• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Jyoti Prasad Agarwala

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

by Anjan Sarma
January 17, 2024
in Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems, Jyoti Sangeet
Reading Time: 6 mins read
0
জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ
Share on FacebookShare on TwitterShare on LinkedIn

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

          “ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে

                   এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ”

    এক আদৰ্শ শিল্পীসত্তা,বিপ্লৱী প্ৰাণেৰে নিজস্ব অৱদান আগবঢ়াই নতুনত্ব আৰু বৈপ্লৱিক চেতনাৰে উদ্বুদ্ধ হৈ ৰূপান্তৰেৰে জগত সুন্দৰ কৰি থৈ গ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।

১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু কিৰণময়ী দেৱীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা,দেশপ্ৰেমিক, গীতিকাৰ, সুৰকাৰ,লেখক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অনবদ্য অৱদান আজিও অসমীয়াৰ প্ৰাণত বৰ্তি আছে। সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি আদি সকলো ক্ষেত্ৰতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বৰঙণি আগবঢ়াইছিল।

RelatedPosts

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

ৰূপকোঁৱৰৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনন্য মূল্যায়ন

January 17, 2026
“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

October 19, 2025

     সংস্কৃতিৰ ক্ষেত্ৰখনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ এটি উজ্বল নক্ষত্ৰ। অসমীয়া প্ৰথম চলচ্চিত্ৰ ‘জয়মতী‘ নিৰ্মাণৰ পৰা প্ৰতিটো ক্ষেত্ৰতে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে আগৰৱালাদেৱক ‘অসমীয়া চলচ্চিত্ৰৰ জনক ‘ বুলি আখ্যা দিয়া হয়।

জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত বোলছবি নিৰ্মাণ সম্পৰ্কে শিক্ষা গ্ৰহণ কৰাৰ পাছত স্থানীয় বস্তু ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল চিত্ৰবন ষ্টুডিঅ। এই ষ্টুডিঅ’ নিৰ্মাণে অসমীয়া বোলছবি জগতত এক নতুন যুগৰ সূচনা কৰে।ভোলাগুৰি চাহ বাগিছাত নিৰ্মাণ কৰা অস্থায়ী চিত্ৰবন নামৰ ষ্টুডিঅ’য়েই ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল প্ৰথম খন অসমীয়া কথাছবি জয়মতী। এই বোলছবিৰ খনৰ আধাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটক।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জয়মতী বোলছবিক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিছে ভাৰতীয় চলচিত্ৰ সমালোচকে।

চিত্ৰবন ষ্টুডিঅ’ত দুটা কেম্পত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চলচ্চিত্ৰত অভিনয়ৰ কলা-কৌশল শিকোৱা হয়। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল।কেমেৰা অনা হৈছিল কলিকতাৰ ‘মেহতা’ৰ পৰা। বাংলাদেশৰ ঢাকাত ছবিখনৰ সম্পাদনাৰ কাম কৰা হয় আৰু জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ’ ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে।তেখেতে এদিনতে ছয় হেজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল।

       ১৯৩৪ চনত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’নিৰ্মাণৰ পাছত ১৯৩৯ চনত তেখেতে নিৰ্মাণ কৰিছিল ‘ইন্দ্ৰমালতী‘ শীৰ্ষক চলচ্চিত্ৰ। ছবিখনৰ কাহিনী জ্যোতিপ্ৰসাদৰ নিজা আছিল। ইন্দ্ৰ আৰু মালতী নামৰ এহাল প্ৰেমিক- প্ৰেমিকা সংঘৰ্ষময় প্ৰেম কাহিনীৰ এক সুন্দৰ প্ৰতিফলন ছবিখনত ঘটিছে।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

