• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জ্ঞানবাপী মছজিদ , ন্যায়পালিকা, ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ

LOOKING BACK

by Admin
May 26, 2022
in Justice
Reading Time: 2 mins read
0
জ্ঞানবাপী মছজিদ , ন্যায়পালিকা, ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023

জ্ঞানবাপী মছজিদ

মনোজ বৰুৱা

১৯৯২চন। তেতিয়া বাবৰী মছজিদ ধ্বংস কৰাৰ আন্দোলন তুংগত উঠিছিল।ভাৰতৰ বিভিন্ন ৰাজ্যৰ চাৰিওফালে এক হিংসাত্মক, সাম্প্ৰদায়িক পৰিস্থিতি। তেনে সময়তেই উগ্ৰ হিন্দুত্ববাদী আন্দোলনকাৰী সকলে শ্লোগান দিছিল এনেদৰে ,”য়ে তৌ কেৱল ঝাকী হে,কাশী মথুৰা বাকী হে“। তেনেধৰণৰ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতি পুনৰ এইখন ভাৰতবৰ্ষত আমি কল্পনা কৰিব নোৱাৰো যদিও সেই শ্লোগানৰ প্ৰতিধ্বনি আজিও যেন গুঞ্জৰিত হৈ আছে।

২০১৯ চনত বিজয় চন্দ্ৰ ৰাস্ত’গীৰ নেতৃত্বত এখন পেটিশ্বন ফাইল কৰা হ’ল।গোচৰ দিয়া হ’ল যে, হিন্দুৰ বাবে এখন পবিত্ৰ ধাম কাশীত থকা যি জ্ঞানবাপী মছজিদ,সেই মছজিদ দৰাচলতে সম্ৰাট ঔৰংগজেৱে এটা শিৱ উপাসনা কৰা মন্দিৰ ভাঙি নিৰ্মাণ কৰাইছে। এই বিষয়ে বাৰাণসীৰ জিলা সত্ৰ ন্যায়াধীশৰ বিচাৰপতি আশুতোষ তিৱাৰীয়ে ২০২১ চনৰ ৮ এপ্ৰিল তাৰিখে বিচাৰত কয় যে ,ভাৰতৰ প্ৰত্নতত্ব বিভাগৰ এখন ৫জনীয়া কমিটীয়ে এই মছজিদৰ ওপৰত গৱেষণা কৰক আৰু অহা ৩১ মে’ তাৰিখে আদালতক জনাওক যে প্ৰকৃততে এটা শিৱ মন্দিৰ ভাঙি এই মছজিদ প্ৰতিষ্ঠা কৰা হৈছিলনে?

অৱশ্যে বিচাৰত এই কথাও উল্লেখ কৰা হয় যে এই ৫জনীয়া কমিটী খনত অতি কমেও দুজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ থকা উচিত। কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ হ’লেই সমস্যা সমাধান হ’বনে? নে ইয়াৰ ক্ষেত্ৰত প্ৰত্নতাত্বিক জনৰ দক্ষতাইহে অধিক ফলপ্ৰসূ হ’ব সেয়াও বৰ্তমান সুধী সমাজৰ আলোচনীয় বিষয়।

ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ সমাজ ব্যৱস্থাৰ সুবৃহৎ আলোচনা কৰাৰ আগতেই আমি বাৰাণসী জিলা ও সত্ৰ ন্যায়াধীশে প্ৰদান কৰা বিচাৰৰ যুক্তিযুক্ততা আৰু প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে। নৰসিংহ ৰাৱৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতীয় সংসদত Places of Worship Act, 1991 গৃহীত কৰা হয়। এই আইনৰ চতুৰ্থ অনুচ্ছেদৰ মতে, ১৯৪৭ চনৰ ১৫ আগষ্ট তৰিখে ভাৰতৰ উপাসনাথলীসমূহ যেনেদৰে আছিল তাৰ কোনো পৰিৱৰ্তন নহ’ব। ইয়াৰ ক্ষেত্ৰত অযোধ্যা বাবৰী মছজিদৰ গোচৰ ব্যতিক্ৰম আছিল কিয়নো এই গোচৰ ১৯৮৬ চনতেই উত্থাপন কৰা হৈছিল। ভাৰতীয় সংবিধানৰ প্ৰাথমিক অধিকাৰৰ অন্তৰ্গত অনুচ্ছেদ ২০ ৰ মতে এটা গোচৰৰ বিচাৰ সেই নিয়মমতেহে কৰা হ’ব যি নিয়ম তাৰ উত্থাপন কৰাৰ সময়তে লাগু আছিল। গতিকে ১৯৯১ ৰ আইনখনে বাবৰী মছজিদৰ বিচাৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু এই আইন অনুসৰি বাৰাণসীৰ আদালতে দিয়া ৰায়দান যুক্তিসঙ্গত হ’ব নোৱাৰে।

জ্ঞানবাপী মছজিদ , ন্যায়পালিকা, ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ

বৰ্তমান সময়ত হিন্দুত্ববাদী বিশ্বাসেৰে বলীয়ান হৈ একাংশই বাবৰী মছজিদৰ ৰায়দানক সাৰোগত কৰি যেনেদৰে জ্ঞানবাপী মছজিদৰ যুক্তি দিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে সেই একাংশই বাবৰী মছজিদৰ ৰায়দানৰ ওপৰত ভালদৰে অধ্যয়ন কৰা নাই। সুদীৰ্ঘ ৰায়দানত এটা কথা স্পষ্ট যে, প্ৰত্নতাত্ত্বিক বিভাগৰ প্ৰতিবেদনৰ সলনি সেই বিচাৰ প্ৰদান কৰা হৈছিল মূলতঃ ভূমি সমস্যা সমাধানৰ ওপৰতহে।স্পষ্টকৈ প্ৰকাশ কৰা হৈছিল যে প্ৰত্নতাত্ত্বিক বিভাগে সঁচাকৈ মন্দিৰ ভাঙি তাত মছজিদ নিৰ্মাণ কৰা হৈছিল নে নাই সেই বিষয়ে প্ৰমাণ দিবলৈ অসমৰ্থ।

“প্ৰকৃততে চাবলৈ গ’লে আমাৰ মধ্যযুগীয় ইতিহাস অতি ৰক্তাক্ত। তেনেক্ষেত্ৰত ধৰ্ম এটা গৌণ উপাদান মাত্ৰ। মোগলসকলে ভাৰতক আক্ৰমণ কৰাৰ সময়ত মোগলৰ লগত যুদ্ধ কৰা ৰজাজন যেনেদৰে মুছলমান আছিল, তেনেদৰেই পাছৰ সময়ত মোগল সেনাতো বহু হিন্দু বা শিখ, সৈন্য অথবা সেনাপতি হিচাপে অন্তৰ্ভুক্ত হৈছিল।”

সেইবাবেই অন্য ৫ একৰ মাটিও মছজিদৰ বাবে প্ৰদান কৰা হৈছিল। মূলতঃ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ৰাজনৈতিক পৰিস্থিতি উত্তাল নকৰাৰ স্বাৰ্থতেই এই বিচাৰৰ ৰায়দান দিয়া হৈছিল যদিও ৰায়দানৰ বহুকেইটা গুনগত বৈশিষ্ট্য আছিল। প্ৰথমতেই ইয়াৰ জৰিয়তে মধ্যযুগীয় আক্ৰমণৰ ওপৰত আলোকপাত কৰা হৈছিল। মধ্যযুগীয় ৰজাসকলে ধৰ্মভেদে বিপৰীত পক্ষৰ ৰজাৰ কুলদেৱতাক অপমান কৰা বা তেওঁলোকৰ উপাসনাথলী ধংস কৰাৰ অলেখ কাহিনী বিদ্যমান।

ৰায়দানত স্পষ্ট কৰি দিয়া হৈছিল যে , ইতিহাসৰ কোনো কথা বা কাহিনীৰ ভিত্তিত বৰ্তমান সময়ত কোনো ন্যায়ালয়ে ৰায়দান কৰিব নোৱাৰে। আনহে নালাগে, বাবৰী মছজিদৰ ৰায়দানৰ স্পষ্টকৈ কোৱা হৈছিল যে, Places of Worship Act, 1991 খন ভাৰতৰ সংবিধানৰ মূলগাথঁনি ধৰ্মনিৰপেক্ষতাৰ ৰক্ষাৰ বাবে অপৰিহাৰ্য। আওপকীয়াকৈ এই আইনখনো সংবিধানৰ মূলগাঁথনিৰ সুঁতিৰ আওঁতাৰ ভিতৰলৈ অনা হ’ল।

এতিয়া জ্ঞানবাপী মছজিদৰ গোচৰত জিলা ও সত্ৰ ন্যায়াধীশৰ বিচাৰে সংসদ আৰু উচ্চতম ন্যায়ালয় উভয়ৰে সিদ্ধান্তৰ বিৰোধিতা কৰি অনুচ্ছেদ ১৪১ অমান্য কৰিছে। গোচৰৰ উচিত তদন্তৰ বাবে ই উচ্চতম ন্যায়ালয় পৰ্যন্ত পোৱাটো প্ৰায় নিশ্চিত যদিও এনেসমূহ কাৰ্যকলাপে ভাৰতৰ আত্মাক আঘাত দিয়াৰ যত্ন কৰে। গোচৰ দিওঁতা শ্ৰীমান ৰস্ত’গীয়ে ইণ্ডিয়া টুডে’ক দিয়া এটা মন্তব্যত নিজেই উল্লেখ কৰিছে যে, যদিও আগৰ শিৱমন্দিৰটো ভঙাৰ ক্ষেত্ৰত যুক্তি আছে তথাপি ঔৰংগজেৱে নতুনকৈ জ্ঞানবাপী মছজিদ নিৰ্মাণ কৰাইছে বুলি একো প্ৰমাণ নাই। তেনেক্ষেত্ৰত ভাৰতীয় ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাসী এজন ভাৰতীয় নাগৰিকৰূপে আমি আশা কৰিম বিংশ শতাব্দীৰ প্ৰাৰম্ভতে নৱ উত্থান ঘটা হিন্দুত্ববাদী ভাৱধাৰাৰ হেঁচা যেন বিচাৰ বা ৰায়দানত ফুটি নুঠে।

