• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

ASSAMESE SECTION / Inspiration

by HANID R BHUYAN
October 28, 2025
in ASSAMESE SECTION, Inspiration, ZUBEEN GARG
Reading Time: 5 mins read
0
Zubeen1
Share on FacebookShare on TwitterShare on LinkedIn

জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

হানিদ ৰঞ্জন ভূঞা

image 6
হানিদ ৰঞ্জন ভূঞা

        “মোৰ খোজৰ বাটত ছায়া নামে,

         তুমি পোহৰ দিয়া সাহনো বাঢ়ে৷”

    সেইদিনা আছিল অসমীয়া লেখেৰে ২ আহিন, ১৯৪৭ শক, ১৪৩৩ ভাস্কৰাব্দ   আৰু ইংৰাজী গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৯ ছেপ্টেম্বৰ, ২০২৫ বৰ্ষ৷ এজাক কাল-ধুমুহাই সমগ্ৰ অসমবাসীৰ বুকু ভাঙি চূৰমাৰ কৰি গ’ল৷ অসমৰ আকাশ যেন ছানি ধৰিলে কলীয়া ডাৱৰে৷ চৌদিশে বিয়পি পৰা কেতবোৰ অমংগলীয়া বাৰ্তাত সামাজিক মাধ্যমৰ ৰঙীন পৃথিৱীখন যেন দপদপাই জ্বলি উঠিল৷
image 7

মানুহবোৰ কিংকৰ্তব্যবিমূঢ় হৈ পৰিল৷ কোনেও বিশ্বাস কৰিব নোখোজে৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেনো আৰু নাই! সুদুৰ ছিংগাপুৰৰ এক অজান দ্বীপৰ কাষত চিৰদিনলৈ নীৰৱ হ’ল অসমৰ বজ্ৰকণ্ঠ৷

              মানুহবোৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে, বাটে-পথে কান্দোনৰ জোৱাৰ উঠিল৷ ৰাতিটোৰ ভিতৰত ৰাজধানীৰ চৌপাশ লক্ষাধিক জুবিন অনুৰাগীৰে ভৰি পৰিল৷ চৌদিশে মাথোঁ মায়বিনীৰ ৰাতিৰ জোনাকৰ স’তে কাল-অমানিশাৰ কোলাহল৷ জুবিনৰ মৃত্যুক সহজভাৱে কোনেও ল’ব পৰা নাছিল৷

আৱেগিক জনতাৰ চকুলোৰ ঢলৰ সতে যেন নিঃশেষ হৈ যাব মহাবাহুৰ উত্তৰ আৰু দক্ষিণ কুল৷ ৰাজকাৰেঙৰ পৰা আশ্বাস আহিল মহানায়কৰ অকাল বিয়োগৰ সুবিচাৰ হ’ব, শ্ৰদ্ধা জনোৱা হ’ব৷ কিন্তু তাৰ পূৰ্বে ৰাইজে ধৈৰ্য ধৰক৷ জুবিনৰ অন্তিম শয়নৰ প্ৰস্তুতিৰ বাবে কিছু অৱকাশ দিয়ক৷

               আসাম মুলুকত নকৈ জুবিন গাৰ্গৰ পৰিচয় দাঙি ধৰাৰ হয়তো প্ৰয়োজন নাই। কিন্তু  জুবিন নামৰ ব্যক্তিজনৰ মাজত অন্তৰ্নিহিত সত্ত্বাটোৰ প্ৰকৃত সংজ্ঞা কি আছিল, কেনেকৈ এই সত্ত্বাটোৱে অংকুৰিত হৈ এজোপা বটবৃক্ষলৈ পৰিণত হ’ল; যি এদিন ভাষিক, আৰ্থিক আৰু সামাজিক বৈষম্যবাদৰ কবলত জুৰুলা এটা জাতিৰ স্বাভিমানৰ প্ৰতীক হৈ পৰিছিল৷ সেয়া কিন্তু আমি হৃদয়ঙ্গম কৰাৰ প্ৰয়োজন আছে।

