• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জীৱন, যাত্ৰা আৰু কিছু অনুভৱ

-ডা° সুকৃতি চৌধুৰী

by Admin
June 23, 2021
in Special Report
Reading Time: 1 min read
0
two yellow flowers surrounded by rocks

Photo by Nacho Juárez on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী |

যেতিয়া বহুত ক্লান্ত হৈ চকুহাল মুদি সাৰসুৰ নকৰাকৈ জিৰণি ল’বলৈ চেষ্টা কৰো , জয়ন্ত হাজৰিকাৰ এই গানটো মোৰ মনৰ মাজত সদায়েই বাজি উঠে —“কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত বুলাই যোৱা”…এক অতীন্দ্ৰিয় অনুভূতিৰে এনে ভাৱ হয় যেন মোৰ আই শুকুলা সাজেৰে সৰগৰ পৰা নামি আহি আলফুলে মোৰ মুৰটো বুকুৰ মাজত সোমোৱাই লৈ আদৰ কৰি শুৱাই দিছে …..দহৰ পৰা পোন্ধৰ মিনিট…ইয়াৰ পিছত যেন মই আকৌ নতুন শক্তিৰে জী উঠো….এয়াই চিকিৎসকে আপোনাক কোৱা নিজকে সজীৱ কৰা চমু টোপনি বা ইংৰাজীত ক’বলৈ গ’লে Power Nap!

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

 কাম কৰি কৰি আপোনাৰ শৰীৰটো যেতিয়া লেবেজান হৈ উঠিব, মনটো চিন্তা শূন্য কৰি মোবাইল – টিভি বা আন সকলো ধৰণৰ মনোযোগ হৰণ কৰা বস্তু বা ইংৰাজীত ক’লে distractions ৰ পৰা নিজকে দুৰত থৈ শান্ত হৈ দহৰ পৰা পোন্ধৰ মিনিট চকু বন্ধ কৰি জিৰণি লোৱাটোৱেই খুউব সাধাৰণ ভাষাৰে “পাৱাৰ নেপ” ৰ প্ৰাথমিক সংজ্ঞা ৷ তৎক্ষণাত আপোনাৰ মনৰ পৰা সকলো চিন্তা সকলো টেনচন দুৰ কৰিবলৈ জিভাখন ওলোটাই তালুৰে দুখ নোপোৱাকৈ হেচি ধৰি থাকক ৷ আধাৰ পৰা এক এক মিনিট এনেকৈ থাকক ৷ আপোনাৰ সমস্ত মনোযোগ ইয়াতে কেন্দ্ৰিত হ’ব আৰু আন চিন্তাবোৰ নিমিষতে পাহৰিব ৷ এতিয়া চকীত হেলন দি লওঁক পাৱাৰ নেপ……

এই গোটেই কথা খিনি মোৰ মনলৈ এই বাবেই আহিল যে আজি পুৱা ৯ মান বজাতেই  কাণপুৰৰ পৰা কৰ্মথলী গোৰখপুৰলৈ বুলি মোৰ গাড়ীৰ মিটাৰত ৩৬৪ কিলোমিটাৰ দেখুওৱা যাত্ৰাত একেৰাহে চাৰে সাত ঘণ্টা ড্ৰাইভ কৰি ভাগৰি গৈছিলো আৰু পাৱাৰ নেপৰ জৰিয়তে নিজকে সতেজ কৰিলো ৷ কোৱা বাহুল্য যে ডেৰ বছৰমান আগতে দাদাৰ গালি-শপনি শুনি ৰেনল্ট ডাষ্টাৰ SUV  খন লোৱাৰ আগতে স্কুটীখনেই আছিল একমাত্ৰ যাত্ৰাৰ সাধন ৷ দাদাই সেইখনৰ নাম দিছিল “বাসন্তী ৷ ” ফোন কৰি ক’ব –“ঐ বাসন্তীক বতাহৰ আগত উৰাই নুফুৰিবি  ৷

হয়, দাদাই বহুতৰে পৰা সঁচা ওজৰ-আপত্তি পাইছিল যে মই বোলে বৰ জোৰেৰে চলাওঁ ৷ দাদাই সদায় সেই যে ৰাস্তাৰ কাষত লিখা সতৰ্কবানী —“Speed thrills but kills” বুলি বাক্যটো, হয় টেক্সচ মেচেজ নহ’লে হোৱাটচএপ-অত মোলৈ পঠিয়াই থাকিবই ৷ জোৰেৰে চলোৱা কথাটো আছিল আচলতে অৰ্ধসত্য ৷ কিয়নো দাদাক লগাই দিব পৰা মানুহ কেইটাৰ আগত মই ইচ্ছা কৰিয়েই জোৰকৈ চলাইছিলো ৷ মই আচলতে বিচাৰিছিলো যে, ইহঁতে দাদাক লগাই দিয়ক ৷ দাদাই মোক কল কৰি গালি পাৰক ৷ এই গালিবোৰৰ মাজত থকা দাদাৰ মৰম আৰু মোৰ বাবে ইমানকৈ চিন্তা কৰাটো মই অনুভৱ কৰি বৰকৈ আৱেগিক হৈ পৰিছিলো ৷ এই আৱেগ কিয় জানো বাৰে বাৰে অনুভৱ কৰিবলৈ মই যেন এডিক্টকেড হৈ গৈছিলো ৷

 মামণি ৰয়ছম গোস্বামীয়ে “আধা লেখা দস্তাবেজ” ত বৰ্ণনা কৰা মথুৰাত থকা তেওঁৰ মাননীয় শিক্ষাগুৰুজনৰ গাৰ পৰা যেনেকৈ দেউতাকৰ গাৰ গোন্ধ পাইছিল, মইয়ো কিবা যেন দেউতাৰ গাৰ গোন্ধটো দাদাৰ গাৰ পৰা ভাহি অহা যেন পাইছিলো ৷ সচাঁকৈয়ে নাৰীয়ে পুৰুষৰ গাৰ গোন্ধৰ পৰাই কৈ দিব পাৰে এই মানুহজন মোৰ কি হয় ৷ হয়তো এয়া ঈশ্বৰ প্ৰদত্ত কিবা অদ্ভুত শক্তি ৷ দাদা নিজৰ কৰ্মথলীত বেছিকৈ ব্যস্ত হৈ পৰি দুদিনমান মোৰ খবৰ নল’লেই সেই কথা লগোৱা মানুহ কেইটাৰ আগত মোৰ জোৰকৈ চলোৱাটো বেছি হৈছিল ৷ তাৰ পিছত কেইদিনমান শান্ত হৈ থকা মোৰ মোবাইলটোত ৰিং বাজি উঠিছিল…….

অহ্ মই কিবা ক’ব খুজি আনফালে গতি কৰিলো ৷ ক’ব খুজিছিলো ২৭ নম্বৰ নেচনেল হাইৱেৰে গাড়ী চলাই লক্ষ্ণৌ, বাৰাবংকী, ফৈজাবাদ হৈ গোৰখপুৰ পালোহি ৷ ইতিমধ্যে e-Pass ৰ ব্যৱস্থা কৰা আছিলেই ৷ গতিকে অসুবিধা নাছিল ৷ মই যাত্ৰা কৰা সময়ত দুশটা পানীৰ বটল আৰু দুহেজাৰমান টকাৰ বিস্কুট মোৰ সৈতে লৈছিলো ৷ মই ভবা মতেই সমগ্ৰ পথতেই কণ কণ শিশু, মহিলা আৰু টালি টোপোলা বান্ধি ইমান ৰ’দৰ মাজেৰে গৰম পথটোৰে খোজ কাঢ়ি যাত্ৰা কৰা  ঘৰমুখী দৰিদ্ৰ শ্ৰমিকৰ লানি নিছিগা শাৰী ৷ ঠায়ে-ঠায়ে বিস্কুটৰ পেকেট আৰু পানীৰ বটল বোৰ বিলাই গৈছিলো ৷ গোটেই পথটোতেই হাইৱে’ পুলিচৰ পেট্ৰ’লিং চলিছিল ৷ তাৰ মাজতো সুৰুঙা উলিয়াই পুলিচৰ চকু নপৰাকৈ মহিলা আৰু শিশুৰ সৰু সৰু দুই এটা দলক মোৰ গাড়ীৰে অকণমান আগুৱাই দিছিলো ৷ সজল চকুৰে তেওঁলোকে হাতযোৰ কৰিছিল ৷ মই নজনাকৈ চকুৰ পানীৰে মোৰ দুগাল তিতি গৈছিল ৷