কিন্তু জ্যোতিপ্ৰসাদে নিজে স্বীকাৰ কৰি গৈছে যে ছবিখনৰ খৰছ কমাবলৈ যাওঁতে ছবিখনৰ মান আৰু শৈল্পিক মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। ছবিখন অসমত বাণিজ্যিকভাৱে কিছু পৰিমাণে সফল হৈছিল বুলি জনা যায়।তেখেতে তেজপুৰত জোনাকী চিনেমা হ’ল নিৰ্মাণ কৰিছিল ১৯৩৭ চনত।

     তেখেতে ১৪ বছৰ বয়সতেই লিখিছিল ‘শোনিতকুঁৱৰী‘ নাটক। এই নাটকখনৰ বিষয় বস্তু আগৰৱালাই পুৰাণৰ পৰা সংগ্ৰহ কৰিছিল যদিও স্বকীয় দৃষ্টিভংগীৰে তেওঁ এই নাটক খনক এটা নতুন ৰূপ দিছিল। শোণিত কুঁৱৰী নাটকৰ সাংস্কৃতিক গুৰুত্বৰ ক্ষেত্ৰত বিচাৰযোগ্য বিষয় হ’ল নাটকখনত ব্যৱহৃত নৃত্য। এই নৃত্যৰ ক্ষেত্ৰটো নাট্যকাৰে অসমীয়া লোকনৃত্যৰ সৈতে আধুনিক নৃত্যৰ সংমিশ্ৰণ ঘটাইছে।

ইয়াৰ উদাহৰণত আমি নাটকখনৰ আৰম্ভণিতে থকা “পদুমকলি নাচ“টোলৈ আঙুলিয়াব পৰোঁ। এই নাচটো জ্যোতিপ্ৰসাদে অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভঙ্গীৰ সংমিশ্ৰণ ঘটাই সৃষ্টি কৰিছে।ইয়াৰ উপৰিও তেখেতৰ ‘কাৰেঙৰ লিগিৰী’,’লভিতা’,’ৰূপালীম’, ‘নিমাতী কইনা’, ‘সোণপখিলী’,’খনিকৰ’,’কনকলতা’ আৰু ‘সুন্দৰ কোঁৱৰ‘ আদি নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ এক অনবদ্য আগবঢ়ায় থৈ গৈছে।

        আগৰৱালাই সাধাৰণ লোকৰ মনৰ কথা পোনপটীয়াকৈ প্ৰতিফলিত কৰি গীতসমূহ ৰচনা কৰিছিল। “গছে গছে পাতি দিলে” হৈছে তেখেতে ৰচনা কৰা অসমীয়া সুৰ থকা আধুনিক গীত।তেখেতে অসমীয়া গীতত আধুনিকতাৰ পৰশ দিছিল। প্ৰতিটো গীতৰ প্ৰকাশভংগী তথা ভাব ভাষা আছিল অতি সহজ সৰল। একঘেয়ামীৰ পৰিৱৰ্তে নিজস্বতা ৰক্ষা কৰি ৰচনা কৰা প্ৰতিটো গীতৰ ছন্দ আছিল অতি আকৰ্ষণীয়। তেওঁৰ গীতৰ কথাত সাধাৰণ জনতাই শক্তি পাইছিল।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

এক কথাত তেওঁৰ গীত আছিল সাধাৰণ জনতাৰ বাবে সংগ্ৰামৰ আদিপাঠ। অৱশ্যে কেৱল সংগ্ৰামী বা বিপ্লৱী ধাৰাৰ লগতে তেওঁৰ গীতসমূহ যথেষ্ট অনুভৱীও আছিল।প্ৰায় ৩০০ মান গীত ৰচনা কৰি সেইসমূহত তেখেতে নিজেই সুৰ দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা এই গীত সমূহকে জ্যোতি সংগীত বুলি অভিহিত কৰা হয়।

