• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

জুবিন গাৰ্গৰ মৃত্যু আৰু GEN Z ৰ প্ৰতিক্ৰিয়া!

Assamese Section / Opinion

by Jharna Sarma Dev Choudhury
October 30, 2025
in ASSAMESE SECTION, Opinion
Reading Time: 3 mins read
0
জুবিন গাৰ্গৰ মৃত্যু আৰু GEN Z ৰ প্ৰতিক্ৰিয়া!
Share on FacebookShare on TwitterShare on LinkedIn

জুবিন গাৰ্গৰ মৃত্যু আৰু GEN Z ৰ প্ৰতিক্ৰিয়া! 

Gen Z 3

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

Jharna Sarma 1
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

মাজে মাজে মনত সংশয় জাগে।কিছুমান চিন্তাই ক্ষনে ক্ষনে মন অস্থিৰ কৰি তোলে। নিজে অভিজ্ঞতা গোটাব নোৱাৰা কিছুমান বিষয়ত যেতিয়া অন্য লোকৰ প্রতিক্ৰিয়া বা মন্তব্য দেখোঁ, তেতিয়া ভাৱ হয়, মই কোনখন জগতৰ বাসিন্দা? এনেবোৰ ঘটনা মোৰ সন্মুখত কিয় ঘটা নাই বা মই কিয় দেখা নাই? বহুতেই লিখা দেখিছোঁ GEN Z এবাৰ উত্তেজিত হ’লে অসমৰ পৰিস্থিতি ভয়ংকৰ হ’ব। অসম নেপাল হ’বলৈ বেছি পৰ নালাগিব।

এতিয়া প্ৰশ্ন আহে এইখিনি কোনখিনি GEN Z ? যি অসমলৈ অমানিশা নমাই আনিব বুলি বহুলোকে ভয় কৰে? মই নিজে GEN Z আৰু জেন আলফা দুয়োটা প্ৰজন্মৰ অভিভাৱক। জন্মৰ পৰা এতিয়ালৈকে 24×7 যোৱা পোন্ধৰ বছৰে সিহঁতৰ লগত আছোঁ। সিহঁতক আল পৈচান ধৰিছো, মৰম কৰিছো,প্ৰয়োজনত খং কৰিছো,ধমকিও দিছো।শিক্ষা দিছো, সংস্কাৰ দিছো,সঁহাৰি দিছো, সময়ে সময়ে শাসন কৰিছো, নাকচ কৰিছো,নাকীও লগাইছো।সিহতৰ ব্যক্তি স্বাধীনতাত কোনোদিন হস্তক্ষেপ কৰা নাই, সেইবুলি সিহতে কি কৰিছে, ক’ত, কাৰ লগত গৈছে, কেতিয়া আহিছে, সেয়াও পাৰ্যমানে নজৰত ৰাখিছো।বেয়াতো সিহতে বেয়া পাব বুলি কোনোদিন নোকোৱাকৈ থকা নাই,উৎসাহ পাবলৈ ভালতো সন্মুখত ক’বলৈয়ো কেতিয়াও দ্বিধাবোধ কৰা নাই। 

               ক’তা, মোৰতো কোনোদিন লগা নাই যে অসমৰ ZG অসমৰ ভৱিষ্যতক প্ৰত্যাহ্বান জনাবলৈ আগ্ৰহী? মোৰ দৰে বহু অভিভাৱকৰে হয়তো মনলৈ এবাৰো অহা নাই যে আমাৰ সন্তান আৱেগৰ বশৱৰ্তী হৈ কোনোবাদিনা অসমখনৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব বা পঢ়া শুনা শেষ কৰি পথে পথে চান্দা তুলি ফুৰিব বা আন্দোলন কৰি অমূল্য সময় নষ্ট কৰিব ! কষ্ট কৰিব নোৱাৰা,সহজ ধনৰ প্ৰতি আকৰ্ষিত হোৱা এচাম লোক প্ৰতিটো প্ৰজন্মতে অলপ অচৰপ দেখা যায়।তাৰ বাবে কেৱল GEN Z দোষী হব নোৱাৰে।

Zen Zeneration

            এনে কথা লিখা লোকসকলেও নিশ্চয় নিবিচাৰে যে তেওঁলোকৰ সন্তানে কলম ধৰিবলৈ এৰি হাতত অগ্নিশিখা লৈ ৰাজপথলৈ ওলাই আহক। তেন্তে মাথোঁ GEN Z ক লৈয়েই ইমান সংশয় কিয়?তেওঁলোককেই মাথোঁ দোষাৰোপ কিয়? বয়সৰ বাবে আৱেগিক হয় তেওঁলোক, কিন্তু মূৰ্খ নহয়। এই বয়সত ZG য়েই কিয়?আমি ZX ,মিলেনিয়েল বা আন সকলো একেই আৱেগিক আছিলোঁ। মাথোঁ আমাৰ সময়ত আৱেগ প্ৰকাশ কৰিব পৰাকৈ আমি ফেচবুক,ইনষ্টা বা হোৱাতচ আপ পোৱা নাছিলো।

