জুবিন গাৰ্গ : মাতৃৰ বুকু উকা

পৰাগ শংকৰ হাজৰিকা
আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।
– ড° ভূপেন হাজৰিকা
আচলতে এই কথাষাৰ সত্য প্রমাণিত হোৱাৰ দিশে। অসম এখন সেউজীয়া শান্তি প্ৰেমী দেশ য’ত জীৱন-যাপন কৰাতো বহুতৰে সপোন। সময়ে সময়ে হাতত হেংদাং তুলি প্ৰত্যুত্তৰ দিয়াৰো বিৰল ইতিহাস আছে নিজ অস্তিত্ব ৰক্ষা আৰু শান্তি স্থাপনৰ বাবে । যুৱ প্রজন্মৰ, বর্তমান সমাজৰ হেংদাং ৰূপী জুবিন গাৰ্গ আজি নিয়তিৰ কোলাত।

অদ্বিতীয় জুবিন গাৰ্গৰ মৃত্যুয়ে সমগ্ৰ অসমকে ধৰি চুবুৰীয়া ৰাজ্যকো কৰিছে শোকাৱহ। তেওঁৰ মৃত্যুয়ে বিশ্ব অভিলেখ স্ৰজিল। কিন্তু, আজি আমি অসমীয়াই লাজ পাইছোঁ, অসমীয়াই নিজক নিচিনিলে। এই অসমীয়াৰ মাজৰে কোনো অসমীয়াৰ কুতিল চক্ৰান্তৰ বলি হ’ল নিৰ্ভিক জুবিন গাৰ্গ। বহু মাতৃ পুত্রহাৰা হ’ল, বহু সন্তান পিতৃহাৰা হ’ ল, বহু ভাতৃ-ভগ্নী নিজ জ্যেষ্ঠ- কণিষ্ঠ ভাতৃ হাৰা হ’ল, মুঠতে হেৰাই গ’ল এজন আপোন মানুহ যি তেজৰ সম্বন্ধতকৈও আপোন।
এখন সাগৰৰ দৰে চঞ্চলতাৰে সকলোকে সামৰি লৈছিল নিজৰ মাজত, নিজে কেতিয়াবা উচুপি উঠিছিল যদিও থমকি নোৰোৱাৰ শিক্ষা দিছিল। জীৱনৰ ৰঙবোৰে লুকা-ভাকু খেলিলেও, আন্ধাৰে আৱৰি ধৰিলেও পিছলৈ ঘূৰি নাচাবলৈ কৈ যোৱাজন আজি শূণ্যত বিলীন হল। কেইটিমান, মাত্র কেইটিমান টকাৰ লোভী কোনো অসমীয়াৰ পৰিচয় দিয়া, সম্ভ্রান্তৰূপে চিনাকী দিয়া ব্যৱহাৰহীন লোকে বুকু উকা কৰিলে অসম মাতৃৰ । ব্যৱহাৰ কৰিলে অসমৰ হার্টথ্ৰব জুবিন গাৰ্গক আৰু সেই ব্যৱহাৰ কোনো সাধাৰণভাৱে নহয় পাৰ্য্যমানে কৰিলে, আনকি চুহি চুহি খালে মৃত শৰীৰটোৰ তেজ খিনিও। আৰু সেইজন বা সেইকেইজন অসমীয়া
১৯ ছেপ্তেম্বৰ, ২০২৫ ৰ আগলৈ আছিল একো একোজন সম্ভ্রান্ত, চিনাকী, আদর্শবান মুখ। এইকেইজনক প্রশ্ৰয় দিলোঁ আমি। অসমীয়াই মানুহক ভাল ব্যৱহাৰ কৰিবলৈ পাহৰিলে , আজিৰ প্ৰজন্মই মৰম সন্মান কি এইবোৰ পাহৰিছে, এজনে আনজনক দিব লগা আত্মীয়তাৰ ভাল মাতষাৰ যেন নোহোৱা হ’ল, নোহোৱা হ’ল সহজ সৰলতা মনোভাৱ কেৱল মাত্ৰ সৰু কথাতেই কটু বাক্য মুখত দেখা যায়, দেখা যায় কিছুমান অশিক্ষিত লোকৰ কিছুমান ভদ্ৰতাৰ মুখাধাৰি লোকৰ বা প্ৰজন্মৰ অসভ্য আচৰণ। অসমীয়াই সঁচা ক’ব পাহৰিলে নেকি ! অসমীয়া লোভী হ’ল নেকি! টকাৰ ? সম্পত্তিৰ ? ক্ষমতাৰ লোভী ?
