা শিশুক মাক দেউতাকৰ সংগৰ প্ৰয়োজন । খেলাবস্তুবোৰ তাইৰ মনৰ অভাববোৰৰ পৰিপূৰক বুলি ধৰি লৈছিল তেওলোকে ।

কেতিয়াবা নিশিয়ে বিছাৰিছিল মাকৰ বুকুত সোমাই থাকি কিছু কথা পাতিব — মাকে আলফুলে তাইৰ চুলিৰ মাজত আঙুলি বোলাই মৰমেৰে তাইক আকোৱালি লব

 — কিন্তু তেনে নহৈছিল ।

তেও ব্যস্ত —–

— তেওৰ ৰূপচৰ্চা — বান্ধবীসকলৰ সৈতে কিটি পাৰ্টীত — চপিঙত — ফেমিলী গেট-টুগেদাৰবোৰৰ মাজত !  চলিহা দম্পতি আভিজাত্যৰ এখন আৱেগহীন পৃথিৱীত হাবু ডুবু খাইছিল  !  যৰপৰা তেওলোকে নিজ কন্যাৰ মনৰ ভিতৰখন জুমি চাবলৈও শিকা নাছিল —-

 —-” নিশি প্লীজ , মই এতিয়া অলপ ওলাই যাম , তুমি যমুনা দিদিৰ লগতে থাকা চোন — আৰু অলপ পঢ়ি লবা  — ৰাতি আহি মই তোমাৰ লগত কথা পাতিম — হব —“

 —  মাকৰ এই ধৰনৰ কথাবোৰ পাছলৈ নিশিৰ মুখস্হ হৈ গৈছিল —

 তাই এৰি দিছিল ক্ৰমান্বয়ে মাকৰ সান্নিধ্য বিচাৰিবলৈ ! তাৰ সলনি তাই যমুনা দিদি ৰ লগত কথাবোৰ ভগাই লবলৈ চেষ্টা কৰিছিল । যমুনা দিদি য়েও অত্যন্ত মৰমত ডাঙৰ কৰা ছোৱালী জনীৰ প্ৰতিতো কথাই মন দি শুনিছিল —

পঢ়া শুনা নথকা যমুনা দিদিৰ জীৱনৰ প্ৰতি থকা ধাৰনা — মূল্যবোধে নিশিক আচৰিত কৰি তুলিছিল—–

 ——কৰপৰা জানিলে এই মানুহগৰাকীয়ে ইমান গভীৰ কথাবোৰ — তাই ভাবে কেতিয়াবা !

  — বেয়াৰ মাজত থকা ভালখিনিক আজুৰি আনি  হাহিঁবলৈ শিকাতো জীৱনৰ আচল মাদকতা …….

 —-যমুনা দিদিয়ে কৈছিল নিশিক —!

  মাক দেউতাকৰ পৰা পোৱা বস্তুবাদী মৰমবোৰত কেতিয়াবা নিশি উদাস হৈ পৰিছিল —

তেনে সময়বোৰত নোপোৱা বোৰৰ বাবে বিচলিত নোহোৱাকৈ কিদৰে নিজক এডাল বটবৃক্ষৰ দৰে শিপা খামুচি দৃঢ় হৈ থাকিব পাৰি শিকাইছিল তাইক তাইৰ মৰমৰ যমুনা দিদিয়ে !  ভগৱানৰ ওপৰত অসীম বিশ্বাস ৰাখি নিজৰ কৰনীয় বোৰ কৰি যাবলৈ যমুনা দিদিয়ে প্ৰায়ে কৈছিল তাইক……

……. নিশিয়ে মানি লৈছিল যমুনা দিদিৰ প্ৰতিতো কথা। আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল তাই এগৰাকী অশিক্ষিত মহিলাৰ জীৱনৰ প্ৰতি থকা গভীৰ ধাৰনাবোৰ !  মাক দেউতাক দুয়োৰে তাইৰ প্ৰতি উদাসিন মুহূৰ্ত্তবোৰত , এই যমুনা দিদিয়েই তো তাইক ধৰি ৰাখিছিল তাইৰ কান্দিবলৈ মন যোৱা সময়বোৰত । জীৱনবোধৰ কথা জানিবলৈ জীৱনৰ প্ৰতিতো স্তৰতে লাভ কৰা অভিজ্ঞতাই হে মানুহক বেছি পৈনত কৰি তোলে — যমুনা দিদিৰ দৰে—–

ঘৰখনৰ পৰা আতৰি থকাৰ প্ৰৱল ইচ্ছা এটাই তাইক প্ৰায়ে অস্হিৰ কৰি তুলিছিল ……

                              ৹৹৹৹৹৹৹৹৹৹৹৹৹

 —- নিশিগন্ধাই সপোন এটাক জীয়ন দিছিল অলপ বুজা হোৱাৰে পৰা —–আৰু সেই সপোনৰ পম খেদি তাই এদিন গুচি গৈছিল দিল্লীলৈ……

মাক দেউতাকৰ ইচ্ছা আছিল আদৰৰ জী ক চকুৰ সন্মুখতে ৰাখিব । তাই চাকৰি কৰিবলৈ ইমান দুৰলৈ গুচি যোৱাৰ পক্ষপাতি চলিহা দম্পতি নাছিল …..