প্ৰকৃততে চাবলৈ গ’লে আমাৰ মধ্যযুগীয় ইতিহাস অতি ৰক্তাক্ত। তেনেক্ষেত্ৰত ধৰ্ম এটা গৌণ উপাদান মাত্ৰ। মোগলসকলে ভাৰতক আক্ৰমণ কৰাৰ সময়ত মোগলৰ লগত যুদ্ধ কৰা ৰজাজন যেনেদৰে মুছলমান আছিল, তেনেদৰেই পাছৰ সময়ত মোগল সেনাতো বহু হিন্দু বা শিখ, সৈন্য অথবা সেনাপতি হিচাপে অন্তৰ্ভুক্ত হৈছিল।

সেই ৰক্তাক্ত ইতিহাসক যদি আমি বৰ্তমানৰ ৰাজনীতি আৰু সমাজনীতিৰ দিকনিৰ্ণায়ক হিচাপে গণ্য কৰোঁ তেন্তে সি বৰ্তমানৰ ভাৰতবৰ্ষৰ সুখ আৰু সমৃদ্ধিৰ বাবে কোনোপ্ৰকাৰে শুভলক্ষণ নহ’ব। ১৯৯২ ত অযোধ্যা আন্দোলনত শ্লোগান দিয়া হৈছিল , ’তিন নহী, তিন হাজাৰ’। অৰ্থাৎ অযোধ্যা, কাশী বিশ্বনাথ বা মথুৰাই নহয়, আন তিনিহাজাৰ অন্য ক্ষেত্ৰতো একেদৰেই কাৰ্যপন্থা লোৱা হ’ব। এনেধৰণৰ আগ্ৰাসী মনোভাৱে ভৱিষ্যত সময়ত ভাৰতৰ বাবেই এক অশনি সংকেত কঢ়িয়াই আনিব।

অসমৰ ক্ষেত্ৰতো আমি বিভিন্ন স্থাপত্যৰ ক্ষেত্ৰত প্ৰাচ্যৰ ভাস্কৰ্যৰ নিদৰ্শন পাওঁ। সংস্কৃতি এক বোৱতী সুঁতি। সংস্কৃতিৰ সংবৰ্ধনৰ স্বাৰ্থত এই বোৱতী সুঁতি প্ৰৱাহমান হৈ থকাটো দৰকাৰ। উজনি অসমৰ আহোম যুগৰ স্থাপত্য সমূহৰ নিৰ্মাতা ঘনশ্যাম কাৰিকৰো এজন মোগল আছিল বুলি বুৰঞ্জীয়ে কয়। তেনেক্ষেত্ৰত যিকোনো ধৰ্মৰ মানুহে আহি এতিয়া যদিহে সেই বিশেষ স্থাপত্য ‛আমাৰ’ বুলি কৰ্তৃত্ব স্থাপন কৰিবলৈ যায়, তেতিয়া সি অসমীয়া জাতীয়তাবাদৰ সংবৰ্ধনৰ ক্ষেত্ৰত প্ৰতিৱন্ধক হিচাপেহে থিয় দিব।

বিচাৰপতি ৰঞ্জন গগৈৰ নেতৃত্বত প্ৰদান কৰা অযোধ্যা কাণ্ডৰ ৰায়দান, তাৰপিছত বিচাৰপতি গৰাকীৰ ৰজ্যসভালৈ গমন আদিৰ দৰে কথাবোৰ বিতৰ্কৰ আৱৰ্তত যদিও প্ৰদান কৰা ৰায়দানে সাম্প্ৰদায়িক সম্প্ৰীতি স্থাপন কৰাৰ আপ্ৰাণ চেষ্টা কৰিছিল তাত কোনো সন্দেহ নাই। কিন্তু বৰ্তমান সময়ত এই ৰায়দানকো প্ৰত্যাহ্বান জনোৱা কাৰ্য অতি নিন্দিত। পৰৱৰ্তী সময়ত জ্ঞানবাপী মন্দিৰৰ ক্ষেত্ৰত উপযুক্ত কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব বুলি আমি আশাবাদী।

[Note: This article was first published on 18-06-2021 in Mahabahu; now published as ‘Looking Back’]

26-05-2022 { Headline Image: Republicworld.com}

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: বাবৰী মছজিদ ধ্বংস
Admin

Admin

Related Posts

অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী
Afghanistan

AFGHANISTAN: More than one year of Taliban!

by Admin
February 1, 2023
0

AFGHANISTAN Sadia Hashimi Sadia Hashimi More than one year of Taliban. After the Taliban takeover of Afghanistan in August 2021,...

Read more
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
Freedom of press and trial by media

Freedom of press and trial by media

January 28, 2023
IRAN: BE OUR VOICE PLEASE

IRAN: BE OUR VOICE PLEASE

January 25, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: