জীৱন, মৃত্যুৰে যুঁজা শিক্ষকসকল !

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
১
ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন হ’বলগীয়া হোৱা শিক্ষকৰ অৱস্থা কেৱল দুখজনক নহয়, চিন্তনীয়ও। পিছে এনে পৰিস্থিতি এদিন বা এবেলাত হোৱা নাই। ক্ৰমে অৱক্ষয় হৈ অহা নৈতিক মূল্যবোধ আৰু সামাজিক পট পৰিৱৰ্তন ইয়াৰ বাবে জগৰীয়া।সময়ৰ লগে লগে পৰিৱৰ্তন স্বাভাৱিক যদিও সকলো ক্ষেত্ৰতে সন্তুলন জৰুৰী। মানুহ আধুনিক হওক, নতুনক আদৰি লওক। পিছে শিপা পাহৰি নাযাওক।

সংবেদনশীল হোৱাতো, সৰল হোৱাতো, ভদ্ৰ হোৱাতো কেতিয়াৰ পৰা আউট ডেটেড হৈ পৰিল নাজানো। কিন্তু যেতিয়া লক্ষ কৰো, সৰল মানুহক মানুহে অকৰা আখ্যা দিয়া, তেতিয়া তবধ মানো। যেতিয়া লক্ষ কৰো যিকোনো মিটিং বা অনুষ্ঠানত উচ্চ স্বৰে কথা কোৱা মানুহৰ কাষত ভীৰ বেছি হয়, অথচ মৌন হৈ বহি থকা জ্ঞানীলোকৰ খবৰ লওঁতা কোনো নাথাকে, আচৰিত হওঁ। হাই ব্র,হেল্ল আদি শব্দ নকৈ নমস্কাৰ বুলি হাত যোৰ কৰাজন যেতিয়া ৰাজহুৱা স্থানত পিছপৰি ৰয়, তেতিয়াই ভাবো কৰবাত কিবা এটা কেনা নিশ্চয় লাগিছে।
২
আমি সেইদিনা এজন শিক্ষক ছাত্ৰৰ প্ৰহাৰত ধৰাসায়ী হোৱা খবৰ পালো।পিছে আমাৰ অজানিতে নিতৌ কিমান শিক্ষকক ছাত্ৰ,অভিভাৱক আৰু তথাকথিত সমাজখনে মানসিকভাৱে ধৰাসায়ী কৰি আছে, সেয়া লক্ষ নকৰো।এবাৰ এটা ৰিল দেখিছিলো। য’ত মহিলাগৰাকীয়ে গাড়ী চলাই যোৱা গিৰিহঁতক কৈ থাকে-সোঁফালে যোৱা, স্পীড কমাই চলোৱা, আগত মানুহ আছে,দেখিছা নহয়? সদায় শুনি শুনি অতিষ্ঠ হৈ এদিন মানুহগৰাকীয়ে অমলেট বনাই থাকোতে মানুহজন কাষতে থিয় হৈ কৈ থাকিল- নিমখ আৰু অকণ দিয়া। জুই কমাই দিয়া। এবাৰ লুটিয়াই দিয়া। তাকে শুনি মানুহগৰাকী খঙত অগ্নিশৰ্মা হৈ মানুহজনক উভতি ধৰিলে। তেতিয়াহে মানুহ্জনে বুজাই দিলে বোলে- কাম কৰাৰ স্বাধীনতা নাথাকিলে কোনো মানুহৰে কাম কৰাত ৰুচি নাহে। তেনে কামৰ ফলাফলো খুব মনঃপুত নহয়।
শিক্ষকৰ ক্ষেত্ৰতো একেই কথা। চৰকাৰৰ পৰা আৰম্ভ কৰি অভিভাৱক,ছাত্ৰ,সমাজৰ ভৱ্য গৱ্য সকলোৰে চকু মাথোঁ শিক্ষকৰ ওপৰত। শিক্ষকৰ ওপৰত বিভিন্ন পৰামৰ্শৰ দীঘলীয়া তালিকা এখন সকলোৰে হাতে হাতে থাকে। তাতে আকৌ নৈতিকতা ৰক্ষা কৰা, সু চৰিত্ৰ বজাই ৰখা, পিন্ধন উৰণত মাৰ্জিত হোৱা ইত্যাদি ইত্যাদি নীতিশিক্ষাবোৰ শিক্ষকৰ মূৰৰ ওপৰত ধাৰ থকা তৰোৱাল এখনৰ দৰে চৌব্বিশ ঘণ্টা ওলমিয়েই থাকে। শিক্ষক হৈছে বহুতৰ বাবে আজৰি পৰৰ অলস আলোচনাৰ বিষয়বস্তু। পিছে মৰেল পুলিচ সকলৰ নিজৰ মৰেলিটিত কিমান অনুশাসন চলে সেয়া বিচৰ্যৰ বিষয়। শিক্ষকৰ বাবে যিবোৰ কৰ্ম আমি বেয়া বুলি নিশ্চিত কৰিছো,সেয়া আনৰ বাবে কি যুক্তিত ভাল হ’ব পাৰে? কথাবোৰ নিৰপেক্ষ হোৱা ভাল।
ইয়াৰ পিছত কি কৰিবা?
PLEASE CLICK THE LNK ABOVE
৩
কোনোবা শিক্ষকে ডাঙৰ ঘৰ সাজিছে,শিক্ষকে ইমান টকা ক’ত পাইছে? দামী গাড়ী এখন লৈছে,বহুত টিউচন কৰে,হ’বপায়। নতুন ফেশ্যনৰ কাপোৰ পিন্ধিছে,শিক্ষকৰ এনে ষ্টাইল ভাল নালাগে পাই। কৰবাত ফুৰিবলৈ গৈছে,মাষ্টৰৰ তাও চোৱা। শিক্ষকৰ সামান্য ভুলতে সকলোৰে ভ্ৰূ কোচ খায়। অথচ আন আন প্ৰফেশ্যনৰ ক্ষেত্ৰত সকলো চকু মুদা কুলি। ডাক্তৰৰ ব্যক্তিগত মামণি, চৰকাৰী বিষয়াৰ দৰমহা, ব্যৱসায়ীৰ মাহেকীয়া উপাৰ্জন, অভিযন্তাৰ অতিৰিক্ত উপাৰ্জনে কাৰো চকুৰ টোপনি নাকাঢ়ে। চকুৰ কুটা দাঁতৰ হুল হৈ পৰে মাথোঁ শিক্ষকৰ জীৱনশৈলী আৰু উপাৰ্জন।

আমাৰ চকুত যে সেই তাহানিতে কলা ছাতি এটা লৈ খোজ কাঢ়ি বা চাইকেল চলাই যোৱা শিক্ষকৰ পুৰণি ছবি এখন আঠা লাগি আছে, সেইহে হয়তো আমি ব্যতিক্রম হোৱাতো সহ্য কৰিব নোৱাৰো। সীমিত আয়েৰে সাধাৰণ ভাৱে চলা শিক্ষকহে আমাৰ প্রিয়। সময়ৰ লগে লগে বাট পথ, মানুহৰ জীৱনশৈলী,আচাৰ,বিচাৰ,ৰীতি নীতি সকলো সলনি হ’ল। কিন্তু শিক্ষক সলনি হোৱাতো আমাৰ কাম্য নহয়। আচৰিত ধৰণৰ মানসিক বিকাৰ এয়া। ভাৰতীয়সকলেই হয়তো পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে শিক্ষকক দেশৰ শিক্ষাৰ দায়িত্ব দি মুক্ত হ’ব খোজে, অথচ মনেৰে বিচাৰে যে তেওঁলোক সদায় নিৰলা,নিছলা হৈ থাকক।
শ্ৰমৰ মৰ্য্যদা আৰু অসমীয়া যুৱকৰ মৃত্যু
PLEASE CLICK THE LNK ABOVE
৪
এয়াই আমাৰ সমাজৰ প্ৰকৃত স্বৰূপ,যাৰ বাবে আজি বেছিভাগ লৰা ছোৱালীৰে শিক্ষক হোৱাটো প্ৰথম পছন্দ নহয়। উপয়ন্তৰ হৈহে বহুলোক শিক্ষক হয়। এখন দেশৰ ভৱিষ্যত, এটা প্ৰজন্ম গঢ়োতাৰ বিষয়ে যদি সমাজৰ দৃষ্টিভংগী বিয়োগাত্মক হয়,তেন্তে দেশৰ ভবিষ্যত নিৰাপদ বুলি কোনো পধ্যেই আশা কৰিব নোৱাৰি।ছাত্ৰৰ ভয়ত শিক্ষক শংকিত হৈ আছে। পৰীক্ষা হলত সুৰক্ষা প্ৰদানৰ বাবে অধিক সংখ্যক আৰক্ষীৰ দাবী কৰিছে শিক্ষক সকলে।এয়া ছাত্ৰ সমাজৰ জয় নহয়,বৰঞ্চ ছাত্ৰই ধ্বংসৰ দিশে আগবঢ়োৱা প্ৰথমতো খোজ।
৫