কিছু কথাই গর্বিত কৰে, ন্যায়ৰ বাবে অহৰহ চেষ্টা কৰি অহা সেইসকল অসমীয়াৰ বাবে যিয়ে কুণ্ঠাবোধ কৰা নাই আৰক্ষীৰ প্ৰহাৰ সহ্য কৰি তেজেৰে ৰাঙলী হ’বলৈ। সমুখ সমৰত সাহসিকতাৰে সত্য আৰু ন্যায়ৰ বাবে যুঁজ দিয়া অসমীয়া সকলক দেখি গর্বিত হওঁ। কিন্তু কাপুৰুষৰূপী কিছুয়ে ভন্দামি আৰু ময়মতালি চলাই নিজকে পথৰ দাঁতিত ভুকি থকা কুকুৰৰ দৰে কাম কৰি নিজকে বনৰ ৰজা বুলি ভবাতো লজ্জাজনক কথা।
শ্যামকানু মহন্তৰ অশ্লীল অসাধু চৰিত্ৰৰ কথা পূৰ্বৰ পৰা জনা সেইসকল সমাজৰ চিনাকি মুখকেইখনক ধিক্কাৰ জনালোঁ কাৰণ, তেওঁলোকৰ সাহস নহ’ল তেতিয়াই সত্যৰ লগত থিয় দিবলৈ, হয়টো তেতিয়াই সাৱধানতা লোৱা হ’লে আজিৰ এই পৰিস্থিতি নাহিল হয়। প্ৰকৃত যুদ্ধত নামিলেহে গম পোৱা যায়, যে কোনজন ক্ষত্ৰিয় কিমান ক্ষত্ৰিয়। কেৱল সামাজিক মাধ্যমত কথাৰ ফুলজাৰি মাৰি বাহুল্যতা দেখুৱাই কোনো লাভ নাই। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজিছা, যুঁজা, শিৰ নত তোমাৰ বাবে, কিন্তু তেওঁৰ আদর্শ আগত ৰাখা, কোনো নিৰিহৰ ওপৰত বর্বৰতা চলাই নহয়, এইয়া নাছিল তেওঁৰ আদর্শ। তেওঁৰ আদর্শবোৰ,গুণবোৰ জীয়াই আমি ৰাখিব লাগিব।
কোনো নিকৃষ্ট চিন্তা-চৰিত্ৰৰ মানুহ ৰূপী পিশাচে দুলীয়াজানত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিলৈ অহা এগৰাকী ৰিত্তিকা মুণ্ডা নামৰ ৮ বছৰীয়া অবুজ শিশুক ধর্ষণ কৰি হত্যা কৰে। কিয়? কোন এইসকল? অসমীয়া? বিশ্বাস দৃঢ় যে অসমীয়া হ’ব নোৱাৰে।
জুবিন গাৰ্গক হত্যা কৰা বা মৃত্যুৰ মুখলৈ ঠেলি দিয়া, তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ আঁৰত কৰা অপকর্মত জড়িত থকা এইসকল ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগে। কাৰণ আজি কেৱল জুবিন গাৰ্গ মৰা নাই, অসমৰ প্রত্যেক পৰিয়ালৰ এজন সদস্য ঢুকাল। সেইজন ব্যক্তিয়ে নিস্বাৰ্থ ভাৱে মাত মাতিছিল দহৰ ভালৰ বাবে এতিয়া চিন্তনীয় বিষয় যে তেওঁ নোহোৱাৰ সুযোগ বাৰুকৈয়ে ল’বলৈ চেষ্টা কৰিব বহু লোভী ব্যক্তিয়ে নিজ স্বাৰ্থ পূৰণৰ বাবে নিজ ক্ষমতা বৃদ্ধিৰ বাবে।

অসম জ্বলিল, অসমৰ এটি ৰত্ন নোহোৱা হ’ল ! তথাপিও ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেল অব্যাহত থাকিল অন্য নামেৰে। মানে যিয়েই নহওঁক কিয় পইছা কেইটাহে আগত! তাত চলি থাকিল ফেশ্বন শ্ব’! এবাৰলেও চিন্তা নহ’ল আধৰুৱা হৈ ৰোৱা ‘ৰৈ ৰৈ বিনালে’ ছবি খনিৰ কথা।
জুবিন গাৰ্গে যেন ৰীতা চৌধুৰী বাইদেউৰ সৈতে হোৱা কথোপকথনত ইংগিত দি থৈ গ’ল আহিবলগীয়া দুখৰ দিনবোৰৰ কথা।
