• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

জোনাকত জিলিকা ফুল

বৰ্ণালী দেৱী

by Anjan Sarma
July 8, 2022
in Book, Reviews
Reading Time: 2 mins read
0
জোনাকত জিলিকা ফুল
Share on FacebookShare on TwitterShare on LinkedIn

জোনাকত জিলিকা ফুল

বৰ্ণালী দেৱী

IMG 20190122 WA0012

মানুহৰ সুখ- দুখ,প্ৰাপ্তি-অপ্ৰাপ্তি এইবোৰ অনুভূতিৰেই  সৃষ্টিৰ বাট মুকলি কৰি যায়।

RelatedPosts

The Keeper of Our Books and Trees

The Keeper of Our Books and Trees

May 31, 2025
“Paromanawik Samay” !

“Paromanawik Samay” !

May 26, 2025
Beirut Concludes the 66th Edition of the Arab International Book Fair

Beirut Concludes the 66th Edition of the Arab International Book Fair

May 25, 2025

সেই অনুভূতিৰ বহি প্ৰকাশ ফলতেই সাহিত্যৰ বিভিন্ন দিশবোৰে পোখা মেলি গজি উঠে।

এই গজি উঠা বিভিন্ন প্ৰকাশেই হৈছে গল্প,উপন্যাস, কবিতা ,সমূহ ।সকলো ভাগৰ সাহিত্যৰ সোৱাদো ভিন ভিন হয়।গল্প -কবিতা যিদৰে ভিন্ন স্বাদ দিয়ে সেইদৰে লেখক মাত্ৰেও সোৱাদ বিভিন্ন হয়।

মই বৰ্তমান এখনি গল্প পুথিৰ  মায়াময় মোহজালত বন্দী হৈ আছো – য’ত আছে ২৭টা ভিন্ন ধৰ্মী ৰস।ছুটি ছুটি গল্প সমূহে সকলো পাঠকৰেই অন্তৰ চুই যাব।গল্প পুথি খনি হ’ল বিশিষ্ট ঔপন্যাসিক, শিশু গ্ৰন্থ লেখক, ভ্ৰমণ গ্ৰন্থ লেখক ,গল্পকাৰ, বিশিষ্ট শিক্ষাবিদ ড:জগদীন্দ্ৰ ৰায়চৌধুৰী ৰ “জোনাকত জিলিকা ফুল“।

প্ৰতি টো গল্পৰে প্ৰকাশ শৈলী বৰ সুন্দৰ।সকলো শ্ৰেণীৰ পাঠকৰ হৃদয় স্পৰ্শী যাব পৰাকৈ গল্পসমূহৰ ভাষা,কাহিনী আৰু বাক্য গাঠনি অতি সৰল।সৰলতাৰ মাজেৰে লেখকে কিন্তু বিজ্ঞান মনস্কতা আৰু সমাজৰ জীৱনৰ সকলো বিষয় সামৰি লৈছে।

” জোনাকত জিলিকা ফুল” নামৰ গল্পটো মুল চৰিত্ৰ মৃণালে মনৰ ইচ্ছা পূৰণ কৰা বাসনাৰে চাকৰি আদি সকলো কাম বাদ দি সমাজৰ হিতাৰ্থে সাজি উলিয়ালে এটা যন্ত্ৰ যাৰ দ্বাৰা সন্মুখত মানুহ জনৰ মনোভাৱ জানিবলৈ সক্ষম হয়।গল্পটো বিষয় ব্যতিক্ৰমী আৰু পাঠকৰ মনত কৌতুহল ভাব জগাই তোলে।

“নাচি ভালপোৱা ছোৱালীজনী’ গল্পটোৰ কাহিনী অতি বাস্তৱ আৰু দুচুকু সেমেকাই তুলিব পৰা । দ্ৰৰিদ্ৰতাই কোঙা কৰা আৰু নিজৰ অকমান্য স্বভাৱৰ বাবে প্ৰতিভাশালী কনমানি ছোৱালীজনী ক মহানগৰৰ এঘৰ হৃদয়হীন মানুহৰ ঘৰত দেউতাকে থৈ গ’ল কেইটামান টকাৰ বিনিময়ত।এদিন কনমানি নাচনী ছোৱালী জনীৰ কান্দোনত প্ৰতিবেশী এজনৰ অন্তৰ কিদৰে চুই গ’ল আৰু ছোৱালী জনীৰ কি হ’ল সেয়া জানিবলৈ গল্পটো নিশ্চয় কৈ পঢ়িবয়ে লাগিব।