        ১৯৭২ চনৰ ১৮ নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাৰ চিভিল হস্পিতালত এটি দেৱশিশুৰ জন্ম হৈছিল৷ মাতৃ ইলি বৰঠাকুৰ আৰু পিতৃ মোহিনী মোহন বৰঠাকুৰ৷ জন্মসূত্ৰে দেৱশিশুৰ নামকৰণ কৰা হৈছিল জুবিন বৰঠাকুৰ হিচাপে৷ পৰৱৰ্তী কালত পিতৃৰ ব্ৰাহ্মণ পৰিয়ালৰ গোত্ৰ অনুসৰি জুবিনে বৰঠাকুৰৰ সলনি ‘গাৰ্গ’ উপাধি গ্ৰহণ কৰিছিল৷ পিতৃ মোহিনী মোহন বৰঠাকুৰ সেইসময়ত এমপ্লয়মেণ্ট এক্সেঞ্জৰ এজন চাকৰিয়াল আছিল৷ কপিল বৰঠাকুৰ ছদ্মনামেৰে তেখেতে অসমৰ সাহিত্য জগতলৈ অনৱদ্য অৱদান আগবঢ়াইছিল৷

তেওঁৰ পিতৃভিঠা শিৱসাগৰ জিলাৰ অন্তৰ্গত জাঁজীৰ তামুলীছিগা গাঁৱত৷ মাতৃ ইলি বৰঠাকুৰ এগৰাকী সুগায়িকা, নৃত্যশিল্পী আৰু দক্ষ অভিনেত্ৰী আছিল৷ জুবিনৰ দুগৰাকী ভগ্নী ক্ৰমে জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ৷ মাতৃৰ তত্বাৱধানত কেউটি সন্তানে ঘৰুৱাভাৱে সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল৷ দেউতাক কৰ্মসূত্ৰে বিভিন্ন ঠাইলৈ বদলি হোৱা হেতু জুবিনে অসমৰ কেইবাখনো শিক্ষানুষ্ঠানত শিক্ষা ল’ব লগা হৈছিল৷ শৈশৱৰে পৰা জুবিনৰ প্ৰকৃতিৰ সতে নিবিড় সম্বন্ধ গঢ় লৈ উঠিছিল৷ অসমৰ বৈচিত্ৰ্যময় জনজীৱনে জুবিনক আকৃষ্ট কৰিছিল৷ যাৰ ফলত তেওঁৰ অন্তৰত এক মানৱদৰদী সত্তা বিকশিত হৈছিল৷

যোৰহাটৰ কাৰ্মেল স্কুলৰ নাৰ্চাৰী পৰ্যায়ৰ পৰা তেওঁ শিক্ষা জীৱনৰ পাতনি মেলিছিল৷ জুবিন গাৰ্গে এই  বিদ্যালয়ত কেৱল ছমাহ পঢ়িছিল৷ পিতৃৱে চাকৰিসুত্ৰে তেজপুৰত থিতাপি লৈছিল৷ তেজপুৰত থকা অৱস্থাতেই ১৯৮৬ চনত পিতৃ কপিল বৰঠাকুৰ এজন প্ৰশাসনিক বিষয়া হিচাপে নিযুক্ত হৈ  কৰিমগঞ্জত যোগদান কৰিছিল৷ শিশু জুবিনে কৰিমগঞ্জত প্ৰায় হাইস্কুল পৰ্যন্ত পঢ়িছিল৷ পৰৱৰ্তী সময়ত বিজনীৰ বান্ধৱ স্কুলত আৰু সেই সময়ৰ নলবাৰী জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে৷

১৯৮৮-৮৯ বৰ্ষত জুবিন গাৰ্গে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ১৯৮৯ চনৰ পৰা তেওঁলোকৰ পৰিয়ালে যোৰহাটৰ বঙালপুখুৰীৰ নিজা ঘৰত থাকিবলৈ লৈছিল৷ একে বৰ্ষতে জুবিনে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় [বৰ্তমান বিশ্ববিদ্যালয়]-ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল৷

বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত  স্নাতক বিজ্ঞানৰ শাখাত অধ্যয়ন আৰম্ভ কৰে৷ শ্ৰেণীকোঠাত তেওঁৰ উপস্থিতিৰ হাৰ তেনেই তাকৰ আছিল৷ সেয়ে পৰীক্ষাত ভাল নম্বৰ পোৱা স্বত্বেও তেওঁক উত্তীৰ্ণ কৰোৱা নাছিল৷ এই কথাত তেওঁ বিৰক্তিবোধ কৰি কলেজীয়া শিক্ষা আধাতে এৰি সংগীত-চৰ্চাত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে৷

জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

প্ৰাৰম্ভিক অৱস্থাত তেওঁ সংগীত অনুষ্ঠানসমূহত ভগ্নী জংকী বৰঠাকুৰ আৰু অন্যান্য শিল্পীৰ স’তে তাবলা বা হাৰমনিয়াম বজাইছিল৷ বাদ্যযন্ত্ৰী হিচাপে তেওঁ  সুখ্যাতি অৰ্জন কৰিছিল৷ এবাৰ যোৰহাটৰ এক এফ. এম. ৰেডিঅ’ত হীৰেন ভট্টাচাৰ্য্যৰ ৰচিত ‘গানে কি আনে’ গীতটি নিজে সৃষ্টি কৰা সুৰত গাই বাণীবদ্ধ কৰাৰ সুযোগ পাইছিল৷  এই ঘটনাৰ পৰা তেওঁ গীত গাবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল৷

কলেজীয়া জীৱনত তেওঁ সেই সময়ৰ জনপ্ৰিয় শিল্পী লুনা সোণোৱাল আৰু জিতুল সোণোৱালৰ বিহুৰ সংগীত অনুষ্ঠানসমূহত কী-বৰ্ডৰ বাদ্যযন্ত্ৰী হিচাপে সংগ দিছিল৷ এবাৰ জিতুল সোণোৱালৰ এক অনুষ্ঠানত সহযোগ কৰা জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ এই ঘটনাৰ পিছৰে পৰা তেওঁ নিজকে কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আকুণ্ঠ প্ৰয়াস কৰিছিল৷

            ১৯৯২ চনত জুবিনৰ গীতৰ অডিঅ’ এলবাম  ‘সপোনৰ সুৰ’ মুক্তি পাইছিল৷ কেইবাটিও সুন্দৰ গীতৰ সমাহাৰ ঘটিছিল এই এলবামত৷ তাৰে এটি জনপ্ৰিয় গীতৰ কলি এনেধৰণৰঃ

                        “সপোনৰে পখী আহাঁনা নামি তুমি

প্ৰাণৰে কাষলে মোৰ,

জীৱনে মৰনে শয়নে সপোনে

তোমাকে বিচাৰো মই৷”

         সাধাৰণতে এই এলবাম বা শ্ৰব্য কেছেটৰ বিষয়ে বিশেষ চৰ্চা হোৱা দেখা নাযায়৷ এই এলবামটোৰ সলনি ‘অনামিকা’ নামৰ অডিঅ’ এলবামটোহে  জুবিনৰ প্ৰথমটো অডিঅ এলবাম বুলি গৰিষ্ঠ লোকে মতপোষণ কৰে৷  ১৯৯৩ চনত এন কে প্ৰডাকচনৰ ব্যৱস্থাপনাত জুবিনৰ ‘অনামিকা’ই মুক্তি লাভ কৰিছিল৷ সেই বৰ্ষৰ শাৰদীয় পূজাত মুক্তি পোৱা ‘অনামিকা’ই শ্ৰোতাৰ মাজত বিপুল সঁহাৰি বুটলিবলৈ সক্ষম হৈছিল৷ অসমৰ সংগীত জগতত জুবিনৰ কণ্ঠই একপ্ৰকাৰৰ জোৱাৰ আনি দিছিল৷

‘অনামিকা’ৰ প্ৰতিটো গীতেই  শ্ৰুতিমধুৰ আছিল৷ ‘অনামিকা’ শীৰ্ষক গীতৰ যোগেদি অসমীয়া আধুনিক গীতত পৰীক্ষামূলকভাৱে সংযোজন হৈছিল৷ সেয়া হ’ল পাশ্চাত্যৰ ৰক সংগীতৰ মূৰ্চনা৷ সমান্তৰালভাৱে জুবিনে গীতৰ কথা আৰু সুৰত এক গভীৰ অন্তঃদৃষ্টি অক্ষুণ্ণ ৰাখিছিল৷ এলবামৰ তিনিটা গীতত কণ্ঠদান কৰিছিল বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিয়ে৷ ‘অনামিকা’ত সৰ্বমুঠ আঠটি গীত সন্নিৱিষ্ট হৈছিল৷