ভাগৰি পৰিছিল তেওঁ! সকলো কলা কুশলীক সন্মান কৰিছিল জ্ঞানৰ , প্ৰতিভাৰ ভঁৰাল জুবিন গাৰ্গে। যুৱ প্ৰজন্মলৈ অসমীয়া কলা আৰু সংস্কৃতিৰ এক সুন্দৰ- সুমধুৰ ঢল বোৱাই অনা জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল যন্ত্ৰৰ দৰে । ক্ষোভ উজাৰি কৈছিল তেওঁৰ ক্লান্ত যান্ত্ৰিক যাত্ৰাৰ কথা। বাৰে বাৰে উল্লেখ কৰিছিল সাগৰৰ কথা যি সাগৰৰ মমতাই আঁকোৱালি ল’লে জুবিন গাৰ্গক। যেন অর্ধ শতিকা জুৰি ৰৈ আছিল সাঁতুৰি ভাল পোৱা সেইজন প্ৰকৃতিপ্ৰেমীলৈ।
সুখ মানে জুবিনৰ গান , দুখ মানে জুবিন , প্ৰতিটো সময়তে, প্ৰতিটো পৰিস্থিতিতে তেওঁৰ গান শুনি ভাল পোৱা শ্ৰোতাৰ অন্তৰত আজি কৰুণ বিননি, হুংকাৰ তুলিছে ন্যায়ৰ বাবে । এজন প্ৰকৃত যোদ্ধা, এজন কমৰেডৰ দৰে শেষ সময়ৰ কথা কৈ এজন ৰজাৰ দৰে এজন আদৰ্শ হিচাপে আঁতৰি গ’ল তেওঁ। কিন্তু এতিয়া অসমীয়াই যুঁজিব লাগিব সেইজন যোদ্ধাৰ ন্যায়ৰ বাবে সকলো বাধা নেওচি।
চৰকাৰলৈ অনুৰোধ বাক স্বাধীনতাৰ সম্মান ৰাখক। যদি প্ৰয়োজন প্রতিবাদী বা ক্ষোভীসকলক শান্ত কৰক, কিন্তু এনেদৰে নহয় যে তেজেৰে ৰাঙলী হয় । এইয়া CAA আন্দোলন নহয় । অসমীয়াৰ তেজৰ মূল্য বহুত। সদায় শোষিত হৈ নাথাকিম। সহজ-সৰল হওঁ কিন্তু আমি বুর্বক হৈ নাথাকিম। গধুৰ দায়ীত্বৰ প্রতি সন্মাম জনাওঁ চৰকাৰৰ কিন্তু আমি বিচাৰো নিৰপেক্ষতা।
ছিংগাপুৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিদিঅ’ বোৰত দেখা পোৱা মুখ কেইখনৰ বাহিৰেও বহু জড়িত থাকিব পাৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে। আশা কৰোঁ কোনো শক্তিশালী ব্যক্তিয়ে, কোনো ক্ষমতা থকা পদবীধাৰী লোকে গোপনে আশ্ৰয় দি ৰখা নাই জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা এই অসুৰ কেইটাক।
প্ৰযুক্তিৰ উন্নতিৰ কথা কৈ লাভ নাই যদি ব্যৱহাৰ নহয়, কাৰণ এতিয়াও ব্যৱহাৰ কৰিলে সামাজিক মাধ্যম, ইন্টাৰনেট কিন্তু নাই কোনো শুং-সূত্ৰ । জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি থকা নৰ্থ- ইষ্ট ফেষ্টিভেলৰ পিছফালে জড়িত কোন কোন আছিল তেওঁলোককো প্ৰশ্ন কৰিব লাগে কাৰণ তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যৰ কথা জানিও অব্যাহত ৰাখিছিল ফেষ্টিভেল , কোন কোন অসমৰ ব্যৱসায়ী জড়িত আছিল এই নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ আঁৰত, কিয় তেওঁলোকে সমৰ্থন জনালে এই কাৰ্য্যত।
ৰাজ্য চৰকাৰক অনুৰোধ ২০২৬ৰ চিন্তা পিছত কৰিব, বর্তমান পৰিস্থিতিক ন্যায়ৰ প্রয়োজন । যেনে কর্ম তেনে ফল। আশা চৰকাৰৰ ওপৰত, ন’হলে আমি অসমীয়া আছোঁ।

পৰাগ শংকৰ হাজৰিকা , যোগাযোগ:- ৭০০২৮০২৪১৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

















