• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জৈৱবৈচিত্ৰ্যৰ অৱক্ষয় ৰোধত বহনক্ষম বিকাশৰ ধাৰণা

-পল্লৱী বৰঠাকুৰ

by Anjan Sarma
June 24, 2021
in Special Report
Reading Time: 1 min read
0
জৈৱবৈচিত্ৰ্যৰ অৱক্ষয় ৰোধত বহনক্ষম বিকাশৰ ধাৰণা
Share on FacebookShare on TwitterShare on LinkedIn

-পল্লৱী বৰঠাকুৰ |

সাম্প্ৰতিক সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সবাটোকৈ চৰ্চিত আৰু চিন্তনীয় বিষয়টো হৈছে জৈৱবৈচিত্ৰ্যৰ অৱক্ষয় । জৈৱ-বৈচিত্ৰ্যতাই বিশ্বৰ একো একোটা অঞ্চলত উপলব্ধ জীৱৰ বিশাল বিবিধতাক বুজায়‌। ই এক জীৱন-ৰক্ষক প্ৰক্ৰিয়া। জীৱই উশাহৰ বাবে, খাবলৈ খাদ্য আৰু পানী আদি সকলোৰে বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল। গছ-গছনিবোৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন-নাই-অক্সাইড শোষণ কৰি গোলকীয় উত্তাপ হ্ৰাস কৰে, বেক্টেৰিয়া আৰু ভাইৰাচবোৰে মাটি সাৰুৱা কৰে, নিয়মীয়া জলচক্ৰ প্ৰক্ৰিয়াই পানী বিশুদ্ধ কৰি ৰাখে। এনেদৰেই মানৱ জীৱনত জৈৱবৈচিত্ৰ্যতাৰ প্ৰভাৱ অপৰিসীম। কেৱল মানৱ জীৱনেই নহয় সমগ্ৰ জীৱকুলেই ইয়াৰ অধীন। মানৱ জীৱনত প্ৰভাৱ পেলোৱা সাংস্কৃতিক ভিন্নতা আৰু আৰ্থ-সামাজিক কাৰকবোৰৰ বাবে  জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। জৈৱবৈচিত্ৰ্যৰ পাৰিপাৰ্শ্বিক অৱস্থাটো নিয়ন্ত্ৰিত হৈ থাকে মাটিৰ গঠন আৰু সুৰক্ষা, জল সংৰক্ষণ আৰু বিশুদ্ধকৰণ, জলচক্ৰ নিয়ন্ত্ৰণ, জীৱৰ ৰসায়নচক্ৰ নিয়মীয়াকৰণ, প্ৰদূষকৰ অৱশোষণ আৰু পেলনীয়া সামগ্ৰীৰ অপঘটনৰ দ্বাৰা। ইয়াৰ লগতে বিশ্ব প্ৰকৃতি আৰু জলবায়ু সংৰক্ষণৰ দৃঢ় সংকল্পইহে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয় ৰোধত সহায় কৰিব পাৰে।

RelatedPosts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026

পৃথিৱীৰ বৰ্ধিত জনসংখ্যা, পুঁজিবাদীৰ আগ্ৰাসন আৰু মানুহৰ ভোগবাদী বৰ্ধিত আকাংক্ষাই প্ৰকৃতিৰ ওপৰত বিৰূপ ক্ৰিয়া কৰিছে। খাদ্য আহৰণৰ বাবেই হওক বা অন্যান্য প্ৰয়োজন পূৰণৰ বাবেই হওক মানুহে প্ৰকৃতিৰ ওপৰত অবাধ ধ্বংসকাৰ্য চলোৱাৰ পৰিণতিতে পৃথিৱীখন ভাৰসাম্যহীন অৱস্থা এটালৈ গতি কৰি আছে। বায়ু প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি আদিৰ মূলতে মানৱসৃষ্ট কাৰ্যকলাপ যি জৈৱবৈচিত্ৰ্য অৱক্ষয়ৰ অন্যতম কাৰক।