কেউটা গীতৰ সুৰ জুবিনে নিজেই কৰিছিল৷ তদুপৰি ‘অনামিকা’, ‘হিয়া দহে’, ‘মনৰ নিজানত’, ‘কিয় জানো আজি’ আৰু ‘শুনা শুনা’, এই পাঁচটা গীতৰ জুবিন নিজেই গীতিকাৰ আছিল৷ আনহাতে, ‘প্ৰীতিৰ সুবাসে’ গীতৰ কথা জেঠায়েক ৰেণু শৰ্মাৰ আৰু ‘পথে পথে’ৰ গীতৰ কথা সবিতা শৰ্মাৰ৷

‘গানে কি আনে সুৰৰ সোপানে সোপানে, ৰামধেনুৰ ইকাণে সিকাণে’  শীৰ্ষত গীতটি এলবামটিৰ আন এটি কালজয়ী গীত আছিল৷ ইয়াৰ গীতিকাৰ হীৰুদা খ্যাত কবি হীৰেন ভট্টাচাৰ্য্য৷ জুবিনে স্কুলীয়া জীৱনতে এই গীতটোৰ সুৰ সৃষ্টি কৰিছিল হেনো৷ এক সাক্ষাৎকাৰত জুবিন গাৰ্গে দিয়া মন্তব্য অনুসৰি এই গীতটো তেওঁ সুৰ দিয়া প্ৰথমটি গীত আছিল৷ পৰৱৰ্তী সময়ত হিৰুদাৰ ৰচিত বহুকেইটা গীতত জুবিনে কণ্ঠ  দিছিল।

            জুবিনৰ গাৰ্গৰ সন্দৰ্ভত হীৰেন ভট্টাচাৰ্য্যই এক অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল এনেদৰে “গানৰ সুৰ মনত নাথাকিলেও গীতৰ কথা মনত থাকি যাব পাৰে৷ আমি ড॰ ভূপেন হাজৰিকা বা ড॰ বীৰেন্দ্ৰনাথ দত্তৰ গানৰ ক্ষেত্ৰত দেখো গীতৰ কথা সুন্দৰ বাবে গীতবোৰ মনত থাকি যায়৷ অসমৰ একে ধাৰাৰ, একে সুৰীয়া গীতৰ মাজতে জুবিনে জোকাৰণি এটা দিলে৷”

           ‘অনামিকা’ই জুবিনক সংগীতৰ জগতৰ এজন সফল গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিলে৷ যূৱ চামৰ বাবে তেঁও হৈ পৰিল হাৰ্টথ্ৰব৷ পৰৱৰ্তী সময়ত জুবিনৰ ‘মায়া’, ‘আশা’, ‘ৰং’, ‘পাখি’, ‘হিয়ামন’, ‘ৰংমন’ আদি কেইবাখনো জনপ্ৰিয় আধুনিক গীতৰ এলবামে মুক্তি পালে৷ আধুনিক গীতৰ সমান্তৰালভাৱে বিহুগীত, বনগীত, কামৰূপী লোকগীত, বৰগীত আৰু দেহবিচাৰ গীতৰ এলবামতো জুবিনে হিয়া ঢালি কণ্ঠ দিলে৷ অসমৰ চুকে-কোণে জুবিনে গোৱা গীত বাজিবলৈ ধৰিলে৷  ৰঙালী বিহুৰ সমিতিবিলাকৰ মাজত জুবিনৰ সংগীত অনুষ্ঠান আয়োজন কৰাক লৈ একপ্ৰকাৰৰ শীতল যুদ্ধ আৰম্ভ হৈছিল৷