কেৱল সংগ্ৰামী সত্বাই নহয় তেওঁ আছিল এজন অনুভৱী লোক। বাৰিষাৰ বৰষুণ জাককলৈ তেখেতে লিখিছিল   “বাৰিষাৰ বৰষুণ/ কিনো কওঁ গুন্ গুন্/ কিনো গাও ৰুণ্ ৰুণ্/ কি বজাৱ ৰুণ্ জুন্ / বাৰিষাৰ বৰষুণ।” জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতৰ নাটকসমূহত যিসমূহ গীত ৰচনা কৰি থৈ গৈছে সেইসমূহৰ যোগেদি তেখেতৰ শিল্পীৰাজি আৰু অধিকভাৱে প্ৰকট হৈ পৰিছে।

উদাহৰণস্বৰূপে শোণিত কুঁৱৰী নাটৰ দ্বিতীয় অঙ্কৰ প্ৰথম দৰ্শনৰ ‘গুমৰি উঠিছে হিয়া অভিনৱ তানে’ আৰু সমাপতি দৃশ্যৰ ‘চৰাই বনৰীয়া মুকলিমূৰীয়া গাৱ বনৰীয়া গীত’ শীৰ্ষক গীত দুটিয়ে যথাক্ৰমে ঊষা আৰু চিত্ৰলেখাৰ মনোজগতৰ সম্ভেদ দিয়ে ৷

আকৌ ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’, ‘পদুম কলি নাচৰ গীত’, ‘আমাৰে সখীয়া আকুল বিয়াকুলে’ যৱনিকাৰ আগমুৰ্হূতৰ ‘নূপুৰে মাতে’ আদি গীতে যথোপযোগী নাট্য পৰিৱেশ সৃষ্টি কৰি নাটখনিৰ প্ৰতিপাদ্য বিষয়ক অধিক নিটোল ৰূপ দিয়াত সহায় কৰিছে ৷

‘কাৰেঙৰ লিগিৰী‘ নাটখনৰ ‘সোণৰ পালেঙতে অ’ মনেতৰা’, ‘যাউতী যুগীয়া ধনে মোৰ অ’ গীত দুটিয়ে কাৰেঙৰ লিগিৰী শেৱালিৰ মানসিক অন্তদ্বৰ্ন্দ্বৰ সম্ভেদ দিয়াৰ উপৰি পৰৱৰ্তী নাট্য প্ৰৱাহত চৰিত্ৰটিয়ে ল’ব পৰা সম্ভাৱ্য ভূমিকাৰ আগজাননী দিয়ে ৷

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

নগা পাহাৰৰ প্ৰাকৃতিক পৰিৱেশত ৰুণুক, জুনুক আৰু থুনুক নামৰ নাগিনী ছোৱালীকেইজনীৰ মুখত দিয়া ‘বনৰীয়া আমি বনৰ চৰাই’ আৰু ‘পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি’ গীত দুটিয়ে মুকলিমূৰীয়া পাহাৰীয়া জীৱন-চৰ্যাৰ প্ৰতিচ্ছবি তুলি ধৰাৰ উপৰি নায়ক সুন্দৰ কোঁৱৰৰ মানসিক সংঘাতৰ ইঙ্গিত দিয়ে ৷

‘মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু’ সম্ভৱতঃ নাটখনিৰ সৰ্বোৎকৃষ্ট গীত ৷ এই গীতটিয়ে নাটখনিত প্ৰয়োজনীয় গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰিছে৷

     জ্যোতিপ্ৰসাদৰ আন এক উল্লেখযোগ্য নাট্যকৰ্ম ‘ৰূপালীম‘তো গীতৰ বৈচিত্ৰ্যপূৰ্ণ ব্যৱহাৰ লক্ষ্য কৰিব পাৰি৷ চৰিত্ৰৰ বৈচিত্ৰ্যৰে সমুজ্জ্বল এই নাটখনিক জ্যোতিপ্ৰসাদৰ নাট্য পৰিক্ৰমাৰ অন্যতম কীৰ্তিস্তম্ভ বুলিব পাৰি ৷ এই নাটখনিৰ ‘জিৰ্ জিৰ্ নিজৰি’, ‘জিলিকা পাখিৰে… অ’ সোণ ম’ৰা চৰাই’ আদি গীতে মুক্ত জনজাতীয় জীৱন-শৈলী অধিক উন্মুক্ত কৰি তোলাৰ উপৰি প্ৰকৃতিৰ অনৱদ্য ৰূপ ফুটাই তোলাত বিশেষ ভূমিকা পালন কৰিছে ৷