প্ৰতিখন ডাঙৰ ঠাইৰ entry point ত মোক পৰীক্ষা কৰিহে আগুৱাই যাবলৈ দিছিল ৷ লক্ষ্ণৌত সোমোৱাৰ মাত্ৰেই গাড়ীয়ে মানুহে একেলগে চেনিটাইজ কৰিছিল৷ কোনো শ্ৰমিক পৰিয়ালক যাতে গাড়ীত উঠাই লৈ নেযাওঁ তাৰ বাবে সতৰ্ক কৰিছিল ৷ গাড়ীখনত বিস্কুটৰ পেকেট আৰু পানীৰ বটলবোৰ দেখি বাৰাবাংকীৰ ওচৰত এজন পুলিচ বিষয়াই কৈছিল –“মেইডম্ জী য়ে টাইম চছিয়েল ৱৰ্ক কৰনে কা নেহী হ্যে ৷ ” চিকিৎসকৰ চিনাকি দিওঁতে “বৰী দিলৱালী হ্যে” বুলি যাবলৈ দিলে ৷ পথে পথে ফুলি উঠা ৰঙা আৰু হালধীয়া কাগজ ফুলবোৰ চাই চাই কেইবাবাৰো অমনোযোগী হৈ পৰিছিলো ৷ এনেকৈ এবাৰ ডিভাইদাৰত লাহেকৈ খুন্দা এটাও মাৰি আহি আহি গোৰখপুৰ পালোহি…..

গোৰখপুৰ বুলি ক’লেই মোৰ মনলৈ আহে ১৯২২ চনৰ ০৪ ফেব্ৰুৱাৰীৰ দিনা দাউ- দাউকৈ  জ্বলি উঠা জুইকুৰাত পুৰি ছাৰখাৰ হোৱা চৌৰি-চৌৰাৰ ব্ৰিটিছ পুলিচৰ থানা খন ৷ য’ত ১৯ জনকৈ পুলিচ কৰ্মী জীৱন্তে জ্বলি মৰিছিল ৷ মহাত্মা গান্ধীয়ে এই কথাত ব্যথিত হৈ স্বাধীনতা আন্দোলন থমাই দিছিল ৷ তাৰ পিছতো ইয়াৰ স্বাধীনতা পিয়াসী মানুহবোৰ থমকি ৰোৱা নাছিল ৷ গঠিত হৈছিল হিন্দুস্তান ৰিপাব্লিকান এছোচিয়েশ্যণৰ ৷ তেওঁলোকে ১৯২৫ চনৰ ৯ আগষ্টৰ দিনা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰখ্যাত ” কাকৰী কান্ড” সংঘটিত কৰিছিল ৷ এই ঘটনাৰ নায়ক ছহিদ ৰামপ্ৰসাদ বিস্মিলক ব্ৰিটিছে গোৰখপুৰ জেইলত ফাঁচী দিছিল ৷ জৱাহৰলাল নেহৰুক ব্ৰিটিছে তিনি বছৰৰ বাবে কাৰাবাসলৈ পঠোৱাৰ বিৰোধিতা কৰি ইয়াৰ জনতা তীব্ৰ আন্দোলনেৰে ৰাজপথতলৈ ওলাই অহাত ১৯৪২ চনৰ ২৩ ছেপ্তেম্বৰৰ দিনা পুলিচে গুলি চলাই ন জন কৈ স্বাধীনতা সংগ্ৰামীক হত্যা কৰিছিল ৷ ৰাপ্তী নদীৰ পাৰৰ এয়াই গোৰখপুৰ….. হিন্দী সাহিত্যৰ ৰবীন্দ্ৰনাথ বুলি মই মুন্সী প্ৰেমচান্দক বিনাদ্বিধাই ক’ব পাৰো ৷ যদিও দুয়োজন নিজ গুণ আৰু মহানতাৰে মহান আৰু নিজৰ নিজৰ ভাষাৰ সাহিত্যৰ উচ্চতম পুৰোধা ৷ এই মুন্সী প্ৰেমচান্দৰ সাহিত্য সৃষ্টিৰ কৰ্মভুমিয়েই আছিল গোৰখপুৰ ৷ কৈশোৰৰ দিনবোৰত মুন্সী প্ৰেমচান্দৰ গল্পবোৰে বৰকৈ আকৰ্ষণ কৰিছিল ৷