              ২০০০ চনত মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ চলচ্চিত্ৰত জুবিন গাৰ্গে সফল সংগীত পৰিচালক হিচাপে পৰিচয় দিয়ে৷ একে বৰ্ষতে  ‘তুমি মোৰ মাথোঁ মোৰ’ ছবিৰ যোগেদি জুবিনে প্ৰথমবাৰৰ বাবে এজন পৰিচালক আৰু  অভিনেতা হিচাপে আত্মপ্ৰকাশ ঘটায়৷ জুবিনৰ জীৱনত এয়া বিৰল কৃতিত্ব হিচাপে পৰিগণিত হ’ল৷ পৰৱৰ্তী সময়তে জুবিন গাৰ্গে মুনিন বৰুৱাৰ ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’ আদিকে প্ৰমুখ্য কৰি কেইবাখনো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ কাম নিখুঁতকৈ সম্পন্ন কৰিছিল৷ তদুপৰি ‘দিনবন্ধু’, ‘মন যায়’, ‘ৰাজনীতি’ আদিত তেঁও কেতবোৰ গুৰুত্বপুৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল৷

              অসমৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ সমান্তৰালভাৱে জুবিনে মুম্বাইত বলিউডৰ জগতত খোপনি পুতিবলৈ সক্ষম হৈছিল৷ বিশেষতঃ ‘গেংগষ্টা’ৰ চলচ্চিত্ৰৰ ‘য়া আলি” গীতটোত কণ্ঠদান কৰাৰ বাবে জুবিনে সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে৷ জুবিনে কণ্ঠদান কৰা আন কেইখনমান জনপ্ৰিয় হিন্দী চলচ্চিত্ৰৰ ভিতৰত ‘ফিজা’ [২০০০], ‘কাটে’, ‘কৃশ’ আদি অন্যতম৷ ১৯৯৬ চনত তেঁও হিন্দী গীতৰ এলবামৰ বাবে ‘চেনেল ভি মিউজিক বঁটা’ লাভ কৰিছিল৷

             মুম্বাইত সংস্থাপন বিচাৰি সংগ্ৰাম কৰি থাকোঁতেই জুবিনে  জীৱনৰ লগৰী গৰিমা শইকীয়াক লগ পাইছিল৷ একেধাৰে ইংৰাজী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আৰু ফেশ্বন ডিজাইনাৰ গৰিমা গোলাঘাটৰ জীয়ৰী আছিল৷ জুবিনৰ অনেক ঘাট-প্ৰতিঘাটৰ নীৰৱ সাক্ষী গৰিমা শইকীয়া৷ উল্লেখযোগ্য যে নিয়তিয়ে জুবিনৰ জীৱনত দুটা মোক্ষম আঘাত দিছিল৷

২০০০ চনৰ ২ ছেপ্টেম্বৰ জুবিনৰ মাতৃৰ ৰোগাক্ৰান্ত হৈ মৃত্যু ঘটে৷ মাতৃহাৰা হোৱাৰ বেদনাৰ পৰা মুক্ত হোৱাৰ পূৰ্বেই আন এজাক ধুমুহাই বৰঠাকুৰ পৰিয়ালটোক জোকাৰি গ’ল৷ ২০০২ চনৰ ১২ জানুৱাৰিত জংকী বৰঠাকুৰৰ এক পথ দূৰ্ঘটনাত  মৃত্যু ঘটিছিল৷ ভগ্নী জংকীৰ অকাল মৃত্যুত জুবিন মানসিকভাৱে ভাগি পৰিছিল৷ জুবিনক এই দুৰ্যোগৰ সময়ত নৱবিবাহিতা পত্নী গৰিমা শইকীয়াই সাহস দিছিল৷ আপোনজনক হেৰুৱাই আৱেগিক হৈ পৰা জুবিনে গীতৰ মাজেৰে অন্তৰত পুঞ্জীভূত দুঃখ-বেদনাৰ বহিঃপ্ৰকাশ ঘটাইছিল৷ ভগ্নী জংকীৰ স্মৃতিত ‘শিশু’ নামৰ এখন অডিঅ’ এলবাম মুক্তি দিছিল৷

