জ্ঞানীৰ সমত্ব : ৰমণ মহর্ষিৰ উদাহৰণ
সঞ্জীৱ কুমাৰ নাথ

আজিকালি ধর্মীয় গোড়ামি আৰু অসহিষ্ণুতাৰে ভৰা কথা-বতৰা ইমান শুনা যায় যে অনেকৰ মনত ধর্ম বুলিলেই বিতৃষ্ণাৰ ভাব আহে। কিন্তু ধর্মৰ প্রকৃত অর্থ উপলব্ধি কৰা জন অসহিষ্ণু হ’ব পাৰে জানো?
এই লেখাত হিন্দু ধর্মৰ অদ্বৈত বেদান্ত পৰম্পৰাত কুৰি শতিকাত “জীৱনমুক্ত” বা “জ্ঞানী” বুলি খ্যাত ৰমণ মহর্ষিৰ ব্যৱহাৰত কিদৰে অন্য ধর্মৰ প্রতি সমভাৱ প্রতিফলিত হৈছিল, তাৰ দুটামান উদাহৰণৰ লগতে অন্য বিষয়তো তেওঁৰ সমত্বৰ বিষয়ে কিছু আভাস দিয়া হ’ব।
অদ্বৈত বেদান্তৰ পৰম্পৰাত “জ্ঞানী” শব্দটো এটা বিশেষ অর্থতহে ব্যৱহাৰ হয়; যিকোনো বিষয়ৰ জ্ঞান থকা লোককেই জ্ঞানী বুলি কোৱা নহয়। আত্মজ্ঞানত সম্পূর্ণ প্রতিস্থিত হৈ জন্ম-মৃত্যু চক্রৰ পৰা মুক্ত হোৱা অতি বিৰল জনকহে জীৱনমুক্ত বা জ্ঞানী বুলি কোৱা হয়। প্রাচীন কিম্বদন্তী অনুযায়ী জড়ভৰত, শুক মুনি, ৰজা জনক আদিক এই অর্থত জীৱনমুক্ত বা জ্ঞানী বুলি ধৰা হয়।
আদি শঙ্কৰাচার্য আৰু তেওঁৰ অন্তৰংগ শিষ্য চাৰিজনো জীৱনমুক্ত আছিল। আধুনিক কালতো কিছু লোকক এই অর্থত জ্ঞানী বা জীৱনমুক্ত বুলি ধৰা হয়, কিন্তু তেওঁলোকৰ সংখ্যা অতি কম। ইয়াত আচৰিত হ’বলগীয়া একো নাই কাৰণ প্রকৃততে আত্মজ্ঞান প্রাপ্তিৰ বাবে যত্ন কৰা লোকৰ সংখ্যা সদায়েই কম, আৰু চেষ্টা কৰা সকলৰো খুব কমেইহে প্রকৃত জ্ঞান লাভ কৰে। লগতে এইটোও ঠিক যে আধুনিক কালতো পৰা ভক্ত, আত্ম জ্ঞানী, জীৱনমুক্তৰ আবির্ভাৱ ঘটিছে।
বিংশ শতাব্দীৰ এজন জীৱনমুক্ত আছিল ভগৱান শ্রী ৰমণ মহর্ষি। জীৱনমুক্ত জ্ঞানীৰ এটা প্রধান লক্ষণ হৈছে সমত্ৱ। গীতাৰ পঞ্চম অধ্যায়ৰ অষ্টাদশ শ্লোকত ভগৱান শ্রীকৃষ্ণই জ্ঞানীৰ দৃষ্টিত কিদ’ৰে সমত্ব থাকে সেই কথা অতি সুন্দৰকৈ বুজাইছে:
ৱিদ্যাৱিনয়সম্পন্নে ব্রাহ্মণে গৱি হস্তিনি
শুনি চৈৱ শ্ৱপাকে চ পণ্ডিতা: সমদর্শিন:
অর্থাত জ্ঞানীসকলে (ইয়াত “পণ্ডিতা:” শব্দই কেৱল গ্রন্থ-জ্ঞানৰ গৰাকী পণ্ডিত সকলক বুজুৱা নাই, কিন্তু জীৱনমুক্ত জ্ঞানীক বুজাইছে) বিদ্যা আৰু বিনয় সম্পন্ন ব্রাহ্মণ, গাই, হাতী, কুকুৰ আৰু চণ্ডাল — এই সকলোবোৰক সম-দৃষ্টিৰে চায় ( জ্ঞানীৰ দৃষ্টিত এই সকলোবোৰ সমান)।

