• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জোনবিল মেলা

-গৌতম শৰ্মা

by Anjan Sarma
June 26, 2021
in Special Report
Reading Time: 1 min read
0
জোনবিল মেলা
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

প্ৰচলিত কেতবোৰ সামাজিক উৎসৱ-পাৰ্বনে আৰু এইসমূহৰ সৈতে সংগতি ৰাখি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা বিভিন্ন মেলাসমূহে জনসমাজৰ মাজত ঐক্য, সংহতি আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি গঢ়ি তোলাত সদায় সহায় কৰি আহিছে। এই মেলাসমূহক সমূহীয়া আৱেগ, অনুভূতি আৰু আনুগত্যতা প্ৰকাশৰ এক মাধ্যম বুলিও বহুসময়ত আমি ক’ব পাৰোঁ। বাৰেৰহনীয়া জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনে বহু আদিম উৎসৱ, মেলা আদিবোৰ আমাৰ অজান কালৰেপৰা উলহ-মালহেৰে উদযাপন কৰি অহা হৈছে। এনে এখনি অতি গুৰুত্ব আৰু তাৎপৰ্যপূৰ্ণ ঐতিহাসিক মেলা হৈছে পাহাৰ আৰু ভৈয়ামৰ সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তাবাহক জোনবিল মেলা। মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডৰ কাষতে থকা জোনবিল নামৰ এখন বিলৰ পাৰত এই মেলাখন প্ৰতিবাৰেই অনুষ্ঠিত হৈ অহা বাবে সেই ঠাইটুকুৰা নাম অনুসৰিয়েই এই মেলাখন “জোনবিল মেলা” বুলি জনা যায়। ঐতিহাসিকসকলৰ দৃষ্টিভংগীত মধ্যযুগৰ পৰাই এই মেলাখন আজিলৈকে প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে। শেহতীয়াকৈ যোৱা ১৭, ১৮ আৰু ১৯ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা এই মেলাখনে বহুখিনি গুৰুত্বপূৰ্ণ দিশক পুনৰবাৰ উন্মোচন কৰি গ’ল ৷

উল্লেখযোগ্য যে, ৰাজতন্ত্ৰৰদ্বাৰা শাসিত আৰু শৰণাগত লোকসকলৰ জীৱনলৈ আজি গণতান্ত্ৰিক শাসন ব্যৱস্থাই ন-ন পৰিবৰ্তন আনিলেও পূৰ্বৰ ৰাজতন্ত্ৰৰ পৰম্পৰাৰ প্ৰভাৱ আজিও তিৱা জনগোষ্ঠীৰ মাজত বিদ্যমান। সম্প্ৰতি ৰাজতন্ত্ৰ তথা ৰজাৰ একো প্ৰশাসনিক ক্ষমতা নাথাকিলেও ধৰ্মীয় পূজা-পাৰ্বন, কৃষ্টি-সংস্কৃতি আৰু সামাজিক ৰীতি-নীতি পালনেৰে বৰ্তমানেও এই ৰাজতন্ত্ৰ বৰ্তি আছে তিৱা ৰাজ্যত। যাক আমি এই মেলাখনৰ জৰিয়তে খুব ভালদৰে জানিবলৈ সক্ষম হৈছোঁ। জোনবিল মেলাৰ সৈতে গোভা ৰাজ্যৰ ইতিহাস বহু স্মৃতি বিজড়িত হৈ আছে। এই গোভা ৰাজ্যৰ পুৰণি বাসিন্দা আছিল তিৱাসকল। এই ৰাজ্যখন প্ৰথমে জয়ন্তীয়া ৰাজ্যৰ আৰু পৰৱৰ্তী সময়ত আহোম ৰাজ্যৰ নিয়ন্ত্ৰণলৈ গৈছিল। এক জনশ্ৰুতি মতে, গোভা ৰজা জোনসিঙৰ দিনত গোভা ৰাজ্যৰ মাজভাগত এখন সংৰক্ষিত বিলৰ পাৰত তেওঁৰ ৰাজ অভিষেক তথা সিংহাসন আৰোহণৰ অনুষ্ঠানটো অতি জাকজমক তথা মহাসমাৰোহেৰে পাতি উদযাপন কৰা হৈছিল। এই গোভা ৰজা জোনসিঙৰ নাম অনুসৰিয়েই সেই বিশেষ বিলখনৰ নাম জোনবিল আৰু তাৰ পাৰত অনুষ্ঠিত হোৱা মেলাখন সেই বিলৰ নাম অনুসৰিয়েই জোনবিল মেলা ৰূপে জনাজাত হৈছিল। প্ৰচলিত অন্য এক আখ্যান মতে, গোভা ৰাজ্যৰ ৰজা পন্তেশ্বৰ সিংহই এদিন বিহাৰ তথা চিকাৰ কৰি ঘূৰি ফুৰোঁতে ৰাতি এখন বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি ইয়াতে বিমুগ্ধ হৈ বিলখনৰ নাম “জোনবিল” থয়। প্ৰাপ্ত তথ্য অনুসৰি, প্রথমাৱস্থাত এই জোনবিল মেলাখনৰ ঠাইত গোভা ৰজাৰ নিৰ্দেশত মাঘ বিহুৰ ১২ দিনৰ পাছত বিহু উৎসৱকহে উলহ মালহেৰে পতা হৈছিল। পৰৱৰ্তী কালত এই উৎসৱৰ লগত সংগতি ৰাখি মাঘ বিহুৰ সংক্ৰান্তিৰ পাছৰ বৃহস্পতিবাৰে এই ঐতিহাসিক বিলখনৰ পাৰত এখন মেলাও অনুষ্ঠিত কৰিবলৈ লোৱা হয়। যিখন মেলা বৰ্তমানেও সেই নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত বৃহস্পতিবাৰে আৰম্ভ হৈ শনিবাৰে সন্ধিয়ালৈ সামৰণি পৰে।

জোনবিল মেলাখনৰ প্ৰধান বৈশিষ্ট্য তথা বিশেষত্বই হৈছে “বিনিময় প্ৰথা”। এই মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন যেনে- তিৱা, খাচী, কাৰ্বি আদি জনজাতিমূলৰ লোকসকলে অংশগ্ৰহণ কৰিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহে। পাহাৰীয়া এইসকল লোকে পাহাৰৰ পৰা নামি আহোঁতে লগত পাহাৰত উৎপন্ন হোৱা বিভিন্ন খাদ্যসম্ভাৰৰ লগতে বহুতো নৃত্য-নৈমিত্তিক ব্যৱহাৰ্য সমগ্ৰীসমূহ যেনে- লাও, কোমোৰা, কচু, পাহাৰীয়া জলকীয়া, আদা, চিৰতা, কপাহ, টেঙা, হিং, দালচেনি, হালধি, লা, গন্ধক, ধূনা, আমলখি, শিলিখা, শুকান মাছ আদিবোৰ লগত লৈ আহে।  ভৈয়ামৰ বিলৰ পাৰলৈ আহি খেৰ, বাঁহ, নল-খাগৰী আদিয়ে অস্থায়ীকৈ কিছুমান জুপুৰি সাজি বাঁহৰ চুঙাত চাউল সিজাই অতি ফুৰ্তিৰে ভৈয়ামৰ মানুহলৈ অপেক্ষা কৰে। ভৈয়ামৰ হাজাৰ হাজাৰ লোকেও নানান ভৈয়ামত উৎপাদিত খাদ্য আৰু অন্যান্য বয়বস্তু যেনে- সান্দহ, তিল পিঠা, পিঠা গুৰি, লাডু, মাছ, তামোল-পাণ, ইত্যাদিবোৰ বিনিময়ৰ বাবে লৈ গৈ এই মেলাত সক্ৰিয় অংশগ্ৰহণ কৰেগৈ। মেলাৰ প্ৰথম দিনা, জোনবিলৰ এই বিনিময় মেলাত গোভা ৰজাই পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ সৈতে ভাৱ বিনিময় কৰি শান্তি, সম্প্ৰীতি অটুট ৰাখি একতাৰ দোলেৰে আগবাঢ়ি যাবৰ হেতু প্ৰতিশ্ৰুতিবদ্ধ হৈ পাহাৰৰ আলু, কচু আদিৰ সৈতে ভৈয়ামৰ পিঠা, সান্দহ আদিৰ বিনিময়ৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত সমূহীয়াকৈ অতি আনন্দ-ফুৰ্তিৰে বিলত মাছ ধৰি এভাগ মাছ গোভা ৰজালৈ বুলি আগবঢ়াই দিয়া হয়।