                পৰৱৰ্তী সময়ত জুবিনৰ মাজত মানৱদৰদী মনটো অধিক সক্ৰিয় হৈ উঠিছিল৷ অসমৰ গ্লেমাৰ জগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক জুবিনে সদায় দৰিদ্ৰ কিম্বা আৰ্তজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল৷ বানপানীত দূৰ্গতজনক সহায়ৰ বাবে নিজে সহযোগী শিল্পীসমাজৰ স’তে ৰাজপথত বান সাহায্য সংগ্ৰহ কৰিছিল৷ ৰাইজৰ সাহাৰ্যৰ বাবে তেওঁ ফুটবল খেলৰ আয়োজন কৰি নিজেও অংশ লৈছিল৷ খেলত সংগ্ৰহ হোৱা পুঁজি জনকল্যাণমূলক কামত খৰচ কৰিছিল৷ কেইবাটিও অনাথ শিশুৰ প্ৰতিপালনৰ দায়িত্ব জুবিনে লৈছিল৷

জুবিনৰ খাৰঘূলিস্থিত বাসগৃহত চিকিৎসা, শিক্ষা, ৰাজহুৱা কাম আদিৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি যোৱা ব্যক্তিক কোনোদিনে বিমুখ কৰিৱ পঠিওৱা নাছিল৷ অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত থলগিৰী ৰাইজৰ স্বাৰ্থত তেওঁ চৰকাৰক প্ৰতিবাদ জনাইছিল৷ সেইদৰে ২০২১ চনত কভিদ-১৯ ৰ সংক্ৰমণৰ সময়ত নিজৰ দুমহলীয়া ঘৰ ৰোগীৰ শুশ্ৰূষাৰ বাবে প্ৰদান কৰিছিল৷ ইয়াৰ উপৰি তেওঁ এজন প্ৰকৃতিপ্ৰেমী আৰু সংৰক্ষক আছিল৷

           এনেবোৰ কৰ্মৰ মাজত ব্যস্ত থাকিও তেওঁ দুৰন্ত গতিৰে সৃষ্টিৰ কঠিয়া ৰুই গৈছিল৷ গ্ৰন্থ অধ্যয়নৰ প্ৰতি তেওঁৰ এক দুৰ্বাৰ হেঁপাহ আছিল৷ দেশী-বিদেশী বহু মূল্যৱান গ্ৰন্থ তেওঁ নিজৰ পুথিভঁৰালত সংৰক্ষণ কৰি ৰাখিছিল৷ জুবিনৰ স্বৰচিত দুখন কবিতা পুথি ক্ৰমে ‘শব্দ অনুভূতি’ আৰু ‘জুবিনৰ কবিতা’ অসমীয়া সাহিত্য-জগতলৈ অনবদ্য অৱদান৷

             একবিংশ শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভনিৰ সময়চোৱাত ক্ৰমান্বয়ে নিস্তেজ হৈ পৰা অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰ উজ্জিৱীত কৰাৰ বাবে জুবিন গাৰ্গে অহোপুৰুষাৰ্থ কৰিছিল৷ সেই উদ্দেশ্য আগত ৰাখি তেওঁ যোৱা দশকত ‘মিচন চাইনা’, ‘কাঞ্চনজংঘা’, ‘চিকাৰ’ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল৷ ‘দৌৰি দৌৰি যাম, মিছন চাইনা চাম’, ‘দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম’ জাতীয় শ্ল’গানেৰে তেওঁ যুৱচামক ছবিগৃহত অসমীয়া  চলচ্চিত্ৰ চাবলৈ উৎসাহিত কৰিছিল৷

জুবিনৰ গাৰ্গৰ আহ্বানৰ প্ৰতি অসমৰ সকলো শ্ৰেণীৰ লোকে সাদৰেৰে সঁহাৰি জনাই ছবিগৃহলৈ ঢাপলি মেলিছিল৷ অসমীয়া ভাষাৰ প্ৰতি অনীহা প্ৰকাশ কৰা ইংৰাজী মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে জুবিনৰ গানৰ প্ৰতি থকা আগ্ৰহৰ বাবেই মাতৃভাষাক গুৰুত্বসহকাৰে পঢ়িবলৈ আৰু লিখিবলৈ আৰম্ভ কৰিছিল৷ এয়া আছিল তেখেতৰ নেতৃত্বত  অসমীয়াৰ হৃদয়ত জাগ্ৰত হোৱা  জাতীয় চেতনা বিজিড়ত সাংস্কৃতিক সংগ্ৰাম৷