কুৰি শতিকাৰ প্রথম ভাগত দেশ-বিদেশৰ অনেক জ্ঞান-পিপাসু লোক অদ্বৈত পৰম্পৰাৰ মতে জ্ঞানী বুলি খ্যাত শ্রী ৰমণ মহর্ষিৰ সান্নিধ্যলৈ আহিছিল।
তেওঁলোকৰ অনেকে তেওঁলোকে লিখা কিতাপ আৰু প্রবন্ধত মহর্ষিয়ে কিদৰে সকলোকে সমান দৃষ্টিৰে চাইছিল তাৰ বর্ণনা দিছে।
১৭ বছৰ মান বয়সতে হোৱা এক বিশেষ আধ্যাত্মিক অভিজ্ঞতাৰ পিছত ঘৰ এৰি সন্ন্যাসী হোৱা মহর্ষি ১৮৯৬ চনৰ পৰা ১৯৫০ চনত তেওঁৰ মহানির্বাণ হোৱালৈকে তামিলনাডুৰ তিৰুৱান্নমলইত আছিল : প্রথম অৱস্থাত অৰুণাচলেশ্বৰ শিৱ মন্দিৰৰ প্রাঙ্গণত, পিছলৈ তামিল শৈৱ পৰম্পৰাত শিৱৰেই এক ৰূপ বুলি খ্যাত তিৰুৱান্নমলইৰ অৰুণাচলা পাহাৰৰ গুহাত, আৰু শেষত ৰমণাশ্রমত।

মহর্ষিৰ সংস্পর্শলৈ অহা অ-হিন্দু লোক সকলৰ প্রতি মহর্ষিৰ সমত্বৰ ভাব : ১৯৩৪ চনত ইংৰাজ সাংবাদিক, লেখক পল ব্রান্টনৰ কিতাপ A Search In Secret India প্রকাশ পোৱাৰ পিছত মহর্ষিৰ ওচৰলৈ অহা বিদেশী জিজ্ঞাসু লোকৰ সংখ্যা অভাৱনীয় ভাবে বাঢ়িছিল।
A Search In Secret Indiaত ব্রান্টনে অন্য কথাৰ লগতে মহর্ষিক লগ পাই অভিভূত হৈ পৰাৰ বর্ণনা দিছে।) অৱশ্যে তাৰ বহু আগৰ পৰাই তেওঁৰ ওচৰলৈ মানুহৰ সোঁত বৈছিল, আৰু অনেক দেশী-বিদেশী লোকে তামিলনাডুৰ তিৰুৱান্নমলৈত মহর্ষিৰ আশ্রমৰ আশে-পাশে নিগাজিকৈ থাকিবলৈও লৈছিল।
মহর্ষিৰ ওচৰলৈ যোৱা হিন্দু, মুছলমান, খ্রিষ্টান, বৌদ্ধ, পার্চী, বিশ্বাসী, অবিশ্বাসী, জিজ্ঞাসু, ভক্ত, যোগী, বিজ্ঞানী, সকলোয়েই মন কৰিছিল যে মহর্ষিৰ দৃষ্টিত সকলো সমান। সমত্বৰ বিষয়ে তেওঁ কোনো বক্তৃতা দিয়া নাছিল (এনেয়ো মহর্ষিয়ে খুব কম কথা কৈছিল) বা কোনো আন্দোলন কৰা নাছিল, কিন্তু তেওঁৰ আচৰণতে অতি সহজ আৰু সুস্পষ্ট ভাবে সমত্বৰ প্রমাণ ফুটি উঠিছিল।
মহর্ষিৰ ওচৰলৈ অহা জিজ্ঞাসু জনৰ যিয়েই ধর্ম বা উপাসনা পদ্ধতি নহওক কিয়, মহর্ষিয়ে সেয়া সলনি কৰিবলৈ কেতিয়াও উপদেশ দিয়া নাছিল। তেওঁৰ ওচৰলৈ অহা প্রথম জন বিদেশী জিজ্ঞাসু আছিল ভেল্লোৰত চাকৰিত যোগদান কৰিবলৈ অহা ইংৰাজ পুলিচ বিষয়া ফ্রেঙ্ক হাম্ফ্রীয্।