RelatedPosts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026

সৰুৰে পৰা আমাৰ তুলনাত তেওঁলোকে এখন বহল ক্ষেত্ৰ পাইছে।ক্ষেত্ৰ বহল হোৱাত স্বাভাৱিকতে আমাতকৈ প্ৰতিযোগিতা, প্ৰত্যাহ্বানো তেওঁলোকৰ জীৱনত বেছি। তাৰবাবেও কোনোবাখিনিত অমিয়েই দোষী।মানুহ সজাতকৈ আমাৰ দৰে বহু অভিভাৱকে মেচিন সজাত অধিক গুৰুত্ব দিয়ে।নিজে ৰংচঙীয়া পৃথিৱীত ভোল গৈ সন্তানলৈ পিঠি দিয়া অভিভাৱকৰ আজিৰ দিনত অভাৱ নাই। তেনে সন্তানকে আচলতে চলাহী কথাৰে ভূলোৱা সহজ। উত্তেজিত কৰা সহজ।ব্যক্তিগত লাভালাভৰ বাবে তেনে সন্তানকে কুটিল লোকে ব্যৱহাৰ কৰিবলৈ সুযোগ পায়।

        GEN Z ৰ যদি আজি আৱেগিক সন্তুলন নাই বুলি কওঁ তেন্তে তাৰবাবে দোষী কোন?সন্তানক সুস্থিৰভাৱে ডাঙৰ কৰাৰ প্ৰথম দায়িত্ব অভিভাৱকৰ।শুনিবলৈ বেয়া,কিন্তু সন্তান অবাটে গ’লে সমাজৰ প্ৰশ্নবোধক চাৱনি সদায় পিতৃ মাতৃৰ দিশে ঘুৰে।আজীৱন সজস্ৰ আঙুলিৰ প্ৰশ্নৰ তেওঁলোক সন্মুখীন হব লগা হয়। তেনেক্ষেত্ৰত GEN Zৰ বেয়া দিশটো কবলৈ যাওঁতে আমি অভিভাৱক সকলে দোষৰ গুৰুদায়িত্ব মুৰ পাতি স্বীকাৰ কৰিবলৈও সাজু থাকিব নালাগিব জানো?

  GEN Z য়ে কি ভাবে, কি কৰে জনাৰ আগতেই তেওঁলোকে নিজকে সম্বৰণ কৰিব নোৱাৰিব বুলি আমি সিদ্ধান্ত দিয়াৰ যুক্তি ক’ত?যদি সেইদৰেই ভাবিছোঁ তেন্তে তেওঁলোকক অধিক উত্তেজিত নকৰি ইয়াৰ প্ৰতিকাৰ উলিওৱাৰ দায়িত্বও আমাৰেই নহয়নে?

       আৱেগ এক অন্য বিষয়। আৱেগত উটি ভাঁহি কাগজ পত্ৰ,ফেচবুকত লিখা মেলা কৰা প্ৰজাতিটো কিন্তু আমি বা আমাৰ আগৰ চামহে। GEN Z গোটে এই সম্পৰ্কে খুব বেছি কথাৰ ফুলঝাৰী মৰা মোৰ চকুত পৰা নাই। তাৰ সলনি GEN Z ৰ বিষয়ে মই অনুভৱ কৰা কথাতো হৈছে তেওঁলোক খুব সংবেদনশীল। যুক্তিবাদী,সাহসী আৰু প্ৰচুৰ আত্মবিশ্বাসী। প্ৰয়োজনত তেওঁলোকে মাক দেউতাক,শিক্ষক, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী কাকোকে প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰে।

বয়স বা পদৱীত ডাঙৰ মানেই সন্মানীয়, এইকথা আমাক শিকোৱাৰ দৰে তেওঁলোকক শিকোৱাটো সহজ নহয়।ভাল, বেয়া, সন্মানীয় আদিৰ সংজ্ঞা নিৰূপণ কৰোঁতে তেওঁলোকে মাথোঁ বয়স বা পদপীৰ আঁত ধৰি বিচাৰ নকৰে। তাৰ বাবে তেওঁলোকে আন কিছুমান গুৰুত্বপূৰ্ণ দিশো চালি জাৰি চায়।সেইখিনি নকৰিবা বুলি কবলৈ দেখোন কোনো যুক্তিও বিচাৰি নাপাওঁ।মাথোঁ সেইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে যাতে ভাষাৰ শালীনতা,বয়সৰ মৰ্য্যদা আৰু নিজৰ ধৈৰ্য্য নেহেৰুৱাই সেই শিক্ষা দিয়া আৰু অভ্যাস কৰোৱাতো আমাৰ দায়িত্ব।