            আনহাতে, সৰ্বভাৰতীয় পৰ্যায়তো জুবিন গাৰ্গৰ অৱদান অপৰিসীম৷   অসমীয়াৰ, হিন্দী, বাংলা, ইংৰাজীক সামৰি সৰ্বমুঠ প্ৰায় চল্লিশটা প্ৰাদেশিক ভাষাত তেওঁ গীত গাইছিল৷ তেওঁৰ গীতৰ সংখ্যা আনুমানিক ৩৮,০০০ হাজাৰতকৈও অধিক৷ তেঁওৰ কণ্ঠেৰে নিগৰীত বহু গীত আজিও নথিভূক্ত হোৱা নাই৷ এইজন আজন্ম সংগীত সাধকৰ পৰশত ঝংকাৰিত হৈছিল বহু কেইবিধ দেশী-বিদেশী বাদ্য৷ এনে বিৰল প্ৰতিভা সমগ্ৰ বিশ্বতে বিৰল৷ জুবিনৰ তত্বাৱধানত  সংস্কৃতিৰ পথাৰখনত বহু উদীয়মান শিল্পীৰ বিকাশ ঘটিছিল৷ নিজৰ জীৱনযোৰা সাধনাৰ বাবে তেঁও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পয্যায়ত বহুকেইটা বটাৰে সন্মানিত হৈছিল।  কিন্তু তথাপিও তেওঁৰ শিল্পী সত্তাটোৰ সকলো দিশ  মূল্যায়ন কৰাৰ ক্ষেত্ৰত যেন  কৰবাত কেৰোণ থাকি গ’ল৷

                      “ৰৈ ৰৈ বিনালে  নিশায়ে বিনালে,

                       ৰাতিপুৱাবলে কিমান পৰ,

                       ডাৱৰে ডাৱৰে  এন্ধাৰে শিপালে

                       জেউতি লুকালে অসীমত”।

             জুবিন গাৰ্গে শেহতীয়াকৈ ‘ৰৈ ৰৈ বিনালে’ নামৰ এখন ছবি নিৰ্মাণৰ কাম হাতত লৈছিল৷ প্ৰচাৰ মাধ্যমত প্ৰকাশিত কেতবোৰ তথ্য অনুসৰি যোৱা  ১৫ ছেপ্তেম্বৰ, ২০২৫  তাৰিখে  ছবিখনৰ বাবে জুবিনৰ কণ্ঠত ‘সপোন সপোন’ শীৰ্ষক এটি গীত বাণীবদ্ধ হৈছিল৷ সহকণ্ঠশিল্পী মৰমী শৰ্মা৷ গীতৰ কথা-সুৰ জুবিন গাৰ্গৰে৷ এই ‘সপোন সপোন’ গীতটোৱেই হেনো জুবিনৰ জীৱনৰ অন্তিমটো বাণীৱদ্ধ গীত৷ নিয়তিৰ কি পৰিহাস ‘সপোনৰে পক্ষীৰ’ পৰা পাতনি মেলি ‘সপোন সপোন’ লগা গীতেৰে তেখেতৰ সংগীত জীৱনৰ পৰিসমাপ্তি ঘটিল!

জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

               শেহতীয়াকৈ আয়োজন হোৱা চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱত ভাগ ল’বলৈ জুবিন গাৰ্গ ছিংগাপুৰ অভিমুখে ৰাওনা হৈছিল৷  ২০ ছেপ্তেম্বৰ, ২০২৫  তাৰিখে এক সংগীত অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসমলৈ উভতাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু তাৰ পূৰ্বেই  ১৯ ছেপ্তেম্বৰ, ২০২৫  তাৰিখে  ছিংগাপুৰৰ মূল ভূখণ্ডৰ দক্ষিণ দিশেৰে প্ৰায় ০৬ কিঃমিঃ দূৰত্বৰ এক অভিশপ্ত দ্বীপৰ কাষৰ সাগৰত জুবিনৰ মৃত্যু ঘটিল৷