‘জয় আলোকময় অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি’ গীতটিয়ে আলোচ্য নাটখনিত প্ৰয়োগ হোৱা গীতাৱলীৰ ভিতৰত সৰ্বোৎকৃষ্টতাৰ মৰ্যাদা দাবী কৰিব পাৰে৷

      জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহৰ ভিতৰত লভিতাতে সৰ্বাধিক গীতৰ প্ৰয়োগ ঘটিছে ৷ এইখন নাটকৰ বিষয়বস্তুও আনকেইখন নাটতকৈ ভিন্ন ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত এই নাটকত দিয়া ‘বিশ্ব বিজয়ী নজোৱান’, ‘তই কৰিব লাগিব অগ্নিস্নান’ আদি গীতৰ মাজেৰে জ্যোতিপ্ৰসাদৰ নিভাঁজ দেশপ্ৰেমৰ সুপ্ৰকাশ লক্ষ্য কৰা যায় ৷ জ্যোতিপ্ৰসাদ বিৰচিত এনে দেশপ্ৰেমমূলক গীতবোৰে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত অসমীয়া জনগণৰ মাজত বিশেষৰূপে¸ সমাদৃত হৈছিল৷

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

     ‘নিমাতী কইনা‘ আৰু ‘সোণ পখিলি‘  নাট্যকাৰগৰাকীৰ দুখনি উৎকৃষ্ট গীতি নাটিকা৷ ‘নিমাতী কইনা’ গীতি নাটিকাত মোৰ ৰাগ কৰবীৰে পতা লবি পূজা’ৰ মাজেৰে প্ৰকাশিত হৈছে চিৰ সুন্দৰৰ প্ৰতি বিস্ময় বিমূঢ় দৃষ্টি৷ তেনেদৰে– ‘সেউজী সেউজী অ’, সেউজী ধৰণী ধুনীয়া’ গীতটিত আছে কৃষ্টিৰ জন্মদাতা কৃষক সমাজৰ শ্ৰমজলসিক্ত মাণিকী মধুৰী ধানেৰে চিৰ সেউজীয়া হোৱা ধৰণীৰ বিনন্দীয়া ৰূপ৷

      ‘জয়মতী’ বোলছবিখনৰ অন্তিম দৃশ্যত সন্নিৱিষ্ট ‘লুইতৰে পানী যাবি অ’ বৈ’ গীতটিৰ আৱেদন প্ৰতি অসমীয়াই লুইত থাকে মানে মনত ৰাখিব ৷ সেইদৰে ‘মানৰ দিনৰ অগ্নিসুৰ’ত ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলে’ ভয় নাই, ’ ‘জননীৰ সন্তান জাগা, জাগা মাতৃপ্ৰাণ’ গীত দুটিত ‘কৰ্মহীনতা’ ‘কাপুৰুষতাই’ ‘দুৰ্বল’ আৰু ‘ম্ৰিয়মাণ’ কৰি তোলা লুইতপৰীয়া যুৱশক্তিক ‘দুৰ্জেয় অভিযান’ৰ জৰিয়তে মাতৃভূমিৰ চকুলো মচি দিবলৈ জনোৱা উদাত্ত আহ্বান লক্ষ্য কৰিব পাৰি ৷

আকৌ ‘ইন্দ্ৰমালতী’ৰ ‘মোৰে মন বনতে তই কি বাঁহী বজালি’ৰ জৰিয়তে শিল্পীগৰাকীৰ ‘চিৰসুন্দৰ সংস্কৃতি’ৰ প্ৰতি দেহ-মন শাঁত কৰা প্ৰাণৰ আকুতি অনুভৱ কৰা যায়৷

      জ্যোতিপ্ৰসাদ আগৰৱালাই এলানি শিশুৰ উপযোগী গীতো ৰচনা কৰিছে৷ শিশুৰ জগত কল্পনাৰ জগত, ৰূপকথাৰ জগত ৷ এতেকে সেই জগতৰ সুস্থ চিত্ৰায়নৰ বাবে বিশেষ প্ৰতিভাৰ আৱশ্যক ৷ জ্যোতিপ্ৰসাদ আছিল তেনে বিৰল প্ৰতিভাৰ গৰাকী৷ সংখ্যাত তাকৰ হ’লেও, তেওঁ যিখিনি শিশু-উপযোগী গীত ৰচনা কৰি থৈ গৈছে, সেইখিনিয়ে তেনে কথাৰে সাক্ষ্য দিয়ে৷

      অসমীয়া সাহিত্য -কৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দি সম্পূৰ্ণ নহয়। কাৰণ তেখেত আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। একেধাৰে তেওঁ আছিল নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ, নৃত্য বিশাৰদ, বোলছবি নিৰ্মাতা।১৪ বছৰ বয়সতেই তেওঁ লিখিছিল শোণিতকুঁৱৰী নাটক।

ইয়াৰ উপৰিও তেখেতে ‘কাৰেঙৰ লিগিৰী’, ‘লভিতা,”ৰূপালীম’, ‘নিমাতী কইনা’,’সোণপখিলী’, ‘খনিকৰ’,’কনকলতা’ আৰু ‘সুন্দৰ কোঁৱৰ‘ আদি নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ এক অনবদ্য আগবঢ়ায় থৈ গৈছে।জ্যোতিপ্ৰসাদ আগৰৱালাই গল্পও ৰচনা কৰিছিল। তেখেতে ৰূপহী, বগীতৰা, সোনতৰা, সোনটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণি, সন্ধি, প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি, নীলা চৰাই আদি কৰি বহুকেইটা গল্পও ৰচনা কৰিছিল।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    অসমীয়া কাব্য জগতত জ্যোতিপ্ৰসাদ আগৰৱালা এটা উজ্জ্বল নক্ষত্ৰ। আগৰৱালাদেৱে সৰ্বমুঠ ৩৫৯ টা কবিতা ৰচনা কৰিছিল।তেওঁৰ প্ৰতিটো কবিতা আছিল  জাতীয়বাদী ভাৱধাৰা, বিপ্লৱী ভাবধাৰা, মানৱতাৰ চেতনা আৰু আধুনিক চেতনাৰ সংমিশ্ৰণ। তেওঁৰ কবিতাত প্ৰকাশিত হৈছিল ৰূপান্তৰৰ চিন্তা।  কবিতাৰ ওপৰিও আগৰৱালাই  ‘চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী’ শীৰ্ষক এখন জীৱনী গ্ৰন্থও ৰচনা কৰিছিল।

    জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন, কৰ্ম আৰু ব্যক্তিত্বৰ এটা উজ্জ্বল দিশ হ’ল জ্যোতিপ্ৰসাদ ৰচনাৱলী। সম্পাদনা সমিতিয়ে গ্ৰন্থখন নটা ভাগত ভাগ কৰি ছপা কৰিছে। প্ৰথম খণ্ডত নাটকখিনি, দ্বিতীয় খণ্ডত গল্প আৰু উপন্যাস, তৃতীয় খণ্ডত বিভিন্ন বিষয়ৰ প্ৰৱন্ধ আৰু ভাষণসমূহ, চতুৰ্থ খণ্ডত কবিতা, পঞ্চম খণ্ডত গীত আৰু ষষ্ঠ খণ্ডত শিশু-সাহিত্যসমূহ সন্নিৱিষ্ট হৈছে।