           পৃথিৱীখন যে বৰ্তমান এখন গাঁৱলৈ পৰিৱৰ্তন হ’ল, সেইকথা আমি মাথোঁ অভ্যাসবশত লিখোঁ, কিন্তু GEN Z হঁত প্ৰকৃতাৰ্থত হাতে কামে এতিয়া বিশ্ব নামৰ গাঁওখনৰ বাসিন্দা হৈ পৰিছে। যিকোনো কামত বিশ্বৰ যিকোনো ঠাইলৈ যাব পৰাকৈ তেওঁলোকে নিজকে যোগ্য বুলি ভাৱে।নতুন কামত হাত দিবলৈ বা যুক্তিৰে পূৰণিক খণ্ডন কৰিবলৈ তেওঁলোক পিছ হোহোকি নাহে। সাংঘাতিক সৃষ্টিশীল ইহঁত। সাংঘাতিক যোগাত্মক। পুৰণি বাটেৰে নগৈ নিজে বাট কাটি আগুৱাই যাব পৰাকৈ ইহঁত দৃঢ়। সমাজে কি ভাবিব বা মানুহে কি ক’ব আদিৰ পৰা এওঁলোক সৎযোজন দূৰত থাকে।

What are the top 25 happiest countries in 2025?

Happiness Index
Note. This is our own figure, based on data presented in the 2025 World Happiness Report. The happiness levels are an average of the years 2022, 2023, and 2024. The error bars are 95% confidence intervals.

              অভিভাৱক হিচাপে আমি GEN Z ক ভুল শিক্ষা দিয়া নাই বুলিয়েই ভাৱ হয়।বহু ক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰা আমাতকৈ পৃথক। পৃথক মানেইতো অশুদ্ধ নহয়।সময়ে নিৰ্ধাৰিত কৰা এই পৃথকতা অস্বীকাৰ কৰাৰ সামৰ্থ্য কাৰো নাই। আমাক দেখিও আমাৰ ককা আইতাহঁতে আশ্চৰ্য প্ৰকাশ কৰা মনত পৰে। এয়া অতীজৰে পৰা চলি অহা পৰিৱৰ্তনৰ এক স্বাভাৱিক ধাৰা। সদগুৰুৱে এবাৰ এজন অভিভাৱকৰ প্ৰশ্নৰ উত্তৰ দি কৈছিল যে আমি সৃষ্টি কৰা নিয়ম নামানিলেই আমি সন্তানক অবাটে যোৱা বুলি কওঁ। আমি সন্তানতকৈ মাথোঁ কেইবছৰমান আগতে জন্ম হোৱাৰ বাবেই নিজক সিঁহতকৈ অধিক জ্ঞানী বুলি পতিয়ন যাওঁ। কথাতো ভাবিবলগীয়া।

        ইয়াৰ পিছতো যদি কোনোবা উদণ্ড হৈছে,অভদ্ৰ আচৰণ কৰিছে,বা সমাজ বিৰোধী কাৰ্য্য কলাপত লিপ্ত হৈছে তেন্তে তাৰ বাবে সমগ্ৰ প্ৰজত্মটোক দোষাৰোপ কৰাটোৱো একপ্ৰকাৰ অপৰাধেই বুলিব লাগিব। জুবিনদাৰ মৃত্যুত গৰিমাবাৰ সন্মানত আঘাত কৰি ৰচনা লিখাসকলৰ কিমান জন GEN Zআছিল? সামাজিক মাধ্যমত অশ্লীল পোছাক পিন্ধি উত্তেজক নৃত্য প্ৰদৰ্শন কৰা সকলো GEN Z গোষ্ঠীৰ নেকি? অশালীন শব্দ প্ৰয়োগেৰে দীঘল দীঘল ৰচনা লিখি বোকা চটিওৱাৰ খেল খেলি থকা লোকৰ ভিতৰৰ সকলোবোৰেই GEN Z নে। যদি নহয়! তেন্তে এনে অস্থিৰ,উত্তেজিত পুৰণি চামে ডাঙৰ কৰা সন্তানকে GEN Z ৰ নামত আমি বদনাম কৰি থকা নাইতো?বহু সময়ত অৱশ্যে পৰিবেশ আৰু কুসংগও GEN Z ৰ অপবাদৰ একো একোটা কাৰক হৈ উঠে।