……. চলিহাৰ গোটেই জীৱন জুৰি আৰ্জন কৰা বিশাল সম্পতি তো নিশিৰেই হব ……

……..গতিকে সামান্য কেইটামান টকাৰ বাবে তাই ইমান কষ্ট কৰাৰ প্ৰয়োজনেই বা কত …!

 তেওলোকৰ প্ৰতিতো কথাৰে বৈষয়িক চিন্তাধাৰাক নিশিগন্ধাই নিজ পিতৃ মাতৃ হলেও মানি লব নোৱাৰিছিল ! আৰু বহু যুক্তি-তৰ্কৰ পাছত তাই দিল্লীলৈ গুচি অহা শেষ সিদ্ধান্ততো জনাইছিল অৱশেষত —

——- চচিয়েল ৱেলফেয়াৰত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি তাই চাকৰিৰ সন্ধানত দিল্লীত কেইবাটাও সংস্হাত ইন্টাৰভিউ দিছিল । আৰু প্ৰায় এমাহ মানৰ ভিতৰত দিল্লীৰ  “ৱ’মেন এন্ড চাইল্ড ডেভেলপমেন্ট “ৰ ওপৰত কাম কৰা এটা সংস্হাৰ পৰা তাইলৈ অফাৰ আহিছিল ।  তাইৰ আনন্দতে চকুপানী ওলাইছিল সেইদিনা …..

……এয়া যে তাইৰ সম্পূৰ্ন নিজৰ চেষ্টাৰ ফচল …. তাই তাইৰ নামেৰে পৰিচিত হব —- আগৰ দৰে অহংকাৰী সম্ভ্ৰান্ত ব্যৱসায়ী মিহিৰ চলিহাৰ কন্যা নহয় ….

তাই নিশিগন্ধা চলিহা , ডিচট্ৰিক্ট প্ৰজেক্ট এচিচটেন্ট , ৱ’মেন এন্ড চাইল্ড ডেভেলপমেন্ট ——

—- ৱাওওও —-

নিজেই এবাৰ আওৰাই চালে তাই ……. ।

 এবাৰ যমুনা দিদি ক খবৰ দিবলৈ খুব মন গল নিশিগন্ধাৰ ! তাই আজিৰ তাই হৈ গঢ় লোৱাত তেওৰ অৱদান তাইৰ বাবে নমস্য !

 ঘৰলৈ ফনতো লগালে নিশি য়ে ……

: হেল্ল , মা — মই চিলেক্ট হলো —- ৱ’মেন এন্ড চাইল্ড ডেভেলপমেন্টৰ ওপৰত কাম কৰা এটা অৰগেন্ইজেচনৰ আন্ডাৰত । আজি মই বিৰাট সুখী মা ….বিৰাট সুখী …  !  তুমি পাপা কো জনাই দিবা দেই …!

….. আৰু এবাৰ যমুনা দিদি ক দিয়াচোন , কথা পাতো — খুব ভাল পাব দিদিয়ে ….

: অ’কে । কংগ্ৰেচুলেচনচ । কিন্তু মনত ৰাখিবা চচাইটিট পাপাৰ সন্মানত লগা কাম যাতে কৰিবলৈ নোযোৱা । পাপাই তোমাৰ কাৰনে এই বিশাল সম্পতি কৰাৰ স্বত্তেও তুমি আমাৰ কথা নামানি কেইটামান টকাৰ বাবে আতৰি গৈছা । বাকী তুমি জানা —- আৰু যমুনা দিদি এতিয়া ইয়াত নাথাকে , তাই আয়াহে আছিল তোমাৰ , তুমি যোৱাৰ পাছত তাইৰ কি প্ৰয়োজন এইখন ঘৰত….

……….অলপ দেৰিলৈ তাই নিৰৱ হৈ পৰিছিল……

: মা ……. তোমালোক ইমান স্বাৰ্থপৰ হব পাৰিলা ….!  গোটেই জীৱন যিজনী মানুহে কেৱল আমাৰ ঘৰখনতে মোৰ বাবে কটাই দিলে দিনৰ পাছত দিন — মই গুচি অহাৰ পাছত তেওৰ বাবে অলপ জেগাৰ অভাৱ হল নে পাপাৰ বিশাল ঘৰখনত । তোমালোক দুখ লগাকৈ স্বাৰ্থপৰ মা । ভাবিছিলো মোৰ সাফল্যত তুমি সুখী হবা । কিন্তু মই পাহৰি গৈছিলো সৰুৰপৰাই তোমালোকে মোক কেৱল পুতলাৰ সংগী কৰি ৰাখি মোৰ আৱেগ অনুভূতিৰ লগত পৰিচিত নহলাই । এতিয়া কিদৰে তুমি সেই অনুভূতিৰ উমান পাবা । বাই মা….  ভালদৰে থাকিবা …..!