বিগত কিছু বছৰত মানৱসৃষ্ট কাৰ্যকলাপৰ বাবেই পৃথিৱীৰ বহু বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে৷ বিজ্ঞানীসকলে বৰ্ষাৰণ্যসমূহক জৈৱবৈচিত্ৰ্যৰ ‘হটস্পট’ হিচাপে চিহ্নিত কৰিছে। ২০১৯ বৰ্ষৰ অক্টোবৰ মাহত পৃথিৱীৰ হাওঁফাওঁখ্যাত আমাজান বৰ্ষাৰণ্যত হোৱা অগ্নিকাণ্ডই সমগ্ৰ বিশ্বলৈকে অশনি সংকেত কঢ়িয়াই আনিছে। উল্লেখ্য যে এই অগ্নিকাণ্ডত নখন দেশৰ ৫,৫০০,০০০ বৰ্গকিলোমিটাৰ ব্যাপ্ত আমাজান বৰ্ষাৰণ্যৰ ৭৬০০ বৰ্গকিলোমিটাৰতকৈও অধিক অংশ জাঁহ যায়। এই অগ্নিকাণ্ডত অসংখ্য গছ-গছনিৰ লগতে প্ৰায় ২৩ লাখ প্ৰাণী জাঁহ গৈছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আমাজান বৰ্ষাৰণ্যৰ যি অংশ জুইত জাঁহ গৈছিল, সেই অংশ ব্ৰাজিলৰ অন্তৰ্গত। ‘Environmental Research Letters’ নামৰ জাৰ্ণালখনত প্ৰকাশ পাইছে আমাজানৰ যি অঞ্চল জুইত জাঁহ গ’ল, সেই অঞ্চল পূৰ্বৱৰ্তী বছৰেই নিৰ্বনানীকৰণৰ কবলত পৰিছিল। জাৰ্ণালখনৰ মতে, যিহেতু বৰ্ষাৰণ্যৰ গছবোৰে পানী ধৰি ৰাখি মাটি সেমেকাই ৰাখে। গতিকে তেনেস্থলত নিজে নিজে জুই লগাৰ সম্ভাৱনা কম। কিন্তু, মানুহে নিৰ্বনানীকৰণ কৰি খেতি কৰিবলৈ লোৱাৰ ফলত মাটিবোৰ শুকাই শুকাই এনে অৱস্থা পাইছেগৈ যে বাকী বনাঞ্চল সহজেই জুইৰ কবলত পৰিছে।  ব্ৰাজিলৰ ব’লছ’নাৰো চৰকাৰে কৃষি, পশুপালন আৰু কয়লাখননৰ বাবে অনুমতি দিয়াৰ পৰিণতিতে বিশাল অঞ্চল ভষ্মীভূত হয় বুলি সচেতন মহলে কয়। ব্ৰাজিল চৰকাৰৰ অনুমতিত বছৰি অৰণ্যখনৰ বিশাল পৰিমাণৰ মাটি কৃষি আৰু পশুপালনৰ বাবে মুকলি কৰা হৈছে। কিন্তু, ব্ৰাজিল চৰকাৰে গোলকীয় উত্তাপ বৃদ্ধিকেই কাৰণ দৰ্শাইছে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় মহলে ইয়াক গ্ৰহণ কৰা নাই ।

আমাজানৰ পিছতে যোৱাটো বৰ্ষত অষ্ট্ৰেলিয়াত হোৱা অগ্নিকাণ্ডয়ো আন্তৰাষ্ট্ৰীয় মহলত  জোকাৰনি তুলিলে । শেহতীয়াকৈ অসমৰ বাঘজান তৈলখাদত হোৱা অগ্নিকাণ্ডই পক্ষীৰ বাবে বিখ্যাত মতাপুং-মাগুৰী বিলৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈও ভাবুকি আনে। এই অগ্নিকাণ্ডই বাঘজান অঞ্চলৰ পাৰিপাৰ্শ্বিকতাত যথেষ্ট প্ৰভাৱ পেলায় । এই অগ্নিকাণ্ড যে মানৱসৃষ্ট সেয়া বেলেগকৈ দোহৰা নিষ্প্ৰয়োজন, ইতিমধ্যে  অসমৰ বাতৰিকাকত, আলোচনীত এই বিষয়ে বিশদ আলোচনা হৈছেই। এই অগ্নিকাণ্ডবোৰৰ মূলতে হৈছে মানৱসৃষ্ট কাৰ্যকলাপ। সেয়া পোনপটীয়াকৈ নিৰ্বনানীকৰণৰ দ্বাৰাই হওক বা গোলকীয় উত্তাপ বৃদ্ধিৰ দ্বাৰাই হওক বা তৈলখাদ স্থাপন আদিৰ দ্বাৰাই হওক।‌