“মাতৃ স্নেহ”  এক সচাকৈ ব্যতিক্ৰমী গল্প।নি:সন্তান এগৰাকী নাৰী বিষাদ গাথাৰ লগতে সমাজত যে সকলো ক্ষেত্ৰতে নাৰী গৰাকীকেই নানা শব্দৰ বিভূষনেৰে বিভূষিত কৰি দোষাৰোপ কৰা হয় আনকি নি:সন্তান হোৱাৰ দোষ টোও জাপি দিয়া হয় নাৰীক।কিন্তু পুৰুষজনো যে তাৰ কাৰণ হব পাৰে সেইকথা কোনেও মানি লব নিবিচাৰে।এই গল্পটো ত তেনে এক বেদনা প্ৰকাশ পাইছে জগন্নাথ ৰ ঘৈণীয়েকৰ মাজেৰে।মনৰ বেদনা পাতলাবলৈ জগন্নাথৰ ঘৈণীয়েকে কৈছে: মাইকী মানুহৰ মনৰ বেদনা কোনে বুজিব?আমাৰ যেন কোনো দামেই নাই।-মাজে মাজে লেখকে প্ৰয়োগ কৰা এনে নাটকীয় সংলাপে গল্পৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পাইছে।

প্ৰতিটো গল্প পঢ়াৰ পিছত লেখকে সকলোলৈ থৈ গৈছে চিন্তা ৰ অৱকাশ ।যি টো ছুটিগল্প ৰ অন্যতম বৈশিষ্ট্য  সেই বৈশিষ্ট সুন্দৰ ৰূপে ধৰা দিছে ৰায়চৌধুৰী ৰ গল্পৰ মাজত।পঢ়াৰ পিছত সমাধান বিচাৰি পাঠকৰ অন্তৰত হেন্দোলনি দি থাকে ।

মুঠতেই ছুটিগল্পৰ সাৰ্থকতা বহন কৰিছে প্ৰতিটো গল্পতে।প্ৰতিটো গল্পৰ ভিন্ন স্বাদ।যেনে-মন পখীৰ গান,ক্ৰুছবিদ্ধ,জীৱন ডট কম,স্বনিবাৰ্সন,অপ্ৰত্যশিত ৰোদন আদি।এই নাম সমূহে ই বহন কৰিছে গল্পৰ বৈশিষ্টতা।

পঢ়ি যাওতে তাৰ চিত্ৰকল্প চকুৰ আগত দোলা দি যায় প্ৰতিটো গল্পতে।

মুঠতে ২৭ টা সাৰ্থক গল্পৰে ড:জগদীন্দ্ৰ ৰায়চৌধুৰী দেৱৰ অন্যতম সাৰ্থক সৃষ্টি “জোনাকত জিলিকা ফুল” এক সাৰ্থক,সুন্দৰ, হৃদয়স্পশী গল্প সংকলন।

[বৰ্ণালী দেৱী, শিশু শিক্ষা সমিতি, অসম, Phone-৯৯৫৭০৭২৬৯০]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Keeper of Our Books and Trees
Climate Change

The Keeper of Our Books and Trees

by Paddaja Roy
May 31, 2025
0

The Keeper of Our Books and Trees Paddaja Roy Paddaja Roy “Oh, your college campus is so green!” This is...

Read moreDetails
“Paromanawik Samay” !

“Paromanawik Samay” !

May 26, 2025
Beirut Concludes the 66th Edition of the Arab International Book Fair

Beirut Concludes the 66th Edition of the Arab International Book Fair

May 25, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 21, 2025
My Enemy’s Enemy: India in Afghanistan from the Soviet Invasion to the US Withdrawal

My Enemy’s Enemy: India in Afghanistan from the Soviet Invasion to the US Withdrawal

May 19, 2025
Alvin Toffler’s Books and the AI Era

Alvin Toffler’s Books and the AI Era

May 18, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
A “Nice Wake-Up Call” for Plastics Pollution Treaty

A “Nice Wake-Up Call” for Plastics Pollution Treaty

June 13, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

June 12, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Dreamliner Crash in Ahmedabad Claims Over 290 Lives

June 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11906 shares
    Share 4762 Tweet 2976
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1377 shares
    Share 551 Tweet 344
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2859 shares
    Share 1144 Tweet 715
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7218 shares
    Share 2887 Tweet 1805
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5507 shares
    Share 2203 Tweet 1377
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3058 shares
    Share 1223 Tweet 765
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    867 shares
    Share 347 Tweet 217
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    177 shares
    Share 71 Tweet 44
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    170 shares
    Share 68 Tweet 43
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3150 shares
    Share 1260 Tweet 788
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d