……চপচপীয়া হৈ পৰা দুচকুক দুটা আঙুলিৰে হেচি ধৰি তাই ওলাই আহিব ধৰা কান্দোন তোক ৰখাবলৈ যত্ন কৰিলে । যমুনা দিদি লৈ মনত পেলাই এটা সেৱা জনাই ক্ষমা বিচাৰিলে তাই নিজৰ মনতে । তাই কান্দি দূৰ্বল হলে আগতে যমুনা দিদিয়ে বৰকৈ বেয়া পাইছিল …….

মাক দেউতাকৰ প্ৰতি থকা তাইৰ বিৰাগ ভাব ক্ৰমে গাঢ় হৈ গৈ থাকিল …….

—-তাই ব্যস্ত হৈ পৰিল তাইৰ কৰ্মস্হলীত । প্ৰিয় বিষয়তোক নিজৰ কেৰিয়াৰ হিচাপে লব পৰাতো এক বুজাব নোৱৰা সাৰ্থকতা নিশিগন্ধাৰ বাবে —— দিল্লীৰ ব্যস্ততাই  তাইক সামৰি লৈছিল লাহে লাহে …!

অফিচৰ প্ৰায় সকলোৰে লগতে ইতিমধ্যে তাইৰ চিনা পৰিচয় হৈছিল ! কেইবাজনো ষ্টাফ তাইৰ সমবয়সীয়াই হব। ফিল্ডত কাম কৰা কেইজনমানহে বহুত সৰু হব যেন লাগে তাইৰ । খুব এনাৰজেটিক সকলোবোৰ । আচলতে নিশিগন্ধা হতৰ ৰিপৰ্টিঙ বছজন যথেষ্ট চিৰিয়াচ কামত । তেওক কোনেও কেতিয়াও ফাকি দিয়াৰ সাহস নাই …..

কবিৰ চৌহান —- তেওৰ নাম ।

 —-  এই অচিন ঠাইৰ অচিন মানুহবোৰৰ মাজত তাই বুকুৰ আপোন কাৰোবাক সচাকৈ পাব জানো —- অলপ শংকিত ও হল তাইৰ । জীৱনত  তাই বহুতৰে প্ৰেমৰ প্ৰস্তাৱ পাইছিল যদিও , কেতিয়াও কাকো তাইৰ কাষ চপাৰ সুবিধা দিয়া নাছিল তাই । তাই আচলতে এই প্ৰেম বোলা শব্দটোৰ প্ৰতি তিলমানো আকৰ্ষিত নহৈছিল । তাইৰ নিজ পিতৃ মাতৃৰ প্ৰেম বিবাহৰ এক নিঃস্ব ৰূপ দেখি দেখি তাইৰ একপ্ৰকাৰ ভিত্তিহীন যেন লগা হৈছিল প্ৰেমৰ ভেটিঁতো…..

……কামৰ মাজতে  কিছুমান কথা  তাই নিজৰ লগতে পাতি আছিল …..

—- আপুনি নিশিগন্ধা বাইদেউ —- নহয় নে !

ইমানদিনে অসমীয়া শব্দ এটা শুনিবলৈ নোপোৱা অফিচতোত হঠাতে তাইক উদ্দেশ্যি কোৱা কথাষাৰত তাই আচৰিত হৈ ঘূৰি চালে —- এজন ওখ খিনাংগী লৰা , চকুত হাই পাৱাৰৰ  চশমা পিন্ধি , তাইলৈকে চাই হাহি ৰৈ আছে তাইৰ বাওফালে টেবুলখনত ভেজা দি —-

: মই , মানে মই ঠিক ধৰিব পৰা নাই , আপুনি — ইয়াত হঠাতে মোক —–

নিশিগন্ধাৰ নিজৰে হাহিঁ উঠি গৈছিল তাইৰ কথাত —-

: হাঃ হাঃ , আচৰিত হৈছে নহয় । মই প্ৰয়াগ বৰুৱা । ময়ো অসমৰে , লখীমপুৰৰ । ছুটি লৈ ঘৰলৈ গৈছিলো — তেতিয়াই গম পাইছিলো আপুনি জইন কৰিছে বুলি  । আজি মোৰ ছুটি শেষ । সেয়েহে আহিয়েই পোনচাটেই আপোনাৰ লগত কথা হবলৈ আহিলো । অসমৰ বুলি জানি আপুনিও নিশ্চয় সুখী হৈছে —-

—–বৰ অমায়িক লৰাজনৰ কথাবোৰ —- মৰম লাগি গল তাইৰ —-

: হয় হয় , ইয়াতকৈ ভাল লগা আৰু কি হব পাৰে কওক । সচাকৈয়ে ভাল লাগিছে মোৰ …

: আপুনি মোক তুমি বুলিয়েই কব , ভাল লাগিব মোৰ

: নিশ্চয়  । এতিয়াৰ পৰা অন্তত দুষাৰ কথা অসমীয়াত পাতিব পাৰিম …

: হয় ! এতিয়াৰ পৰা সদায় লগ পাই থাকিম…..আপূনি কামত লাগক , মই এবাৰ বছক লগ ধৰি আহো —-