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহত পৰ্যটনৰ নামত কাঠফুলাৰ দৰে হোটেল ৰিজৰ্টবোৰ গঢ় লৈ উঠিছে। তাৰ লগে লগে শিলৰ কুৱেৰি স্থাপন, কয়লাৰ খননৰ বাবে বন বিভাগৰ পৰা কিদৰে অনুগ্যাপত্ৰ পাব পাৰে সেই লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন হয়৷ শেহতীয়াকৈ বামুনী পাহাৰত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুয়ে সকলোৰে হৃদয় জোকাৰি গৈছে। মানুহ হিচাপে আমি কিমান নিৰ্দয়, ইয়াতকৈ বেলেগ উদাহৰণ দিব লাগেনে? এই ঘটনাকো এক প্ৰাকৃতিক পৰিঘটনাৰ ৰূপ দিবলৈয়ে বৰমূৰীয়াসকলে ব্ৰজপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে । ইফালে প্ৰকৃতিবিদসকলে এই সম্ভাৱনা অগ্ৰাহ্য কৰাৰ লগতে স্থানীয় ‘পান্থতৰু সংৰক্ষণীঃ অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে  এই ঘটনা সংঘটিত হোৱা স্থানত স্থাপন কৰা সৌৰ পেনেলৰ কথা জানিবলৈ দিছে, যিটো হাতী অহা-যোৱা কৰা কৰিড’ৰত স্থাপন কৰাৰ লগতে স্থানীয় লোকৰ বহু কৃষিভূমিও অধিকাৰ কৰাৰ বাবে স্থানীয় লোকে বহুবাৰ ইয়াৰ বিৰোধিতা কৰিও কোনো সুফল নাপালে। বন আৰু পৰিবেশ মন্ত্ৰীগৰাকীয়ে হাতীকেইটাৰ মৃত্যু হোৱা স্থানত স্মৃতিসৌধ স্থাপনৰ কথা ঘোষণা কৰাতো একপ্ৰকাৰ তুলুঙা কাৰবাৰেই বুলিব লাগিব। স্মৃতিসৌধ নিৰ্মাণে হাতীৰ মৃত্যু ৰোধিব নোৱাৰে। তাতকৈ মন্ত্ৰীগৰাকীয়ে হাতী অহা-যোৱা কৰা কৰিড’ৰবোৰ আৰু হাতীৰ বাসভূমিসমূহ নিৰাপদ কৰি তোলাতহে গুৰুত্ব দিব লাগিছিল।

গুৱাহাটী মহানগৰীৰ পাহাৰৰ বনাঞ্চলবোৰ গুচি জনাঞ্চল হ’ল‌। মহানগৰীৰ কাষৰীয়া আমচাং অভয়াৰণ্যৰ এক বিস্তৃৰ্ণ এলেকা এতিয়া মানুহৰ কবলত । ২০১৭ বৰ্ষত উচ্ছেদ অভিযান চলায় যদিও অপৰিকল্পিত এই উচ্ছেদ অভিযান সফল হোৱাৰ সলনি বহু পৰিয়ালক অঘৰীহে কৰে। বিভিন্নজনৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হৈছে যে আমচাঙৰ লোকসকলে চৰকাৰী মাটিৰ পট্টা অনুসৰিহে তাত বসতি স্থাপন কৰিবলৈ লৈছিল। গতিকে, ইয়াত চৰকাৰী পক্ষৰ ভুলৰ পৰিণাম ভুগিব লগা হৈছে এচাম সাধাৰণ খাতিখোৱা লোকে। এই বনাঞ্চলসমূহৰ ধ্বংসৰ পৰিণতিতে মহানগৰীৰ জনাঞ্চললৈ বনৰীয়া হাতী বা বাঘ ওলাই অহাৰ দৰে ঘটনা সংঘটিত হ’বলৈ পাইছে।

কেইবছৰমানৰ আগতে তিনিচুকীয়া জিলাৰ তালাপত হোৱা  ডেৰ কুৰিৰো অধিক শগুণৰ মৃত্যুৰ বাতৰিয়ে সচেতন লোকক স্তম্ভিত কৰি তুলিছিল। কিহৰ বাবে ইমানকেইটা শগুণ মৃত্যুৰ মুখত পৰিবলগা হ’ল স্বাভাৱিকতেই সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছিল। বহু প্ৰকৃতিবিদৰ ধাৰণা মাছ মাৰিবলৈ পানীত ব্যৱহাৰ কৰা বিষাক্ত দ্ৰব্য বা কীটনাশক হিচাপে ব্যৱহাৰ কৰা বিশাক্ত দ্ৰব্যৰ বাবেই পোনপটীয়াকৈয়ে হওক বা আওপকীয়াকৈয়ে হওক শগুণৰ মৃত্যুৰ কাৰক হ’ব পাৰে । লগতে পশু চিকিৎসকে গৰুৰ খুৰাত হোৱা বেমাৰৰ বাবে যিধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়, তাৰ বিষক্ৰিয়াও কেইবাদিনলৈ থাকি যায়। গতিকে, তেনে মৃত গৰুৰ মাংস ভক্ষণ কৰিও শগুণকেইটা মৰাৰ আশংকা কৰা হৈছিল । গতিকে, এনে জীৱ-জন্তু মৰিলে মুকলি পথাৰত পেলাই দিয়াতকৈ পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে। অন্ধবিশ্বাসৰ বাবেই হওক বা অন্য কাৰণতে হওক মানুহে ভক্ষণ কৰিবলৈ লোৱাৰ পৰা শিয়ালৰ সংখ্যাও হ্ৰাস পাইছে, যাৰ বাবে শিয়ালৰ আৰাও শুনিবলৈ নোপোৱা হৈছোঁ। সেইদৰে জিঁয়াৰ মাত, জিলিৰ মাত শুনিবলৈ নোহোৱা হৈছে । কেইবছৰমানৰ আগলৈকে শিয়ালৰ হোৱা,জিঁয়া-জিলিৰ মাতে গাঁৱৰ সন্ধিয়াৰ পৰিৱেশ উমাল কৰি ৰাখিছিল। বৰ্তমানৰ আমাৰ জীৱনশৈলীয়েও আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাটোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে । সাম্প্ৰতিক সময়ত বিশ্বৰ বজাৰলৈ আহিবলৈ যো-জা চলাইছে ফাইভ জি নেটৱৰ্কে। প্ৰকৃতিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি বিশ্বৰ বিভিন্ন দেশৰ প্ৰকৃতিপ্ৰেমী সংগঠনে ফাইভ-জি নেটৱৰ্কৰ বিৰোধিতা কৰিছে। ফাইভ-জি নেটৱৰ্কৰ প্ৰকৃতিৰ ওপৰত কিবা বিৰূপ প্ৰভাৱ পৰিব পাৰে নেকি সেই লৈ এতিয়াও গৱেষণা অব্যাহত আছে। গতিকে প্ৰগতিৰ পথত আগুৱাবলৈ গৈ চৰকাৰে যাতে প্ৰকৃতিৰ বিৰুদ্ধে যোৱা কোনো হঠকাৰী সিদ্ধান্ত গ্ৰহণ নকৰে তাৰ প্ৰতি সচেষ্ট হোৱাৰ প্ৰয়োজন আছে । সুন্দৰলাল বহুগুনা, মেধা পাটেকাৰ, যাদৱ পায়েং আদিৰ দৰে এচাম প্ৰকৃতিপ্ৰেমীয়ে প্ৰকৃতি সংৰক্ষণৰ বাবেই নিজৰ জীৱন উৎসৰ্গা কৰিলে। কিন্তু, প্ৰতিগৰাকী ব্যক্তিয়েই যদি নিজৰ কাষৰ-পাজৰৰ পৰিবেশক লৈ সচেতন হ’লহেঁতেন, তেতিয়াহ’লে আন এচামে সংগ্ৰাম কৰিবলগীয়া অৱস্থাৰে সৃষ্টি নহ’লহেঁতেন।

মানুহৰ ভোগবাদী মনষ্কতাৰ বাবেই আজি পৃথিৱীখন আমাৰ বাবে নিৰাপদ হৈ থকা নাই । গোলকীয় উত্তাপ বৃদ্ধি, অতি বৃষ্টি, অনাবৃষ্টি, বানপানী, ভূমিস্খলন, এছিড বৰষুণ আদিৰ দৰে পৰিঘটনা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়, বাকী জীৱ-জন্তুবোৰো আছে বাবেই পৃথিৱীখন আমাৰ বাবে বাসোপযোগী হৈ আছে। এই কথাটোকে যেতিয়া সকলোৱে বুজি উঠিব তেতিয়াই পৃথিৱীখন সকলোৰে বাবে নিৰাপদ হৈ উঠিব। চৰকাৰী পক্ষৰো কাম হ’ল জনসাধাৰণক নিৰাপত্তা দিয়া, জনসাধাৰণৰ ভুল হ’লে তাক সংশোধন কৰাৰ ব্যৱস্থা কৰা। কিন্তু চৰকাৰ যদি পুঁজিবাদী গোষ্ঠীৰ অধীন হৈ বিচাৰ কৰে তেতিয়া একপক্ষীয় আৰু ধ্বংসাত্মক হয়৷ নতুন চৰকাৰৰ ওচৰতো আমাৰ এয়া অনুৰোধ যাতে প্ৰকৃতিৰ ৰক্ষাৰ বাবে কেতিয়াও আপোচ কৰা নহয়। অসমৰ বনাঞ্চলসমূহ বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত কৰি তোলা হয়, বিস্তৃত হাৰত বৃক্ষৰোপণৰ কাৰ্যসূচী পালন কৰাৰ লগতে বন্যপ্ৰাণী বা বনাঞ্চলত প্ৰভাৱ পেলাব পৰা ঠাইত যাতে কোনো ব্যৱসায় গঢ়ি উঠিবলৈ দিয়া নহয় বা বসতি স্থাপন কৰিব লৈ দিয়া নহয় সেয়া নিশ্চিত কৰিব লাগিব ।

বিশ্বায়নৰ কবলত পৰি পৃথিৱীখন গোলকীয় গাঁৱলৈ পৰ্যবসিত হোৱাৰ সমান্তৰালভাৱে পুঁজিবাদী গোষ্ঠীৰ হাতৰ মুঠিতেই এই গাঁৱৰ সকলো সম্পদ আৱদ্ধ হৈছে । যিহেতু আমি প্ৰকৃতি নিৰ্ভৰ গতিকে সেই সম্পদবোৰ আমি ব্যৱহাৰ কৰিবই লাগিব৷ কিন্তু সেয়া কৰিবলৈ যাওতে আমি সম্পদবোৰৰ স্থায়িত্ব তথা সংৰক্ষণৰ কথাও চিন্তা কৰিব লাগিব যিটোক বহনক্ষম বিকাশ (sustainable development) বুলি কোৱা হয় , যাতে পিছৰ  প্ৰজন্মই ইয়াৰ ব্যৱহাৰ কৰিব পাৰে আৰু পৃথিৱীখন তেওঁলোকৰ বাবে বাসোপযোগী হৈ থাকে। কিন্তু পুঁজিবাদীয়ে চলোৱা লুণ্ঠনত সম্পদবোৰ এফালৰ পৰা ধ্বংস হৈ গৈছে। ভোগবাদীয়ে লালসাৰ বাবে আৰু অজ্ঞসকলে সজাগতাৰ অভাৱতেই প্ৰকৃতি ধ্বংসত যিদৰে নামিছে তাক ৰোধ কৰিবলৈ বহনক্ষম বিকাশৰ ধাৰণাটো জনপ্ৰিয় কৰি তুলিব লাগিব। তাৰ বাবে যি অনুপাতে গছ কটা হয়, সেই অনুপাতে গছ ৰোপণ কৰা, জীৱাশ্ম ইন্ধনৰ সলনি জৈৱ ইন্ধনৰ ব্যৱহাৰ, বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা আদিৰ দৰে ব্যৱস্থাসমূহে নিশ্চিতভাৱে অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণত অৰিহণা যোগাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: জৈৱবৈচিত্ৰ্য
Anjan Sarma

Anjan Sarma

Related Posts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict
World

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

by Nariman ALLOUSH
March 7, 2026
0

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict NARIMAN ALLOUSH Lebanon is currently experiencing...

Read moreDetails
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d