• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, April 20, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভূপেন হাজৰিকা: ‘জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই…’

ASSAMESE SECTION/ Bhupen Hazarika

by Editor
September 8, 2025
in Bhupen Hazarika, ASSAM, ASSAMESE SECTION, Special Report
Reading Time: 5 mins read
0
অকাল মৃত্যু আৰু সংগ্ৰাম
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকা: জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই

ড০ ভূপেন হাজৰিকা

জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই…

 [ ১৯৮০ চনৰ মহাবাহু আলোচনীত প্ৰকাশিত ড০ ভূপেন হাজৰিকাৰ ‍‘‍‘জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই’’ শীৰ্ষক লেখাটো পুনৰ ‘মহাবাহু’ত দাঙি ধৰিলো...]

তেতিয়া ১৯৭২ চন, নৱেম্বৰৰ আঠ তাৰিখ। অসমত জীয়াই থকাৰ যুঁজ চলিছে। অসমীয়া জাতিৰ বিপৰ্যয়। বহুতো শ্বহীদ হ’ল।

তেতিয়া মই লিখিছিলো—

এই গীত নুবুজিলে শতগীত লিখি যাম জগাই লুইতৰে পাৰ

শংকৰ মাধৱৰ মহা মহা সৃষ্টিৰে উজ্জ্বল লুইতৰে পাৰ,

RelatedPosts

এশটা বসন্তৰ গান…

এশটা বসন্তৰ গান…

April 20, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা

Bihu: A Journey from the Tradition to Transformation

April 16, 2026

কতজনে শলাগিলে অসমীয়া লিখনি পদ্মগোহাঞি বৰুৱাৰ।

বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ,

লিখাবোৰ কি বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ?

আনন্দ, চন্দ্ৰ, হেম, ৰজনীকান্ত আৰু অম্বিকাগিৰীৰ ভাষাৰ,

একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ?

আজান ফকীৰ আৰু লক্ষ্মীনাথৰ একে ধ্যান-একেটি আশাৰ,

মোজাম্মিল অনিলো হ’ল একে শৰতৰে দুটি ফুল, একেটি ভাষাৰ।

উপাধ্যায়, ত্ৰিপাঠী, আফাজ, তমিজ আৰু কৰ্মকাৰ চাহ বাগিচাৰ,

অসমীক আঁকোৱালি পাতিছে মনৰ কথা, ভাষা-নৱ অসমীয়াৰ!

বহুতো বঙালী ভাই লুইতৰ পাৰ পাই হ’ল বান্ধ অসমীয়াৰ,

বুকুখনি উদঙাই ঢালি দিলে অসমে মৌজোল স্নেহ নিজৰাৰ।

ন-বোৱাৰীৰো দেখো প্ৰাণৰ তৃষ্ণা হয় পতিগৃহ আপোন কৰাৰ,

বহু যুগ অসমতে থকা কিছু মানুহৰ দেখো কিয় চাৱনি ঘৃণাৰ!

দূৰণিৰপৰা আহি যুগ যুগ ধৰিও অসমীক মাতৃ নোবোলাৰ,

কথা শুনি কিনো ক’ব সুন্দৰ আত্মাই—জ্যোতি আগৰৱালাৰ?

কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায় অন্নদাশংকৰ আৰু সুনীতি কুমাৰ,

এওঁলোকে জানে দেখো ঐতিহ্য মহান আমাৰ মাতৃভাষাৰ। (মৃত্যু কথা)

আজি আই অসমী মিঠা দুটি ওঁঠ আৰু জিভা কিয় ৰাঙলী তোমাৰ?

(তাত) শাণিত অস্ত্ৰেৰে ঘপিয়ালে কোনে বোৱাই শোণিত সাতোবাৰ?

সাতোটি তেজৰ ধাৰ চিনিছো চিনিছো যেন জ্বলে তাত মুখ কাৰোবাৰ

এটি যেন ৰঞ্জিত, আনটি সূৰ্য আৰু এটি অনিল বৰাৰ।

গোলাপ কলিটিৰ দৰে সুকোমল মোজাম্মিল ‘ধন’ৰ দেহাৰ

তেজ সানি কোৰাণত তহঁতে চিঞৰ কিয় কি নাম সেইটো ভাষাৰ?

ৰঙা ৰঙা তেজ সনা দেহা দুটি পৰি ৰ’ল বলীন আৰু প্ৰমোদ বৰাৰ

তাৰ প্ৰতিবাদৰূপে শুনিছিলো শৱদ মহন্ত বাগৰি পৰাৰ।

সূৰ্যৰ পিনে চাই সংগ্ৰাম কৰিবলৈ অসমৰো আছে অধিকাৰ

তাৰেই প্ৰকাশক উচ্চাত্মিকা বুলি কৱ লুকুৱাই নিজে ব্যভিচাৰ।

চিন্তাৰ বাহন মোৰ মাতৃভাষা; অস্ত্ৰ নহয় ক্ষমতাৰ

মুখাপিন্ধা নীতিবিদ্ আওপাকে নুবুজাবি, মানে নাই তোৰ বক্তৃতাৰ।

ভাষাৰ সামন্তবাদ পুৰণিকলীয়া হ’ল, কিমান আৰু কৰ হুংকাৰ!

মইবৰ ভাবেৰে কত জাল তৰিবি মিছা মিছা সাংবাদিকতাৰ?

শান্তিপূৰ্ণ এই অসমীয়া জাতিটো ভাল ভাৰতীয় উদাৰ

আভুৱা নাভাঁৰিবি ভুৱা পণ্ডিত সৱ নিজকেই চিকুট এবাৰ।

(যুক্তি কথা)

(হেৰ’!) দেখুৱাই দেচোন এই মহাভাৰতত এচিকুটা মাটি ক’ৰবাৰ

(য’ত) চিন পৰি থকা নাই বহু ভাষা-ভাষীয়ে বহু বহুবাৰ গচকাৰ?

তেন্তে কিয় ভাৰতৰ অঞ্চলে অঞ্চলে সুআসন একোটি ভাষাৰ?

(তাত) দূৰণিৰপৰা অহা সংখ্যালঘুৱে লিখে বুৰঞ্জী জীণ যোৱাৰ।

পুনৰ গঠন বুলি পুনৰ ভাঙন কৰা চক্ৰান্ত আছে যাৰ যাৰ

জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকীয়ালো এয়ে শেষবাৰ।

বংগ-বন্ধু শ্বেখ মুজিবুৰে যেতিয়া চিঞৰিলে ‘সোণাৰ বাংলাৰ’

তেতিয়া জানো হেৰ অপমান কৰা হয় বিশ্বৰ অন্য ভাষাৰ?

তৰ্ক নকৰো মই, শেষ হ’ল তৰ্ক। এই গীত সতৰ্ক কৰাৰ

নানিবি অসমলৈ ত্ৰাস পৰিৱেশ, ধ্বংসযজ্ঞ জ্বলোৱাৰ।

বহু কাপুৰুষে ঘেৰি শিৰচ্ছেদ কৰিছিলি অহিংস অনিল বৰাৰ!

সৌৱা চা আকাশত জ্বলিছে অনিল

মোজাম্মিল—ৰূপ ধৰি ধ্ৰুৱ তাৰকাৰ। (শেষকথা)

অসমীয়া জাতিটোৱে অসমীয়া ক’বলৈ কাকনো কৰিছে বলাৎকাৰ।

হেৰ’

অসমীয়া ভাষাটিৰ অসমতে নাই জানো যোগ্যতা পোৱাৰ অধিকাৰ?

সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিৱান, কুচক্ৰী য’ত কুলাংগাৰ

(হেৰ’) অসম দেশখন তহঁতৰ জানো পৈতৃক পৰীক্ষাগাৰ?

আৰু যদি কোনোবাই উচ্চাত্মিকা মন লৈ অসমীয়াক জোকায় এবাৰ।

লক্ষ লক্ষ নৱ ডেকা-গাভৰুৱে তেজ দিব ৰঙা কলিজাৰ।

কাৰো প্ৰতি বিদ্বেষ, কাৰো ভাষা অৱহেলা, লক্ষ্য নহয় আমাৰ

এই গীত নুবুজিলে শত গীত লিখি যাম জগাই লুইতৰে পাৰ।

জোনাকী যুগৰপৰা সংগ্ৰাম কৰিও চিন নাই ভাগৰি পৰাৰ

আজিৰ অসমীয়াৰ অগনি চৰিছে গাত দীক্ষাৰে নৱবাৰতাৰ

আজিৰ অসমীয়াই নৱ ৰূপ ধৰি ল’লে

আগ্নেয় মহা জনতাৰ

দুৰ্জেয় নৱ চেতনাৰ

আগ্নেয় মহা জনতাৰ

 আঠ নৱেম্বৰ, ১৯৭২ চনত এই গীতটো লিখি শেষ হ’ল।

তাৰ পিছত ঊনাশী-আশী চনত শ্বহীদ হ’ল পূৰ্ণ নিৰ্মলীয়া—নাহৰকটীয়াত; গান্ধীবাৰী তামুলপুৰৰ প্ৰমোদ কলিতা; টংলাৰ মকুন্দ বড়ো; লামডিং—নগাঁৱৰ কমল বৰা; উজান বৰবৰীৰ খৰ্গেশ্বৰ তালুকদাৰ; বাগানপাৰাৰ নলবাৰীৰ শ্বহীদ দিলীপ হুজুৰী; চলাৰকটকী গাঁৱৰ দুলীয়াজানত কুমুদ গগৈ; চাচনিৰ অজিত নেওগ, ভাদৈ পাঁচআলিৰ নৃপেন বৰা, চাচনিৰেই নগেন ডেকা আৰু কোন ক’ত আছে, কোন শ্বহীদ হ’ব, আজি মই নাজানো।

আজি কোন কোন আহিছা আইক পূজিবলে’—আইৰ পূজাৰ বেলি হ’ল। আইৰ পূজাৰ বেলি হ’ল, সমনীয়া। সাজু হ’বৰে হ’ল ডেকা ল’ৰা, সাজু হ’বৰে হ’ল।

আমাৰ ল’ৰা পিছে সাজুতো হ’লেই। আৰু লক্ষ লক্ষ নৱ ডেকা-গাভৰু আগুৱাই গৈছে। পুৰণি পুৰুষে হাত সাবটি কিছুৱে বহি আছে! ই লজ্জাৰ কথা। আজি আঠ নৱেম্বৰ, বাসত্তৰ চন বহুদূৰ গ’ল। মহাবাহু লুইতত বহুতো পানী বাগৰিলে। এতিয়া সিদিনা যোৰহাটত হাজাৰ হাজাৰ জোঁৰ লোৱা শান্তিৰ সেনানী যেতিয়া আগবাঢ়িছিল, মই তৰাজানত বহি আছিলো। তেতিয়া মোৰ হঠাতে শেষ সকীয়নি দিবলৈ মন গ’ল।

আৰু লিখিছিলো—

ঊনাশী-আশীত লুইতপৰীয়াৰ দলে

সহস্ৰ কণ্ঠেৰে ক’লে,

অহিংস নীতিৰে কৰিম সংগ্ৰাম

যাওকগৈ জীৱনটো গ’লে।

খৰ্গেশ্বৰৰ কোমল বুকুত

শোষকৰ শাণিত অস্ত্ৰ,

তেজাল ডেকাৰ তেজ বেগেৰে বলে

দেহত শুকুলা বস্ত্ৰ।

এই সংবাদ শুনিয়েই অসমবাসীৰ

কালিকা চৰিল যেন গাত,

অগণন ৰাইজে সমদল সজালে

জীৱনটো কৰিও পাত।

দুলীয়াজানত গ’ল অজিত নেওগ

নগেন ডেকা আৰু কুমুদ গগৈ,

বাগানপাৰাৰ দিলীপ হুজুৰীও

বীৰদৰ্পে গুচি গ’লগৈ।

আৰু কত শতজনে মৰণক নেওচি

নিতে নৱ কৰিছেহি পণ,

পোহৰ সন্ধানী অগ্নিশিখাত

উজলিছে জন অগণন।

মৃত্যুপণেৰেই উলিয়াব লাগিবই

জীয়াই থকাৰ এটি বাট,

এই সংগ্ৰাম—শেষ সংগ্ৰাম

এয়েই শেষ শৰাইঘাট।

জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই…

(১৯৮০, প্ৰথম সংখ্যা, মহাবাহু)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই
Editor

Editor

Related Posts

এশটা বসন্তৰ গান…
Music

এশটা বসন্তৰ গান…

by Anjan Sarma
April 20, 2026
0

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষ্যত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি  

Read moreDetails
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
এশটা বসন্তৰ গান…

এশটা বসন্তৰ গান…

April 20, 2026
Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

April 20, 2026
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threaten the Indigenous Communities

April 19, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d