ইয়াৰ উপৰি পৰিশিষ্ট-ক, খ, গ, ঘ, ঙ ভাগ কৰি এই ভাগসমূহত বিভিন্নজনে জ্যোতিপ্ৰসাদ আৰু তেওঁৰ সৃষ্টি সম্পৰ্কে লিখা প্ৰৱন্ধ, চিঠি-পত্ৰ, গীতৰ স্বৰলিপি, জ্যোতিপ্ৰসাদৰ হস্তাক্ষৰ, তেওঁ লিখা ইংৰাজী লেখা আদি অন্তৰ্ভুক্ত কৰা হৈছে। নাটক, কবিতা, গীত, গল্প, চিন্তামূলক প্ৰৱন্ধ আৰু ভাষণ আদিৰে পৰিপূৰ্ণ এই ৰচনাৱলীখন অসমৰ জাতীয় জীৱনৰ অমূল্য সম্পদ।

জ্যোতিপ্ৰসাদে শিশুৰ মনোৰঞ্জনৰ প্ৰতি বিশেষভাবে গুৰুত্ব প্ৰদান কৰি তেখেতৰ শিশু উপযোগী সাহিত্যৰাজি ৰচনা কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰাজিক তিনি ধৰণে ভাগ কৰিব পাৰি –শিশু-কবিতা,জ্যোতি ৰামায়ণ আৰু ঘোঁৰা ডাঙৰীয়া।

   জ্যোতিপ্ৰসাদে শিশুসকলক উদ্দেশ্যি সৰ্বমুঠ বাৰটা কবিতা ৰচনা কৰিছিল। আটাইকেইটা কবিতাৰ মাজেদিয়েই আগৰৱালাই সূক্ষ্ম দৃষ্টিভংগীৰে শিশু মনস্তত্ত্বৰ প্ৰতিফলন ঘটাবলৈ যত্নপৰ হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শিশু গল্পও ৰচনা কৰিছিল।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

‘নীলা চৰাই’ নামৰ  শিশু গল্পটোত তিলতিল আৰু মিতিল নামৰ দুই ভাই-ভনীয়ে সপোনতে নীলা চৰাই বিচাৰি যোৱা ঘটনা প্ৰবাহৰ মাজেৰে লেখকে প্ৰকৃততে সুখ সন্ধানী মানুহে সুখ বিচাৰি বিচাৰি যে জীৱনৰ আচল সময়েবাৰ অনাহকতে হেৰুৱাই পেলায়, অথচ সুখ মানুহৰ মনৰ মাজতে থাকে সেই কথাকে গল্পৰূপত বুজাবলৈ যত্ন কৰিছে।

সেইদৰে “সোণটিৰ অভিমান” নামৰ শিশু গল্পটোত আগৰৱালাদেৱে গাঁৱৰ শিশুৰ স্বভাৱসুলভ দুষ্টামি, মাহীমাকৰ ৰুক্ষ আচৰণ আৰু সোণটিৰ মাতৃহীন মানসিক অভিমানৰ কথা প্ৰকাশ কৰিছে। তদুপৰি দেখা যায় ‘নিমাতী কইনা’ নামৰ গীতি-নাটখনক লেখকে নিজে ‘শিশু-নাটিকা’ বুলি উল্লেখ কৰিছে যদিও ভাৱবস্তুৰ দিশৰ পৰা সেইখনক সমালোচকসকলে শিশু-নাটিকা বুলি অভিহিত কৰিব খোজা নাই।

কিন্তু আগৰৱালাদেৱে ‘শিশু-নাটিকা’ হিচাপে ৰচনা কৰা ‘সোণ পখিলী’ অসম্পূৰ্ণ অৱস্থাত ৰৈ গ’ল।শিশুৰ কল্পনাপ্ৰবণ মনত আলোড়ন সৃষ্টি কৰিব পৰাকৈ জ্যোতিপ্ৰসাদে ‘কুম্পুৰ সেপান’,‘ভূত-পোৱালি’, ‘অকণিৰ সপোন’ আৰু ‘ফুলকুঁৱৰী’ শীৰ্ষক কবিতাত সপোনৰ এক মায়াময় পৰিবেশ সৃষ্টি কৰি শিশুৰ নিৰ্বোধ মনক আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়।