প্রথম অৱস্থাত হাম্ফ্রীযে ভাৰতবর্ষত বিশেষ যোগ-সিদ্ধি থকা, চমৎকাৰ সাধিব পৰা বাবাজী, গুৰুজী আদিক লগ কৰাৰ কথা চিন্তা কৰি আছিল, কিন্তু মহর্ষিৰ সান্নিধ্যলৈ অহাৰ পিছত হাম্ফ্রীযৰ চমৎকাৰ, সিদ্ধি আদিৰ প্রতি থকা আকর্ষণ কমি আহিল, আৰু তেওঁৰ নিজৰ খ্রিষ্টান ধর্মৰ প্রতিহে আস্থা-ভক্তি বাঢ়িল; আৰু শেষত তেওঁ চাকৰি বাদ দি কেথলিক সন্ন্যাসী হ’লগৈ। মহর্ষিৰ বিষয়ে তেওঁৰ লেখা International Psychic Gazette ত ওলাইছিল।

এলাহাবাদ বিশ্ববিদ্যালয়ৰ ইছলামিক স্তাদিজ (Islamic Studies) বিষয়ৰ অধ্যাপক ড: হাফিয চৈয়দ আৰু তেওঁৰ পত্নী দুয়ো অতি নিষ্ঠাবান মুছলমান আছিল। পল ব্রান্টনৰ কিতাপ পঢ়াৰ পিছত আৰু তেওঁতকৈ আগেয়ে মহর্ষিক দেখা কৰা মৰিছ ফ্রীডমেনৰ বিশেষ আগ্রহত (পোলেণ্ডত ইহুদী পৰিয়ালত জন্ম লোৱা মৰিছ ফ্রীডমেন এজন অতি বিচক্ষণ ইলেক্ট্রিকেল ইঞ্জিনিয়াৰ আছিল, আৰু ৰমণ মহর্ষিৰ ভক্ত আছিল) ড: চৈয়দে তেওঁৰ পত্নীৰ সৈতে গৈ ৰমণ মহর্ষিক লগ কৰিছিল।
প্রথমতেই ড: চৈয়দ আচৰিত হৈছিল এইবাবে যে তেওঁক পোনে পোনে আশ্রমৰ ভোজঘৰৰ হিন্দু অতিথি সকলৰ সৈতে আৰু মহর্ষিৰ তেনেই কাষতে বহুৱাই খাবলৈ দিয়া হ’ল। তেওঁ লিখি থৈ গৈছে যে অস্পৃশ্যতা নিবাৰণৰ আন্দোলনে যি কাম কৰিব পৰা নাছিল, সেই কাম ৰমণ মহর্ষিয়ে কোনো আন্দোলন নকৰাকৈয়ে অতি সহজে কৰি দেখুৱাইছিল।
মহর্ষিৰ সমত্বৰ উদাহৰণ আৰু তেওঁৰ শক্তিশালী সান্নিধ্যৰ দ্বাৰা এই মুছলমান পণ্ডিতজন ইমানেই আপ্লুত হৈছিল যে তেওঁ মহর্ষিক এৰি যাবই বিচৰা নাছিল। তিৰুৱান্নমলইত মাটি-বাৰি কিনি, ঘৰ-দুৱাৰ কৰি তেওঁ ১৯৫০ চন, অর্থাৎ মহর্ষিৰ মহানির্বানলৈকে থাকিল।
তিৰুৱান্নমলৈৰ পৰা কিছু দুৰৰ দেছুৰ নামৰ গাৱঁত বোৱা-কটা কৰি জীৱন নির্বাহ কৰা এজন নিষ্ঠাবান মুছলিম আছিল মস্তান। এবাৰ তেওঁৰ গাৱঁৰে এগৰাকী মহিলাই মহর্ষিৰ ওচৰলৈ যাওঁতে ডেকা মস্তানক লগত লৈ গ’ল, আৰু মস্তানে মহর্ষিক দেখাৰ লগে লগে সমাধিস্থ হৈ পৰিল আৰু কেবা ঘন্টালৈকে তেওঁ সেই অৱস্থাতে থাকিল।

মহর্ষিয়ে নিজেও কৈছে যে তেওঁৰ ওচৰলৈ যোৱা সকলো মানুহৰ মাজত আটাইতকৈ উচ্চ শ্রেনীৰ আত্মা মস্তানেই। মহর্ষিৰ সৈতে একেলগে খোজ কাঢ়ি থকা অৱস্থাত অনেক আলোক ছবি থকা এই মস্তান স্বামী মহর্ষিৰ এজন ব্যক্তিগত পৰিচাৰক আছিল।
ৰমণ মহর্ষিৰ সৰু কালৰ স্কুলীয়া বন্ধু চাব জান আছিল মুছলমান, কিন্তু ভেঙ্কটৰমণে (মহর্ষিৰ সৰু কালৰ নাম) মাজে মাজে মাদুৰাইৰ ওচৰৰ তিৰুপৰনকুন্দ্রমৰ এটা মন্দিৰলৈ যাওঁতে চাব জানক লৈ যায়, আৰু মন্দিৰ প্রদক্ষিণা কৰোঁতেও চাব জানক লগত লৈ কয়, “ঈশ্বৰ এজনেই, মানুহে হে ভাগ ভাগ কৰে।”
