আদৰ্শ বিদ্যাপীঠ হাইস্কুল,হাউলী
যুগান্ত বায়ন

ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ পঞ্চসূত্ৰ অনুসৰি বৃহত্তৰ কোচবিহাৰ ৰাজ্যৰ লগত সম্পৰ্কিত হৈ থকা অঞ্চলত ৰাজধানী স্থাপনৰ বাবে স্থান নিৰ্বাচন কৰিবলৈ দিয়া পৰামৰ্শৰ ভিত্তিত তাহানিতেই বীৰ-ভূমি হিচাপে ৰজা নৰনাৰায়ণে হাউলীক চিনাক্ত কৰিছিল।
কালক্ৰমত এই হাউলীতেই ৰজা চণ্ডীবৰুৱাৰ ৰাজধানী স্থাপন হৈছিল। কিন্তু নিষ্ঠুৰ মানৰ বৰ্বৰ আক্ৰমণত হাউলী অঞ্চলৰ আৰ্থসামাজিক আৰু শৈক্ষিক মেৰুদণ্ড সমুলি ভাঙি পৰিছিল। বিনষ্ট হৈছিল আৰ্থসামাজিক পৰিৱেশ।

অৱশ্যে পৰিৱৰ্তনৰ স্বাভাৱিক সূত্ৰৰ আঁত ধৰি হাউলীৰ বিদ্যোৎসাহী একাংশ সচেতন লোকৰ মনত হাউলীক নতুনকৈ গঢ়ি তোলাৰ মানসিকতা তীব্ৰ ৰূপত জাগ্ৰত হোৱাত বিদ্যাৰ মন্দিৰসমূহ পুনৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
তাৰেই ফচল হিচাপে নতুন হাউলীৰ বুকুত পুনৰ গঢ়ি উঠিছিল প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় লৈ বিভিন্ন শিক্ষাৰ মন্দিৰসমূহ।
এনে পৰিৱেশৰ মাজতেই অঞ্চলটোৰ ল’ৰা-ছোৱালীয়ে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হ’ব নোৱাৰাৰ এক চেতনাৰ পোকে এচাম সচেতন লোকৰ মগজুত কিলবিলাবলৈ ধৰিলে।
আৰম্ভ হ’ল এটা চেতনাৰ জন্ম যন্ত্ৰণা। অলেখ দুখ-কষ্ট, লঘূ-লাঞ্চনাক প্ৰত্যাহ্বান জনাই জন্ম হ’ল সেই চেতনাৰ বাস্তৱ ৰূপ আদৰ্শ বিদ্যাপীঠ হাইস্কুল।
১৯৭৩ চনত এইখন হাইস্কুলে হাউলী অঞ্চলৰ শৈক্ষিক মানচিত্ৰক অন্য এক নৱ-সংযোজনেৰে উদ্ভাসিত কৰিলে।
এনে মহান প্ৰচেষ্টাৰ লগত জড়িত হ’ল ডাঃ সুৰেন্দ্ৰ নাথ দাস, বিৰজা নাথ দাস, গুৰু প্ৰসাদ দাস, ধীৰেন্দ্ৰ নাথ পূজাৰী, সৰ্বানন্দ দাস, জমিদাৰ বড়ো, ধৰ্মকান্ত চৌধুৰী, সৰ্বেশ্বৰ বায়ন, গংগা প্ৰসাদ চৌধুৰী, জানকী পাঠক, ডাঃ মকছেদ আলীকে ধৰি কেইবাগৰাকীও পুৰোধা ব্যক্তি।
এইসকলৰ লোকৰ অক্লান্ত শ্ৰম, ত্যাগ আৰু বদান্যপূৰ্ণ দান-বৰঙণিৰে অনুষ্ঠানটিয়ে অংকুৰৰ পৰা পৰিপুষ্ট হৈ বৰ্তমান সোণালী জয়ন্তী পালন কৰিবলৈ সমৰ্থ হৈছে।

হাউলী চহৰৰ সেইসময়ৰ অভিভাৱক স্বৰূপ হাউলী হাইস্কুলে ক্ৰমবৰ্দ্ধমান ছাত্ৰৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱাত হাউলীত আন এখন হাইস্কুল স্থাপনৰ চিন্তাচৰ্চা আৰম্ভ হয়। সেই চিন্তাচৰ্চাৰ আঁত ধৰি ১৯৭১ চনৰ ১৬ এপ্ৰিল আৰু ৬ জুনত তেতিয়াৰ বিধায়ক ডাঃ সুৰেন্দ্ৰ নাথ দাসৰ নেতৃত্বত চণ্ডীবৰুৱা স্মৃতি ভৱনত অনুষ্ঠিত হোৱা দুখন ৰাজহুৱা সভাত হাউলীত নতুনকৈ এখন এম.ই স্কুল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ বিৰজা নাথ দাসক সভাপতি আৰু সুৰেন্দ্ৰ নাথ দাসক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত শ্মশানৰ ওচৰৰ গো-ৰিজাৰ্ভত এম.ই স্কুল স্থাপনৰ ক্ষেত্ৰত এচাম লোকৰ তীব্ৰ বিৰোধিতাক সভাপতি বিৰজা নাথ দাসৰ বলিষ্ঠ ভূমিকাই ওফৰাই পেলাই সেই স্থানতেই বিদ্যালয় স্থাপনৰ প্ৰস্তুতি আৰম্ভ হৈছিল।
তাৰপিছত ১৯৭৬ চনৰ ২৩ মে’ত নৱম শ্ৰেণী লৈ বিদ্যালয়খনে অনুমতি লাভ কৰাৰ পিছত ১৯৭৮ চনৰ ১ মাৰ্চৰ পৰা দশম শ্ৰেণীৰ অনুমতি লাভ কৰি বিদ্যালয়খনে পূৰ্ণ পৰ্যায়ৰ হাইস্কুলৰ মৰ্য্যদা লাভ কৰে। ১৯৭৬ চনত তেতিয়াৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী ডাঃ সুৰেন্দ্ৰ নাথ দাসৰ প্ৰচেষ্টাত বিদ্যালয়খনে দুটা শিতানত সাত হেজাৰ টকাৰ অনুদান পাবলৈ সক্ষম হয়।
ইয়াৰ পিছৰ পৰ্য্যায়ক্ৰমে চৰকাৰীভাৱে বিভিন্ন শিতানত অনুদান লাভ কৰাৰ লগতে ১৯৯৬ চনত সাংসদ উদ্ধৱ বৰ্মনৰ সাংসদ পুঁজিৰ পৰা ৬০ হেজাৰ টকা আৰু তেতিয়াৰ স্থানীয় বিধায়ক ইছমাইল হুছেইনেও ৫০ হেজাৰ টকাৰ আন এক আৰ্থিক অনুদান প্ৰদান কৰে।

ইয়াৰ লগতে ২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰ দীপাংকৰ বৰপূজাৰীয়ে অসমৰ ভিতৰত দশম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰাক্তন মন্ত্ৰী কুমাৰ দীপক দাসৰ প্ৰচেষ্টাত চৰকাৰে ৫০ হেজাৰ টকাৰ এক অনুদান প্ৰদান কৰে।
এনেধৰণৰ উন্নয়নমূলক প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শিশুবিজ্ঞান সমাৰোহ, আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত গৌৰৱ সহকাৰে অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক নৃপেন্দ্ৰ নাথ পূজাৰীক ২০০১ চনৰ শিক্ষক দিৱসৰ ৰাজ্যিক বঁটা আৰু ২০০৬ সন্ত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰি বিদ্যালয়খন লৈ গৌৰৱ কঢ়িয়াই আনে।
এনেধৰণৰ বিভিন্ন পৰিক্ৰমাৰে হাউলীৰ শৈক্ষিক দিশত এক নৱ-জাগৰণৰ সৃষ্টি কৰা আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সময়ত জয়ন্তী উদযাপন সমিতিৰ সভাপতি হেমেন দাসৰ নেতৃত্বত বিদ্যালয়খনত এটা ডিজিটেল পুথিভঁৰাল, বিদ্যালয়খনৰ সন্মুখ ভাগত পৌৰসভাৰ উদ্যোগত পকী পথ নিৰ্মাণ, শ্ৰেণীকোঠাৰ পুনৰ নিৰ্মাণ, প্ৰতিস্থাপক সম্পাদকৰ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি সৌধ নিৰ্মাণকে ধৰি কেইবাটও অভিলাষী আঁচনি গ্ৰহণেৰে বিদ্যালয়খনলৈ এক আমূল পৰিৱৰ্তন অনা হৈছে।
ইয়াৰ লগতে সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ প্রকাশৰ লগতে তৰ্ক, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি অঞ্চলটোৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
এক শীৰ্ণ সুঁতিৰে আৰম্ভ হোৱা বিদ্যালয়খনে এক সোণালী মহানদীৰ মাজেৰে জ্ঞানৰ সাগৰৰ মুখে আগবাঢ়ি যোৱাৰ এই অবিৰত যাত্ৰাক অধিক সমুজ্বল কৰিবলৈ আয়োজন কৰা সোণালী জয়ন্তীৰ সফল পৰিসমাপ্তিয়ে অঞ্চলটো লৈ কঢ়িয়াই আনক জ্ঞান আৰু গৰিমাৰ অলেখ আশাৰ বতৰা।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)