‘আমাৰ গাওঁ‘ নামৰ এখন সুখপাঠ্য উপন্যাসও ৰচনা কৰিছিল। তেখেতৰ ‘সোণপখিলী’, ‘কনকলতা‘ আৰু ‘সুন্দৰ কোঁৱৰ’ নামৰ তিনিখন নাটক অসম্পূৰ্ণ অৱস্থাত থাকি যায়।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

           এক বৰ্ণিল জীৱনৰ গৰাকী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৃষ্টি আৰু দৰ্শনত লুকাই আছিল জাতীয়তাবাদী চিন্তাৰ চেতনা।সত্যৰ ধাৰনা আৰু সত্যৰ বিচাৰৰ ভিন্নমুখী উপলব্ধিৰ মাজত প্ৰাচত্য মানৱতাবাদৰ পৰা গান্ধীবাদলৈকে সাম্যবাদক সাঙুৰি তেওঁ চিন্তাৰ ভেটি গঢ়িছিল ।দমন শোষনৰ বিৰুদ্ধে সামজিক শোষনৰ বিৰুদ্ধে অশুভৰ শক্তিক পৰাভূত কৰিবলৈ সাংস্কৃতিক বিপ্লৱৰ গুৰি ধৰিছিল । ৰাজনৈতিক ক্ষেত্ৰখনতো আগৰৱালাদেৱে অৰিহণা যোগাইছিল।

জ্যোতিপ্ৰসাদৰ বয়স ১৭ বছৰ হৈ থাকোতেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হয়। অসমৰ গাঁৱে -ভূঞে ভ্ৰমি জ্যোতিপ্ৰসাদ আগৰৱালাই মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আৰ্দশ প্ৰচাৰ কৰিছিল। তেখেত অসমৰ ছাত্ৰ সন্মিলনৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত আছিল। স্বাধীনতা আন্দোলনৰ সৈতে জড়িত থকা সময়তে তেখেতে কেইবাটাও গীত ৰচনা কৰিছিল।

১৯২১ চনতে অসহযোগ আন্দোলনত নমা জ্যোতিপ্ৰসাদে বিদেশৰ পৰা ঘূৰি আহি স্বাধীনতা আন্দোলনত অংশ লোৱা বাবে ১৯৩২ চনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ।জেলৰ ম্যাদ শেষ কৰি বাহিৰলৈ আহি ১৯৪১ চনৰ পৰা কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীত যোগ দিয়া জ্যোতিপ্ৰসাদে এই বাহিনীৰ সৰ্বাধিনায়কো হৈছিল; ব্ৰিটিছ চৰকাৰৰ পৰা পলাই থাকিবলৈ তেওঁ কলিকতাত আত্মগোপন কৰিছিল ।

আগৰৱালাদেৱৰ বিপ্লৱী সত্তা আছিল সমাজৰ হিংসা আৰু দুস্কৃতিৰ বিৰুদ্ধে।জ্যোতিপ্ৰসাদে গান্ধীজীৰ অহিংসা নীতিৰে ব্ৰিটিছৰ অধীনৰ  পৰা ভাৰতবৰ্ষক স্বাধীন কৰা আৰু শান্তি-সম্প্ৰীতিৰে ভৰা নতুন সমাজ এখন গঢ়াৰ  সপোন দেখি স্বাধীনতা আন্দোলনত দেহেকেহে অংশগ্ৰহন কৰিছিল ৷

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

১৯৪২ চনত স্বাধীনতা আন্দোলনে চৰম পর্যায় পায়গৈ। সেইবাৰৰ আন্দোলনতাে তেওঁ বিশেষ ভূমিকা লৈছিল। এটা দিনাে জিৰণি নােলােৱাকৈ তেওঁ সংগঠনৰ কামত ঘূৰিফুৰি শুৱলা বক্তৃতাৰে জাতিক তৱধ মনালে। দলে দলে ডেকা-গাভৰুৱে লগ ল’লে জ্যোতিৰ।

অসমীয়া মানুহক আন্দোলনত যােগ দিবলৈ জ্যোতিয়ে গান ৰচনা কৰিলে:

“বিশ্ব বিজয়ী ন’জোৱান,

বিশ্ব বিজয়ী নজোৱান,

শক্তিশালী ভাৰতৰ,

ওলাই আহ ওলাই আহা

সন্তান তুমি বিপ্লৱৰ।”

     দেশ-প্ৰেমত বুৰ গৈ তেওঁ ৰচনা কৰিলে ‘কনকলতা’, ‘অসমীয়া ল’ৰাৰ উক্তি’, ‘অসমীয়া ছােৱালীৰ উক্তি’ আদি জ্বলন্ত দেশ-প্ৰেমৰ কবিতা।তেওঁ গান্ধীবাদ আৰু মার্কস্বাদৰ মাজত সমন্বয় বিচাৰিছিল। স্বাধীনতাৰ পাছত সপোনৰ ভাৰতবৰ্ষখন নেদেখি শাসক-শোষকসকলৰ বিৰুদ্ধে তেখেতে লিখি উলিয়াইছিল ‘ভলণ্টিয়াৰৰ দুখ’,’জ্যোতি-শঙ্খ’, ‘সাৱধান-সাৱধান’ আদি কবিতা।

       জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা-চেতনা আজিও অসমীয়াৰ বাবে পথ প্ৰদৰ্শক। আগৰৱালাই বৈপ্লৱিক চেতনা, সাম্যবাদী ভাৱধাৰা, নতুনত্বৰ আৰ্দশ, দূৰদৰ্শী চিন্তাৰে সাংস্কৃতিক বিপ্লৱৰ যোগেদি ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, সাহিত্য সকলো ক্ষেত্ৰতে অৱদান আগবঢ়াই থৈ গৈছে। বাস্তৱ আৰু কল্পনাৰ সমতাৰ দৰ্শনেৰে শোষিত জনতাক পোহৰৰ বাট দেখুৱাইছিল। তেখেতৰ কৰ্ম-চিন্তাৰে অসমীয়াৰ ঐতিহ্য আৰু অস্তিত্ব সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছিল।

বৰ্তমান অসমীয়াৰ সংকট কালত জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাৰ প্ৰাসংগিকতা আছে। সমাজ, সাহিত্য, ৰাজনীতি, সংস্কৃতি আদি সকলো ক্ষেত্ৰতে অৱদান আগবঢ়াই থৈ যোৱা ”ৰূপকোঁৱৰ” খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম, চিন্তা-চেতনা বৰ্তমান অসমীয়াৰ বাবে প্ৰাসংগিক তথা অনুকৰণীয়। জ্যোতিৰ জ্যোতিৰে চহকী হৈ আছে অসমীয়া।

ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা হ’ল এজন শ্ৰেষ্ঠ অসমীয়া ।মূল্যবোধক আধাৰ হিচাপে লৈ সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে এখন সুন্দৰ সমাজ গঢ়িবৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শন সমাজত অতিকৈ প্ৰয়োজন।

১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰিলেও খুব কম সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই  কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ দি গ’ল অফুৰন্ত সম্ভাৰ।

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে
ASSAMESE SECTION

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

by Monoswini Sarmah
January 17, 2026
0

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে এক আলোকপাত  মনস্বিনী শৰ্মা   "ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে             ...

Read moreDetails
জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

ৰূপকোঁৱৰৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনন্য মূল্যায়ন

January 17, 2026
“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

October 19, 2025
কবি মই

কবি মই

January 17, 2025
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ এক চমু অৱলোকন 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ এক চমু অৱলোকন 

January 16, 2025
অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ

অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ

January 19, 2024
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d