গোৰখপুৰ বুলিলেই গীতা প্ৰেছ ৷ গীতা, ৰামায়ণ, মহাভাৰতকে ধৰি হিন্দু ধৰ্মশাস্ত্ৰ ৰ কিতাপ সমূহ ছপাই তেনেই কম দামত  দেশে -বিদেশে সাধাৰণ মানুহৰ কাষলৈ লৈ যোৱা গীতা প্ৰেছৰ কথানো কোনে নেজানে ? এসময়ৰ জনপ্ৰিয় সংগীতজ্ঞ যুটি লক্ষ্মীকান্ত-প্যাৰেলাল গোৰখপুৰৰে ৷ কোৱা হয় যে বুদ্ধদেৱে গোৰখপুৰৰ কাষৰে কোনো এঠাইত ৰোহিনী নদীৰ পাৰতেই ৰাজকীয় বেশভূষা চিৰকাললৈ ত্যাগ কৰিছিল ৷ বাকীখিনি ইতিহাস ৷ আনহাতে জৈন সকলৰ ২৪ সংখ্যক তীৰ্থাংকৰ মহাবীৰৰ জন্ম গোৰখপুৰৰ কাষৰে কোনো এঠাইত আৰু ইয়াৰ পৰা ১৫ কিলোমিটাৰ দুৰৰ পাৱাই নামৰ এঠাইত তেওঁ আত্মজ্ঞান লাভ কৰিছিল ৷ গোৰখপুৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ মগহৰতেই সন্ত কবীৰৰ জন্ম ৷ জীৱনৰ খোজে খোজে কবীৰৰ দোহা সমূহে মানুহক কেনেদৰে অনুপ্ৰেৰণা দিয়ে এই কথা বহলাই কোৱা নিস্প্ৰয়োজন ৷ নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক বাবা গোৰক্ষনাথৰ নামতেই গোৰখপুৰ ৷ গোৰক্ষনাথ মন্দিৰৰ কথানো কোনে নেজানে ৷ সাধাৰণভাৱে তেওঁলোকক শৈৱপন্হী বুলি কৈ থ’লেও কিন্ত বিস্তাৰ ভাৱে ক’বলৈ মোক এই বিষয়ে কিছু পঢ়াৰ দৰকাৰ হ’ব ৷ আশা কৰিছো নিকট ভৱিষ্যতে এই বিষয়ে পঢ়ি, বুজি তাৰ পিছতহে লিখিম ৷৷

চিকিৎসাৰ ক্ষেত্ৰত AIIMS খন গোৰখপুৰত এতিয়াও নিৰ্মাণাধীন যদিও বাবা ৰাঘৱদাস মেডিকেল কলেজখন সুখ্যাত ৷

গোৰখপুৰৰ ৰেডিয়াচটো চালে ইয়াৰে পৰা অযোধ্যালৈ ১৩৭ কিলোমিটাৰ , বাৰানসীলৈ ১৯৩ কিলোমিটাৰ, লক্ষ্ণৌ লৈ ২৭৩ কিলোমিটাৰ আৰু পাটনা অৱস্হিত ২৬৮ কিলোমিটাৰ দূৰত ৷

যোৱা ২৬০০ বছৰত আঠবাৰকৈ গোৰখপুৰৰ নাম সলোৱা হৈছে ৷ পুৰণি নামবোৰৰ ভিতৰত পিপলীবন নামটো হয়তো বুদ্ধদেৱৰ বিষয়ে জনা সকলোৱেই শুনিছে ৷ বৰ্তমানৰ গোৰখপুৰ নামটো ১৮০১ চনত হে দিয়া হৈছিল…..

বহু কিবাই ক’লো ৷ আজিৰে পৰাই কতৃপক্ষই দিয়া নিৰ্দেশ মতে নিজকে ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰি ৰাখিম ৷ ৰূমতে থাকি আপোনালোকলৈ বুলি লিখিম ৷ জীয়াই থাকিলে এনেকৈ বহুত কথা পাতিম ৷ কিবা হৈ মৰিলে এইবুলিয়েই ভাবি ল’ব যে এজনী মানুহক ভাল পোৱা ছোৱালী আছিল …..যাৰ দুচকুতো বহুত সপোন আছিল গৰুৰ খোজৰ বোকাপানীত  দেখা আকাশ খনৰ দৰেই……।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: জয়ন্ত হাজৰিকাজীৱন
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
February 1, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: