–দিলীপ দৈমাৰী |
নতুন এক বিপদৰ কাৰণ হ’বলৈ আগবাঢ়িছে পুৰণি হৈ পৰা জোনবাই। এফালে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিৰ কাৰণে মেৰু অঞ্চলৰ বৰফৰ স্তৰ গলিবলৈ ধৰিছে আৰু সাগৰ-মহাসাগৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হৈছে; আনফালে আকৌ উপবৃত্তাকাৰ কক্ষপথত জোনবাইৰ মতলীয়া লৰক-ফৰক পৰিক্ৰমাৰ বাবে আগন্তুক দিনবোৰত জোৱাৰৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ নিশ্চিত সম্ভাৱনা প্ৰকট হৈ পৰিছে। আশংকা কৰা হৈছে যে চন্দ্ৰৰ অতিৰিক্ত মাধ্যাকৰ্ষণিক শক্তিৰ ফলত সাগৰ – মহাসাগৰৰ জোৱাৰৰ পানী উথলি উঠি পৃথিৱীৰ বহুত নিম্ন-অঞ্চল জলমগ্ন কৰি তুলিব। বৃদ্ধি হ’ব পাৰে অকাল বন্যা। পানীৰ তলতেই বহুমাহ হয়তো থাকিবলগীয়া হ’ব পাৰে আমেৰিকাৰ লগতে সমুদ্ৰ উপকূলৱৰ্তী বহু দেশৰ বহুত চহৰ আৰু গ্ৰামাঞ্চল! এনে আশংকা প্ৰকাশ কৰিছে ‘নাছা’ই। নাছাৰ বিজ্ঞানীয়ে কৈছে যে আগন্তুক এটা দশকৰ মাজভাগৰ পৰা ঘনে ঘনে জলস্ফীতি দেখা যাব। এনে সমীক্ষাৰ দায়িত্বত থকা হাৱাই বিশ্ববিদ্যালয়ৰ অধ্যাপক ফিল থমছনে জনাইছে, নিজৰ কক্ষপথত চন্দ্ৰৰ লৰক-ফৰক যাত্ৰাৰ ঘটনাটো ঘটিব ১৮ বছৰ ৬ মাহ ধৰি। ইয়াৰ অৰ্দ্ধেক সময় মহাসাগৰৰ জোৱাৰৰ পৰিমাণ আৰু প্ৰাবল্য ভাটাতকৈ অধিকতৰ হ’ব। চক্ৰটোৰ বাকী সময়ত বিপৰীত হ’ব, ভাষা বহুত বেছি বৃদ্ধি হ’ব। গতিকে, এফালে মাধ্যাকৰ্ষণিক শক্তিৰ প্ৰভাৱ, আনফালে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি হৈ ভয়াবহভাবে বৰফ গলা ঘটনা; গতিকে অইন এক দুৰ্যোগৰ বাবে পৃথিৱীৰ বাসিন্দা আগবাঢ়িছে! এতিয়া পৃথিৱীৰ তাপমাত্ৰাৰ বৃদ্ধি হোৱাৰ হেতুকে এনেয়েই মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িছে আৰু আমেৰিকাৰ সমুদ্ৰ উপকূলৱৰ্তী অঞ্চলত তাৰ প্ৰমাণ পোৱা গৈছে। সাধাৰণতে জোৱাৰৰ সময়ত সমুদ্ৰ পৃষ্ঠৰ পৰা জলপৃষ্ঠ যিমান উচ্চতালৈ উঠে- এতিয়াই তাতকৈ দুইফুট বেছি উঠিছে। সম্প্ৰতি আমেৰিকাৰ উপকুলত মাহে দুবাৰ তিনিবাৰকৈ জলস্ফীতি বা বন্যাৰ সৃষ্টি হৈছে। ‘লাইফ চাইন্স’ ( Life Science) পত্ৰিকাৰ প্ৰতিবেদন অনুসৰি, অহা আগষ্ট মাহত আমেৰিকাৰ উপকুলত জলস্তৰ চাৰি ফুটৰো অধিক হ’ব পাৰে, কিন্তু সমস্ত উপকূলত ই একেধৰণৰ বা সমান তালত নহ’বও পাৰে। জলোচ্ছ্বাসৰ বাবে জীৱন-জীৱিকাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব বুলিও বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে। বহুত কল-কাৰখানা, পাৰ্কিং এলেকা, খেতিপথাৰ, ঘৰ, কাৰ্যালয় পানীৰ কৱলত পৰিব, লক্ষ লক্ষ লোক কৰ্মচ্যুত হ’ব, খোৱা পানীৰ সমস্যা দেখা দিব, বিভিন্ন সমস্যাই পৃথিৱীক জুৰুলা কৰিব। ‘নাছা’ৰ মতে ২০২৯ চনত আমেৰিকাত এনে বন্যা প্ৰায় ৬০০ বাৰ হ’ব পাৰে! গতিকে সমগ্ৰ বিশ্বৰ বাবে এক নতুন বিপদৰ ঘন্টা বাজি উঠিছে!! # [জুলাই,২০২১, কেলিফ’ৰ্ণিয়াৰ পৰা প্ৰকাশিত বাতৰিৰ আঁত ধৰি]