কথাই কথাই শিক্ষকক দোষাৰোপ কৰা লোকসকলৰ যুক্তিৰ তুলাচনিত এইবাৰ শিক্ষকৰ ওজন বেছি হ’বনে, ছাত্ৰৰ? বহু স্কুলত দেখো শিক্ষকে ছাত্ৰক সমান্য কিবা এটা ক’লেই অভিভাৱকে দীঘল দীঘল অভিযোগৰ কাগজ লৈ অধ্যক্ষৰ ওচৰ পায়গৈ। স্কেলেৰে মৰা চিন এটাৰ ফটো উঠাই ফেচবুক whats aap গ্ৰুপ উত্তাল কৰি তোলে। অৱস্থা এনে কৰি পেলাই যেন শিক্ষকজন কোনোবা কুখ্যাত ডকাইতহে। ফলত শিক্ষকেও ভাবিবলৈ লয়- যা, আমাৰ কি আহে যায়, বেয়া দেখিলেও একো নকওঁ, পঢ়ুৱাব লাগে পঢ়ুৱাম, মাহৰ শেষত দৰমহা লৈ ঘৰলৈ যাম। ভুল ভাবে নেকি তেওঁলোকে? একেবাৰে শুদ্ধ ভাবে। আপোনাৰ ,মোৰ ল’ৰা ছোৱালীক মানুহ কৰাৰ ঠিকা লোৱা নাই তেওঁলোকে।তেওঁলোকে চাকৰিহে কৰিছে। সেইটো কামৰ বাবে তেওঁলোকক খুব সাংঘাতিক দৰমহা এটা দিয়া হৈছে নেকি? নে সমাজত একেবাৰে উচ্চ স্থানত ৰাখিছে,নে চুড়ান্ত সন্মনীয় ব্যক্তি হিচাপে স্বীকৃতি দিছে? যাৰ বাবে তেওঁলোকে জি-জান লগাই আপোনাৰ মোৰ ল’ৰা ছোৱালীৰ বাবে কাম কৰিব? ভাবিলেই যেনিবা কৰিম বুলি।দিব নেকি অভভাৱক সকলে?
নীলা নদী নে এৰা সুঁতি ?
PLEASE CLICK THE LNK ABOVE
সোণটো, জানটোৰ চকুত সামান্য চকুপানী দেখি আমিয়েই নাযাবনে শিক্ষকৰ পৰা কৈফিয়ৎ বিচাৰি? নিজৰ নিজৰ কামত সকলোৰে পাৰদৰ্শিতা থাকে। আমি ডাক্তৰক কওঁগৈ নেকি, এনেকৈ চিকিৎসা কৰক, তেনেকৈ চিকিৎসা কৰক বুলি? উকিল এজনক শিকাওগৈ নেকি এনেকৈ ওকালতি কৰক বুলি? তেন্তে শিক্ষকৰ কামত ইমান হস্তক্ষেপ কিয়? আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি তেওঁলোকৰ হাতত অৰ্পণ কৰোঁ কিন্তু তেওঁলোকক নিজৰ কাম কৰাৰ স্বাধীনতা দিবলৈও কুণ্ঠাবোধ কৰোঁ। শিক্ষক, শিক্ষাব্যৱস্হাৰ ওপৰত যদি ইমানেই বিশ্বাস নাই, তেন্তে বিদ্যালয়লৈ পঠিওৱাৰ প্ৰয়োজনেই বা কি? অভিভাৱক সকল যদি শিক্ষকতা কৰিব পৰাকৈ অভিজ্ঞ, তেন্তে স্কুললৈ নপঠাই সন্তানক ঘৰতে শিক্ষিত কৰাৰ দায়িত্বও নিজেই লোৱা উচিত।
পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়
PLEASE CLICK THE LNK ABOVE
৬
পৰীক্ষা হলত নকল ধৰাৰ বাবে শিক্ষকক আক্ৰমণ! কম লাজৰ কথানে? পৰীক্ষাৰ আৱশ্যকেই কিয় তেনেহ’লে?শিক্ষকক প্ৰহাৰ কৰা পৰীক্ষাৰ্থী সকল যদি কাইলৈ ৯৯% লৈয়ো ওলাই আহে, সমাজত ত্ৰাস, দুৰ্নীতি, অনীতি বিয়পোওৱাৰ বাহিৰে তেওঁলোকে অন্য কি কৰিব পাৰিব? তেনে শিক্ষাতকৈ তেওঁলোক অশিক্ষিত, মূৰ্খ হৈ থকাই ভাল। অন্তত ডাঙৰ ডাঙৰ পৰীক্ষাবোৰ পাছ কৰাৰ চাৰ্টিফিকেট এখন লৈ সমাজত মুখাধাৰী ভদ্ৰলোক হৈ থকা লোকৰ সংখ্যা কেইজনমান কমিব।

কিন্তু নহয়,ইমানখিনি হৈ যোৱাৰ পিছতো আমাৰ সমাজত দোষী ছাত্ৰৰ পক্ষে যুক্তি দৰ্শোৱা ব্যক্তিৰ অভাৱ নাই। বেচ তেন্তে,বঢ়িয়া। এই যে চিলাপথাৰ অকাজানৰ শিক্ষকজন পৰীক্ষা হলত নকল ধৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল, মানুহজন যে বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে তাৰ বাবে আমি দুখ কৰা উচিত নহয়, বৰঞ্চ আমি ফুৰ্তিহে কৰিব লাগে, কাৰণ আমাৰ ল’ৰা ছোৱালীবোৰ ইমান বেছি পৰিপক্ক হৈ উঠিছে যে ভাল বেয়াৰ সিদ্ধান্ত মুহূৰ্ততে লৈ হাতে কামে লাগিব জনা হৈছে। আৰু অভিভাৱক সকল??? তেওঁলোকৰতো আৰু চিন্তা নাই, তেওঁলোকে সন্তানক দিয়া শিক্ষাই আজি সমগ্ৰ অসমকে বাতৰিৰ শিৰোনামালৈ তুলি আনিব পাৰিছে। গৌৰৱ কৰাৰহে কথা।
৭
বহুতে হয়তো ক’ব শিক্ষকো বেয়া আছে। হয় আছে। অকাজানৰ সেই উদণ্ড ছাত্ৰ সকল কালচক্ৰত পৰি যদি কোনোবাদিনা শিক্ষক হয়গৈ, তেন্তে তেওঁলোক চৰম অযোগ্য শিক্ষক হ’ব। কেৱল শিক্ষকেই নহয়, তেওঁলোক দেশৰ অসৎ ,অযোগ্য নাগৰিক হ’ব।সংসাৰ কৰি যদি এসময়ত অভিভাৱক হয়গৈ তেন্তে অপদাৰ্থ অভিভাৱক হ’ব।আৰু এতিয়াৰ যিসকল শিক্ষকৰ ওপৰত আমি যুক্তিৰে বেয়া বুলি আঙুলি টোঁৱাও তেওঁলোকৰো নিশ্চয় এই ছাত্ৰ সকলৰ সৈতে চৰিত্ৰগত বৈশিষ্ট্যৰ মিল আছে। অকাজানৰ যিসকল অভিভাৱকে এনে কাৰ্যৰ সমৰ্থন জনাইছে বা মৌন হৈ আছে তেওঁলোককো দোষীৰ সৈতে একে শাৰীৰ বুলি গণ্য কৰিব পাৰি।

৮
শিক্ষাৰ মহিমা আৰু শিক্ষকৰ গৰিমা নস্যাত কৰি আগুৱাব খোজা সমাজ আগুৱাই গৈ যে এটা সময়ত খালতহে পৰিব, সেয়া ধ্ৰুৱসত্য। সমাজ, দেশ আৰু ন্যায় ব্যৱস্থাই বিষয়তো কি দৰে লয় বৰ্তমান এয়াহে চাবলগীয়া বিষয়। ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতৰ ভৱিষ্যত।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















