জ্যোতিপ্ৰসাদ আগৰৱালা
কুমাৰ দীপক দাস
অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক , ১৯৩৫ চনতে প্ৰথম সবাক অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰি সমগ্ৰ পূৰ্বভাৰতত এক অনন্য যাত্ৰা আৰম্ভ কৰা প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক , স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ (১৯০৩ – ১৯৫১) আজি পবিত্ৰ ওপজা দিন ।
৪৮ বছৰীয়া চুটি জীৱন পৰিক্ৰমাত অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে এক অনবদ্য বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ এনে অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি সমাদৃত কৰা হয়।

আজিৰ এই পবিত্ৰ ১৭ জুনৰ ১২০ সংখ্যক জন্ম দিৱসত মহান মনিষা ৰূপকোৱৰ জ্যোতিপ্ৰসাদক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো ।
জ্যোতি ককাইদেউৱে ১৬ বছৰ বয়সতে অসমীয়া শ্ৰেষ্ঠ অসমীয়া আধুনিক নাটক ৰচনা কৰিছিল ।তেখেতৰ চুটি জীৱন কালত অসমীয়া সাহিত্য-চৰ্চাক মহীয়ান কৰি সৃষ্টি কৰি যোৱা সাহিত্য এনেধৰণৰ-
# গল্প
ৰূপহী
বগীতৰা
সোণতৰা
সোণটি
যুঁজাৰু
সতীৰ সোঁৱৰণি
সন্ধ্যা
শিলাকুটি
নীলাচৰাই আদি।
# কবিতা
লুইতৰ পাৰৰ অগ্নিসুৰ
জ্যোতি ৰামায়ণ
# উপন্যাস
আমাৰ গাঁও
# অন্যান্য গ্ৰন্থ
জ্যোতিৰ্ধাৰা
চন্দ্ৰকুমাৰ আগৰৱালা
Background of Assamese Architecture
# শিশু-সাহিত্য
তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন”।
# সম্পূৰ্ণ নাটক
শোণিত কুঁৱৰী (১৯২৫)[5]
কাৰেঙৰ লিগিৰী (১৯৩o)
লভিতা (১৯৪৮)
ৰূপালীম (১৯৩৮)
নিমাতী কইনা (১৯৬৪)
খনিকৰ (১৯৭৭)
# অসম্পূৰ্ণ নাটক
কনকলতা
সুন্দৰকোঁৱৰ
সোণপখিলী ।
ইয়াৰোপৰি জ্যোতিপ্ৰসাদৰ কলা-সংস্কৃতিলৈ অৱদান
# চলচ্চিত্ৰ
জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।
জয়মতী (১৯৩৫)
ইন্দ্ৰমালতী (১৯৩৯)
# গীত
জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি অভহিত কৰা হৈছে ।
( তথ্য সংগৃহিত )
17-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)