পল ব্রানটনৰ কিতাপ পঢ়ি ৰমণ মহর্ষিৰ ওচৰলৈ অহা পশ্চিমীয়া দেশৰ লোক সকলৰ অন্যতম আছিল ব্রিটিশ স্থলসেনাৰ মেজৰ এলেন চেদৱিক। মহর্ষিৰ বিষয়ে পঢ়াৰ পিছতে চেদৱিকে ঠিক কৰি পেলাইছিল যে তেওঁ ভাৰতলৈ গৈ মহর্ষিৰ আশ্রমত থাকিব। আৰু সচাকৈয়ে তেওঁ ১৯৩৫ চনত নিজৰ দেশ এৰি মহর্ষিৰ আশ্রমলৈ আহে আৰু কোনো দিন উভতি নগ’ল।
১৯৬২ চনত তেওঁৰ মৃত্যু হয়, আৰু মহর্ষিৰ আশ্রমতে তেওঁৰ সমাধি আছে। চেদৱিকে নিজে আৰু আনে লিখা বিভিন্ন ৰচনা, কিতাপত পোৱা যায় কিদৰে মহর্ষিয়ে চেদৱিকৰ দৰে বিদেশী সকলক আশ্রমৰ জীৱনৰ সৈতে সহজ হ’বলৈ সহায় কৰিছিল।
তেওঁলোকে মহর্ষিৰ শিক্ষাৰ সৈতে নিজৰ ধর্মৰ মিল বিচাৰি পাইছিল, আৰু মহর্ষিয়ে কেতিয়াও কাকো ধর্ম সলনি কৰাৰ উপদেশ দিয়া নাছিল।

দুখীয়া, দুর্বল জনৰ প্রতি আৰু সমাজে “নীচ” জাতৰ বুলি ধৰা সকলৰ প্রতি মহর্ষিৰ বিশেষ আদৰ :
আজি কালি লাখ লাখ ভক্ত থকা ডাঙৰ প্রতিষ্ঠানৰ মুৰব্বী, নিজকে গুৰু বুলি চিনাকি দিয়া বহুতো গুৰুজী বাবাজীয়ে ৰাজনৈতিক নেতা সকলৰ সোঁৱে-বাঁৱে ঘূৰি ফুৰা দেখা যায়, কিন্তু ৰমণ মহর্ষিৰ ওচৰত যিদৰে জাত-পাতৰ উচ্চ-নীচ বুলি কোনো কথা নাছিল, সেইদৰে তেওঁ ধনী মানী মানুহৰ প্রতিও কোনো বিশেষ আগ্রহ দেখুৱা নাছিল।
লেখত লব লগীয়া অনেক বিদেশী লোকৰ উপৰি সেই সময়ৰ অনেক ভাৰতীয় ৰজা, ৰাজ পৰিয়ালৰ লোক, নামী-দামী পণ্ডিত, ৰাজনৈতিক নেতা আদি যেতিয়া মহর্ষিৰ আশ্রমলৈ যায়, তেতিয়া সেই বিশেষ ব্যক্তি জনৰ আগমনক লৈ আশ্রম পৰিচালনা কৰা লোক সকলৰ মাজত অলপ হ’লেও ব্যস্ততা বাঢ়ে, কিন্তু মহর্ষিয়ে তেওঁৰ নিজৰ দৈনিক কাম খিনি আগৰদৰেই কৰি যায়।
কেতিয়াবা তেনে এজন বিশিষ্ট ব্যক্তিৰ সৈতে মহর্ষিৰ কোনো কথা নপতাও হ’ব পাৰে। যদি কাৰোবাৰ প্রতি মহর্ষিয়ে কিবা বিশেষ আগ্রহ দেখুৱাইছে, তেনে তেওঁলোক হ’ল তেওঁক চাবলৈ অহা দুখীয়া-নিচলা, অতি সাধাৰণ শ্রেণীৰ মানুহবোৰ।
তিৰুৱান্নমলইত হোৱা এটা বিশেষ ধর্মীয় উৎসৱ “মহাদ্বীপম”ৰ সময়ত এই মন্দিৰ-চহৰ খনলৈ লাখ লাখ ভক্তৰ সমাগম হয়। তেতিয়া পবিত্র পাহাৰ অৰুণাচলাৰ প্রদক্ষিণা কৰিবলৈ যোৱা অসংখ্য ভক্তই মহর্ষিৰ ওচৰলৈও যায়।
এবাৰ তেনে এটা দিনত মহর্ষিৰ ওচৰলৈ যোৱা মানুহৰ সংখ্যা বৰ বেছি হোৱা বাবে, আৰু কোনোবা অত্যুৎসাহী ভক্তই মহর্ষিক চুই বা ভৰিত ধৰি অসুবিধাৰ সৃষ্টি কৰে বুলি আশ্রম প্রশাসনে মহর্ষিৰ বহি থকা ঠাই আৰু তেওঁক চাবলৈ অহা ভক্ত সকলৰ মাজত কাঠেৰে সজা এটা সৰু হেঙাৰ দি তেওঁৰ আৰু সেই হাজাৰ জন সাধাৰণ, গাৱঁলীয়া, দুখীয়া মানুহৰ মাজত ব্যৱধান বেছি কৰি তুলিছিল।
আশ্রম প্রশাসনৰ কার্যত কোনোদিনে কোনো হস্তক্ষেপ নকৰা মহর্ষিয়ে সেই হেঙাৰ ডাল য’ত আছিল ত’তেই থাকিবলৈ দিলে, কিন্তু তেওঁ নিজৰ পৰিচাৰকৰ হতুৱাই তেওঁ বহি থকা ছ’ফাখনকে মানুহবোৰৰ ওচৰলৈ নিবলৈ দি তেওঁ তাতে বহিল।
মহর্ষিয়ে পবিত্র অৰণাচলা পাহাৰৰ গুহাত থাকোতে কেতিয়াবা পাহাৰত ঘাঁহ কাটিবলৈ অহা কিছুমান নিম্ন জাতৰ (দক্ষিণ ভাৰতত সাধাৰণতে অস্পৃশ্য বুলি পৰিগণিত) মহিলাই প্রচণ্ড ৰ’দৰ প্রকোপত তেওঁৰ ওচৰলৈ আহে। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মহর্ষিয়ে তেওঁলোকৰ পিঠিত পানী ধালি গৰমৰ পৰা বাচিবলৈ সহায় কৰে, আৰু খাবলৈ তেওঁলোকক শীতল পানী দিয়ে।
মহর্ষিৰ মাক লগত থাকোতে এদিন দুপৰীয়া এই মহিলাবোৰে খাবলৈ কিবা বিচাৰিলে। মহর্ষিৰ লগত থকা কুঞ্জু স্বামীক মহর্ষিয়ে ক’লে যে এতিয়ালৈ মায়ে চাগে দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰিছে, তেওঁক কোৱা এই মহিলা বোৰক সেই আহাৰ দিবলৈ।

পৰম নৈষ্ঠিক ব্রাহ্মণ পৰিয়ালৰ নিয়ম সংস্কাৰ বোৰ তেতিয়াও মানি থকা অড়গম্মাড়ে (মহর্ষিৰ মাক) সেই আহাৰ তেওঁলোকক দিবলৈ কুণ্ঠাবোধ কৰিছিল কাৰণ জাত-পাতৰ নিয়ম অনুযায়ী তেওঁ তেওঁলোকক ভাত দিলে পুনৰ স্নান কৰি নিজৰ বাবে নতুনকৈ ৰান্ধিব লাগিব।
মহর্ষিয়ে তেতিয়া মাকৰ ওচৰলৈ আহি সেই মানুহ কেইগৰাকীৰ ফালে দেখুৱাই কয়, “তুমি যে তেওঁলোকক আহাৰ দিবলৈ চিন্তা কৰিছা, তুমি জানানে তেওঁলোক কোন? তেওঁলোক অৰণাচলা শিৱৰেই ৰূপ”। মাকে সেই মহিলাকেইগৰাকীক তেতিয়া আহাৰতো দিলেই, সেইদিন ধৰি তেওঁৰ জাত-পাত সম্বন্ধীয় ভেদ ভাবো চিৰদিনৰ বাবে শেষ হ’ল।
অৰুণাচলা পাহাৰৰ গুহাত থকা দিনৰে পৰা মহর্ষিৰ নিয়ম আছিল তেওঁৰ লগত থকা আহাৰ সমানে ভগাই খোৱা। তেওঁ কেতিয়াও কোনো বস্তু নিজৰ বাবে স্বীকাৰ নকৰিছিল। কোনো ভক্তৰ পৰা কেতিয়াও তেওঁ টকা-পইছাৰ উপহাৰ গ্রহণ নকৰিছিল, আৰু যদি কোনোবাই খোৱা বস্তু আনে, তেনে তাক সদায় সমানে ভগাই খাইছিল।