পৰম্পৰা অনুসৰি, এই মেলাত গোভা ৰজা আৰু তেওঁৰ পৰিষদবৰ্গৰ বাবে সজোৱা এক অস্থায়ী ৰাজদৰবাৰ আয়োজিত হয় আৰু সেই অস্থায়ী দৰবাৰত কৰ-কাটলো সংগ্ৰহ কৰা হয়। ৰজাৰ এই অস্থায়ী দৰবাৰলৈ অন্যান্য কৰতলীয়া ৰজবোৰ যেনে- নেলী, কুমৈ, তেঁতেলীয়া, ডিমৰীয়া, দমাল, বঘৰা, ঘগুৱা আদি ৰজাসকলৰ উপৰিও কাজলীমুখৰ আহোম ৰাজ্যৰ বিষয়াকো বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয়। এই দৰবাৰতে তিৱা সংস্কৃতিৰ কিছুমান সম্পদ আৰু পুৰণি যুজঁৰো প্ৰদৰ্শন কৰা হয়। ভৈয়ামবাসীয়ে পাহাৰীয়াবাসীক অতি আন্তৰিকতাৰে “মামা”, “মামী” বুলি সম্বোধন কৰি মেলাৰ চৌদিশ মুখৰিত কৰি তোলে। বিনিময় পৰ্ব শেষ হোৱাৰ ঠিক পাছতেই পাহাৰীয়া লোকসকলে অস্থায়ী জুপুৰি ঘৰবিলাকক সেৱা জনাই সেইবোৰ জ্বলাই দিয়ে আৰু ভৈয়ামৰ পৰা সংগ্ৰহ কৰা দ্ৰব্যবোৰ লগত লৈ পাহাৰত থকা নিজৰ ঠাইলৈ যায়গৈ। পাহাৰৰ জনজাতীয় লোকসকলে ভৈয়ামৰপৰা নিয়া এই সামগ্ৰীসমূহেৰে তেওঁলোকে পাহাৰত আমাৰ মাঘ বিহুৰ দৰে অতি আনন্দৰে ভোগালী উৎসৱ পাতি বহুত আনন্দ-ফুৰ্তি কৰে বুলি জনা যায়। অন্যহাতেদি, জোনবিল মেলাৰ বিনিময় পৰ্বৰ ঠিক পাছতেই সেই ঠাইটুকুৰাত অন্য এখন ডাঙৰ মেলা বহে। যিখন মেলাত কাপোৰ-কানিৰ পৰা জোতা-চেণ্ডেল, বিভিন্ন খাদ্য সামগ্ৰী, ফুল, ফুলৰ টাব, সূতা, বিচনাৰ সঁজুলি লগতে যথেষ্ট কম দামত এই মেলাত কাঠৰ বিভিন্ন আচবাব-পত্ৰ কিনিবলৈ পোৱা যায়। এইদৰে মেলাখনত বহু কুটিৰ শিল্পৰ লগতে বহু হস্তনিৰ্মিত সম্পদৰো বিক্ৰী, বিতৰণ হয়।

পৰিৱৰ্তিত সময়, বিশ্বায়ন প্ৰভাৱৰ ফলত বৃদ্ধি পোৱা মুদ্ৰা অৰ্থনীতিৰ বহুল প্ৰসাৰে  জোনবিল মেলাৰ ঐতিহ্যক ক্ৰমশঃ এক ডাঠ আঁচোৰ মৰাটো পৰিলক্ষিত হৈছে। পাহাৰ-ভৈয়ামত উৎপাদিত এই সামগ্ৰীসমূহক সম্প্ৰতি ইচ্ছুক লোকসকলে টকাৰ মাধ্যমেদিও ক্ৰয় কৰিব পৰা হ’ল। তথাপি বিনিময়ৰ বাবে বিখ্যাত এই মেলাখনে বহুখিনি স্বকীয় বৈশিষ্ট্যৰে নিজৰ ঐতিহ্যক সুকলমে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। প্ৰতিবছৰে নিৰ্দিষ্ট এক সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰো বিভিন্ন প্ৰান্তৰ লোকসকলৰ উপস্থিতি আৰু সমাগমে এই জোনবিল মেলাখনক আজি সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছে লগতে পৰ্যটনৰ এক অপূৰ্ব সম্ভৱানময় ক্ষেত্ৰ হিচাপেও গঢ়ি তুলিছে। উল্লেখযোগ্য যে, বৰ্তমান পুৰণি সেই গোভা ৰাজ্যৰ ৰজাৰ ৰাজনৈতিক ক্ষমতা আজি নাই যদিও ৰজাজনৰ পদবী অদ্যাপী অব্যাহত আছে আৰু প্ৰাচীন এই ৰাজবংশটোৰ সাক্ষী তথা প্ৰতিনিধি হিচাপে এতিয়াও গোভা ৰজাক এই অঞ্চলটোৰ এজন অতি সন্মানীয় ব্যক্তি বুলি গণ্য কৰা হয়। পাহাৰ আৰু ভৈয়ামৰ জনজীৱন আৰু লোক-সংস্কৃতিৰ কোঁহে কোঁহে সঞ্চাৰিত হৈ থকা খাদ্য আৰু বস্তুসম্ভাৰৰ লগতে মৰম-ভালপোৱা বিনিময়ৰ বিৰল দৃশ্যসমূহক এই জোনবিলৰ পাৰত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা জোনবিল মেলাত প্ৰত্যক্ষ কৰিবলৈ পোৱাটো সঁচাকৈয়েই এক অনন্য অনুভৱ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জোনবিল মেলা
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d