ভাল লাগি গৈছিল তাইৰ । নিজৰ ঠাইৰ কোনোবা এজন আছে । আপোন ভাষাত দুষাৰ কথা পাতিব পাৰিব —-

 আজি প্ৰায় দুমাহেই হলহি , তাই কামৰ খাতিৰত দিল্লী

মহানগৰীৰ অলি গলি ঘূৰি ফুৰোতে সদায় অসমখনক বিচাৰি ফুৰে —  তাইৰ ঘৰখনৰ কিছুমান তিক্ততাপূৰ্ন  সময়ৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছিল —- নিজক আতৰাই ৰাখিবলৈকে তাই অসম এৰি আহিবলৈ বিচাৰিছিল—- তেতিয়াৰ মানসিক স্হিতিত তাইৰ বাবে সেইটোৱেই আটাইতকৈ ভাল উপায় যেন লাগিছিল তাইৰ । কেতিয়াবা আপোন ঠাইখনক মনত পেলাই তাই অলপ উদাস হৈ পৰে —– কিন্তু জীৱনৰ সৈতে বহু ক্ষেত্ৰতে আপোচ কৰিবলগীয়া হয় মানুহে — সেয়া লাগে নিজৰ মানুহৰ বাবেই হওক —- যমুনা দিদিয়ে কৈছিল তাইক  ! এবাৰ কিবা এটাৰ বাবে মনতোক সাজু কৰাৰ পাছত কেতিয়াও পাছ হুহকিব নালাগে — বিবেকে শুদ্ধ আৰু সচা বুলি কোৱা কথাবোৰ মাথো কৰি যাব লাগে —- সেয়েহে কেতিয়াবা অসম এৰি অহা কথাতোৱে তাইক অলপ পৰলৈকে ভাবুক কৰি তুলিলেও , পুনৰ যুক্তিৰে বিচাৰ কৰি নিজকে সুস্হিৰ কৰি তোলে তাই ।

: নিশিগন্ধা মেম্ , বছ ইজ কলিঙ ইউ ৰাইট নাও

: অকে , এম কামিঙ —–

—- কিয় বা মাতিছে এতিয়া তাইক — ফিল্ড ৱৰ্কৰ টিমতোক টো ইতিমধ্যেই তাই পঠালে কামে ……

ভাবি ভাবি তাই বছ কবিৰ চৌহানৰ ৰুমলৈ সোমাই গল —-

: মে আই কাম ইন চাৰ

: অ’ য়েচ নিশিগন্ধা —

—–মিট মিষ্টাৰ প্ৰয়াগ !  হি ইজ আৱাৰ ফিনেন্চিয়েল এচিচটেন্ট । এনিথিঙ এবাউত ফিনেন্চিয়েল ট্ৰানজেকচনচ হি ৱীল হেল্প ইউ আউট …

: য়েচ চাৰ , ৱী অলৰেডি মেট ইচ্চ আদাৰ । হি ইজ টু ফ্ৰম  অসম চাৰ !

: অ য়া । ইউ ব’থ আৰ ফ্ৰম চেম প্লেচ । অ’কে দেন ডেটচ ইট ফৰ নাও —- হ’প এভৰিথিঙ ৱীল ৰান পিচফুলি—-

বুঢ়া আঙুলিতো দৃঢ়তাৰে দেখুৱাই তেও কলে —-

: য়েচ চাৰ , থেংক ইউ ……

ওলাই আহিছিল তাই কবিৰ চাৰৰ ৰুমৰ পৰা । এৰি থৈ যোৱা আধৰুৱা কামত মন দিবলে চেষ্ট কৰিলে তাই । ইতিমধ্যে দেৰিও হৈছে তাইৰ এইকেইটা ৰিপৰ্ট ৰেডি কৰোতে । আজি অলপ দেৰিলৈকে কাম কৰিব লাগিব তাই —

লান্স ব্ৰেকৰ পাছত সচৰাচৰ ফিল্ডত যোৱা টিমতো ঘূৰি আহে আৰু দিনতোৰ ৰিৰ্পটবোৰ দি যায় । ব্যস্ততা বাঢ়ে তেতিয়া প্ৰত্যেকৰে । কবিৰ চাৰৰ কাম  ভীষন শৃংখলাবদ্ধ। অলপ হেৰ ফেৰ হলেই তেও বেয়া পাই । সেয়েহে সকলোৱে পাৰ্য্যমানে চেষ্টা কৰে সকলোবোৰ কাম নিয়াৰিকৈ হয় যাতে ।

আজি পিছে তাইৰ কাম সচাকৈয়ে বাকী আছেগৈ । প্ৰয়াগে ছুটিৰ সময়ত সুধিছিল একেলগে যোৱাৰ কথা , তাইহে না কৰিব লগা হল । সববোৰ এজন এজন কৈ ঘৰমুৱা হল । চকীদাৰ জন ৰৈ আছে হয়তো তাইৰ বাবেই অফিচ তো বন্ধ কৰিবলৈ ! বেয়াও লাগিল তাইৰ —