যদি কোনোবাই স্বাস্থ্যবর্ধক কিবা আহাৰ কেবল তেওঁৰ বাবে আনে, তেওঁ তাক সাধাৰণতে গ্রহণ নকৰিছিল। গ্রহণ কৰিলে তাৰ সমান ভাগ সকলোৱে পাব লাগিব। গতিকে এনেকুৱাও হৈছিল যে মহর্ষিয়ে এমাহ বা দুমাহ খাবৰ বাবে অনা চ্যৱনপ্রাশ সকলোৰে মাজত বিলাই দি মূহুর্ততে শেষ কৰা হৈছিল।
মহর্ষিয়ে নিজে কেতিয়াও আশ্রম পাতিবলৈ যত্ন কৰা নাছিল যদিও ভক্ত সকলৰ ইচ্ছা আৰু চেষ্টাত যেতিয়া ৰমণাশ্রমৰ প্রতিষ্ঠা হয়, আৰু নিয়মিত আহাৰ ৰন্ধা-বঢ়াৰ ব্যৱস্থা হয়, তেতিয়া আশ্রমৰ বাসিন্দা সকলে দিনৰ আহাৰ গ্রহণ কৰাৰ আগতে দুখীয়া নিচলা আৰু সাধু সন্ন্যাসী সকলক প্রথমে খাবলৈ দি পিছত মহর্ষি আৰু বাসিন্দা সকলে আহাৰ খোৱাৰ নিয়ম হ’ল।
এদিন কিবা এটা বিশেষ অসুবিধাৰ বাবে আশ্রম প্রশাসনে ঠিক কৰিলে যে এই দৰিদ্র-ভোজন বা নাৰায়ণ-ভোজনতকৈ আগতে আশ্রমৰ বাসিন্দা আৰু আলহী সকলে আহাৰ গ্রহণ কৰিব। ৰমণাশ্রমত নিয়ম নীতি বৰ কম, কিন্তু আহাৰ খোৱাৰ সময়ৰ এটা সকলোৱে মনা নিয়ম আছিল যে মহর্ষিয়ে তেওঁৰ পাতত বহি সকলোকে খাবৰ ইংগিত দিয়াৰ পিছতহে সকলোৱে খায়।
সেইদিনাখন দৰিদ্র নাৰায়ণতকৈ আগতে খাবলে বহি সকলোৱে মন কৰিলে যে মহর্ষি তেওঁৰ নিদির্ষ্ট আসনত নাই। অলপ পিছতে তেওঁলোকে দেখিলে যে মহর্ষি বহি আছে বাহিৰত, খাবলৈ ৰৈ থকা দৰিদ্র, সাধু-সন্ন্যাসী সকলৰ সৈতে।
ভোজঘৰৰ ভিতৰলৈ যাবলৈ তেওঁক অনুৰোধ কৰিলত তেওঁ ক’লে যে “তোমালোকে এই সাধু-সন্ন্যাসী সকলৰ আগতে আহাৰ গ্রহণ কৰিব বিচাৰিছা, কৰা। কিন্তু মই তোমালোকৰ সৈতে খাব নোৱাৰিম, কাৰণ ময়োতো এওঁলোকৰ লগৰে এজন। মই এওঁলোকৰ লগতে পিছত আহাৰ গ্রহণ কৰিম।”
সেইদিন ধৰি মহর্ষিৰ মহাপ্রয়াণৰ পিছতো, আজিলৈকে, ৰমণাশ্রমত প্রথমে দুখীয়া দৰিদ্রক খাবলৈ দি হে দিনৰ আহাৰ গ্রহণ কৰা যায়। আৰু দৰিদ্র নাৰায়ণক দিয়া আহাৰ আৰু আশ্রমৰ বাসিন্দা সকলে খোৱা অহাৰৰ মাজত তিলমানো পার্থক্য নাথাকে।

জীৱ–জন্তু আৰু মহর্ষি:
মহর্ষিয়ে যে কেৱল মানুহকহে সমান চকুৰে চাইছিল তেনে নহয়, বনৰীয়া আৰু পোহনীয়া জীৱ-জন্তুকো তেওঁ বিশেষ ভাবে মৰম কৰিছিল, আৰু সিহঁতেও তেওঁক বৰ ভাল পাইছিল। মহর্ষিৰ আশ্রমত প্রথম যিটো মজবুত পকী ঘৰ সজা হৈছিল, সেইটো আছিল আশ্রমৰ গোশালাটো।
মানুহতকৈ আগতে গৰুৰ বাবেহে ভাল আশ্রয়ৰ ব্যৱস্থা কৰা হৈছিল। লক্ষ্মী নামৰ গাইজনীৰ সৈতে মহর্ষিৰ অতি মধুৰ সম্পর্কৰ কথা অনেকে লিখি থৈ গৈছে।
মহর্ষি পবিত্র অৰণাচলা পাহাৰৰ গুহাত থকাৰ দিনৰে পৰা তাত থকা বান্দৰবোৰ মহর্ষিৰ ওচৰলৈ আহিছিল আৰু তেওঁৰ উপস্থিতিত সিহঁতেও নিজৰ স্বভাৱগত দুষ্টালি এৰি শান্ত ভাৱে থকাৰ বর্ণনাও ভালেমান লেখাত পোৱা যায়।
মহর্ষি অৰুণাচলা পাহাৰৰ গুহাত থাকোতে তেওঁক চাবলৈ মানুহৰ সোঁত বৈছিল। কিছুমান বিশেষ উৎসৱৰ সময়ত তিৰুৱান্নমলইলৈ লাখ লাখ ভক্তৰ সমাবেশ হয়, আৰু তেতিয়া মহর্ষিৰ ওচৰলৈ পুৱাৰ পৰা ৰাতিলৈকে লানি নিছিগাকৈ মানুহৰ সোঁত বৈছিল।
তেনে এটা দিনতে, এবাৰ এটা সচৰাচৰ দেখা নোপোৱা, সোনালী ৰঙৰ নেউলে মহর্ষিৰ ওচৰলৈ গৈ তেওঁৰ কোচত বহি আছিল। বহুতো প্রত্যক্ষদর্শিয়ে সেই নেউলতো পোহনীয়া বুলি ভাবিছিল, কিন্তু সি পোহনীয়াতো নাছিলেই, সি মাত্র সেইদিনাহে তেনেকৈ ওলাইছিলহি।
এনেধৰণৰ অনেক ঘটনাৰ পৰা বুজা যায় যে মহর্ষিৰ সৈতে জীৱ-জন্তু বোৰৰ কিবা বিশেষ সম্বন্ধ আছিল। মহর্ষিয়ে এনেয়ে বহি থাকোতে বা কিবা পঢ়ি থাকোতে প্রায়ে কের্কেটুৱা কিছুমান আহি তেওঁৰ গাত উঠিছিল। কের্কেটুৱা আৰু বান্দৰক তেওঁ নিজ হাতেৰে খাবলৈ দিছিল, আৰু ভক্ত সকলে অনা কাজু, বাদাম আদি কের্কটুৱা আৰু মৌৰা চৰাইক দিবলৈ টেমাত ভৰাই থোৱা হৈছিল।
অৰুণাচলা পাহাৰত থকা সময়ত নাহৰফুটুকী বাঘ, সাপ আদিৰ প্রতিও তেওঁৰ নিভর্য়, সহজ ব্যৱহাৰৰ অনেক কাহিনী আছে; আৰু বাঘ, সাপ, বান্দৰ আদিৰ সৈতে মানুহৰ যিকোনো সংঘাতৰ কথা তেওঁক ক’লে তেওঁ সদায় জীৱ-জন্তুৰ পক্ষেহে কথা কয়। তেওঁৰ মতে সেই পাহাৰৰ মূল বাসিন্দা সেই জন্তুবোৰ। মানুহেহে সিহঁতৰ বাসস্থান কাঢ়ি লৈছে; সেইবাবে তেওঁ জীৱজন্তুবোৰৰ অধিকাৰক সন্মান কৰিবলৈ শিকাইছিল।

আজি সমস্ত বিশ্বত সেইন্ট অগস্তিনক পৰিবেশ বা ecologyৰ patron saint বুলি ধৰা হয়। সেইন্ট অগস্তিন নিশ্চয় মহান, তাত সন্দেহ নাই, কিন্তু আমি ভাৰতীয় সকলে এই আধুনিক কালতে জীৱ-জন্তুৰ অধিকাৰৰ বিষয়ে সচেতন আৰু মানুহৰ সৈতে সিহঁতক সম-দৃষ্টিৰে চোৱা ৰমণ মহর্ষিক আমাৰ নিজৰ patron saint of ecology বুলিব নোৱাৰোনে?
মহর্ষিৰ দৃষ্টিত সকলো জাত, সকলো ধর্মৰ পুৰুষ, মহিলা সম্পূর্ণ সমান। ধনী, সমাজত প্রতিপত্তি থকা লোকক মহর্ষিয়ে কোনো ধৰণৰ বিশেষ আদৰ, সন্মান দখুৱা নাছিল, কিন্তু দুখীয়া নিচলাৰ প্রতি তেওঁৰ সহজ আত্মীয়তা দেখা পোৱা গৈছিল। জীৱ-জন্তুৰ সৈতে তেওঁৰ আত্মীয়তা আৰু বন্ধুত্বৰ অনেক কাহিনী আছে, আৰু এই লেখাত মাত্র দুই এটা কথা হে উল্লেখ কৰা হৈছে।
উপসংহাৰ: ৰমণ মহর্ষিৰ সান্নিধ্যলৈ অহা সংস্কৃত পণ্ডিত জগদীশ শাস্ত্রীৰ শেষ পর্যায়ৰ কেন্সাৰৰ ক্ষেত্রত যেতিয়া চিকিৎসকে আশা এৰিদিছিল আৰু তেওঁ মাত্র আৰু কেইদিনমানহে বাচি থাকিব বুলি কোৱা হৈছিল, তেতিয়া শেষ চেষ্টা হিচাপে জগদীশ শাস্ত্রীয়ে ৰমণ মহর্ষিক উদ্দেশ্য কৰি এটা প্রার্থনা লিখিছিল।
মহর্ষিৰ ভক্ত সকলৰ মতে নিশ্চিত মৃত্যুৰ পৰা শাস্ত্রীক মহর্ষিয়ে বচালে কাৰণ শাস্ত্রী তেতিয়াৰ পৰা আৰু সুদীর্ঘ ৩৯ বছৰ কাল সুস্থ, সবল ভাবে জীয়াই থাকিল। শাস্ত্রীৰ সেই প্রার্থনাটোৰ এটা শ্লোকত ভগৱান ৰমণ মহর্ষিৰ সমত্বৰ বিষয়ে বিশেষ উল্লেখ আছে :
আব্রহ্মকীটান্তসমম্ প্রপদ্যে জিতাৰিষড়ৱর্গমহম্ প্রপদ্যে
সর্ৱজ্ঞতাসাৰভৃতম্ প্রপদ্যে নিস্সীমকাৰুণ্যনিধিম্ প্রপদ্যে
(আব্রহ্মকীট সকলো জীৱকে যি সমান চকুৰে চায়, তেওঁৰ ওচৰত মই শৰণাগত; ষড় ৰিপুৰ ওপৰত সম্পূর্ণ বিজয় পোৱা জনৰ ওচৰত মই শৰণাগত; যি সর্বজ্ঞতাৰ সাৰ তেওঁৰ ওচৰত মই শৰণাগত; যি সীমাহীন কাৰুণ্যৰ সাগৰ তেওঁৰ ওচৰত মই শৰণাগত।)

[সঞ্জীৱ কুমাৰ নাথ, sanjeevnath21@gmail.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)