Zubeen 2 2

             ভালকৈ লক্ষ কৰিবচোন, এই প্ৰজন্মটো খুব আকৰ্ষণীয়। আপুনি কিবা এটা বিষয়ত কৈ চাওক ইহঁতক। ইহঁতে মুহূৰ্ততে আপোনাক আপুনি কোৱা বিষয়টোৰ ওপৰতে পঞ্চাছটা উদাহৰণ দি বুজাই দিব।টেকনলজিৰ পৰা ফেশ্যনৰ পৃথিৱীলৈকে ZG যে আয়ত্ব নকৰা ক্ষেত্ৰ কমেইহে আছে। হয়, কোনোবাই যদি পৰা নাই তেন্তে হয়তো আমিয়েই তেওঁলোকক পৰিৱেশ আৰু শিক্ষা দিয়াত ব্যৰ্থ হৈছোঁ।কথাই কথাই চিধাই GEN Zক দোষাৰোপ কৰাৰ আগতে আমি নিজৰ গাত এচিকুট মাৰি চোৱা উচিত।আমাৰেই সন্তান নহয় জানো এই GEN Z? আমাৰেই দেখোন তেজ বয় ZG ৰ ধমণিৰে।মৰম নালাগেনে ইহঁতৰ কোমল মুখবোৰ দেখি? মুগ্ধ নহওঁনে ইহঁতৰ স্পষ্টবাদীতাত? সাহস নাপাওনে আধুনিক ক্ষেত্ৰখনত ইহঁতৰ নিপুণতা দেখি?আমাৰ দৰে অভিভাৱকসকল দেখোন প্ৰচণ্ড আশাবাদী এই নৱতম প্ৰজন্মটোক লৈ?

তেওঁলোকৰ এই সংবেদনশীল বয়সতোক ‘ৰান্ধনীক উচটাই জোল খোৱা’ৰ দৰে ব্যৱহাৰ নকৰি দেশ আৰু জাতিৰ উন্নতিৰ হকে উচিত দিশত মাত মাতিবলৈ শিকাব নোৱাৰোনে আমি?

Gen Z 2

                GEN Z ৰ বাবে যদি আমি কিবা এটা কৰিবই খোজো তেন্তে আজিৰ দিনত সহজলভ্য হৈ পৰা মদ্যপান, ড্ৰাগছ আদিৰ পৰা তেওঁলোকক দূৰত ৰাখি কিদৰে স্বাস্থ্যসন্মত জীৱন যাপন কৰিব পাৰি তাৰেই শিক্ষা দিয়াৰ প্ৰচেষ্টা এটা কৰোঁ আহক। তেওঁলোকক যদি ভালেই পাওঁ, তেন্তে লাগ বুলিলেই অযুক্তিকৰ বস্তু এটা দি নিদি তেওঁলোকক বস্তুবাদী হোৱাৰ পৰা বিৰত ৰাখোঁ আহক। মোবাইল ফোনত অধিক আসক্ত নহৈ ইয়াৰ সঠিক আৰু সীমিত ব্যৱহাৰেৰে প্ৰগতিৰ দিশত এখোজ আগবাঢ়িবলৈ শিকাও আহক।

ডিস্ক,পাব,নাইট লাইফ, মুক্ত বজাৰৰ প্ৰয়োভৰৰ দিনত আধ্যাত্মিক দিশত জড়িত হৈ কিদৰে মানসিক শান্তি আৰু সৰ্বাংগীন উত্তৰণ লাভ কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিওঁ আহক। জুবিন দাক যদি ভালেই পাওঁ তেন্তে তেওঁৰ দৰে GEN Z ক প্ৰকৃতিপ্ৰেমী, মানৱদৰদী হ’বলৈ শিকাও আহক। GEN Z যে মাতৃভূমিক ভাল পোৱাৰ দৰে আমাৰ GEN Z কো আমি অসমপ্ৰেমী/ভাৰতপ্ৰেমী হ’বলৈ শিকাও আহক।

কামকাজ এৰি ৰাজপথত অনশন বা আন্দোলন কৰি সময় অতিবাহিত কৰাতকৈ জুবিন দাৰ দৰে তেওঁৰ আদৰ্শৰেই অনুপ্ৰাণিত হৈ ZG সৈতে হাতে হাত ধৰি ঘৰে ঘৰে কৰ্মৰ আন্দোলন এটাকে গঢ়ি তোলো আহক। 

আমাৰ নৱ প্ৰজন্মক আমি দোষাৰোপ নহয়, মৰম কৰোঁ আহক। সিহঁতক উত্তেজিত নহয়,সমাহিত হবলৈ শিকাও আহক।

নোৱাৰিমনে আমি?

Zubeen 1 3

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Jharna Sarma Dev Choudhury

Jharna Sarma Dev Choudhury

Related Posts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 
Climate Change

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

by Editor
March 10, 2026
0

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ বজালী জিলা আয়ুক্তৰ বিশেষ প্ৰচেষ্টা মহাবাহু ক্লাইমেট ফোৰামৰ প্ৰশংসনীয় পদক্ষেপ অসম...

Read moreDetails
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d