 —-“আজিৰ পৰা যাতে এনেকুৱা নহয় দেই নিশি   —

 অলপ সময়ৰ হিচাপত চলিবলৈ শিক “

 — নিজকে নিজে কলে তাই —-

: হেই , ইউ আৰ ষ্টীল ৱৰ্কিঙ ! হোৱাই — ইটচ টু লেট

—- হঠাত কবিৰ চাৰৰ মাততো শুনি তাই থতমত খালে — চাৰ তাৰমানে ইমানপৰে নিজৰ কেবিনতে আছিল , তাইহে জনা নাছিল —

: অহ্ ! য়েচ চাৰ , চাম পেন্ডিঙ ৱকৰ্চ আৰ দেয়াৰ । ইটচ আবাউট টু ফিনিচ নাও

: অকে ! ডেট্চ্ গুড — আই এপ্ৰিচিয়েট ইওৰ চিনচিয়েৰেটি — ! কপাল খন অলপ ওপৰলৈ উঠাই কলে তেও —-

:থেংক ইউ চাৰ

: জাষ্ট ফিনিচ ইট ফৰ টুডে । ইটচ টু লেট । ইউ কেন কাম ৱীথ মি, আই ৱীল দ্ৰপ ইউ

: ন’ চাৰ — থেংক ইউ চ মাচ্চ ! আই ৱীল ….

: ডু ইউ হেভ এনি প্ৰব্লেম টু কাম ৱীথ মি ?

তাইৰ কথা সম্পূৰ্ন নহওতেই কবিৰ চাৰে কলে …

: এবচল্যুটলি নট চাৰ —

নিশিগন্ধাই হাহি কলে —-

—- সন্ধ্যা সময়ত দিল্লীৰ ৰাজপথত নিশিগন্ধা তাইৰ অফিচৰ বছৰ লগত — কথাতো একেবাৰেই স্বাভাবিক । কিন্তু তাতো যেন আছে কিছু সুকীয়া মাদকতা , কিছু সুকীয়া অনুভব —– কিবা এটা ভাল শাগিছিল তাইৰ সেই সময়খিনি —–

—–সেয়াই আৰম্ভনি আছিল — তাৰ পাছতো নিশিগন্ধাই বহুবাৰ কবিৰ চৌহানৰ লগত দিল্লীৰ সন্ধিয়াৰ আকাশৰ তলত একেলগে ঘূৰিছিল —- এসময়ত অফিচৰ কথাৰ মাজে মাজে দুই এটা ধেমেলীয়া কথাৰ ও আৰম্ভনী হৈছিল—-

—— এদিন দুদিন কৈ বহুদিন , বহুবাৰ নিশিগন্ধা আৰু কবিৰ একেলগ হৈছিল — এসময়ত সিহতৰ মাজৰ কথাবোৰ ভালপোৱালৈ পৰ্যবসিত হৈছিল । এক গভীৰ আত্মিক সম্বন্ধৰে সিহত দুয়ো বান্ধ খাইছিল …

—-কবিৰৰ ঘৰ উত্তৰ প্ৰদেশৰ ভিতৰুৱা গাও এখনত । দেউতাক খেতিয়ক । মাকে ঘৰ চম্ভালে। কবিৰৰ ঘৰত আৰু কেইবাজনো সদস্য  —- যৌথ পৰিয়াল । নিশিগন্ধাৰ ঘৰৰ সম্পূৰ্ন এখন বিপৰীত ছবি কবিৰৰ ঘৰখনৰ । যৌথ পৰিয়াল হিচাপে তাই অলপ চিন্তিত হৈছিল — পিছে কবিৰৰ আশ্বাসত তাই বহুখিনি সহজ হব পাৰিছিল ।

তাই ঘৰত জনাবৰ বাবে কও নকওকৈ এদিন ফন লগাইছিল দেউতাকৰ ফনত —- আৰু আশা কৰা ধৰনেই মিহিৰ চলিহাই তাইৰ সিদ্ধান্তক মানি লোৱা নাছিল

: এজন কোটিপতি ব্যৱসায়ীৰ একমাত্ৰ কন্যা হৈ তুমি কিদৰে ভাবি ললা এজন খেতিয়কৰ লৰালৈ তোমাক বিয়া দিম নিশি  ! তুমি অতি সোনকালে ঘৰলৈ ঘূৰি আহা — মোৰ আদেশ

—- খঙত কপি উঠিছিল দেউতাক —-

: চৰি পাপা ! তোমাৰ এই আদেশ মই মানিব নোৱাৰিম । বুজা হোৱাৰে পৰা তুমি আৰু মায়ে কেৱল আভিজাত্যৰ পাছত দৌৰি ফুৰাই দেখিলো । কোনোদিন এষাৰ মৰমৰ মাতেৰে মোৰ লগত কথা পাতিবলৈ সময় নহল তোমালোকৰ । কিছুমান মিছা আভিজাত্যৰ মাজত থাকি পাহৰি গলা হৃদয়ৰ সম্বন্ধবোৰৰ গভীৰতা । হব পাৰে পাপা কবিৰ এজন খেতিয়কৰ লৰা — কিন্তু জীৱনৰ মূল্যবোধ কি তেওক তেওৰ পিতৃ মাতৃয়ে শিকাইছে । তোমাৰ দৰে বিশাল সম্পতিৰে তেওলোক ধনী নহব পাৰে পাপা , কিন্তু মানুহক মানুহ বুলি চিনি পাবলৈ যিতো উচ্চস্তৰৰ মানসিকতা লাগে সেয়া তেওলোকৰ আছে । মই মোৰ সিদ্ধান্ত জনালো । অতি সোনকালেই মই কবিৰৰ লগত বিয়া হম । আশীৰ্বাদ কৰিবা তাৰপৰাই । বাই — ভালকৈ থাকিবা

—– মিহিৰ চলিহাক একো কোৱাৰ সুযোগ নিদি তাই কাটি দিছিল ফনৰ লাইন ।সৰুৰে পৰা পুঞ্জিভূত কিছুমান ক্ষোভক তাই যেন হিয়াঁ উজাৰি কৈ পেলালে — বুকুখন পাতল পাতল লাগিল — আচৰিত ভাবে তাইৰ অলপো বেয়া নালাগিল নিজ পিতৃক তেনেদৰে কৈ —-

কবিৰৰ ঘৰত সহজভাবেই সকলোৱে মানি লৈছিল কথাবোৰ । নিশিগন্ধাৰ আপোন কোনো নোহোৱাকৈয়ে তাই আৰু কবিৰৰ বিয়া হৈ গৈছিল । নিশিগন্ধাৰ নিজ ভাতৃৰ দৰে প্ৰয়াগে কৰনীয় সকলো কৰিছিল সিহতৰ বিয়াখনত —-

—– বহু আকাংক্ষিত সুখবোৰে আহি সিহতক বুৰাই পেলাইছিলহি —- ইমান ভাল লগা সময়বোৰ যে সিহতৰ বাবে ৰৈ আছিল — ভাবিলে আচৰিত হয় তাই । কবিৰৰ ঘৰৰ সহজ সৰল মানুহখিনিৰ মাজত তাই যেন শৈশৱৰ হেৰোৱা মৰমৰ উম বিচাৰি পাইছিল —- দিল্লীৰ কৰ্মব্যস্তময় জীৱনৰ ফাকে ফাকে সিহত দুয়ো সময় পালেই গুচি গৈছিল কবিৰৰ ঘৰখনলৈ —- দুই তিনি দিন পৰিয়ালৰ লগত কটাই পুনৰ আৰম্ভ কৰিছিলহি মহানগৰৰ জীৱন । মধুময় সময় — ভাল লগাৰে আৱৰা । মাজে মাজে প্ৰয়াগক মাতে সিহতৰ ঘৰলৈ — তিনিও এসাজ একেলগে খায় । প্ৰয়াগ আৰু নিশিৰ চেষ্টাত কবিৰে অসমীয়া ভাষাতোক বৰ সুন্দৰ কৈ আয়ত্ব কৰি লৈছিল । পিছলৈ সিহত তিনিও লগ হলে হিন্দী অথবা ইংৰাজীত কথা পাতিব লগীয়া হোৱা নাছিল ।

—-  নিশিগন্ধাহঁত এইবাৰ ঘৰলৈ যাওতে কবিৰৰ মায়ে কৈছিল — সোনকালতে কিবা এটা ভাবিবলৈ — উচিত সময়তে সকলো উচিত কথা ভবাতো প্ৰয়োজনীয় । তাই বুজি পাইছিল সহজ সৰল মানুহগৰাকীৰ কথাৰ আৰৰ অৰ্থ ….

কবিৰক কৈছিল তাই । আৰু অতি সোনকালেই সিহত দুয়ো এজনী পৰীৰ পিতৃ মাতৃ হৈছিল । এজনী গুলপীয়া পুতলা আহিছিল সিহতৰ মাজলৈ —- কবিৰে আচৰিত হৈ সেই পুতলা জনীক কোলাত লৈ চাই আছিল …..

 :  ইম্মান সৰু তাই —-

কবিৰে কৈছিল নিশিক — নিশিৰ হাহিঁ উঠি গৈছিল —-

: জন্মতে সকলো এনেকুৱাই সৰু হয় কবিৰ —

: ষ্টীল — চি ইজ টুউউ স্মল টু হ’ল্ড —–

—-ইমান মায়াসনা আছিল কবিৰৰ দুচকু — সচা , এটা সন্তানৰ প্ৰাপ্তিত যে ইমান বেছি আৱেগ থাকে — মায়া থাকে —-

: আমি তাইক এ’কতাৰা বুলি মাতিম দেই —

কবিৰে কৈছিল —-

——-আমাৰ আকাশৰ তাই এটাই তৰা —এটাই নক্ষত্ৰ —- এটাই ফুলকলি —-

: এ’কতাৰা —- এ’কতাৰা চৌহান —– বেয়া নালাগিব ন কবিৰ —-

——কবিৰক উৎসাহ দিবলৈ যদিও তাই তেনেদৰে কলে , তথাপি এটা চুটি নামেৰেহে ঘৰত মাতিবলৈ তাই বেছি ভাল পালেহেঁতেন । কিন্তু কবিৰৰ ইমান আগ্ৰহক তাইৰ না কবলৈ অলপো মন নগল —–

 নিশিগন্ধা ই অফিচ ৰ কাম অলপ দিনৰ বাবে এৰি দিছিল ! অকনমানী এ’কতাৰা জনীক তাইৰ আয়াৰ ওচৰত এৰি যাবলৈ সত যোৱা নাছিল ।

এ’কতাৰা ডাঙৰ হৈছিল , একলা দুকলা কৈ— বহিব পৰা হওতে তাই নিজেই স্ফূৰ্তিতে জপিয়াই দিছিল । সিহতৰ চকুৰ আগতে এ’কতাৰা ই কলকলাব পৰা হৈছিল — চুচৰিব পৰা হৈছিল — এদিন অত তত ধৰি এ’কতাৰা ই খোজ কাঢ়িবলৈ শিকিছিল  —

আৰু তেতিয়াই নিশিগন্ধাই এদিন কবিৰক কৈছিল — এ’কতাৰাৰ বাবে এখন ৱাকাৰ আনি দিবলৈ —

 অফিচ চুটিৰ পাছত কবিৰ ওলাই গৈছিল ওচৰৰ মাৰ্কেট খনলৈ —

—– নিশিগন্ধাৰ ফনতো বাজি উঠিছিল —

: অ প্ৰয়াগ কোৱা ,

: নিশি বা , কবিৰ চাৰৰ এক্সিডেন্ট এটা হৈছে  — মই ডাক্টৰৰ তাত আনিছো , পাৰিবানে তুমি আহিব —-

অলপ সময়লৈ কি কলে প্ৰয়াগে তাই বুজিব পৰা নাছিল । হঠাত সম্বিৎ অহাৰ দৰে এ’কতাৰাক কোলাত তুলি তাই দৌৰিছিল উৰ্দ্ধশ্বাসে —- গাড়ীত কনমানী এ’কতাৰাক বহুৱাই চিটবেল্ট ডাল কোনোমতে লগাই তাই যিমান পাৰে স্পীডত গাড়ী চলালে —-

: প্ৰয়াগ , কত আছা —-

এহাতে মবাইল এহাতে গাড়ীৰ ষ্টিয়েৰিঙ ঘূৰাই তাই আগুৱাই গৈছে — সন্মুখত কি আছে চাবলৈ তাইৰ যেন সময় নাই —

: নিশি বা  ——— সত্যভামা হস্পিটেল —-

 প্ৰয়াগৰ কম্পিত মাততোৱে তাইক জোকাৰি দিলে ভিতৰৰ কোনোবাকিনিত — প্ৰয়াগৰ মাততো ইমান কপিছিল কিয় —- তাই নিজেই নিজৰ প্ৰশ্নবোৰেৰে জৰ্জৰিত হৈ গৈ আছিল সত্যভামা হস্পিটেললৈ বুলি —- তাই যেন উৰি যাব কবিৰৰ ওচৰলৈ তেনে লাগিছিল তাইৰ —-

——- সত্যভামা হস্পিটেল —–

 বাহিৰতে সিহতৰ অফিচৰ বহুকেইজনক দেখা পালে তাই —–

: কত আছে কবিৰ —- প্ৰয়াগ কত ?

: ——— এজনে আঙুলিয়াই দিছিল সোফালে —-

—-তাই এ’কতাৰাক কোলাত লৈ দৌৰিছিল সোফাললৈ —–

প্ৰয়াগ ৰৈ আছে —–

: নিশি বা ——

প্ৰয়াগৰ চকুত ধাৰাষাৰ চকুপানী

: কি হল , তুমি কান্দিছা কিয় — কবিৰ কত ?

—–প্ৰয়াগে একো নকলে , তাইক দুবাহুত ধৰি লৈ গৈছিল ভিতৰৰ ৰুম এটালৈ —-

কবিৰ শুই আছিল —– প্ৰশান্তিত তাৰ মুখখন —

: কবিৰ দেখোন ধুনীয়াকৈ শুই আছে প্ৰয়াগ , কতো একো দুখ পোৱাৰ চিনেই নাই — মই মিছাতে ইমান ভয় খালো —-

 —- নিশিগন্ধাৰ মুখখন উজলি উঠিল এক মুহূৰ্ত্তৰ বাবে —–

: নিশি বা —— কবিৰ চাৰৰ ইন্টাৰনেল ব্ৰেইন হেমৰেজ হৈছে — তেও আৰু —– আৰু —- নিশি বা — কবিৰ চাৰ আৰু নাই —–