জীৱনৰ অন্তিম ক্ষণকণ গাৰ্গে যিখন সাগৰত সাঁতুৰি-নাদুৰি পাৰ কৰিছিল, সেয়া হয়তো আছিল শান্ত, সৌম্য, সুবিশাল   ভাৰত মহাসাগৰ৷ ২১ ছেপ্তেম্বৰ ২০২৫ তাৰিখে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম আহি পালেহি৷ জুবিনক শেষবাৰৰ বিদায় দিবলৈ সমবেত হ’ল লক্ষাধিক জনতা৷ গুৱাহাটিৰ সৰুসজাই খেলপথাৰত প্ৰিয় জননায়কক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ লক্ষাধিক জনতা উবুৰি খাই পৰিল৷ 

এজাক আবতৰীয়া বৰষুণে যেন জনাই দিলে এয়া এক দেৱপুৰুষৰ মহাপ্ৰয়াণৰ ক্ষণ৷ ২৩ ছেপ্তেম্বৰ, ২০২৫   তাৰিখে অসম চৰকাৰৰ ব্যৱস্থাপনাত ৰাইজৰ সহযোগত ৰাজ্যিক মৰ্যাদাৰে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পানবাৰী মৌজাৰ কমাৰকুছি গাঁওৰ হাতিমুৰা টিলাৰ সমাধিক্ষেত্ৰত অসম-কণ্ঠ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ’ল৷ ইয়াৰ লগতে অৱসান ঘটিল জুবিন যুগৰ৷

Zubeen Sonapur

উপসংহাৰ :

                           “প্ৰতি শৰতৰ প্ৰভাতী ফুলে

                            ক’ব তোমাকেই মোৰ কথা”

           এই লেখা প্ৰস্তুত কৰাৰ সময়ত অসম-কণ্ঠৰ  মহাপ্ৰয়াণৰ সম্পূৰ্ণ এমাহ দিন উকলি গ’ল৷ জুবিনবিহীন অসমত এতিয়া মাথোঁ বিষাদৰ ছাঁ৷ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি সমগ্ৰ অসমৰ ৰাইজ সৰৱ হৈ পৰিছে৷ জুবিন গাৰ্গৰ  মৃত্যুৰ সঠিক কাৰণ আজিও ৰহস্যৰ আৱৰ্তত৷ সমগ্ৰ বিষয়টো মহামান্য আদালতৰ তদন্তৰ আওতাত বিচাৰাধীন হৈ আছে৷

এদিন হয়তো ৰাইজে কামনা কৰা অনুসৰি জুবিনৰ আত্মাই ন্যায় পাব৷ আজি সকলোৱে উপলব্ধি কৰিছো তেওঁৰ অনুপস্থিতিত অসমে হেৰুৱালে এজন মানৱদৰদী পূণ্যাত্মাক৷ এই ক্ষতি অপূৰণীয় আৰু অসহনীয়৷ তথাপি আমি আশাবাদী৷ জুবিন গাৰ্গৰ আদৰ্শেৰে আজি চৌপাশে বাজি উঠক মানৱতাৰ জয়গান৷

zubeen

তথ্যসূত্ৰ :

১)] শইকীয়া, মণ্টু, সম্পাদক, জুবিন গাৰ্গ- জীৱনৰ পৰা গানলৈ, প্ৰথম প্ৰকাশ:- ২০০৯

২)  ‘অসম আদিত্য’ বাতৰি কাকত৷

৩)  ‘অসমীয়া খবৰ’ বাতৰি কাকত৷

৩)   Purbanchal, Bhaskar Dutta, Link. https://www.facebook.com/share/v/1PuebMS7jk/

৪) tvbharat.Assam.

কৃতজ্ঞতা:-

নবীন বুঢ়াগোহাঁই, ঐতিহ্যমিত্ৰ

লেখকৰ ঠিকনা:- চাবুৱা, ডিব্ৰুগড়

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
HANID R BHUYAN

HANID R BHUYAN

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39798 shares
    Share 15919 Tweet 9949
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18648 shares
    Share 7459 Tweet 4662
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3794 shares
    Share 1518 Tweet 949
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    286 shares
    Share 114 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d