——– এক প্ৰচন্ড কানতাল মৰা শব্দই যেন তাইৰ কান দুখন সোপা মাৰি ধৰিলে —- তাই একো নাই শুনা যেন প্ৰয়াগে কি কৈছিল —— নিশিগন্ধাই চকুৰে একো মনিব নোৱৰা হৈ ঢলি পৰিছিল মাটিত— কনমানী এ’কতাৰাক ধৰি থকা হাথ দুখন শিথিল হৈ পৰি তাই ও খহি পৰিছিল মাকৰ হাতৰ পৰা । প্ৰয়াগে তৎক্ষনাত তাইক হাত পাতি ধৰিছিল । একো বুজি নোপোৱা এ’কতাৰাই মাথো কান্দিছিল মাকে নোলোৱা বাবে ——–

                       ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

——-সকলো সলনি হৈ গৈছিল নিশিগন্ধাৰ —– এখন নতুন যুজ কৰিবলৈ তাই অগ্ৰসৰ হৈছিল —- সময়ে বিধ্বস্ত কৰিলেও তাই জী উঠিবই লাগিব —- কনমানী এ’কতাৰা জনীৰ বাবেই । প্ৰয়াগে ভায়েকৰ দৰে দায়িত্ব লৈছিল সিহতৰ । তাই নিজকে ফিনিক্স পক্ষীৰ দৰে লাগিছিল —-   সময়ৰ নিৰ্দয়তাই তাইক ভিতৰি মাৰি পেলাইছিল কিন্তু তাই যে তথাপিও জী থাকিবই লাগিব—-

 —- এ’কতাৰাক লৈ দেখা সিহতৰ সপোনবোৰক সাকাৰ কৰিবলৈ তাই যুজিবই লাগিব —- কবিৰৰ কামবোৰক চম্ভালি লবলৈ নিজকে পুনৰ্নিৰ্মাণ কৰিছিল তাই । তাই গঢ়ি তুলিছিল নিজক প্ৰচন্ড সাহসেৰে —-প্ৰতিতো খোজত তাইৰ সাহসৰ কেন্দ্ৰবিন্দু আছিল সিহতৰ—– এ’কতাৰা ——

……..এগৰাকী মহিলাক লৈ আনিছিল তাই ঘৰখনত থকাকৈ ! এ’কতাৰাক চোৱা চিতা কৰিবলৈ……..

 —–ঠিক তাইৰ পিতৃ মাতৃয়ে তাইক চোৱা চিতা কৰিবলৈ এসময়ত যমুনা দিদিক অনাৰ দৰেই ——

  —–  এৰা ….! জীৱনত বহু কথাৰে পুনৰাবৃতি ঘটে  , উদ্দেশ্যবোৰৰ মাজত বিশাল পাৰ্থক্য থাকিলেও —–

———–সময় সলনি হয় ———— সলনি হয় নিশিগন্ধাৰ জীৱনৰ উদ্দেশ্য ও ——

——-এখন চিৰ প্ৰৱাহিত নদীৰ দৰেই থমকি নোৰোৱাৰ প্ৰতিজ্ঞাৰে জীৱনৰ প্ৰতিতো স্তৰ পাৰ হৈ গৈ থাকে —- ভিন ভিন সময়ত লগ পোৱা বহুতৰ মাজৰে কোনোবা এজন হয়তো হৈ পৰে বুকুৰ আপোন —— সময়ত সেই  বুকুৰ আপোনজনে ও কেতিয়া নিসংগ কৰি এৰি গুচি যায় কোনেও নাজানে —– তথাপি সময় গৈ থাকে —- জীৱনৰ অধ্যায়বোৰ সলনি হৈ গৈ থাকে  —–

——-জীৱন বৈ থাকিবলৈকে ——                     (সমাপ্ত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: জীৱন বীক্ষা
Anjan Sarma

Anjan Sarma

Related Posts

জয় স্বৰ্গদেউৰ জয় !
Short Stories

জয় স্বৰ্গদেউৰ জয় !

by Anjan Sarma
October 7, 2025
0

জয় স্বৰ্গদেউৰ জয় ! অঞ্জন শৰ্মা ডেটল আৰু ফেনাইলৰ গোন্ধত হতবাক হৈ পৰিছে বীজাণুবোৰ।আটাইবোৰ টিউবলাইট সক্ৰিয় হৈছে। চৌদিশে এক উলাহৰ...

Read moreDetails
ৰণাংগনৰ ডায়েৰী

ৰণাংগনৰ ডায়েৰী

January 6, 2025
বিকল্প

বিকল্প

August 4, 2024
ৰজাৰ সাধু, ৰজাৰ কথা

ৰজাৰ সাধু, ৰজাৰ কথা

February 19, 2024
beautiful dark red flowers in pot on white table

ভেলেন্টাইন ডে’ উদযাপন

February 14, 2024
man wearing viking helmet focus photography

The mighty Viking

August 3, 2023
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d